———————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস, পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -চম্পক ডেকা
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়ৰ পৰিৱৰ্তে–
আহক,আপুনিয়ে ময়ে আজি খেল এখন খেলোঁ–
আপুনি ক'ব আপুনি ভালপোৱা কবি এজনৰ নাম
মই ক'ম মই বেয়াপোৱা কবি এজনৰ নাম
আপুনি ক'ব সেই ভালপোৱা কবিজনে বেয়াপোৱা কবি এজনৰ নাম
মই ক'ম মই বেয়া পোৱা কবিজনে
ভালপোৱা কবি এজনৰ নাম
আপুনি ক'ব আপুনি ভালপোৱা কবিজনে বেয়াপোৱা কবিজনৰ ভাললগা কবি এজনৰ নাম
মই ক'ম মই বেয়াপোৱা কবিজনে ভালপোৱা কবিজনৰ বেয়ালগা কবি এজনৰ নাম
এনেকৈ চলি থাকিব খেল
তাৰপাছত
আপুনি পঢ়িব লাগিব আপুনি ভালপোৱাজনৰ এটি বেয়া কবিতা
মই পঢ়িম মই বেয়াপোৱাজনৰ এটি ভাল কবিতা
আপুনি পঢ়িব লাগিব মই ভালপোৱাজনৰ এটি বেয়া কবিতা
মই পঢ়িম আপুনি বেয়াপোৱাজনৰ এটি ভাল কবিতা
আপুনিও নাপাব বিচাৰি আপুনি বেয়াপোৱা কবিজনৰ ভাল কবিতা
মইও নাপাম বিচাৰি মই ভালপোৱা কবিজনৰ
বেয়া কবিতা
ইমানতে হ'ব খেলৰ
'দি এণ্ড'
কবি মানেই লবী
লবীয়ে নাই যদি আপুনি কিহৰনো কবি
কবিতা লিখিলেই জানো কবি ?
ভাললগা মানুহৰ সমষ্টিয়েতো লবী
তাতেনো মূৰ ঘমাবলগীয়া কি !
নৱ ৰাজন
সম্পাদক
অসম কাব্য কানন
________________________
কবিতাৰ আড্ডা
উদয় কুমাৰ শৰ্মা
বিষয়ঃ-চন্দ্ৰবিন্দু
স্বতন্ত্ৰ উচ্চাৰণ নথকা স্বত্বেও–চন্দ্ৰবিন্দু (ঁ) সদায় স্বৰৰ লগতহে উচ্চাৰিত হয় ৷ ইয়াৰ ব্যৱহাৰত, উচ্চাৰণৰ লগতে,শব্দৰ অৰ্থও সলনি হয় ; যেনে -- 'কাহ’, 'কাঁহ’ ৷
কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে, যেতিয়া গোটেইখিনি বতাহ অকল নাকেৰে ওলাই যায়, সি হয় “নাসিক্য-ধ্বনি” (যেনে --'ম’, 'ন’, 'ঙ’যুক্ত শব্দ ) ৷ আনহাতে, কিছু বতাহ নাকেৰে আৰু, কিছু মুখেদি ওলাই গ’লে, সি “অনুনাসিক-ধ্বনি”ৰ হয় ৷
ঁ অনুনাসিক-ধ্বনিৰ ; আৰু, 'ঞ’টো অনুনাসিক বাবে, ইয়াৰ ওপৰত ঁ নবহে ৷ সেয়ে, 'চিয়ঁৰ’ ; কিন্তু, 'চিঞৰ’ ৷
আচলতে, চন্দ্ৰবিন্দু (ঁ) এক সুকীয়া আখৰ বা ধ্বনিগত বৰ্ণহে ৷
———————————————————
কবিতা
তাড়না
জুবিলী গগৈ
কিবা এক তাড়না এয়া
নদীখন দেখিলেই মোৰ
সাঁতুৰিবলৈ মন যায়
ৰূপালী জোনাকত
ডুব গৈ চাবলৈ মন যায়
তৰাৰ দেশ
নদীৰ বুকুত অলেখ মাছ
ৰঙা নীলা হালধীয়া কজলা
মাছৰ সতে ধেমালি
কৰিম নে ধেমালি
ৰূপালী জোনাকে আহি
আমনি কৰে
ক'ত লুকাও
ক'ত লুকাও
নদীখন দেখিলেই মোৰ
সাঁতুৰিবলৈ মন যায়
দুচকু জপাই মই
দৌৰি পলাও
————————————
মই চৰাই হ’ব খোজো
সঞ্চিতা বৰা
১
পোনপটীয়া প্ৰশ্ন
“তুমি মানুহ হ’বলৈ ভাল পাবা নে
চৰাই?”
ধুৎ! চৰাই হ’ব খোজে নেকি
ক’ত বা সাজিম বাহ
মনৰ লগৰী পাৰিম নে গোটাব
কাৰ হাতত বা সহজ মৃত্যু
“নাই নাই মানুহ হ’ম”
পোনপটীয়া উত্তৰ
২
ভগা সপোনৰ মালিতা গাই
কৈফিয়ৎ দিওঁ
ঈশ্বৰক
চৰাইতকৈ ওখলৈ উৰোতে
কিদৰে পাহৰিলো ভৰিৰ তলৰ মাটি
সদা সতৰ্ক প্ৰহৰী ৰাখিও
কিমান অসুৰক্ষিত হৈ কটালো
নিদ্ৰাহীন ৰাতি
৩
এইবাৰ মই চৰাই হ’ব খোজো
যোৰ পাতি মলয়াত বা বলাম
গান গাই ঢৌ তুলিম
বিলৰ পানীত
সেই গানতেই গলি পৰিব
আকাশ
গছে পাতে
মই চৰাই হ’ব খোজো
চৰাই!
————————————
পানী কঁথা
নৃপেন গোস্বামী
খেতিয়কৰ হাত পোন
আগৰ কবিৰ ভাষ্য
নাঙলৰ মুখত ফাল
পানীৰ বাবে বান্ধ পথাৰতে
গছ পানীত মৰে পানীত বাঢ়ে
খেতিয়কৰ হাত পোন
পুহৰ ঘাম মৰণাৰ
মাঘৰ ভোজ মাংসৰে
মই কৃষক পো
ভাৰ নোলোৱা ককাইটি মূৰেৰে ধান
চোতালত খাজোঁ
মোৰ হাত পোন
মই লেখোঁ শুদ্ধ সত্য বাস্তৱ
কৃষক আমাৰ ভাৰষা
আৰু
জীৱন সত্যৰ পানী-কঁথা।
নৃপেন গোস্বামী
দুলীয়াজান
৭০০২১৯৪২৮৬
————————————
শিলৰ কবিতা
ৰানু বৰুৱা গগৈ
দুলীয়াজান
কোনো অহাৰ কথা নাছিল
কোনো যোৱাৰ কথা নাছিল
সেউজীয়াৰ পাছত
হালধীয়া
আৰু
তাতেই নতুনৰ আৰম্ভণি সূত্ৰ
জোনাকীয়ে নিজে নেদেখে নিজৰ পোহৰ
মুকলিকৈ ক'ব নোৱাৰা বাবেই কবিয়ে কবিতাত কয়
তেনে বহু কথা
যোৱাৰ পৰত
হাইঠাৰ কথা কোনে ভাৱে
নতুন জগত
নতুন নিয়ম
আমাক নজনোৱাকৈ আহিল
সন্ধ্যা চাকি জ্বলোৱা নিয়ম এতিয়া পাহৰাই সহজ
বেলি পৰাত
পোহৰ নিবিচৰা জগত মোহান্ধ
অতি পোহৰৰ চমকে দহা
হৃদয়ত গোলাপী নিচা
মাতাল দেশ
মাতাল প্ৰজা
ৰুদ্ৰৰ তাণ্ডৱ আকৌ প্ৰাসংগিক
কোনো অহাৰ কথা নাছিল
কোনো যোৱাৰ কথা নাছিল
শিল সেয়ে পোহৰৰ একক
য'ত নিয়ৰকণাই পঢ়ে
পোহৰ নোহোৱা হৃদয়ৰ কবিতা।
————————————
সকলো মিছা হওক
ইলামণি শইকীয়া
ম’বাইল- ৮০১১৯৫৮৩১১
সকলো মিছা হওক...
প্ৰাচীন এটুকুৰা নজহা-নপমা শিল হৈ ৰৈ যাওক এই মুহূৰ্ত৷
মোৰ সকলো ক্লীৱতাৰ দায়ক মই
সম্পূৰ্ণতাবোৰ তোমাৰ নামতে সমৰ্পিত
মৰি মৰি জী উঠা মানুহ আমি
জী উঠিও মৰিছো হাজাৰবাৰ
এই মুহূৰ্ত য’ত পোহৰ আছে...আন্ধাৰৰো নাচোন
প্ৰেম আছে বিষাদো
হাজাৰ হাহাঁকাৰময়তাৰ মাজত নীৰৱ প্ৰশান্তি...
সকলো মিছা হওঁক
পৃথিৱীৰ আদিতম একাত্মতাও
মিছা নহওক এই মুহূৰ্ত৷
বিভ্ৰমে-বাস্তৱে আমি সুঁৱৰিম যাক...
নদীৰ দুটি পাৰৰ বৈদেহীক আকুলতা
একে বিন্দু চুবলৈ দুটা বাটে বাটবোলাৰ সমৰ- অস্থিৰতা
ক’ৰবাত কেতিয়াবা লগ পোৱাৰ বৃন্দাবনী কাতৰতা
মিছা নহওক...এই মহাকাব্যিক শোকগাথা৷
————————————
বকুল
স্বপ্নম জ্যোতি কলিতা
কোনে ছিঙে
থপিয়াই নিয়ে
বতৰৰ শেষ পাহ বকুল
মই বুকুত হাত দি চাওঁ
- মৃত
বতাহত নাহালিবি
অʼ বকুল পাত
চকুলো হৈ সৰিব শোক ।
স্বপ্নম জ্যোতি কলিতা
গোলাঘাট
ফোন- ৬০০১৬০৯৩৫৯
———————————
বহেমিয়ান
সীমা গগৈ
প্ৰতিদিনে মই ভ্ৰমি ফুৰো নিজৰেই সৃষ্ট নিজাকৈ এখন পৃথিৱীত
কেতিয়াবা নিজলৈ চাওঁ
কেতিয়াবা আনলৈ
জীৱনটোক লিৰিকি- বিদাৰি চাবলৈ..
কেতিয়াবা
শিল হওঁ
বোকা হওঁ..
নিজৰ বুলি খামুচি ধৰিবলৈ
গছ হওঁ
লতা হওঁ
শিপা হওঁ
তথাপিও
পানীৰ ডেউকা কোবাই গুচি যায় সুখ
আধা মেলা দুচকুত চটফটাই যন্ত্ৰণাকাতৰ মাছ
এনেকৈয়ে..
দিন যায়
ৰাতি আহে
ৰাতি যায়
দিন আহে..
কেতিয়াবা নিজৰ সʼতে কথা পাতোঁ
নিজকেই প্ৰশ্ন কৰো..
মইতো নহওঁ কবি
কেনেকৈ গোঁজ মাৰি থওঁ
ভাৱনাৰ অলেখ অহা- যোৱা.. ?
কʼতেবা যাওঁ বিচাৰি এখন নতুন আকাশ
যʼত চৰাইৰ দৰে বিচৰণ কৰিম
ছবি আঁকিম
গান গাম
নাচিম
আৰু..
জোনটো হালধীয়া হোৱালৈ অপেক্ষা কৰিম
কিজানিবা আহেই উৰি
বহেমিয়ানৰ খোজৰ ধূলিৰে লিপিত খোৱা
বতাহ এছাটি..
————————————————
আঘোণ
পংকজ কুমাৰ শৰ্মা
নৰা পেঁপাৰ সুহুৰি এটাই
কৃষকজনক বিচাৰি ফুৰে,
দুভৰিৰ কোবাল খোজে
দুৱৰিৰ ঘুমটি ভাঙে।
শানত দিয়া কাঁচি দাৱনীৰ হাত শুৱনি
বুকুৰ ৰ'দালি কেঁচা সোণ হেন ধাননি,
বিৰিয়াডাল নাচি নাচি গৈ থাকে
সুহুৰিৰ তালে তালে।
পদূলি গৰকি লখিমী
দুৱাৰদলিত নূপুৰ পিন্ধা হাঁহি
মুখবোৰ অম্লান ৰূধিৰ
চকুবোৰ পোহৰ পোহৰ।
———————————
ঝাৰু
বিভা দেৱী
নালাগে তই ৰাজপথ সাৰিব
সাৰিব নালাগে পেণ্ডেলৰ মজিয়া
অথবা,
চিলিং ফেনৰ তল
সাৰ যদি নিজৰ চোতালখনকে সাৰ
টেবুলৰ তলখন সাৰ
আধাখোলা ড্ৰয়াৰটো সাৰ
ফাইলৰ দ'মবোৰ সাৰ
পাৰ যদি জাবৰৰ দ'মবোৰ
ওপৰৰ পৰা খহাই আন
নহ'লে দিল্লীৰদৰে জাবৰৰ দ'মত
পোত যাবি এদিন
গংগাজলেও ও পৱিত্ৰ কৰিব নোৱাৰে তোৰ মন
ৰামদেৱৰ গো-মূত্ৰতো শুচি নহ'ব তোৰ পাপ
এদিন হয়তো চহৰখন জাগিব
তেতিয়াই হ'ব তোৰ বিচাৰ
————————————————
এখন ছবি
মাধুৰ্য প্ৰিয়ম দাস
বেলিটো সৰি পৰোতেই মোৰ মনত পৰিল
এখন ছবিৰ কথা
ৰংবোৰে কান্দিব ধৰিছিল
কেনভাছখনে শিকাই আছিল হাঁহিবলৈ
এখন হাত স্ক্ৰু বিদ্ধ , এয়া হৃদয়ৰ বেথা নাছিল
মুখ বন্ধ মানুহৰ প্ৰতিবাদী জুই
বেলিটোক শুৱাই থ'ব আজি ।
..........
ৰঙানদীৰ পানীবোৰো নীলা , মোৰ টুনীৰ দৰে
চকুপানীৰে ক'ত ৰঙা হ'ব ৰঙানদীৰ পানী ?
খাই পেলাব সেই নীলা
মোৰ তেজবোৰ ভেকেটা-ভেকেট গোন্ধাই
কিমান দিন তেজবোৰ ধোৱা নাই
মোৰ নিজৰে আহে ওকালি
ক'ত গ'ল মানুহজাকৰ হাঁহি ?
.........
বেলিটো সৰি পৰোতেই
চুবুৰিৰ ফালে জুই দেখিলোঁ
কি গোন্ধ !
জ্বলিছে শৱদেহ ,
মোৰ সম্বন্ধৰে
আজি পেট ভৰাই খাম
ক'ত লুকাল মোৰ আপোনজনৰ তেজ ?
সেইবোৰ নোগোন্ধাই দেখোন ।
.........
ৰংবোৰ হেৰাব খোজাতহে চকু গ'ল হাতৰ ঘড়ীটোলৈ
সময় বহুত হ'ল
বেলি ডুবা নাই কিয় ?
ঘূৰি চাই দেখিলোঁ
বেলি ধৰা হাতখন জ্বলি শেষ হোৱা নাই
মই আনন্দত গুচি আহিলোঁ ।
মাধুৰ্য প্ৰিয়ম দাস
মাজুলী
ফোন - ৯৮৬৪০৬৭৭৩৩
———————————————————
অসম কাব্যকাননৰ অন্যতম শিতান কথোপকথন
অতিথি : ধীমান বৰ্মন
সাক্ষাৎ গ্ৰহণ : অনামিকা ৰায়
নমস্কাৰ ।
কথোপকথন শিতানৰ এইবাৰৰ অতিথি আমাৰ সকলোৰে চিনাকি, আমাৰ সকলোৰে মৰমৰ
নৱ প্ৰজন্মৰ প্ৰতিষ্ঠিত কবি
ধীমান বৰ্মন।
বিগত ৪/০৮/১৯ তাৰিখে অনুষ্ঠিত হৈ যোৱা অসম কাব্য কাননৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত কবিজনক কাব্যকানন বঁটাৰে সন্মানিত কৰা হৈছিল ৷
প্ৰকাশিত গ্ৰন্থ : নিজানে নিজকে
ৰমন্যাসবাদৰ অন্তিম দৃশ্য
মৰি যাবওতো পাৰোঁ
তেওঁৰ সৈতে হোৱা অন্তৰংগ আলাপ আপোনাসৱলৈ আগবঢ়ালোঁ–
অ কা কাঃ নমস্কাৰ |অসম কাব্যকাননৰ তৰফৰ পৰা 'অন্তৰংগ আলাপেৰে জোনাকৰ কুহেলিকা শিতান’ লৈ আপোনাক স্বাগতম জনাই আপোনাৰ চমু পৰিচয়টি দিবলৈ অনুৰোধ জনালোঁ।
ধীমান বৰ্মন :- নমস্কাৰ|যদিও মই ধীমান বৰ্মন নামেৰে লিখা - মেলা কৰোঁ, মোৰ প্ৰকৃত নাম বেলেগ।ঘৰ বৰপেটা জিলাৰ শিক্ষানগৰী তথা ভ্ৰাম্যমানৰ হলিউড খ্যাত পাঠশালা চহৰত। শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছোঁ ।
অ_কা_কা :- যেনেদৰে সকলোৰে এটা আৰম্ভণি থাকে|ঠিক তেনেদৰে আপুনি সাহিত্য চৰ্চাৰ দৰে এই পবিত্ৰ চৰ্চা কেতিয়াৰ পৰা আৰু কেনেকৈ আৰম্ভ কৰিলে?
ধীমান বৰ্মন :- সৰুৰে পৰাই গল্প, প্ৰৱন্ধ, সাধুকথা, ধৰ্মপুথি অধ্যয়নৰ প্ৰতি ৰাপ আছিল |টিংকল, মৌচাক,সঁফুৰা আদি নিয়মীয়াকৈ পঢ়িছিলো|ঘৰত সৰুৰে পৰাই 'প্ৰান্তিক'খন পঢ়িব পাইছিলো|কিন্তু কাব্যচৰ্চা আৰম্ভ হৈছিল মোৰ বন্ধু এজনৰ সৈতে মৰা বাজী এটাৰ দ্বাৰাহে| সেই সময়ত বজাৰত নতুন আলোচনী আহিছিল- 'জীৱন' |তাত জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ কবিতা এটি আছিল |হঠাতে বন্ধু ' বিদ্যুৎ কুমাৰ দাস'ৰ স'তে বাজী লাগিল - আলোচনীখনত ময়ো এদিন কবিতা লিখিম |আৰু সেই বাজীয়েই কিজানি কবিতাক কঢ়িয়াই ফুৰাৰ যাতনা জীৱনত সুমুৱাই দিলে |যদিও তাৰ আগতেই কাকত ক্ষুদ্ৰ আলোচনীত কবিতাৰ নামত কিবাকিবি লিখিছিলো কিন্তু সেই বাজীটোৱে মোক কবিতাক লৈ সচেতন কৰি তুলিলে।
অ_কা_কা :- আমাৰ সকলোৰে উত্তৰণৰ আঁৰত কাৰোবাৰ নহয় কাৰোবাৰ হাত থাকেই আপুনিও হয়তো তাৰ ব্যতিক্ৰম নহয় |সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপোনাক বিভিন্ন সময়ত প্ৰেৰণা দিয়া দিয়া প্ৰথমজনৰ নাম সুধিলে আপুনি প্ৰথমে কাৰ নামটো লব আৰু কিয়?
ধীমান বৰ্মন :- প্ৰথম বুলিলে দেউতাৰ নামেই ল’ব লাগিব |শ্ৰদ্ধাৰ নীলমণি ফুকন ছাৰ আৰু বন্ধু অলকেশ কলিতাৰ দিহা পৰামৰ্শই প্ৰতিপল মোৰ নুমাই আহিব খোজা কাব্যচৰ্চাৰ বন্তিগছি জ্বলাই ৰখাত সহায় কৰিছে |বন্ধু মৃদুল হালৈ, দিগন্ত নিবিড়, অগ্ৰজ কবি প্ৰদীপ কুমাৰ শৰ্মা ছাৰ, নীলিম কুমাৰ ছাৰ, উদয় কুমাৰ শৰ্মা ছাৰ, ড: বিনীতা বৰা দেৱচৌধুৰী বাইদেউ, প্ৰতীম বৰুৱা দাদা, বিজয় শংকৰ বৰ্মন দাদাৰ সুপৰামৰ্শ উল্লেখযোগ্য | মা, পত্নী ভূষিতা ,ভাইটিহতেও উৎসাহ যোগায়॥তদুপৰি প্ৰদীপ বৰুৱা চাৰ অংকুৰ ডেকা চাৰ অতনু ভট্টাচাৰ্য চাৰ গীতালি বৰা বাইদেউ আৰু অৰিন্দম বৰকটকী চাৰৰ দৰে সন্মানীয় সম্পাদক সকলৰ দিশ নিদেৰ্শনাও উল্লেখনীয় |
অ_কা_কা :- অসমীয়া মানুহৰ মনত সততে এক প্ৰশ্ন উত্থাপিত হৈ আহিছে যে অসমীয়া ভাষাই কালৰ গতিত নিজৰ অস্তিত্ব হেৰুৱাই পেলাব| আপোনাৰ মতেও সচাকৈয়ে অসমীয়া ভাষাই স্বকীয়তা হেৰুৱাই পেলাব নেকি?
ধীমান_বৰ্মন:- আমি যদি নিজেই নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়াই আনক অসমীয়া মাধ্যমত পঢ়াৰ দিহা দি ফুৰো তেন্তে এই শংকা সৃষ্টি হোৱাটো স্বাভাৱিক | অসমীয়া মাধ্যমৰ বিদ্যালয়ত কাম কৰা শিক্ষক হিচাপে বছৰি বছৰি কমি যোৱা নামভৰ্তিৰ হাৰে হতাশ কৰে॥গুণগত শিক্ষাত একো পাৰ্থক্য নাথাকিলেও অকল মাধ্যমটোৰ বাবে আমাক এলাগী কৰা হয়॥ বিদ্যালয় নাথাকিলে ভাষাটো কোনে কেনেকৈ চৰ্চা কৰিব?বৰ জটিল প্ৰশ্ন??তদুপৰি কিছু বিছিন্নতাবাদী ধ্যান ধাৰণাইও গা কৰি উঠা দেখা গৈছে |'অসমীয়া'ই অসমীয়া ভাষাক জীয়াই ৰখাৰ বাবে সজাগ হোৱাৰ সময় সমাগত |
অ_কা_কা :- সময় সলনিৰ লগে লগে কবিতাৰো গতিবিধি সলনি নোহোৱা নহয় ৷ কবিতাৰ গতিবিধি সম্পৰ্কে আপোনাৰ দৃষ্টিভঙ্গী আমাৰ পাঠক সমাজক জনাব নেকি ?
ধীমান_বৰ্মন:-এজন পাঠক হিচাপে মোৰ মতে - 'poetry is reaction'|নিউটনৰ তৃতীয় সূত্ৰ মতে প্ৰত্যেকটো ক্ৰিয়াই সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া কৰাৰ দৰে আজিৰ সমাজ ব্যৱস্থা , জটিল জীৱনে আমাৰ ওপৰত কৰা ক্ৰিয়াৰ প্ৰতিক্ৰিয়া কবিতাত সমানেই শক্তিশালী ৰূপত থাকিব লাগিব |কিন্তু আমাৰ প্ৰতিক্ৰিয়া যদি 'অতীত প্ৰীতিতেই' মজি থাকে বা দহ পোন্ধৰ বাৰ আগৰ ধৰণৰ হৈ থাকে তেন্তে সেই কবিতা সাম্প্ৰতিক সময়ৰ ক্ৰিয়াৰ বিপৰীতে দুৰ্বল হৈ পৰে |
অ_কা_কা :- অসমৰ জাতি জনগোষ্ঠীসমূহ ভাগে ভাগে নিজস্বতা বিচৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ বাবে মূলতঃ কোনবোৰ দিশে এনে পৰিস্থিতিৰ উদ্ভৱ কৰিছে বুলি আপুনি ভাৱে ? প্ৰসংগক্ৰমে মিঞা কবিতা লৈ বহুল বিতৰ্ক হোৱাৰ কাৰণ কি বুলি ভাৱে ? আপুনি অসমীয়া ভাষাৰ সংকট মুখী যাত্ৰাৰ বাবে সংকিত হৈ মিঞা কবিতাৰ বিপক্ষে অৱস্থান কৰিব খোজে নেকি ?
ধীমান_বৰ্মন :- বাৰেবৰণীয়া জাতি জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি কলাৰ সংমিশ্ৰণেই অসম আৰু অসমীয়া| কিছুক্ষেত্ৰত হয়তো জাতি জনগোষ্ঠী কিছুমানে নিজকে উপেক্ষিত বুলি ভাবে কাৰণে তেনে পৰিস্থিতি এটা আহিছে ।মিঞা কবিতাৰে মিঞা জাতীয়তাবোধ, বিচ্ছিন্নতাবাদী চিন্তা সৃষ্টি কৰিব খোজা কাৰ্য্যৰ মই তীব্ৰ বিৰোধী |কথাবোৰ আৰু সাহিত্যৰ গণ্ডীত নাই ;বিশ্বদৰবাৰত অসমীয়াক 'জেনফবিক' সজাব খোজা কাৰবাৰটো নিন্দনীয়। ক'তো একো হিংসাৰ পৰিৱেশ নাই ;দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে।অন্ততঃ পূৰ্ব বংগমুলীয় অসমীয়া সমাজ এখনত শিক্ষতকা কৰি অহাৰ অভিজ্ঞতাৰে এই কথা কব পাৰো। আচলতে মিঞা কবিতা কিছুমান অকালপক্ক তথা জ্ঞানৰ ভৰ দাঙিব নোৱৰা মানুহৰ দ্বাৰা সৃষ্ট কিছুমান নষ্ট ধাৰণা যেন লাগে॥আনকি পূৰ্ব বংগমূলীয় অসমীয়া সমাজখনেও অসমীয়া ভাষাকেই চিৰকাল বুকুৰ মাজত সাবটি থাকিব বুলি আমি এতিয়াও আশাবাদী
প্ৰত্যেক অসমীয়াই 'অসমীয়া ভাষাৰ প্ৰসাৰ, প্ৰচাৰ আৰু চৰ্চাত' মনোনিবেশ কৰিলে কোনো শক্তিয়েই অসমীয়া ভাষাক নিঃশেষ কৰিব নোৱাৰে।
অ_কা_কা :- আপোনাৰ মতে প্ৰকৃতাৰ্থত কবিতা কি ? কবিতাই অসমীয়া সাহিত্যৰ লগতে অসমীয়া ভাষা সংস্কৃতিক উত্তৰণ ঘটাব পাৰিব বুলি আপুনি ভাবেনে ? নতুন প্ৰজন্মৰ কোন কোন কবিৰ কবিতাই আপোনাক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে?
ধীমান বৰ্মন :- সময়ৰ ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিব পৰা কবিতাই সাৰ্থক কবিতা |
নিশ্চয় পাৰে ,ভাষা সংস্কৃতিৰ বোঁৱতি নৈৰ কবিতাই পৰিৱৰ্তনৰ পথ দেখুৱাব পৰাকৈ শক্তিশালী হৈ উঠিব লাগিব |নিজেই নতুন প্ৰজন্মৰ কাব্যচৰ্চাকাৰী। অগ্ৰজ বহুতৰ কবিতা পঢ়ি শিকি আছো।মোৰ সমসাময়িক কবিসকলৰ ভিতৰত মৃদুল হালৈ, অলকেশ কলিতা, দিগন্ত নিবিড়, কিশোৰ মনজিৎ বৰা সমীৰ শংকৰ দত্ত চন্দন গোস্বামী দ্বিজেন কুমাৰ দাস দা বিভাৰাণী তালুকদাৰ বাইদেউ আৰু গৌতম প্ৰিয়ম মহন্ত মোৰ প্ৰিয়।মৈত্ৰেয়ী পাটৰ, খঞ্জনা শৰ্মাবা ,প্ৰাঞ্জল তালুকদাৰ, অৰূপ কুমাৰ দাস ,প্ৰাঞ্জল কুমাৰ দাস অঞ্জনজ্যোতি নাথ আৰু অমল জেবিয়েও ভাল লিখি আছে ।অৰ্জুন দাস , কৌশিক বাস্যাস, হিমাংগ দাস ' দিব্যজিৎ বণিক্যমন্দিৰা গগৈ , সংগীতা মেধি ,কবিতা কৰ্মকাৰেও কিছু ভাল কবিতা লিখিছে॥শেহতীয়া কবিতাবোৰেৰে কংকনা ঠাকুৰীয়া মামণি দাস কাশ্যপ চৌধুৰী নিৰুপজ্যোতি বৰুৱা,উৎপল কলিতাদা আৰু জোনদীপেও আশাৰ সঞ্চাৰ কৰিছে॥তোমাৰ কবিতাৰো উত্তৰণ লাহে লাহে দেখা দিছে|
অ_কা_কা :- ধীমান বৰ্মন বুলিলেই বহুতে কব খোজে এজন বিতৰ্কিত ব্যক্তি |কেতিয়াবা যদি ফেচবুকৰ কবিক লৈ কেতিয়াবা মিঞা কবিতাক লৈ|আপুনি বিতৰ্কত সোমাই ভালপায় নে বিতৰ্কই আপোনাক মাজত সুমুৱাই লয়?
ধীমান বৰ্মন:- সুবিধাবাদৰ অন্য নাম 'নিৰপেক্ষতা'|সেয়ে নিজৰ বিবেক বুদ্ধিৰে বিষয়বোৰত মাত দিও |মানুহক বিশ্বাস কৰো |কিন্তু মানুহক বিশ্বাস কৰা আৰু আৱেগিক হৈ পৰাতো মোৰ দুৰ্বলতা |মাজে মাজে সেয়ে ভুল হৈ যায় |বিতৰ্কত সোমাই পৰো |
কিন্তু কিয় জানো মানুহে আজিকালি বিতৰ্কৰ বাবেহে ৰৈ থাকে |আনকি ধীমান বৰ্মনে 'ক্ষমা বিচাৰিলেও' বান্ধি ধৰি কিলাবলৈ ৰৈ থকা মানুহ চচিয়েল মিডিয়াত দেখিছো |তেতিয়া অৱশ্যে আত্মতৃপ্তিও কিছু নোহোৱা নহয়;কাৰণ ধীমানৰ তাত তেওঁলোকতকৈ কিবা ভাল এটা দেখিছে বাবেহে বিতৰ্কৰে হ'লেও ধীমানক মাৰিবলৈ উদ্যত হৈ থাকে |
বিতৰ্কই মানুহ চিনাত সদায় কৰে|চচিয়েল মিডিয়া বাদ দিয়া;মানুহ হিচাপে 'ধীমান কিমান বেয়া? ' সেই কথা মোক লগ পোৱা তোমালোকৰ দৰে ভাই ভনী সকলেতো জানা |
অ_কা_কা:- "অসম কাব্য কানন "এটি ফেচবুকৰ জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰা এটা গোট |আপোনাৰ পৰা জানিব বিচাৰিম গোটতোৰ প্ৰতি আপোনাৰ ধাৰণা? লগতে গোটৰ আপোনাৰ মতে কেনেধৰণৰ পদক্ষেপে গোটতোক চিৰযুগমীয়া কৰি ৰাখিব?
ধীমান_বৰ্মন:- কাব্যকাননত অন্ততঃ কবিতা প্ৰকাশৰ সংখ্যাত প্ৰতিবন্ধকতা আছে |সেয়া শুভ লক্ষণ |মদাৰেটৰ সকলে অকল সংখ্যাৰ দিশত নহয় গুণগত দিশতো গুৰুত্ব দিব লাগিব |তাৰ বাবে দেশী বিদেশী কবিতা, সমালোচনা আদি পঢ়ি মদাৰেটৰ সকলে নিজক সম্পাদকৰ স্তৰলৈ উন্নীত কৰিব লাগিব॥কাব্য কাননলৈ শেষত হৃদয় কৰণি ভৰাই আগবঢ়ালো শুভকামনাৰ শব্দ ফুল|
অ_কা_কা :শেষত ব্যস্ততাৰ মাজতো অসম কাব্যকাননক আপোনাৰ মূল্যবান সময়ৰ পৰা এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু আপোনাৰ সুসাস্হ্যৰ কামনা কৰি 'অন্তৰংগ আলাপেৰে জোনাকৰ কুহেলিকা' শিতানৰ পৰা মই বিদায় মাগিছো ৷ জয়তু অসম কাব্যকানন ৷
ধীমান বৰ্মন :ধন্যবাদ ভনী।ভালে থাকা।
———————————————————
কবিতা
কথাৰ নদীখন
অংকিতা কলিতা
চোঁ মাৰি জিভালৈকে উজাই আহে
ক'ব খুজিও ক'ব নোৱাৰা কিম্বা কোৱাৰ পিছতো ৰৈ যোৱা
বুকুৰ ভিতৰত ফেনে-ফোটোকাৰে বঢ়া কথাৰ নদী এখন।
আপুনিতো জানে নিশ্চয়!
বিষাদেই হওঁক কিম্বা প্ৰেম
কলিজাৰ এফাল খুঁটি খোৱা
এক গোপনীয় অনুভূতি
যেই-সেইকৈ কাকো কৈ দিব নোৱাৰি (?)
ওঁঠৰ চুকত কিম্বা বুকুৰ মাজত সামৰি থোৱা
উকুলিয়াই পেলাব নোৱাৰা কথাৰ নদীখনে
কেৱল উকা কাগজৰ পিঠিত ভ্ৰমি ফুৰে
কলম এটাৰ তৰ্জনী আঙুলিটোত ধৰি।
অংকিতা কলিতা
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা
————————————
বৈ থকা নৈখন
ড° জ্যোতিশিখা দত্ত
কবিতা একোটা আচলতে
একোখন আৰ্চী
নিজকে জুমি চাই দেখিলে
কবিতা একোটা হৈ পৰে আপোন
নিজক বিচাৰি নাপালে
কবিতাবোৰ হৈ পৰে অচিনাকি
তেনেকৈ জীৱনতো আপোন
আৰু অচিনাকি কবিতা পোৱা যায়
অচিনাকিবোৰ পাহৰণিৰ গৰ্ভত জীণ যায়
আপোনবোৰে পৃথিৱী একোখন গঢ়ি নিয়ে
ইহঁত দুটাৰ মাজত বৈ থাকে এখন নৈ
চিৰ প্ৰবাহমান এখন নৈ
ড০ জ্যোতিশিখা দত্ত
সম্পূৰ্ণ ঠিকনা: ঘৰ নং :৪০, শান্তি পথ
ৰাধা গোৱিন্দ বৰুৱা ৰোড
জু ৰোড, গুৱাহাটী: ৭৮১০২৪
দূৰভাষ : ৭০০২১২০০২১
ই-মেইল : jyotisikhadatta@gauhati.ac.in
———————————
সপোন নে দিঠক
ভাগ্যশ্ৰী পাঠক
তুমি এৰি যোৱা বাটত
তাতেই মোৰ আৰম্ভণি
সপোনবোৰ উৰণীয়া চৌপাশে বিষন্নতা ফুটি উঠে
তুমি তাত নাই
সেই কথা অনুসৰণ কৰিছিলোঁ
বুকুত সপোন ৰচিছিলোঁ
য'ত গজি উঠিছিল বিষাদৰ হুমুনিয়াহ
ভোক হেৰোৱা বেথা
চলি যায় জীৱনৰ গতি
জিৰণি চ'ৰাত গুণ গুণাবলৈ সপোনবোৰ
এনেদৰেই নিঃস্ব সপোনবোৰ
কবিতা যে আধা লিখা হয়।
————————————
সুখী হোৱাৰ অভিনয়
মনি ডেকা
মনৰ নিজানত ওলমি ৰয়
এজাক নাম নজনা অশান্ত বতাহ
বাৰে বাৰে চেষ্টা কৰো দুখবোৰ মচি
সুখৰ এমুঠি জোনাক বিলাবলৈ
বাৰে বাৰে বিফল হয় সকলো।
আপুনি জানেনে?
সুখী হোৱাৰ অভিনয় কৰি কৰি
পি খাওঁ দুখবোৰ এপিয়লা এপিয়লাকৈ,
সময়ৰ আঁচোৰবোৰ লুকুৱাবলৈ
আপ্ৰাণ চেষ্টা কৰো কোনেও নজনাকৈ
কিন্তু পাৰিছো জানো লুকুৱাব ?
হিয়াৰ সমস্ত আবেগ ঢালি
চেষ্টা কৰো সকলোকে মৰমেৰে
আৱৰি ৰাখিবলৈ
হৈছে জানো সুখী কোনোবা?
আৰু হয়তো নহয় কেতিয়াও!
মাথো অভিনয় কৰে
সুখী হোৱাৰ অভিনয়!
——————————
বিস্তৃতি
অৰ্পনা নাথ
তুমি আকাশ
তুমি সাগৰ
তুমি সুগভীৰ সাগৰৰ বক্ষৰ
মৃদু তৰংগ।
তাতোকৈ বিশাল আৰু গভীৰ
মোৰ হৃদয়ৰ
অনুভৱৰ বিস্তৃতি।
হৃদয় এক বিজ্ঞাপন
পাৰাপাৰহীন পৰিধিৰ।
তাতেই তুমি কঁপি কঁপি
উৰি থকা
আস্থা আৰু বিশ্বাসৰ
এখন সেউজীয়া পতাকা।
অৰ্পনা নাথ
জালাহঘাট (বাক্সা)
————————————
স্মৃতিৰ এখিলা পাত
জয়শ্ৰী বৰা
ফুটফুটীয়া ফ্ৰকটো পিন্ধি চালোঁ
পুনৰ অতীতক দেখা পালোঁ।
শৈশৱৰ স্মৃতিভৰা দিনবোৰ জাগ্ৰত হওঁতেই,
নষ্টাল সময়ৰ চাকনৈয়াত হাবু-ডুবু খালোঁ।
---
আজি মোক নুসুধিবা
মই কোন?
নুবুজিবা,
মোৰ নিঃকিন হৃদয়ৰ মৃতভাষা!
সম্প্ৰতি মই এক নষ্টাল কবিতাৰ
ধূসৰিত স্তৱক !
----
শব্দৰ মৃত্যুত মই আজি হতবাক!
ধূলিৰে ধূসৰিত মোৰ শামুকৰ খোজ,
মৌন ওঁঠত নুফুটে এষাৰো হেঁপাহৰ মাত,
লিখিব পৰা নাই মই বাস্তৱিকতাৰ গান।
----
এৰি অহা নষ্টালজিক
সময়বোৰ হেৰাই যেন অতীত হ'ল,
অভিমানৰ কেঁচা তেজবোৰো কৰাল বান্ধিল
সলনি হ'ল সময়, সুখ-দুখৰ গতিত
-----
নিসংগতাৰ অঙঠাৰ সোঁৱৰণিত
জ্বলি উঠিল বিষাদৰ লেলিহান জুই,
মোৰ অভিমানৰ ধুমুহাজাক এতিয়া শান্ত
ডাল-পাত সৰি এজোপা নগ্ন বৃক্ষ
————
শব্দহীনতাৰ দৈন্যতাত মোৰ হুমুনিয়াহৰ কেঁকনি
সম্প্ৰতি মই আজি আন্ধাৰ গলিৰ ভগ্ন নাৰী,
বাস্তৱত মোৰ সপোন ডিঙা
নিৰ্মমতাৰ বন্যাৰ চাকনৈয়াত,
অথচ,বুৰঞ্জীৰ পৃষ্ঠাই মোক আজিও
পুনৰ হাঁহিবলৈ শিকাই....
মাজনিশা উচুপি উচুপি ডাঠ হোৱা
হৃদয় পাতলাই।
জয়শ্ৰী বৰা
বাইহাটা চাৰিআলি
————————————
মামৰে ধৰা জীৱন
অশোক ভৰালী
নতুন দিল্লী
পিহি পিহি ঘহাই ঘহাই ঠেকি ঠেকি
জ্বলাই জ্বলাই কিমানবাৰ নখুনত লগাই
সময়ক ধাৰ দিলোঁ
জ্বলি জ্বলি চাই হোৱা জীৱনটো উজ্জ্বল হ’ব
কাতক বা নাকাতক ধাৰৰ চিকমিকনিত
এবাৰ হলেওঁ থমকি ৰব অসফল সময়
তেজৰ গোন্ধ নাকত লগাৰ আগতে
সফলতাৰ জখলাত খোজবোৰ বগাব
নিশাৰ পোহৰতকৈ দিনৰ পোহৰত
মুখৰ ৰং বেছি উজ্জ্বল হব
সীমাহীন দিগন্তত হেৰাব বিচৰা
পক্ষীৰ কোলাহল
পুৱাৰ কিৰণত গুঞ্জীত হৈ
বিলাব জীৱনৰ পোহৰ
মোৰ ভগা পঁজাৰ ওৰণি ওলোমাই
বতাহত খিৰিকিত
লাজুকী হাঁহিৰ ৰহণ সানি
আবিৰৰ ৰংবোৰ লাজতে নিলাজ হৈ ৰব
ঠুনুক ঠুনুক মাতৰ কিলকিৰিলিত
দুখৰ ভাগৰ সুখৰ অশ্ৰুধাৰীত বিলিন হৈ
পাৰ হৈ যাব জীৱনৰ ব’ঠাহীন নাও
ক'তা !
ধাৰ দিওতে দিওতে হাত বিষাল
ঘঁহাই ঘঁহাই পিহি পিহি পিততে পিততে
জীৱনৰ ৰং মামৰ লাগিল
নিশাৰ পোহৰত দেখা সপোন
ৰ'দৰ প্ৰখৰত হেৰাল
চৌদিশে ৰণহুংকাৰ
দৌৰ দৌৰ---
প্ৰতিশ্ৰুতি প্ৰতিশোধ
জয় পৰাজয়ৰ
ধুলিময় মাথোঁ
মামৰে ধৰা জীৱন
——————————
অনুভৱ কৰা নাই
জিতা ৰাণী ফুকন
বুকুত সযতনে বান্ধে অতীতে
চাওঁ বুলি চাব নোৱাৰি ,
সপোনৰ ৰাতিপুৱা !
চকুত ধৰা পৰে সাঁথৰৰ সঁফুৰা
মোক নমতা শব্দত সৰে মুকুতা
বুকুৰ মাজত কুৰুকি কুৰুকি সোমাই পৰে
তৃতীয় প্ৰেমত মই কাহানিও প্ৰতাৰণা কৰা নাই ,
এতিয়া কিয়নো এনেকুৱা লাগে ,ভয়তে কঁপি উঠে হৃদয় ,
প্ৰশ্নৰ মুখামুখি হওঁ বাৰে বাৰে
আচলতে মোৰ কৰবাত ভুল হোৱা নাইতো ?
কেতিয়াবা ডিঙিটো মোহাৰি পেলাব মনযায় মোৰ ,নিজৰ --
মই স্তিমিত সদায় ,
মোৰ ওচৰত কৰা তোমাৰ অভিনয় সফল বন্ধু
এবাৰ যদি কেনেবাকৈ ওলাই যোৱা মোৰ হৃদয়ৰ পৰা ,
ঘূৰাই কাহানিও নোপোৱা মোক ----
তোমাৰ কাষতে থাকিম
অথচ তুমি অপাৰগ হ’বা স্পৰ্শ কৰিব মোৰ হৃদয়ক
জিতা ৰাণী ফুকন
শিৱসাগৰ,(চাবুৱা)।
———————————
বালিচৰৰ বুকুত পানী বিছাৰি ফুৰোঁতে
প্ৰাণ প্ৰতিমা বড়া দাস
বালিচৰৰ বুকুত
পানী বিছাৰি ফুৰোঁতে
মধ্যাহ্ন পাৰ হৈছিল
মনৰ পদুলিত অগা দেৱা কৰা
চিন্তা নামৰ পক্ষী এটাই
বৰকৈ আমনি কৰিছিল
অনিশ্চয়তাৰ বুকুত
নিশ্চয়তাৰ পম খেদি খেদি
আজি ভাগৰুৱা মই
জানিছিলোঁ বালিৰ বুকুত
উজ্জ্বলি থকাবোৰ পানী নহয়
তথাপিও কিবা এটা পোৱাৰ
তাড়নাত
আগবাঢ়ি গৈ গৈ ভাগৰি পৰিলোঁ
সূৰ্য্যাস্তৰৰ সময় সমাগত
ভাৱনাৰ বিয়লিবেলাত
বুলি উঠিছিলোঁ
মৰুভূমিৰ বুকুত পানী পোৱাতো
একেবাৰে সহজ নহয়।
———————————
আঘোণ
আৰতি টুকৰীয়া
আঘোণ , তুমি সঁচাই অন্যনা
মোৰ কৃষক পিতাৰ
হাড় ভঙা পৰিশ্ৰমৰ ফচল তুমি !
আচলতে তুমি মোৰ
পিতাৰ ভৰুণ পথাৰত
পকা ধান পকা ধান গোন্ধোৱা
নৰা পেঁপা বজা
এটা মিঠা আবেলি !
তোমাৰ আগমনিত
আগকটা লখিমীৰ ভৰত
মোৰ আই হালিছে জালিছে ।
ঘৰলৈ লখিমী আনিব
খদমদম আই পিতাৰ ঘৰ !
আইয়ে কেৱে নোশুনাকে বিৰবিৰাইছে
" প্ৰভু ; তোমাৰ নামত ;
গুৰু ভকতৰ নামত
আৰু মোৰ পৰিয়ালটিৰ নামত থাপিলো "।
সোন গুটিৰ ভৰত
দোঁ খোৱা পিতাৰ বিৰিয়াই আইক হঁহোৱাইছে
পিতাৰ ছন্দোময়
খোজে খোজে
ঘৰমূখী লখিমীৰ শাশ্বত মধুৰ গীতে আইক হঁহোৱাইছে !
নাহাঁহিবনো কিয়
এয়াযে বছৰটোৰ আশা আৰু ভৰসা !
হেমন্তৰ সূৰুযে
যিদৰে শীতৰ কুঁৱলী ফালি ৰʼদৰ অমৃত ঢালি
ধৰণীত সিঁচি দিয়ে
সুখৰ সুখৰ সুৰভি
আঘোণ ,তুমিওঁ ভোগৰ
ৰহঘৰা ঢালি আই আৰু পিতাৰ পথাৰখনিত
ওপচাই যোৱা বছৰি
আশাৰ সোণগুটি
সিঁচি যোৱা হাঁহিৰ সুৰভি !
আঘোণ তুমি সঁচাই অন্যন্যা!
আৰতি টুকৰীয়া।
কুশল কোঁৱৰ পথ ।
যোৰহাট।
——————————
প্ৰেৰণা
সুশান্ত দাস
সূৰ্যৰ দৰে পোহৰ বিলাবা
সুপ্ত ধাৰণা কৰিবা দূৰ,
বিলাবা দীপ্তি আনন্দ-উল্লাসৰ
আদ্যোপ্রান্তত বিলাবা হৰ্ষ সুৰ।
ব্যোমৰ দৰে বিশাল হ’বা
নীৰৱতাক সামৰি লৈ,
মেঘৰ দৰে শান্ত হ’বা
বৰষুণক আদৰি লৈ।
পানীৰ দৰে নিৰ্মল হ'বা
সৎ বাক্য বিলাবা তুমি,
সোঁতৰ দৰে উগ্ৰ হ'বা
দেশৰ বাবে যুঁজিম বুলি।
সোণৰ দৰে ভাস্বৰ হ'বা
জ্ঞানৰ জেউতি প্ৰসাৰিবা তুমি,
হীৰাৰ দৰে কঠিন হ'বা
দুৰ্নীতিমুক্ত গঢ়িবা ভূমি।
বায়ুৰ দৰে সুধীৰ হ'বা
শান্তিৰ বতৰা বিলাবা তুমি,
সমীৰৰ বেগক সামৰি লৈ
হিংসা-দ্বেষ আতঁৰাবা তুমি।
উৰ্ণনাভৰ পৰা প্ৰেৰণা ল'বা
জীৱন বাটত নপৰিবা ভাগৰি
জাল গুঁঠিবা ঐক্য-সংহতিৰ
সকলোকে গঢ়িবা দেশৰ প্রহৰী।
মা-দেউতা আৰু শিক্ষাগুৰুৰ
কৰ্ম বোৰক প্ৰেৰণা কৰি,
তেখেতলোকৰ আদৰ্শবোৰক
আজন্ম পালন কৰিবা তুমি।
প্ৰেৰণা ল'বা সকলোৰে পৰা
প্ৰেৰণাইও শক্তি দিয়ে,
প্ৰেৰণা ল'বা সৎ-জ্ঞানীৰ
যিয়ে জীৱন তৰি নিয়ে।
সুশান্ত দাস
শিৱসাগৰ
————————————
অসাধাৰণ তৰুণদা
অশোক ৰাম ভট্টাচাৰ্য্য
আদব কায়দাত সাধাৰণ কাৰ্য্যত অসাধাৰণ সদা তৰুণ এক ব্যক্তিত্ব
বিশাল হৃদয়, নাম তৰুণ গগৈ
কৰিলা অসাধ্য সাধন বিপৰ্যস্ত অসমভূমিত, আক্ৰান্ত, বিভ্ৰান্ত অতিষ্ঠ তেতিয়াৰ অসম এফালে উগ্ৰপন্থী আনফালে বেতনবিহীণ কৰ্মচাৰী
শুনিছিলোঁ হুমুনিয়াহ অলেখ জনৰ চৌপাশে,দেখিছিলোঁ সঙ্কীৰ্ণতা ৰাজনীতিকৰ
বস্ত্র ব্যৱসায়ীয়ে দিছে কপালত হাত
বিক্ৰী আজি মাথোন ত্ৰিশ টকা
বেতনবিহীনৰ বাবে আজি বস্ত্রও বিলাস
লজ্জা নিবাৰণতেই আনন্দিত সবে
পৰিয়ালৰ খাদ্যৰ বাবেই ব্যাকুল সকলো;
বিপৰ্যস্ত অৰ্থনীতিৰ নিদান কেনেকৈ কৰিলা
সেইয়াওযে এক বিস্ময়
উদাৰতা বিশালতাই শৌৰ্য্য তোমাৰ
সকলোকে সমদৃষ্টি বিশেষত্ব তোমাৰ
হিয়াৰ বিশাল পৰিধিতে সকলো আকুল
এটি মাথোন নিৰ্মল হাঁহিৰেই
এষাৰ ভলভলীয়া সৰল কথাৰেই
কৰিলা দিগ্বিজয় প্ৰাগজ্যোতিষত;
সৰগৰ সজীৱ কোণৰ অনন্তধামত ৰৈ
তুমি চাগৈ কিছু বিস্মিত হৈছা
জনতাৰ তোমালৈ নিভাঁজ মৰম দেখি
ইমান মৰম পোৱা নাই ৰাজনীতিকে;
প্ৰাপ্যহে পাইছা যোগ্য অসম সন্তান
চৌপাশে প্ৰসাৰিত প্ৰজ্বলিত কায়া
তাতে আছে উদাৰ অসমীৰ ছায়া
বৈকুন্ঠত স্থান হওক সদা তৰুণৰ ।
অশোক ৰাম ভট্টাচাৰ্য্য
প্ৰতাপ শৰ্মা পথ, আমোলা পট্টি, নগাঁও
————————————
চিৰসঙ্গী তোমাৰ
ৰিতু ভৰালী
তোমাক এবাৰ ভালপোৱাৰ হেঁপাহ মোৰো আছে
ভালপাওঁ বুলি ক'লেই জানো তুমি সুখী ?
আৰু মই !
ভালপোৱাৰ প্ৰস্তাৱটি গ্ৰহণ কৰিলেই জানো
হেঁপাহবোৰ সম্পূৰ্ণ হ'ব
তথাপিও তোমাক ভালপোৱাৰ খুবেই ইচ্ছা আছিল
এইযে মোৰ হেঁপাহ , ইচ্ছাৰ কথা ক'লোঁ
তাত বাৰু দলং আছেনে
আছেনে পৰ্বত
যদি আছে দলং
পাৰ হৈ যাম
যদি আছে পৰ্বত
বগাই যাম
মই ভালপাওঁ তোমাক
অৱশ্যে কিমান নাজানো
তথাপিও তোমাক এবাৰ ভালপোৱা হেঁপাহৰ ডেউকাত গঁজালি মেলিছে
চিৰদিনৰ বাবে
চিৰসঙ্গী হৈ ।
তুমি জানো অনুভৱ কৰা নাই মনক ।
————————————
কদম ফুলা ৰাতি
ৰূপজ্যোতি গগৈ
কদম ফুলা ৰাতি
কৃষ্ণই বাঁহী বাই
আউলী-বাউলী মেঘালি চুলি
আকাশত বাজে দেৱ-দুন্দুভি
খহি পৰে এটা তৰা
মাটিক সাবটি
শূন্য পৰিধি
থমকে
দুহাতৰ জ্যোতি।
নিৰন্ন আন্ধাৰ বিনাশী
কোন বাটে আহিব ৰ'দালি
দুচকুত অমল তৃষা লৈ
বহি আছোঁ
পশ্চিমৰ বেলি কাটি কৰি
পূবে দিব সেউজ ফেঁহুজালি
দিবনে
তমসা এই ৰাতি অচিৰে যাবনে আঁতৰি?
বুকুৱে বুকুৱে সীমাহীন গৰল পি
ৰৈ আছোঁ
কদম ফুলা উজাগৰি ৰাতি
আহিব বুলি
কুঁহিপাত কুমলীয়া তৰুণ প্ৰভাতী !
—————————————
কথা-কবিতাৰ কথা
শ্যামলিমা কাকতি
কবিতাৰ বিভিন্ন ভাগবোৰৰ ভিতৰত কাব্যকলাৰ আন এক ৰূপ হ'ল কথা-কবিতা। সংস্কৃত অলংকাৰ শাস্ত্ৰমতে কাব্য শব্দটো সাহিত্য শব্দৰ সমাৰ্থক। কথা- কবিতাত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকে নির্বাচন কৰা হয়। কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাব কথা লিখাৰ ভংগী বা ৰীতি বুলি ক’ব পাৰো।
ড॰ বাণীকান্ত কাকতিৰ মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। ড° বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ' বুলি কোৱা কথাৰ লগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ বুলি কৈছে। যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। লেবাননৰ কবি খলিল জিব্ৰানৰ কথা-কবিতা কিছুমান ইংৰাজীলৈ অনূদিত হৈছে। সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে।
কবিতা আৰু কথা-কবিতাৰ মাজত পার্থক্য দেখা পোৱা যায়, যেনে—
(ক) কবিতা মিত্রাক্ষৰ বা অমিত্রাক্ষৰ ছন্দত লিখা হয়। কিন্তু কথা-কবিতা গদ্যত ৰচনা কৰা হয়।
(খ) কবিতাত এটাতকৈ অধিক ভাৱৰ সমাবেশ ঘটিব পাৰে। কিন্তু কথা-কবিতাত এটা মাথো কেন্দ্রস্থ ভাৱ থাকে।
(গ) কবিতাত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰা হয়। কিন্তু কথা-কবিতাত অলংকাৰ প্রয়োগৰ মাত্রা কম যদিও ই ৰূপকাত্মক।
বনফুলৰ কবি যতীন্দ্রনাথ দুৱৰা আছিল অসমীয়া ভাষাত প্রথম কথা -কবিতাৰ ৰচক। তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হ’ল —ওমৰ তীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। তেওঁৰ ‘কথা-কবিতা’ নামৰ পুথিখন অসমীয়া ভাষাত প্রথম সার্থক কথা-কবিতাৰ পুথি।
কবি যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ শীর্ষক কথা-কবিতাটিতো মাত্র এটি কেন্দ্রস্থ ভাৱ আছে। সেয়া হ’ল দুখীয়াৰ প্রতি কবিৰ মানবীয় সহানুভতি।
কবি যতীন্দ্রনাথ দুৱাৰাই এদিন বাটেৰে গৈ আছিল। এনেতে এজন ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ ওঁঠ আছিল শেঁতা, চকু দুটা ৰঙা, গাত আছিল ফটা-কাপোৰ। মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে নিজৰ মোনাত হাত সুমুৱাই একো বিচাৰি নাপালে আনকি এখন ৰুমালো নাপাই মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱৰাৰ বাবে মগনিয়াৰজনক খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনেৰে হাঁহি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে ধন্যবাদ জনালে। মগনিয়াৰজনে ক’লে যে তেনেদৰে দেখুওৱা সহানুভূতিও এক প্রকাৰৰ দান।
যতীন্দ্রনাথ দুৱৰাই ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ ‘Poems in prose’-ৰ অন্তর্গত ‘The begger’ আৰু আফ্রিকাৰ মহিলা লেখক অলিভ শ্রাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল।
সাধাৰণ ভাষাত ক'বলৈ হ'লে বাস্তৱ জীৱনৰ অনুভৱ বা কোনো ঘটনাৰজিৰ লগতে সংগতি ৰাখি কবিতাৰ পটভূমিত কবিয়ে যি ভাষিক চিত্ৰৰ অংকন কৰে সেয়াই কথা-কবিতা আধাৰ বুলি ক'ব পাৰি।
শ্যামলিমা কাকতি
নতুন দিল্লী
———————————————————
পঢ়ুৱৈৰ অভিমত
'কাব্যকানন' এখন সুৰুচিপূৰ্ণ কাব্যালোচনী । ইয়াত মই চতুৰ্থ বৰ্ষৰ ষষ্ঠ সংখ্যাটিৰ বিষয়ে কিছু পৰ্যালোচনা আগবঢ়াব বিচাৰিছোঁ যদিও ইয়াৰ পূৰ্বৰ সংখ্যাকেইটাও উচ্চ মানৰ হৈছে ।
যোৱা সংখ্যাটো কবিতাকে ধৰি কবিতা সম্পৰ্কীয় কেইবাটাও লিখনিৰে সমৃদ্ধ। সম্পাদকৰ কলমত সম্পাদক নৱ ৰাজনে বৰ্তমান লিখকৰ মৰ্মবেদনাৰ উপলব্ধিৰে এক সময়োপযোগী বিশ্লেষণ আগবঢ়াইছে । প্ৰকাশকে নতুন লিখকৰ লেখা প্ৰকাশ নকৰে , প্ৰতিষ্ঠিত আলোচনীয়ে এনে লিখকৰ প্ৰতি অৱহেলা কৰে ।
এনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ সুবিধা কৰি দিছে নৱ ৰাজনৰ দৰে এচাম চিন্তাশীল লিখকে ।
এই সংখ্যাটোত উদয় কুমাৰ শৰ্মাৰ সুন্দৰ লেখাৰ উপৰি চন্দন গোস্বামী ,গুণাৰাম শইকীয়া , অৰ্চনা ঠাকুৰীয়া ,স্বপ্নম জ্যোতি কলিতা ,দেৱ দাস ,কৃষ্ণা ময়ুৰী হাজৰিকা , সঞ্চিতা বৰা , কল্পনা হাজৰিকাৰ লগতে বহুতো কবিৰ কবিতা , ৰশ্মিৰেখা ভূঞাৰ সৈতে কথোপকথন , হাইকুৰ বিষয়ে শ্যামলিমা কাকতিৰ লেখা আৰু হিন্দী , ইংৰাজী , বাংলা কবিতা কেইটামানো সন্নিৱিষ্ট কৰিছে । এখন কাব্যালোচনী হিচাপে পৰিপূৰ্ণ ভাবে কাব্যকানন সজাই তুলিছে সম্পাদকে। কাব্যকাননৰ প্ৰতি অফুৰন্ত শুভকামনা জনালোঁ ।
—গণেশ বৰ্মন
নলবাৰী । মোবাইল–৯৮৫৪৩৩৯১০১
————————————
কাব্যকানন আৰু কবিতা
কবিতা হৈছে মানৱ চেতনাৰ বাহক। যুগ -যুগান্তৰ ধৰি মানৱ চেতনাত কবিতাই বাহৰ পাতি আহিছে। মানুহ পৃথিৱীত থাকে মানে কবিতা থাকিবই। মানৱ হৃদয়ত পুঞ্জীভূত আৱেগ আৰু অজস্ৰ উন্মাদনা শব্দৰ বোকোচাৰে ধৰালৈ নামি আহে! সেয়েহে হৃদয়ৰপৰা হৃদয়লৈ গঢ়া সাঁকোৰে কবিসত্বাই বগুৱা বায়। অসমীয়াত এষাৰ কথা আছে-- "সদায় দেখা গছ পাত এটি ছৱি হ'লে শুৱনি কৰে,
সদায় শুনা কথাকেইটা গীত হ'লে হিয়া টানি ধৰে"।
সু-কবি নৱ ৰাজন দেৱৰ সম্পাদনাৰে জন্মলগ্নৰে পৰা প্ৰতিটো সংখ্যাৰে পষেকীয়া "কাব্যকানন" ত সন্নিৱিষ্ট সৰহ সংখ্যক কবিতাই সুন্দৰ আঙ্গিক আৰু কাব্যিক গতিশীলতাৰে প্ৰকৃতভাৱে কাব্যৰসৰ সোৱাদ দিব পাৰিছে।ভাৱ- ব্যঞ্জনা আৰু শব্দ- শৃঙ্খলাক অনবদ্য ভাৱে একক বিন্দুত কেন্দ্ৰস্থ কৰিব পৰাতেই কবিৰো কৃতীত্ব, কবিতাৰো জয়। এই ক্ষেত্ৰত সুন্দৰ শব্দ-চয়নেৰে বাচকবনীয়া শব্দ শিল্প নিৰ্মাণ কৰাত সিদ্ধহস্ত কবিসকলে ৰাজন দেৱৰ জৰিয়তে এখন কৰ্মশালা লাভ কৰিছে য'ত কবিতাৰ উপযুক্তৰূপে কৰ্ষণ হ'ব পাৰে । তেন্তে তেনেবোৰ কাব্যশিল্প নিশ্চয় হৈ পৰিব মানুহৰ বুকুৰ সংবাদ।তেজৰ আখৰে লিখা অনুভৱবোৰ বাঙ্ময় হব। মানৱ চেতনাৰ কোঁহে কোঁহে সোমাই থকা শব্দ- মালঞ্চই আত্মপ্ৰকাশি উঠিব।অনুভূতি আৰু সহানুভূতিৰ গৃহযুদ্ধৰ অন্তত একোটি সাৱলীল শব্দৰ জতুগৃহ নিৰ্মাণ হয়। সেয়ে হয়তো কবিতা জোখা তুলাচনী খন বৰ মায়াবী! মই মোৰ সীমিত জ্ঞানেৰে কবিৰ কাব্যিকতাৰ মান নিৰূপণ কৰিবলৈ অপাৰগ কিন্তু কবিতাৰ পাঠক হিচাবে কিছু নিজস্ব অনুভৱহে ব্যক্ত কৰিছো। কবিতা লিখাটো একেবাৰেই সহজ বিষয় বুলি ভবাটো ভুল । আমি নিজকে তন্ন তন্ন কৈ পঢ়িব পাৰিব লাগিব ,ক'তযে বিৰম্বনা সহি কাব্যিকতাৰ সৈতে মুষ্টিযুদ্ধৰে যুঁজি ,কবিতাৰ উমাল সান্নিধ্য পাব পাৰি সেইয়া মাত্ৰ কবিত্বৰ জুয়ে পোৰা সকলেহে উপলব্ধি কৰে!
উপযুক্ত কচৰৎ অধ্যয়ণশীলতা আৰু পৰিবেশে কবিসকলৰ কবিতাক শিল্পত্ব প্ৰদান কৰাত সিদ্ধহস্ত কৰি তোলে। এজন কবিৰ দৃষ্টি সকলো সময়তে সকলো ক্ষেত্ৰতে নিবদ্ধ কৰিব পাৰিব লাগে। যেনে মন্দিৰ, মৰিশালী,সুন্দৰী প্ৰিয়া, আকাশ, সৰগ, নদী -সাগৰ অট্টালিকা কিম্বা জুপুৰী। কবিয়ে নিজক কৰ্ষণ কৰে, কবিতাৰে হেতালি খেলে , কবিতা হৈ নিজক জোখে, কবিতাৰে প্ৰশ্ন কৰে। শব্দৰ হেন্দোলনিত কবিতাই দিয়া প্ৰকৃত সুখ বুটলোতে পৰম সুখ আৰু আত্মিক আনন্দ প্ৰাপ্তি ঘটে। আত্মিক জিজ্ঞাসাৰে অন্তৰ্লীণ হোৱা কাব্যিক চেতনাতে আত্মা আৰু পৰমাত্মাৰ মিলন ঘটে । সৰ্বশেষত কাব্যকাননৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে সু- উজ্বল ভৱিষ্যত কামনা কৰিলোঁ !
ৰেখা বৰকটকী
যোৰহাট
——————————
“কাব্যকানন“ আকৰ্ষণীয় হৈ পৰিছে বাবেই ইয়াৰ প্ৰতিটো সংখ্যাৰ বাবে আগ্ৰহেৰে বাট চাই ৰওঁ ৷ প্ৰতিটো সংখ্যাতে “কবিতাৰ আড্ডা“ ত কবি, সমালোচক উদয় কুমাৰ শৰ্মাদেৱে অসমীয়া ভাষাৰ সুক্ষ্ম সুক্ষ্ম অথচ গুৰুত্বপূৰ্ণ তথ্য সমূহৰ উপস্হাপনেৰে নতুন কবি সকলক উৎসাহ জনোৱাৰ লগতে সতৰ্ক কৰিও দিছে ৷ ৪ৰ্থ বছৰ, ষষ্ঠ সংখ্যাত সুলেখিকা ৰশ্মিৰেখা ভূঞাই সাক্ষাৎকাৰ প্ৰসংগত সামাজিক মাধ্যমত প্ৰকাশ পোৱা কবিতা সমূহৰ গুণাগুণ সম্পৰ্কত কৰা মন্তব্যৰ আঁত ধৰি ক’ব পাৰি যে নতুন কবিসকল নিজেই নিজৰ কবিতাৰ সমালোচক হোৱা উচিত ৷ কাব্যকাননে দেশ-বিদেশৰ কবিসকলৰ অনুবাদ কবিতাৰ সংযোজনেৰেও তুলনামূলক অধ্যয়ণৰ এই দিশটো সমুজ্জ্বল কৰিছে ৷ সম্পাদকীয়ত নব ৰাজনদেৱে উদ্যমী লেখক সকলৰ বাবে জখলা এডালৰো প্ৰয়োজন বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে ৷ ৪ৰ্থ বছৰ, ষষ্ঠ সংখ্যাত কবি এ আমানদেৱৰ ’চন্দন নগৰ’, শ্যামলীমা খাউণ্ড শৰ্ম্মাৰ ’স্বদেশ প্ৰেম’, ভাগ্যশ্ৰী পাঠকৰ ’শীত’, সঞ্চিতা বৰাৰ ’উমিয়ামৰ এসন্ধ্যা’ কবিতা কেইটাই মন চুই গ’ল ৷
—অপূৰ্ব ভূঞা,
চুৰাট, গুজৰাট
———————————
কাব্য কানানলৈ আন্তৰিক শুভ কামনা জনালোঁ, কাব্য কনান উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ জনপ্ৰিয় E-আলোচনী যি খনে পাঠকৰ হৃদয়ত কবিতাৰ সংবেদনশিলতা আনিবলৈ সক্ষম হৈছে, আমাৰ এই যাত্ৰা সফল হওঁক ঈশ্বৰৰ ওচৰত প্ৰাথনা জনালোঁ।
—অজিত প্ৰতীম দাস।
————————————
অতি সুন্দৰ ।বেটুপাতৰ লগতে সুন্দৰ কবিতা আৰু লিখনিসমূহ সঁচাকৈ আকৃষ্ট কৰি তুলিছে ।আলোচনীখনৰ দীঘায়ু কামনা কৰিলো ।
–ৰিংকু বৰুৱা
————————————
সুন্দৰ বেটুপাতেৰে আলোচনীৰ পাতত সন্নিৱিষ্ট সম্পাদকীয় পৃষ্ঠা অতি মনোমোহা হৈছে। কবিতাসমূহ পঢ়ি ভাল লাগিল।আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
–ৰঞ্জনা দেৱী
————————————
সুন্দৰ বেটুপাতেৰে এখন সুন্দৰ আলোচনী। সম্পাদকীয় কথাখিনি হৃদয়স্পর্শী। আলোচনী খনত মোৰ এটি অনুভৱ প্রকাশ হোৱাৰ লগতে প্রতিটো কবিতাই পঢ়ি ভাল লাগিল।
–গীতামনি কলিতা
———————————
বহুত সুন্দৰ বেটুপাত , সম্পাদকীয়ৰ বাস্তৱ সত্য কথাখিনিয়ে চুলে।বহুত ভাল লাগিছে পঢ়াখিনি ।
–ৰঞ্জু শইকীয়া
———————————
পঢ়ি আছোঁ ৷অনন্য ।সম্পাদকীয়ত মনৰ কথা কিছু পালোঁ ।মোৰো এটি কবিতা কাব্য কাননৰ বুকুত ঠাই পোৱাত সুখী হ’লোঁ ৷অশেষ ধন্যবাদ জনালোঁ ৷
—কৃষ্ণা ময়ূৰী হাজৰিকা
————————————
কাব্যকাননৰ লেখাবোৰ পঢ়ি ভাল লাগিল । সচাঁকৈ প্ৰতিটো সংখ্যা বৰ হেপাহেৰে পঢ়োঁ..
—তিলো বৰা ৰাজখোৱা
————————————
কাব্যকাননৰ সম্পাদকীয় পৃষ্ঠা পঢ়ি আপ্লুত হলোঁ ।
–অজন্তা চৌধুৰী
—————————————————
কবিতা
জিন্দাবাদ
দিলিপ কৌশিক
চেকুলাৰ মাটি
চেকুলাৰ বোকা
চেলুলাৰ জীৱন
ৰঙবোৰ
ৰঙা বগা
ৰাতিবোৰ ৰাতি
ঘন ক'লা ...
—————————————————
দুখ
মৌচুমী দাস
দুখৰ কোলাত
সুখৰ টোপনিয়ে
ওমলে
সেই যে হেৰোৱা স্মৃতিত
ডুবি থকা
জোনাকী নিশাই
কঢ়িয়াই আনে এটি মিঠা অস্ফুট হাঁহি...
শেষ নোহোৱা এটি ৰাগি...
দুখবোৰ সামৰি জাগি থাকো মই
জোনে বাঁহী বজোৱা ৰাতি...
জোনক সোধো.
কোনে পিন্ধালে তোমাক শুভ্ৰ স্নিগ্ধ পোছাক
জোনে ক'লে মোক
নাজানা জানো ?
বিষাদ হৃদয়তো ফুলি থাকে
মোৰ সদায়
এজোপা বগা স্নিগ্ধ গোলাপ
আৰু কিছু উন্মক্ত সংলাপ....
————————————————
শীত নামিছে
ৰাজীৱ দত্ত
শীত নামিছে
ধীৰে ধীৰে
বতাহ বৈছে ফিৰফিৰীয়া
যেন এইমাত্ৰ নামি আহিব
জাৰত কঁপি থকা জোনটোৱে ৷
দূৰৈৰ আকাশত
মুখটিপি হাঁহি থকা তৰাবোৰে
জোকাই কৱ
ইচ্ ৰাম কেনেকে ধুৱা গা
ঠাণ্ডা পৰিছে ইমান৷
কফৰ হেঁচাত
কাঁহত অস্থিৰ হৈ পৰা
এজাপ কাপোৰ লোৱা
বৃদ্ধৰ দৰে বেলিটোৱে
লাহে লাহে মুৰ তুলি চাৱ ৷
নতুন জলাশয়ৰ সন্ধানত
উৰি উৰি ফুৰে
এজাক শৰালি৷
উৰি যায় দিগন্ত ধিয়াই
কাঢ়ি লৈ যায় মন৷
কুঁৱলিয়ে কৰিছে
ধুঁৱলী কুঁৱলি মনৰ চিন্তা৷
শীত নামিছে
ঠাণ্ডা পৰিছে
বৈছে বতাহ ফিৰ্ ফিৰিয়া৷
মনো যে হৈ যায় উৰুঙা উৰুঙা৷
-----------------——————————
বোৱাই দিয়া এখন নৈ
বনশ্ৰী মহন্ত
বোৱাই দিয়া এখন নৈ
তোমাৰ বুকুৰ পৰা
মোৰ বুকুলৈ।
বৈ যাওক
এখন মৰমৰ নৈ।
সোণোৱালী ৰ'দৰ ধেমালিত
ক্লান্ত মনেও এধানি হাঁহি মাৰিব।
অলপ পৰ জিৰণি লৈ
বৈ ৰ'ব কথাৰ সূঁতি।
নিৰ্বিকাৰ সোঁতৰ সতে বৈ যাব আৱেগ।
হেঁপেহুৱা মনে তাত সাঁতুৰিব
স্মৃতিৰ দলিচাত বিবিধ ৰঙৰ ফুল ফুলিব
ৰ'দে চুব
সপোন উৰিব
সোঁতবোৰ এটি এটি গীত হব।
মাথোঁ বোৱাই দিয়া এখন নৈ
বুকুৰ পৰা বুকুলৈ
বোৱাই দিয়া
এখন মৰমৰ নৈ।
------------------––––––––––-
আশাত ওমলে উশাহ
বৰষা মহন্ত
সেৰসেৰীয়া এজাক
সপোনৰ বোজা।
ভমকাফুলীয়া চানেকিত
কমলাবুলীয়া ৰংবোৰ পৰি ৰৈছে
জগা কাঠ হৈ।
সপোনবোৰৰ মাজতে
অগা-ডেৱা এধানিমান উশাহৰ
এয়া সাঁজ লগা সময়
ধাউগেৰি মাৰি সোমাই আহে
কালধুমুহাজাক
আকাশৰ বুকুত
এজাৰৰ পাতবোৰ উৰি উৰি
সৰি পৰে মোৰ দুহাতত।
আশাবোৰ বুকুত বান্ধিছোঁ।
হয়তো সময় ওভতনি সোঁতত ব'ব
এচেৰেঙা ৰ'দত গলিয়ন হ'ব
এটা নেকেৰা সপোন
এঙা-জেঙা সপোনটোক
কাষ চপাই
মুঠি মাৰি ধৰি ক'ম
এয়াই মোৰ আশাৰ
অন্য এক উশাহ।
---------------------
সময়
কৰবী ভূঞা
সময় এনেকুৱাই,
ভগ্নাংশ দৰে বিভাজিত হৈ যায়।
বেলিৰ উষ্ণতাত চৰাইজাকে জিৰাই
সেউজীয়া বোৰৰ আৰঁত।
নীলা আকাশত তৰাজাকক দেখি,
পোহৰবোৰ লুকাই পাহাৰৰ দাঁতিত !
বৰ্ষা মুখৰ সন্ধিয়াত ,
ডাৱৰে ঢাকে পূৰ্ণিমাৰ জোনৰ মুখ।
নৈ খন চুটি হয়,
শুকান ডাৱৰৰ উমালত
সময়ে বাট কাটে,
শৈশৱৰ স্মৃতি বোৰ অলৌকিক হৈ পৰে,
চিঠিৰ শব্দবোৰ এতিয়া দূখৰ হুমুনিয়াহ হৈ সৰে।
নতুন শব্দ বোৰে তোষামোদ কৰে,
হাঁচতিত সাঁচি ৰখা শব্দই
একোটা দুখৰ মোনা অহৰহ কঢ়িয়াই ফুৰে।
------------------------
জন্মদিনৰ কবিতা
মুকেশ সিংহা
আঘোণৰ কাঁচিয়লি ৰ'দৰ দুপৰত
মিঠা যন্ত্ৰণাৰ সোণালী পথাৰ যেন হাঁহি
এটাৰ আঙুলি ধৰি বুকুৰ উমেৰে মোক
জীৱনৰ এটা ঘৰ সাজি দিছিল আয়ে
ৰ'দ বৰষুণ কুঁৱলীৰ বুকু ফালি
ক'লৈ গৈ আছোঁ ইমানদিনে
কি বিচাৰি আছোঁ
কি দুখত জ্বলি আছোঁ অহৰ্নিশে
জীয়াই আছোঁ নে মৰি আছোঁ
স্মৃতিৰ বাটত কোনে ৰিঙিয়াই
বাটৰ দুয়োকাষে পৰি ৰোৱা
সৰাপাত আৰু ফুলবোৰে
জোনাক আৰু আউসী ৰাতি
গৰকি অহা উশাহৰ কথা সোঁৱৰাই
এই মাজৰাতি বাঢ়ি অহা বুকুৰ ধপধপনি
আৰু চকুপানীৰ তৰ্জমা কৰি দেখিছোঁ
উত্তৰসত্যৰ আৰ্চীত নিজকে নিজে -
(নিস্তেজ নিস্তব্ধ সময় আৰু মই)
অৰণ্যৰ এটা সেউজীয়া গান
কলিজাৰ দলিচাত সীঁ
গুণগুণনিৰ সন্ধ্যাটোয়ে নিচুকায় মোক
চুই চাইছোঁ নে নিজৰ ছাঁটো
কি দেখিছোঁ চকু মুদি দুভাগ ৰাতি
শিল, বতাহ, পানী-আকাশৰ মাজেৰে
একোখন দুৱাৰ সাজি ক'ত পামগৈ
এটি হালধীয়া আবেলিত।
-------------------
মোক একাঁজলি শব্দ লাগে
পল্লৱী মহন্ত
মোক একাঁজলি শব্দ লাগে
যি অগ্নিভ শব্দৰ স্পৰ্শত উদ্বেলিত হয় হৃদয়
সেই শব্দ
মানুহৰ বুকুয়ে বুকুয়ে প্ৰৱাহিত হৈ ৰওঁক
ক্লেদাক্ত দু:সময়ৰ বিপৰীতে
প্ৰেমৰ অন্ত:সলিলা হৈ।
মোক একাঁজলি শব্দ লাগে
যি শব্দই বিদীৰ্ণ শীৰ্ণ বুকুতো জগাই তুলিব পাৰে
স্বাধীনতাৰ গান
সেই শব্দ হ'ব লাগে
নিৰ্যাতিত নিপীড়িতৰ মুখৰ উদাত্ত শ্লোগান।
মোক একাঁজলি শব্দ লাগে
যি শব্দৰ আহুতিত জাহ যায়
ভোগবাদীৰ মিছা বৈভৱ কিম্বা
পুঁজিবাদৰ ফোঁপোলা অহঙ্কাৰ
সেই শব্দৰ তেজীঘোঁৰাৰ চেকুৰত
প্ৰাণ পাই উঠক
পোহৰ প্ৰত্যাশী সপোন হেজাৰ বিজাৰ।
মোক একাঁজলি শব্দ লাগে
যি শব্দই নস্যাৎ কৰে পশ্চাদগামী চিন্তা চেতনা,
পোহৰলৈ তুলি আনে আমাক মৃত মানুহৰ চহৰৰ পৰা।
সেই শব্দই তমসাবৰ্ণা জীৱনৰ স্থবিৰতাক নেওচি
উন্মষিত কৰি তোলক মানুহ হোৱাৰ উদগ্ৰ বাসনা।
মোক একাঁজলি শব্দ লাগে
যি শব্দত জী উঠিছিল
বেঞ্জামিন মোলাইছ নাইবা নাজিম হিকমতৰ ধাৰাল কবিতা
চেগুৱেভাৰা নাইবা ফিডেল কাষ্ট্ৰোৰ বৈপ্লৱিক চেতনা।
শব্দযে নহয় কেৱল নান্দনিক বিলাস
সেই শব্দই মনৰ আন্ধাৰ নাশি
প্ৰাণলৈ বোৱাই আনক
ৰৌদ্ৰজ্জ্বল পুৱাৰ তেজস্বী সুবাস।
--------------------
জিলিকিবা তুমি
ৰুলা ভূঞা
শৰতৰ পূৰ্ণিমা নিশা
ফুলৰ চুপহিৰ বিচাৰি পাওঁ
তোমাক
আবেগ ভৰা মনত
চিক্ মিক্ তৰাৰ ধেমালি
মই যুঁজিব পাৰো
কল্পনাৰ লগত
জোনবায়ে সবতে
পদে পদে
গাভৰু নদীৰ পাৰত
বিৰিণাৰ মাজে মাজে
গজালি মেলা তুমি
মোৰ কেঁচা তেজত
জিলিকি থাকিবা
জেতুকা পাতৰ দৰে।
----------------------
ওকণি
পিংকি কলিতা
ওকণি ওকণি
লগাই খলকনি
কিহৰ প্ৰতিযোগিতাত
উঠি পৰি লাগিলি!
আই কৈছিল---
সুন্দৰী নাৰী লক্ষ্মী ৰূপী
দীঘল চুলি মাজেৰে সেওঁতা ফালি
গণনা কৰে স্বামীৰ উন্নতি।
ঘন ক'লা মইনাৰ চুলিতাৰি
অথবা ধোবাৱৰণীয়া মাকণি পেহীৰ চুলিকোচাত
তোৰ সঘন পদচালন
বিৰা, লিখা, পুজলা, চেখৰা নামেৰে সংসাৰ কৰিলি
কিহৰ মিতিৰ পাতি সপৰিয়ালে আহিলি উঠি
খোবা, শোৱা, পঢ়া সকলো পাহৰি
থাকিব লাগে তোৰ সৈতে লুকা-ভাকু খেলি
সৌদিনা খুজতিত থাকিব নোৱাৰি
মইনা আহিছিল থাপলি মেলি
বৃহৎ সেনাবাহিনী লৈ তই আহিছিলি
বেলেগৰ মূৰত কৰি বিহাৰ,
খেতি বাতিৰ কৰিছিলি তৈয়াৰ
বিৰাই কৰিচে খেতি
তেজৰ ডোঙাৰ মাজত পুজলা আছিল ওপঙি
উখহি পৰা ছালত ৰৈ চেখৰা আছিল চাই
কোনে বাৰু মোৰ ভাইক লৈ যায়।
ওকণি যা উভতি
নহ'লে আনি নিমপাত লগাই দিম এৰাত
স্বৰবৰ্ণ, ব্যঞ্জবৰ্ণ, নেওঁতাৰ মাজতো দেখো তোৰ মৃত শৰীৰ
কিনো অকৃতজ্ঞ তোৰ পৰিয়াল তোক চোন বিচাৰি নাহিল
পৰজীৱী হোৱাই তোৰ ভুল
নহ’লে নষ্ট নহয় তোৰ কূল।
-------------------------
জোনমনি মহন্ত
বোপাই অ' তইনো কিয় বেয়া পাইছ
মোৰ তাপলি মৰা চোলাটো
সী থকা দেখি ?
এই চোলাটো মোৰ বৰ মৰমৰ
ফটাাকণ সী ল'লে
মোৰ ভাগৰবোৰে শান্তি পায় ।
তই হয়তো নাজান
সিহঁতে ৰং বিহীন ভাবি
চোলাটো পেলাই থৈছিল
কিন্তু মোৰ খালি গাটো ঢাকিবলৈ
তাকেই আৱৰি লওঁ বুলি
হাতত তুলি ললোঁ
মোৰো চোলা এটা পিন্ধাৰ হেপাঁহ আছিল
তাকো ফাটিল
তথাপিও মই আঁতি আঁতি
তাপলি মাৰিছোঁ
মুক্ত আকাশৰ তলত
থিয় হৈ থাকিবলৈ ।
মোৰো এটা মন আছিল
সভ্যতা সংস্কৃতিৰ লগত থাকিবলৈ
তথাপিও মই তাপলি মৰা চোলাটো পিন্ধি
সুখ অনুভৱ কৰিছোঁ
আৰু সেউজীয়া বোৰ বিচাৰি পাইছোঁ
সেইহে বোপাই অ' তইনো কিয় বেয়া পাইছ
মোৰ তাপলি মৰা চোলাটো
সীঁ থকা দেখি ?
------------------------
বিষাদ হৃদয়
পুলক কুমাৰ গগৈ
ধূসৰ আবেলিত
এটি সেউজীয়া হাঁহিলৈ
আহা যদি আহিবা
ক্ষণিকৰ বাবে হ'লেও
ৰিক্ত হ'ব মোৰ
বিষাদ হৃদয় ...।
--------------------
দেউতা
বুদ্ধি সুবেদী
কান্ধত দায়িত্বৰ কঢ়িয়াব নোৱাৰা বোজা
অথচ মানুহজনে কঢ়িয়াই ফুৰিছে
ৰাতিপুৱাৰ বেলিৰ দৰে
হিয়াত থুপ খাই থকা সপোনৰ ভৱিষ্যত
সেই বোজাতেই মিহলাই থৈছে
দুৰ দিগন্তৰ ৰঙচুৱা জীৱনৰ আকাৰ।
কপালৰ পৰা নামি আহে
দায়িত্বৰ ৰঙীণ তেজৰ সোঁত
বৈ যায় সেই সোঁতত সমস্ত ভাগৰ।
কৰ্তব্যনিষ্ঠাৰে আগুৱাই যায় অলেখ কল্পনাৰ মাজত
হেৰুৱাই পেলাব বিচাৰে যন্ত্ৰণাৰ জাল
আৰু হাঁহি হাঁহি অনুভৱ কৰে সি যে দেউতা।
----------------------
কুঁৱলী
ৰঞ্জু শইকীয়া
আঘোণৰ কুঁৱলীয়ে জানে সিটি গীত,
ছেঁৱে ছেঁৱে ৰাগি লাগে
এই নামে এই নামে... ধৱলী মৰমী শীত ।
প্ৰভাতী কুঁৱলীয়ে তুলিছে ৰূপৰ লহৰ,
অভিসাৰী দুৱৰিয়ে পিন্ধে মুকুতা বাখৰ
আৰু পিন্ধে গলপতা অমল প্ৰেমৰ।
------------------
বেলি লহিওৱাৰ পৰত
শুৱলা দাস
বেলি লহিয়াইছে।
বেলি লহিয়াইছে।
অপৰাহ্ণৰ ৰেঙণিত
সোনপাহীয়ে দেখিছে,
পাৰহোৱা সময়ৰ ইতিবৃ্ত্ত।
দেখিছে,
নদী ইমান কিয়
খৰ শ্ৰোতা হয় বাৰিষাত?
কিয় বা পুনৰ হৈ পৰে নিমাষিত আৰু নিস্তেজ
খৰালি কালত।
দেখিছে,
খাণ্ডৱ দাহ হোৱা ফিৰিঙতিৰ পৰা!
স্ফুলিংগ,ফিৰিঙতি আৰু তাৰপিছত ক্ৰমে জুই আৰু জুই...
দেহ জ্বলা,মন জ্বলা,সংসাৰ জ্বলা
আৰু আমৰণ হৃদয় জ্বলা।
বেলি লহিয়াইছে…
পৰি অহা দেহাত
লাভ-লোকচান,
পোৱা-নুপোৱাৰ,
দিয়া-লোৱাৰ
জমা-খৰচৰ
অনেক পাটি গণিত!
অনেক
নিমিলা অংকৰ
আউল লগা
ত্ৰকোণীয়া উত্তৰ!!
বেলি লহিওৱা পৰত
দূপৰীয়াৰ তেজাল ৰ'দৰ
সকৰুণ চকুলোঁ!
কি
বিজুতিত জানো কেতিয়াবা
নিৰীহ নিৰ্জু মলয়া ও
হৈ উঠে ভয়ঙ্কৰ ধুমুহা
ৰসময়ী জোনটো ও হৈ উঠে বিষাদ গ্ৰস্তা।
প্ৰশান্তিৰে ধীৰে স্থিৰে বৈ থকা
গহীন নদীখনি বৈ থাকোতেই
বাট এৰি হৈ পৰে
এলাগী ,এৰা সুতি!
কি নো বিচাৰি গৈ
সকলো হেৰুৱাই স্বৰ্গ- চ্যুত হয় পপীয়া তৰা।
বুজা নাযায়,
উত্তৰ পোৱা নাযায়!
উজান-ভাটী কৰি,হাবাতুৰি খাই
ঢপলীয়াই ফুৰা,
যৌৱনা পাণচৈখন
আবেলিৰ কাঁচিয়লিত
একাষে জীৰাই
এৰি অহা বাটলৈ চাই
অলস হুমুনিয়াহ পেলাই কয়
"নাই নাই শূন্যতাৰ বাদে দেখোন একোৱেই নাই!"
এৰা ,বেলি লহিয়াইছে।
বেলি লহিয়াইছে।
পাটি গণিত সামৰি
সোনপাহিয়ে নিহালিখন
বকুৰ ওপৰল টানিছে।
-------------------------
কাজিৰঙা তুমি মোৰ
ৰবিন কুমাৰ চেতিয়া
শীতৰ কুঁৱলীৰ এন্ধাৰ ফালি ফালি
কাঁচিয়লি ৰ'দৰ উন্মনা চুমা ঢালি
উদ্ভ্ৰান্ত প্ৰেমিক হৈ মই
তোমাৰ
প্ৰেম হব খুজিছিলোঁ কাজিৰঙা
শ্ৰান্তিহীন নাৱৰীয়া হৈ ল'বলৈ আহিছিলোঁ
তোমাৰ দেহৰ নিভৃত কোণৰ কজলা সুগন্ধ
উঠন বুকুৰ শীতল সৰোবৰত নদী হৈ অবিৰাম মই হাঁহি থাকিব খুজিছিলোঁ
চেঁচা বতাহজাকে এজনী দুষ্ট ছোৱালীৰ দৰেই
হাত বুলাইছিল মোৰ সমগ্ৰ শৰীৰত
তোমাৰ সেউজীয়া নিৰিবিলিত সাঁতুৰিবলৈ অহা
বহুজনৰ আগত লাজৰ ওৰণি তুলি
তোমাৰ ওঁঠত ওঁঠ গুজি মই
হেৰাব খুজিছিলোঁ একাপ সতেজ ৰঙা চাহৰ
আমেজসনা ধোঁৱাৰ মাজত
তোমাৰ সেউজীয়া বুকুত নিঃসংকোচে মই
ৰুই দিব খুজিছিলোঁ কাজিৰঙা
মোৰ কণমানি আলসুৱা হৃদয়
উজাগৰী ওৰেটো আঘোণীয়া দীঘল নিশা
বিলাসী বাগৰিৰ দলিচাত বাগৰি বাগৰি
মখমলৰ ঊমাল স্বপ্নালী অনুভৱত মই
উৰি ফুৰিছিলোঁ যেন এটি দৰদী কবিতা হৈ
খোলা চাফাৰীত দুহাত মেলি অফুৰন্ত উন্মাদনাত
সাঁতুৰি সাঁতুৰি হেঁপাহ পলুৱাই পান কৰিছিলোঁ
প্ৰথম প্ৰেমৰ শীতল চুমা
তোমাৰ দেহৰ ৰন্ধে ৰন্ধে বাগৰি ফুৰিছিল
মোৰ দুচকুৰ তৃপ্তিৰ দুহাত
সেউজীয়াৰ আঁচল পাৰি মেলি দিছিলা সমুখত
শান্ত সমাহিত তোমাৰ উদং কোমল বক্ষ
গজেন্দ্ৰ গমনেৰে মই কুৰুকি কুৰুকি ডুবিব খুজিছিলোঁ
খলা-বমা তোমাৰ হৃদয়ৰ বিশালতাত
নিমাখিত হৃদয়বোৰৰ দৰে
হেৰাব খুজিছিলোঁ
আঁৰ বেৰ নৰখাকৈ তোমাৰ মমতাত
তুমিতো নহয় কামনাৰ জুইত গঢ়া
কোনোবা প্ৰণয়ী যুগলৰ প্ৰেমৰ নিচান
তুমিতো নোহোৱা মেঘাচ্ছন্ন আকাশৰ
জিলিকি থকা পোহৰৰ একাঁজলি মেঘালী সোপান
কাজিৰঙা তুমি বৃন্দাবনৰ জোনালী নিশাৰ বাঁহী
মনালিচাৰ দুটি ৰহস্যঘন ওঁঠৰ সৰগীয় হাঁহি
বহুদিন মই শুনিছো কাজিৰঙা
তোমালৈ ও আহে কেতিয়াবা দুৰ্য্যোগৰ সময়
সুখৰ হাঁহিবোৰ তুমিও ধুব লাগে
আৰ্তনাদৰ চকুলো ঢালি তুমিও বোৱাব লাগে
সীমাহীন বিষাদ যন্ত্ৰণাৰ নৈ
উস্ কাজিৰঙা-সেয়া যে কি দু:সময়
তুমি মোৰ হৃদয়ৰ স্বাভিমান কাজিৰঙা
তোমাক লৈ মই য'তে ত'তে
গৰ্বেৰে কৰিব পাৰোঁ হেজাৰ অভিমান
সৃষ্টিৰ দলিচাত প্ৰকৃতিৰ তুমি অনবদ্য দান
সেউজী হৃদয়ৰ তুমি মোৰ আকলুৱা প্ৰাণ
অসম গৌৰৱ তুমি বিশ্বৰ বুকুত
যুগে যুগে হৈ চিৰপ্ৰবাহমান
বোৱাই থাকা নিৰৱধি অমিয়া সুৰত
সোণোৱালী অসমৰ সুৱদী গান
হেঁপাহৰ কাজিৰঙা
হৈ থাকা তুমি অক্লান্ত অম্লান
চিৰ জ্যোতিষ্মান ...
--------------------------
শব্দবোৰ
অমৰজ্যোতি ঘোষ
শব্দবোৰ.....
দলিয়াই দিয়াৰ কথা নাছিল!
বাকৰিখনত
শব্দবোৰ দলিয়াই দিয়া হৈছিল
কেৱল আপোনাৰ অকৃত্ৰিম মৰমত
শব্দবোৰে ভাল পায় ৰ'দ
শব্দবোৰে ভাল পায় বৰষুণ
শব্দবোৰে
ৰ'দ দিলে ৰংত ৰাঙলী হয়
নাচি উঠে ব'হাগৰ পাটগাভৰু নাচনীৰ দৰে
বৰষুণ দিলে জীপাল হয়
মৰুভূমিৰ দৰে
শব্দবোৰে
ৰ'দত সুখৰ গান গায়
বৰষুণত ছবি আঁকে সেউজীয়া
এককথাত
শব্দবোৰ প্ৰেমিক চৰাই
ৰ'দ-বৰষুণৰ
যাৰবাবেই____
দলিয়াই দিয়া হয় শব্দবোৰ
সেই বাকৰিখনত....!
----------------------
এতিয়া ৰাতি
দীপাংকৰ ভূঞা
ৰাতি ৰাতি
জয়াল ৰাতি...
শিয়াল ফেউৰাৰ ৰাউচি
ফেঁচাৰ কুৰুলী
নিশাচৰৰ ভূমি
নিসিদ্ধ ঘটনাৰ ঘাটি
কান্দোন আৰু হাঁহি !
ৰাতি ৰাতি
শেৱালি কৰবী হাচনাহানাৰ সুবাস
পূৰ্ণিমাৰ জোনাক
তৰালীৰ জিক্ মিক্
সেউজ বননিত
গহীন হাবিত
জোনাকী পৰুৱাৰ খেল !
ৰাতি ৰাতি
উজাগৰী ৰাতি...
নিৰবতাৰ ৰাজত্ব
মৌনতাৰ কোলাহল !
সাৰে আছে
কিতাপৰ পোক !
সাৰে আছে
কবিতাৰ কীট !
এতিয়া ৰাতি….
এন্ধাৰ বিনাশী আলোকৰ যাত্ৰী !
-----------------------
নৈ
দিগন্ত বৈশ্য (মুনু)
নৈখনত পানী বাঢ়িলেই
মই তোমাৰ কাষ চাপি যাও
নৈখনত পানী বাঢ়িলেই মই
একেটা কথাকে বাৰে বাৰে পাহৰি যাওঁ
তুমি বাঢ়ি অহা নৈ খনৰ পানীৰ দৰে।
বুৰাই পেলোৱা মোক।
-----------------------
মৌনতা এক কঠিন শিল্প
কনচেং বৰগোহাঁই
পুৱাৰ দুবৰিত
নিয়ঁৰৰ টোপালবোৰ,
ইমান মৌন কিয়
সৰি পৰাৰ দুখ নে
বেলিৰ পোহৰত উজলি উঠাৰ সুখ ?
ফুলনিত জকমকাই ফুলি থকা ফুলবোৰ,
ইমান মৌন কিয়
মৰহি যোৱাৰ দুখ নে
এক মহীৰূহ সৃষ্টিৰ আনন্দ ?
বিশাল আকাশত জ্যোতিষ্মান সূৰ্য্য, উদয়ৰ পৰত
ইমান মৌন কিয়
সন্ধ্যা ডুব যোৱাৰ দুখ নে প্ৰতিশ্ৰুতিত মহানুভৱতাৰ আবেগ ?
মৃত্যুত,
ইমান মৌনতা কিয়,
জীৱনক এৰি যোৱাৰ দুখ নে
ইয়াতু থাকে জীৱনক এৰি থৈ যোৱাৰ আনন্দ ?
বুজা ইমান সহজ নহয়,
মৌনতা যে এক কঠিন শিল্প !
-------------------------
সময়
অপূৰ্ব ভূঞা
সময় ঘোঁৰাৰ হিঁহিয়নি শুনো
শুনো তেজীঘোঁৰাৰ কদমত বাজি থকা
মহাজীৱনৰ সঙ্গীত
ৰ’দ-বতাহৰ হেঁপাহত লহপহাই বাঢ়ি অহা সপোন
ছাঁ-ঘন জোনাকৰ শীতলতাত জঁই পৰা দেখো
বিস্বস্ত এখন আইনা বিচাৰো
চিনাকি মাতত, আপোন চাৱনিত
উচৱৰ দিনবোৰ লালন কৰোঁ হৃদয়ত
জীপাল কৰোঁ বিষাদ-বৈভৱ
পান্থশালাৰ গোপন কোঠালিত
মৰীচিকা খেদি গৈ থাকো, গৈ থাকো
ক্ৰান্তিৰ যে শেষ নাই
নিলিখা কবিতা এটা গুণগুণাই বুকুতে শিপায়
পানীৰ ওঁঠত পিয়াহ গুজি
তেজীঘোঁৰাৰ কদমত বাজি থাকে
মহাজীৱনৰ সঙ্গীত নিৰৱধি ৷
------------------------
বানপানী
ৰিতুমণি কলিতা
বানে ধোৱা গাওঁখনলৈ
এবাৰ আহি চাবা,
বৰ্নাত্তৰ কৰুণ গাথাত
শিক্ত চকুবোৰ ৷
মানুহৰ শুকান মুখৰ আঁৰত
ডোলা দিয়ে ক'ত কাহিনীয়ে,
প্ৰকৃতিৰ সেউজীয়া
সোণোৱালী গাওঁ,
নিমিষতে হৈ পৰে জলমগ্ন তচনচ কৰে
খেতিয়কৰ এমুঠি সপোন ৷
ত্ৰস্তমান পানীৰ কোৱাল সোঁতত ,
অনাহাৰে মথাউৰিত বিনিদ্ৰ ৰজনী,
আৰ্ত্তনাদত কম্পমান
আবাল বৃদ্ধ বনিতা ৷
ঘৰ দুৱাৰ সকলো পানীৰ তলত ,
শূণ্যত ওপঙে ক'ত সপোন,
দুৰ্বিষহ জীৱন পৰিক্ৰমাত ৷
পশুধনৰ লগতে উটুৱাই নিয়ে
কৃষকৰ সেউজীয়া সপোন,
ক্ৰমাৎ মৰিশালী হয় গাওঁখন ৷
বিহংগবোৰৰ কলকনিত ,
ভয়াৰ্ত চৌদিশৰ পৰিবেষ্টনি।
অদুৰত ভাহি অহা
ভৰ দুপৰীয়া,
গৰখীয়াৰ বাঁহীৰ সুৰে,
বিষাদৰ ধল আকাশৰ পৰা
বৰষুণ হৈ নামি আহে ।
শাওণৰ বানপানীয়ে কৰে
আশাহত প্ৰতিজনৰ হৃদয় ,
উজাগৰী নিশা জলস্তম্ভৱে
অশ্ৰু বোৱাই আনে ৷
ৰুষ্ট পৃথিৱীৰ কৰ্দয্যতাৰ,
মহামাৰীৰ আতংকত,
লুইতৰ বলীয়া বানে
বিভিষিকাময় ধ্বংসলীলা
কৰি পেলাই বানৰ তাণ্ডৱে।
------------------------
নাস্তিক
জুলি বৰুৱা
আজি পুনৰ আওৰাইছোঁ
শতিকাৰ হাফলুবন্ধা পুৰণি পাঠ
বিশ্বাসৰ ভগ্নস্তুপত পুণৰ গজি উঠে
ভৰসাৰ একোটি পুৰাতন বীজ
জীৱন নামৰ শিলটো
বুকুত বৈ ফুৰিছোঁ,ট
কিয়জানো
তোমাৰ পদুলিত ভগনীয়া হওঁ
শুনিছিলোঁ তুমি হেনো ভাব গ্ৰহণ কৰা
ভকতিৰ
ওৰোটো জীৱন কতবাৰ যে শিল হৈছোঁ
কতবাৰ যে হেৰুৱাইছিলোঁ স্ৰোতস্বিনীৰ চঞ্চলতা
বাংময় অন্তৰৰ সুখ
দুচকুৰ কান্তি, অথবা
বুকুৰ দুকুল উপচা শান্তি
হেৰোৱাৰ অভিজ্ঞতাৰে পুনৰ মই নাস্তিক হৈ পৰিছোঁ,
সুখ হেৰুৱাইছোঁ,বিশ্বাস হেৰুৱাইছোঁ,তোমাকো হেৰুৱাইছোঁ
হেৰুৱাইছোঁ জীৱনৰ ৰং, অন্তৰৰ সৌন্দৰ্য
হেৰুৱাইছোঁ অন্তৰৰ অনন্তকালৰ প্ৰাৰ্থনা
আৰু কত কাকুতি ঘোষা,
এতিয়া আৰু দুচকুমুদি হয়তো
মই তোমাক স্মৰণ নকৰিম
আনৰ কষ্ট দেখি
অথবা
নিবিচাৰিম মোৰ অপমানৰ ক্ষয়ৰোগতো
তোমাৰ ঔষধী দুহাতৰ স্পৰ্শ,
কলিজাৰ জয় পৰা ক্ষমাৰ লতিকা
ত্যাগৰ ললাতেৰে সজীৱ কৰিছোঁ
হৃদয় দুৱাৰত দাং দিছোঁ
মৌনওঁঠৰ অভিমানবোৰক,
কিন্তু...সঁচা
তুমিহীন মোৰ হৃদয় শূন্য হৈ থাকিব
আৰু থাকিব এমুঠি বিষাদত বিবৰ্ণ ভাব,
সূৰ্যমুখী হৈয়ো, মই এন্ধাৰক ভাল পাবলৈ শিকিম
তুমিহীন যাত্ৰাৰ মই নৈঃশব্দ প্ৰিয় যাত্ৰী
দুচকুৰ আশাৰ অজস্ৰ তৰা নুমুৱাই
আজি মই পুণৰ নাস্তিক হৈ পৰিছোঁ।
------------------------
কল্পনাৰ ৰহন
শর্মীষ্ঠা বর্মন
কল্পনাবোৰ যে পাখি লগা !
উৰুৱাই উৰুৱাই লৈ যায়
অস্ত যোৱা বেলিৰ ৰং চুই চাবলৈ ,
চৰাইজনীয়েও কল্পনাৰ পাখিত ওলমি
অসীম দিগন্তৰ সীমনা বিচাৰি
আকাশৰ নীলিম বৰণ
চুই চাবলৈ উৰা মাৰে ;
হঠাৎ কেতিয়াবা থেকেচা খাই পৰি
ৰূঢ় বাস্তৱক সোঁৱৰাই দিবলৈ
শৰীৰ কম্পমান হ'লেও
ওজৰ-আপত্তি নাই ,
আকাশৰ এফেৰি নীলা ৰঙে
বাস্তৱৰ কাঁইটীয়া দলিচাখনত মিহলি হৈ
ওখোৰা-মোখোৰা বাটত
সহজ হৈ বুলিবলৈ প্রেৰণা যোগায়।
----------------------------
এই বাটতেই এদিন কৃষ্ণচূড়া ফুলিছিল
তানিয়া মধুকল্য
যি বাটেৰে মই সঘনে অহা-যোৱা কৰিছিলোঁ
সেই বাটতেই এদিন
কৃষ্ণচুড়াৰ ফুলবোৰ
পৰি আছিল।
তাত পৰি থকা ৰঙা পাহিবোৰ
এদিন মোৰ যাত্ৰা পথৰ
সংগী হৈছিল।
সেই কৃষ্ণচূড়াৰ পাহিবোৰ
এতিয়া লাহে-লাহে শুকাবলৈ
ধৰিছে।
গছজোপাও উদং হৈছে
ৰাঙলী হৈ থকা পথবোৰ
আজি উকা হৈ পৰিছে।
ধূলিয়ে ঢকা মৰহা শুকান পাতবোৰে
পথটোক আৱৰি ৰাখিছে।
নিজান পথটো এতিয়া
লাহে-লাহে অকলশৰীয়া হৈছে।
সেই পথৰ ৰঙা ফুলবোৰে
আজিও ৰিঙিয়াই–
এই বাটতেই এদিন
কৃষ্ণচূড়া ফুলিছিল।
তানিয়া মধুকল্য
তৃতীয় ষাণ্মাসিক
ইংৰাজী বিভাগ
বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া
——————————————————
অনুবাদ কবিতা
It's all I have to bring today
Emily Dickinson - 1830-1886
It's all I have to bring today—
This, and my heart beside—
This, and my heart, and all the fields—
And all the meadows wide—
Be sure you count—should I forget
Some one the sum could tell—
This, and my heart, and all the Bees
Which in the Clover dwell.
মই আজি সকলো আনিব লাগিব
মূল কৱিঃ এমিলি ডিকিনচন-১৮৩০-১৮৮৬
আজি মই যি আনিব লাগিব-
সেয়া হ’ল এয়া,
আৰু মোৰ হিয়াৰ আৱেশ-
এয়া,
আৰু মোৰ মোৰ হিয়া,
আৰু সুবিশাল পথাৰ-
আৰু সুবিশাল পৰিধিসম তৃণভূমি-
তুমি নিশ্চিন্তে গণনা কৰা-
মই পাহৰি যোৱা স্বাভাৱিকনে
যোগফলে ক’ব পাৰে-
এয়া,
আৰু মোৰ হিয়া,
আৰু এবাহ মৌমাখি
যিয়ে ’ক্ল’ভাৰ’ত থিতাপি লয়৷
————————————————
মূল হিন্দী : শুভম শ্ৰী
(হিন্দী কাব্যৰ ২০১৬ চনৰ ভাৰতভূষণ আগৰৱাল বঁটা বিজয়ী যুব কবি )
ভাবানুবাদ : অপূৰ্ব ভূঞা
भूलना
कभी बहुत सदी पहले ( शायद समय से भी पहले)
एक कविता
जिसे हमारे पूर्वजों ने जिलाए रखा
कितने दुख, कितनी तकलीफ़ें
कैसी कैसी यादों के जंगल से बचाने हुए
एक भाषा से दूसरी भाषा मे जाते हुए
एक पुरी कविता लाए वो हम तक
शिलालेख या पांडुलिपि की तरह नहीं
किसी टूटे अवशेष की तरह नहीं
कितने कितने मनों की यात्रा करती हुई आयी कविता
भूलने की विरुद्ध एक सभ्यता खड़ी थी
बहुत बहुत सदी बाद
जब इतिहास तख्तापलट के साथ बदलने लगे
राजाओं को यक़ीन रहा कि भूलना बचा रहेगा
यादें रेत के लिखे सी मिट जाया करेंगी
भूल जाया करेगा तकलीफ़ का रंग
भाषाओं में ही गुम हो जायेंगीं कितनी स्मृतियाँ
परम्परा को उन्होंने शब्द समझा, इतिहास को गुलाम
सभ्यता को समझना चाहिए था
उसे उन्होंने कुछ नहीं समझा
जो एक कविता तक नहीं भूला
सभ्यता के सुदूर छोड़ से आती हुई
उनकी स्मृतियों को उन्होंने बस शुबहा समझा
इसलिए उन्होंने व्याकरण नहीं समझा
जिसमें भूलना क्रिया नहीं समास थी ।
ভাবানুবাদঃ অপূৰ্ব ভুঞা
পাহৰণি
বহু শতিকা আগৰ (হয়তো সময়ৰো আগৰ)
এটি কবিতা
যিটো আমাৰ পূৰ্বজসকলে জীয়াই ৰাখিছিল
কতযে দুখ, কত যাতনাৰে
স্মৃতিৰ অনেক অৰণ্য অতিক্ৰমি
এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ সলনি কৰি
এটা পুৰঠ কবিতা তুলি দিলেহি আমাৰ হাতত
শিলালেখ বা পাণ্ডুলিপিৰ দৰে নহয়
কোনো ভগ্নাৱশেষৰ দৰেও নহয়
অনেক মন বাগৰি অহা এই কবিতাই
পাহৰণিৰ বিৰুদ্ধে গঢ়ি তুলিলে এক সভ্যতা
বহু শতিকাৰ পিছত যেতিয়া
বিপৰীত ঘটনাক্ৰমৰ স’তে সলনি হ’বলে ধৰিলে বুৰঞ্জী
ৰজাবোৰে ভাবিলে যে পাহৰণি জী থাকিব
স্মৃতিবোৰ সময় বালিত নিখোজ হ’ব
যাতনাৰ ৰঙবোৰ হেৰাই যাব পাহৰণিৰ গৰ্ভত
ভাষাৰ বুকুতে হেৰাই যাব অলেখ স্মৃতি
পৰম্পৰাবোৰক সিহঁতে কেৱল শব্দ বুলি ভাবিলে আৰু ইতিহাসক গোলাম
সভ্যতাক চিনি পাব লাগিছিল
সিহঁত হৈ থাকিল নিৰ্বোধ
যিসকলে সভ্যতাৰ সুৰ্দীঘ পথ অতিক্ৰমিও
এটি কবিতা পৰ্য্যন্ত নাপাহৰিল
তেওঁলোকৰ সভ্যতাক সিহঁতে ক্ষণজন্মা বুলি ভাবিলে
সেয়েহে সিহঁতে ব্যাকৰণ নুবুজিলে
য’ত পাহৰণি ক্ৰিয়াটো সমাসবদ্ধ নাছিল ৷
0 Comments