আনে নোযোৱা বাট পঞ্চম অধ্যায় ৪ ৫ ৬

আনে নোযোৱা বাট 
নৱ ৰাজন 

পঞ্চম অধ্যায়
চতুৰ্থ খণ্ড   

   পুৱা,চকু কেইটা মেলিয়ে, ম’বাইলটো হাতত লোৱাৰ বদ অভ্যাস এটাই শেহতীয়াকৈ লগ লৈছে।
   ডাটা অন কৰাৰ লগে লগেই হুৱাটচ এপ, মেচেঞ্জাৰত বাৰ্তাবোৰৰ দৌৰা ধপৰা ,যেন- এৰাল ছিগা দমৰা! 
   প্ৰথমে হুৱাটচ এপটো খুলি চালোঁ। তেনে কোনো গুৰুত্বপূৰ্ণ বাৰ্তা নাপাই,গুগ’লটো খুচৰিলোঁ।
   পৰহি কথাখিনি  আলোচনা কৰাৰ পাছৰে পৰা ,অমিতাভ অত্যন্ত ভাবুক হৈ  থকা হ’ল। এই দুদিন দুইজনৰ মাজত মাতবোলো নাই ।সি মাতিবলৈ বিচাৰে;কিন্তু ময়েই সুযোগ দিয়া নাই।
   মই সাৰপোৱাৰ আগতে সি ডিউটিলৈ গ’ল।
   
   অসমীয়া উইকিপেডিয়াত উভকামী বিষয়ক বহুকেইটা আৰ্টিক’ল পালোঁ।তাৰে এটা আৰ্টিক’ল একে উশাহে  পঢ়িলোঁ। 
   
   চিনাকি পৃথিৱীখনতে আৰু এখন অচিনাকি পৃথিৱী আৱিস্কাৰ কৰি মনটো কৌতুহলৰে ভৰি পৰিল। সঁচাই বৈচিত্ৰময় এই পৃথিৱী।  এখোজ দুখোজকৈ এই অচিনাকি পৃথিৱীখনত খোজ পেলালোঁ। 
   নেদেখাজনৰ কি বিচিত্ৰময় সৃষ্টি! 
   প্ৰবন্ধটোৰ পঢ়াৰ আগতে, এই বিষয়ে বেলেগৰ পৰাও একো শুনা নাছিলোঁ।ক’তো এই বিষয়ে পঢ়াও মনত নপৰে।
   
   উভকামীসকলৰ শাৰীৰিক গঠন সম্পূৰ্ণ স্বাভাৱিক।শাৰীৰিক গঠনৰ পৰা
তেখেতসকলক চিনাক্তকৰণ কৰিব নোৱাৰি।অৱশ্যে, শাৰীৰিক অৱয়ব, আচৰণ,ব্যৱহাৰ তথা কথনভংগীৰ পৰা সমকামীসকলক কিছু অনুমান কৰিব পাৰি,কিন্তু উভকামীসকলক নোৱাৰি।
   উভকামী হৈছে দুয়োটা লিংগৰ প্ৰতি হোৱা যৌন আকৰ্ষণ। দুয়োটা লিংগৰ প্ৰতি হোৱা 
এই আকৰ্ষণ, আচৰণ তথা অনুভৱ সম্পূৰ্ণ স্বাভাৱিক। বিষমকামিতা(বিপৰীত লিংগৰ প্ৰতি হোৱা ৰোমান্টিক  আকৰ্ষণ, যাক আমি সাধাৰণতে স্বভাৱিক বুলি ভাবো) আৰু সমকামিতাৰ দৰে উভকামিতা(Bisexuality)
ও সম্পূৰ্ণ স্বাভাৱিক যৌন অভিমুখিতা 
(sexual orientation)।অৱশ্যে দুয়োটা লিংগৰ ভিতৰত যিকোনো এটা লিংগৰ প্ৰতি তুলনামুলকভাবে আকৰ্ষণ বেছি হয়। 
   এগৰাকী উভকামী পুৰুষে স্বাভাৱিক ধৰণে আন এগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত হয় আৰু  পাছত সামাজিক প্ৰথাৰে বিবাহ পাশত আৱদ্ধ হয় । স্বাভাৱিক প্ৰক্ৰিয়াৰে বংশ ৰক্ষাও হয় ।কিন্তু , সুখী বৈবাহিক জীৱন অতিবাহিত কৰাৰ মাজতে ,উভকামী পুৰুষজনে কোনো পুৰুষৰ প্ৰতি ৰোমান্টিক  আকৰ্ষণ অনুভৱ কৰে ।সেই পুৰুষৰ শাৰীৰিক সংস্পৰ্শৰ বাবে আৱেগিক হৈ পৰে। লগতে সেই পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈও উত্ৰাৱল হৈ পৰে।তাৰ লগে লগে পৰিবাৰৰ প্ৰতি যৌন আকৰ্ষণ কমি যায়।
    উভকামী মহিলাসকলৰ ক্ষেত্ৰটো কথাটো একেই। তেখেতসকলেও স্বাভাৱিক ধৰণেই পুৰুষৰ প্ৰতি আকৰ্ষিত হয় আৰু বিবাহ পাশত আৱদ্ধ হৈ সতি সন্ততিও জন্ম দিয়ে । কিন্তু উভকামী নাৰীসকলৰ এটা সমস্যা থাকে; তেওঁলোকে উভকামিতাৰ কথা প্ৰকাশ কৰিব নোৱাৰে। কিয়নো, সমাজত এতিয়াও এই যৌন অভিমুখিতা-অৱহেলিত ,নিস্পেষিত ।
   উভকামিতাৰ সুনিৰ্দিষ্ট কাৰক এতিয়ালৈ উদ্ভাৱন হোৱা নাই। বিষমকামিতাৰ দৰে উভকামিতাও স্বাভাৱিক যৌন অভিমুখিতা।  যদিও বিশিষ্ট মনো-যৌন বিশেষজ্ঞ ডা° এছ কে জৈনৰ মতে  উভকামিতাৰ কাৰণ- হ’ৰমনৰ ভাৰসাম্যহীনতা। 
   বিষমকামীবোৰে অবজ্ঞা কৰাৰ লগতে সমকামীবোৰৰ পৰাও উভকামীসকল
অৱহেলিত।আইনমতে বৈধ হ’লেও আজিও এখেতসকল জনমানসত অৱহেলিত।  
  তেনেতে  হঠাৎ মনত পৰিল।
  পাহৰিয়ে গৈছিলোঁ- আজিযে  নীলমৰ জন্মদিন।লগে লগে হুৱাটত এপতে শুভেচ্ছা জনালোঁ। 
  যোৱাবছৰ ৰাতি ১২ বজাতে ফোন কৰি শুভেচ্ছা জনাইছিলোঁ। আৰু আজি এতিয়াহে মনত পৰিছে।
  নীলমৰ প্ৰতি হঠাতে কিয় ইমান উদাসীন হৈ পৰিলোঁ বাৰু ? 
  সাম্প্ৰতিক ঘটনাপ্ৰবাহে বাৰু মোক এনে কৰিছে।কিন্তু, নীলমতো আগৰদৰে মোৰ প্ৰতি 
ইন্টাৰেষ্টেড নহয়। তাৰো মোৰ প্ৰতি নাই সেই 
আকুলতা! 
    শুভেচ্ছা জনাবলৈ নীলমলৈ ফোন কৰিলোঁ।
– "হেপ্পীৱালা বাৰ্থ ডে মাই ডিয়েৰ ছুইটহাৰ্ট"
  "হ’ব হ’ব। 
  মনতযে পৰিল।"-ম’বাইলৰ সিফালৰ পৰা অভিমানভৰা কন্ঠস্বৰ ভাহি আহিল।
  "ৰাতিয়ে উইছ কৰিম বুলি সাৰে পাই আছিলোঁ, কেনেকৈ টোপনি আহিল গমেই নাপালোঁ।প্লীজ,  বেয়া নাপাবা,হা ।" 
  "হ’ব ,হ’ব। 
  মনত ৰাখিবলৈ, আমিনো কোন তোমাৰ?" 
  "ধেই,কিয়নো তেনেকৈ কৈছা । তুমি মোৰ কলিজা ।
  এইবোৰ বাদ দিয়া। আজি পাৰ্টীটো ক’ত দিবা,কোৱা । " 
  " ৰূমলৈ আহিলেই পাবা।"
  "হয় নে ? গৈ আছো তেনেহ’লে ।"
  "ঐ শুনা না , মোৰ ফোন এটা আহি আছে।মই তোমাক আকৌ কল কৰি আছোঁ,ৰ’বা ।"
  --নীলমে ফোনটো ৰাখিলে।
  যোৱাবাৰৰ জন্মদিনৰ দিনটোত নীলমৰ সৈতে পবিতৰালৈ গৈছিলোঁ। পবিতৰাত জীপ ছাফাৰী কৰাৰ লগতে হাদুক ওলোমা সেঁতুত ছেল্ফি উঠাৰ স্মৃতি আজিও সজীৱ হৈ আছে।
পবিতৰাৰ আভ্যন্তৰীন সৌন্দৰ্যই মন্ত্ৰমুগ্ধ কৰিছিল দুয়োকে । কেইবাটাও গড় তেনেই ওচৰৰ পৰা দেখিছিলোঁ। 
   ঘূৰি আহোতে মন্ত্ৰনগৰী মায়ঙৰ চহা পাহাৰীয়া গাঁও-চনাকলৈও গৈছিলোঁ।ইতিহাস প্ৰসিদ্ধ  চনকাৰ নৈসৰ্গিক দৃশ্যই মন পুলকিত কৰিছিল। তিনিওফালে মায়ং পাহাৰে আবৰা চনকাৰ কাষেৰে বৈ গৈছে চিৰি লুইত।সিদিনাই  স্থানীয় শিক্ষক এগৰাকীৰ পৰা জানিবলৈ পোৱা অনুসৰি, কোনোবা এটা শিলত বহি,এই চনকাতে,  আতন বুঢ়াগোঁহাইৰ স’তে লাচিত বৰফুকনে শৰইঘাট যুদ্ধৰ ৰণকৌশল তৈয়াৰ কৰিছিল। বৰ্তমান চনকা অসমৰ এক অন্যতম পৰ্যটনস্থলী। 
   নৱ নিৰ্মিত চনকা ইক’ কেম্পতে নীলমে থলুৱা মাছৰে তৃপ্তিৰে এসাজ খুৱাইছিল। 
   সেই সোৱাদ আজিও জিভাত লাগি আছে। 
   সেই স্মৃতি আজিও সজীৱ হৈ আছে।
   মাথােঁ, সেই আকুলতা আজি নাই! 
   
   এবছৰতে ইমান সলনি ! 
   
ম’বাইলটো কেলঢোপ কেলঢোপকৈহে জীয়াই আছিল।ম’বাইলটোত চাৰ্জ দি বাথৰূমত সোমালোঁ।

    লাইশাকেৰে গাহৰি ৰান্ধিছোঁ। ড্ৰাই ফ্ৰাই। নীলমৰ প্ৰিয়। তাৰ ৰূমত কেইবাদিনো ৰান্ধি খুৱাইছিল। গাহৰিৰ প্ৰেমত সিয়েই পেলালে ।
     আজি নীলমক ছাৰপ্ৰাইজ দিবলৈ, ওচৰৰ 
বজাৰৰ পৰা ফ্ৰেচ গাহৰি অলপ আনিলোঁ। ঘৰৰ কনমানি পাচলি বাগিচাত কৰা ঘৰুৱা লাইশাকেৰে গাহৰিৰ ড্ৰাই ফ্ৰাই । আবেলি সি ৰুমতে গ্ৰুপ টিউশ্যন কৰে। সন্ধ্যা হোম টিউশ্যনলৈ ওলাই যায়।
   সেয়ে আবেলি ৩ বজাৰ আগেয়ে পোৱাকৈ ৰুমলৈ যোৱাটোৱে ঠিক কৰিলোঁ।  আমাৰ শিথিল হ’ব খোজা সম্পৰ্কটো আকৌ সুদৃঢ় কৰাৰ ইও এটা সুযোগ।

    ঘৰৰ গাড়ীখন নিনিও বুলিয়ে উবেৰখন বুক কৰিলোঁ। সঠিক সময়তকৈ আগতেই নীলমৰ ৰুম পালোঁগৈ।
    নীলমৰ ছাত্ৰবোৰ তেতিয়া আহি পোৱা নাছিল। সি হয়তো স্কুলৰ পৰা আহি ৰেষ্ট লৈ আছে।
    
    ভবাই নাছিলোঁ-ছাৰপ্ৰাইজ দিবলৈ গৈ নিজে চাৰপ্ৰাইজড হ’ম বুলি ! 
    সেই দৃশ্য দেখিম বুলি কাহানিও কল্পনাই কৰা নাছিলোঁ।
    দোৱাৰত টোকৰ নিদিয়াকৈ দোৱাৰখন মেলি দিলোঁ। 
    
   নীলমক আন এজন পুৰুষৰ সৈতে সংগমৰত অৱস্থাত... 
    হাতৰ টিফিন পকাত কেতিয়া,কেনেকৈ উফৰি পৰিল ধৰিবই নোৱাৰিলোঁ।মাথোঁ থৰ থৰকৈ কঁপিছোঁ।
   
    ষ্টীলৰ টিফিনৰ শব্দত নীলমে মূৰ তুলি চালে।দুয়োটাই ততালিকে বিছনাচাদৰেৰে গুপাংগ ঢাকি ল’লে।
     প্ৰস্তৰ মূৰ্তিৰ দৰে তাতে থৰ পৰিলোঁ।
    মোৰ উপস্থিতিৰ উমান পায়, পুৰুষজনে বিছনাত মূৰটো তললৈ কৰি নিজক লুকুৱালৈ বৃথা চেষ্টা কৰিলে। 
     
      বেছিপৰলৈ পুৰুষজনে মোৰ চকুত  ধূলি মাৰি থাকিব নোৱাৰিলে।মুখখন লুকুৱাই থাকিলেও মোৰ বুজি পাবলৈ বাকী নাথাকিল যে সেই পুৰুষজন আন কোনো নহয় -মোৰ স্বামী ; গুৱাহাটীৰ নামী গেষ্ট্ৰ’ল’জিষ্ট অমিতাভ বৰুৱা।
      নীলমে বহু কাকুতি-মিনতি কৰিলে যদিও 
 মই তাত আৰু এক পলো নৰখিলোঁ।
 
      কিন্তু, ক’লৈ যাম ? 
      ডা° অমিতাভ বৰুৱাৰ ঘৰলৈ গৈ কি পাম ? 
      আৰু নীলম ? 
      তাৰ পৰা এনেকৈ প্ৰতাৰণাৰ বলি হ’ম বুলি কাহানিও ভবা নাছিলোঁ।
      সি তেনে উভকামী ? 
      মোৰ লগতো বহু দিন যৌন সম্পৰ্ক কৰিছে।আৰু এতিয়া মোৰ পৰা গোপনে নীলমৰ সৈতে ... ! ধিক্ 
      মোৰ কপালত ইমান দুখ লিখিছেনে বিধাতাই ! 
      প্ৰথম প্ৰেমৰ পৰা বঞ্চিত হোৱাৰ পাছত জীৱনত আৰু প্ৰেম নহ’ল। জীৱন,যৌৱন সমূদায় যিজনত  অৰ্পণ কৰিলোঁ ,তেখেতেই প্ৰথম প্ৰতাৰণা কৰিলে।সমকামী বুলি জনাৰ পাছতো দেউতাকক সন্তুষ্ট কৰাৰ লগতে নিজৰ মিছা পুৰুষত্ব, সমাজত জাহিৰ কৰি ভুৱা বাহ্ বাহ্ ল’বলৈ মোক বিয়া পতাৰ নাটক কৰিলে।
      সেই দুখ পাতলাবলৈ যাৰ হৃদয়ত ক্ষন্তেক জিৰণি ল’লোঁ, সেইজনেও মোৰ স’তে খেলিলে  আন এখন প্ৰতাৰণাৰ  খেল।
      সঁচাকৈ মই ফুটবলটোৰ দৰে হৈ পৰিছোঁ
যিয়ে যেনেকৈ পাৰে গুৰ মাৰে। লক্ষ্যবিহীন ভাৱে ময়ো বাগৰি ফুৰিছোঁ। 
      
    নীলম যে উভকামী-কাহানিও উপলব্ধিয়ে কৰিব পৰা নাছিলোঁ। সিদিনা, প্ৰথমবাৰলৈ, অমিতাভে নীলমক আমাৰ ঘৰলৈ লৈ যোৱা দিনাই মই বুজি পাইছিলোঁ যে এই সম্পৰ্ক নতুন নহয়।তেনে সিঁহত দুইটাৰ এই গোপন অভিসাৰ বহু দিনৰ ? 
    আৰু মই ইমানদিনে জানিব বিচাৰি থকা সেই NLX -আন কোনো নহয়,সেইজন  নীলম ।লীলম কাশ্যপ।
    অমিতাভৰ নিজৰ কামনা পূৰাবলৈ নীলমলৈ স্কুল খোলাৰ যি লোভনীয় অফাৰ অগ্ৰাহ্য কৰি ,
নীলমেনো অমিতাভক কিয় সন্তুষ্ট নকৰিব ?  
    তাৰ নিজাকৈ এখন স্কুল হ’ব। আনৰ অধীনত আৰু গোলামী কৰিব  নালাগিব ! 
    অমিতাভৰ হৃদয় জিনিবলৈ নিজৰ শৰীৰটোহে দিব লাগে। তাতে নীলমো উভকামী। 

   একেখিনি কথাকে পাগুলি পাগুলি
লক্ষ্যবিহীনভাবে  ফুটপাথেৰে ,মোৰ দুভৰি মাথোঁ আগলৈ গৈ থাকিল ।


পঞ্চম অধ্যায়
পঞ্চম খণ্ড 

   আজি পাঁচদিনৰ মূৰত ম’বাইলটো অন কৰিছোঁ। এই পাঁচদিন ম’বাইল বন্ধ কৰি দেউতাৰ স’তে কটাইছোঁ। এই পাঁচটা দিন মোৰ বাবে পাঁচটা বছৰযেন লাগিছে। 
   আচলতে,নিজৰ পৰা পলাই ফুৰা ইমান সহজ নহয়।
   যাতনা অবিহনে জীৱন বৰ্ণিল নহয়,কিন্তু ইমান যন্ত্ৰণাময় জীৱন কেনেকৈ জীয়াও?  ময়ো তেজ মঙহৰ মানুহহে ! 
   
   মইযে  আত্মহত্যাও কৰিব নোৱাৰো!

   ম’বাইলটো অন কৰাৰ লগে লগে মেছেজেৰে ঠাহ খাই পৰিল। বেছিভাগ নীলম,অমিতাভৰে মেছেজ।কিমানবাৰযে ফোনত ট্ৰাই কৰিছিল ,তাৰ লেখ নাই। 
   তেনেতে নীলমৰ এটা মেছেজত চকু পৰিল।
"কেনেকৈ কওঁ -মোক ক্ষমা কৰি দিয়া বুলি।
মই এজন বিশ্বাসঘাতক। তোমাৰ প্ৰেমৰ স’তে প্ৰতাৰণা কৰিয়ে ক্ষান্ত নাথাকি, তোমাৰ স্বামীৰ স’তেও...।
  মই বৰ লজ্জিত। 
  কিন্তু, মই যে উভকামী। বহুদিন তোমাক ক’ম বুলিও ক’ব পৰা নাছিলোঁ। 
  নাভাবিবা-তোমাৰ প্ৰতি মোৰ প্ৰেম মিছা ।
তোমাক সঁছা অন্তৰেৰে ভাল পাওঁ।জানো-তোমাক মই কেতিয়াও নিজৰ কৰি ল’ব নোৱাৰো।কিন্তু , আজীৱন তোমাৰ প্ৰেমিক হৈ থাকিব খোজো। তোমাক কোনো বিনিময়তে হেৰোৱাব নোখোজো। 
  তোমাৰ স’তে ৰিলেশ্বনশ্বীপত থাকিও, মইযে অমিতাভৰ প্ৰেমতো মতলীয়া হৈ পৰিছোঁ।
  অমিতাভৰ সান্নিধ্য পাবলৈ ,তাৰ শাৰীৰিক সংস্পৰ্শ পাবলৈ ,যৌন সংগম কৰিবলৈ মই উদ্বাউল হৈ থাকোঁ–মই কি কৰো কোৱা।
  ডা° জৈনে সিদিনা  ৰাষ্ট্ৰীয় টিভি চেনেল এটাত কৈছিল- উভকামিতা হেনো হ’ৰমনৰ ভাৰসাম্যহীনতা ! 
  কিন্তু, ২০১৮ চনতে ভাৰতৰ মহামান্য উচ্চতম ন্যায়লয়ে আমাৰ পক্ষে ৰায়দান দিয়াৰ পাছতো আজি আমি নিস্পেষিত। তথাকথিত 
শিক্ষীতসমাজেই  আমাক বেছিকৈ ঠাট্টা কৰে।ইতিকিং কৰে। 
   সংবিধান অনুসৰি আমাৰ সকলোৰে জীৱন জীয়াৰ অধিকাৰ আছে।
  মই বুজিছোঁ –তুমি মই কোৱা কথাখিনি নিশ্চয় উপলব্ধি কৰিবা। কিন্তু, নিজৰ প্ৰেমিকক উভকামী হিচাপে কেনেকৈ গ্ৰহণ কৰিবা ? 
  মই তোমাৰ মানসিক অন্তৰ্দন্দ বাৰুকৈয়ে উপলব্ধি কৰিছোঁ।
  তোমাৰ কথা ভাবিয়ে মই প্ৰথমেই অমিতাভৰ 
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিলোঁ। কিন্তু, সি আকোৰগোজ।
  অমিতাভৰ দৰে হেণ্ডচাম ল’ৰা এজনৰ,তাতে গুৱাহাটীৰ ইমান এজন দামী চিকিৎসকৰ  প্ৰেমৰ প্ৰস্তাৱ মোৰ হৃদয়ে ইমান সহজে প্ৰত্যাখান কৰিব পৰা নাছিল।তাৰ পাছতো তোমাৰ কথা ভাবিয়ে অগ্ৰাহ্য কৰিছিলোঁ।
   কিন্তু, দেউতাৰ যোৱাবছৰ হোৱা এক্সিডেন্টটোত হঠাতে যে বহুত টকাৰ প্ৰয়োজন হৈছিল,তেতিয়া সি সেই দুৰ্বলতাৰ সম্পূৰ্ণ সুযোগ লৈছিল। 
   তুমিও সাঁচতীয়া টকাৰ পৰাই পঞ্চাশহাজাৰ দিছিলা। 
  বেছিবলৈ ঘৰৰ ভেটিটোহে বাকী আছিল। তোমাক তেতিয়া ঘৰৰ মাটি বেছি, টকা যোগাৰ কৰা বুলি মিছাতে কৈছিলোঁ।
   
   দেউতাক সম্পূৰ্ণ সুস্থ কৰি তোলালৈ প্ৰায় চাৰিলাখ টকা খৰচ হৈছিল। আঢ়ৈলাখ টকা অমিতাভেই দিছিল। 
   মোৰ সমূদায় জমাটকা তেতিয়াই শেষ হৈছিল। টিউশ্যনৰ টকাৰে ঘৰ চলাওতে শেষ হয়। আজিলৈ অমিতাভত এটকাও ঘূৰাব পৰা নাই। তোমাকো। 
    প্ৰথমতে অমিতাভৰ প্ৰতি মন আকৰ্ষিত হোৱা নাছিলোঁ,যদিও শৰীৰটো অমিতাভৰ ওচৰক  বন্ধকত থ’লোঁ। মিছা নকওঁ-
শেহতীয়াকৈ মনটোও তাৰ প্ৰতি আকৃষ্ট হৈছে।
   তুমি যদি কোৱা মই অমিতাভৰ স’তে সম্পৰ্ক ছেদ কৰি দিম। লগতে অমিতাভে আগবঢ়োৱা স্কুল খোলাৰ লোভনীয় প্ৰস্তাৱো মই অগ্ৰাহ্য কৰিম।
   প্লীজ, তোমাৰ হৃদয়ৰ পৰা মোক আঁতৰাই নিদিবা ,প্লীজ...
   ......………………………………………………
   ……………………………………………………"

মেছেজটো আৰু পঢ়িবলৈ মন নগ’ল।

নাই, নাই 
ইহঁতৰ আৰু কোনো কথাই শুনিব নোৱাৰি।
ইহঁতে সমকামিতা,উভকামিতাৰ চেলু লৈ মোৰ হৃদয়ৰ সৈতে খেলি আছে। আৰু মই তলকিবই নোৱাৰিলোঁ।
  যি আঁতৰিলোঁ আঁতৰিলোঁৱে। আৰু ঘূৰি নাযাও।

 তেনেতে অমিতাভৰ মেছেজ এটা ম’বাইল স্ক্ৰীনত জিলিকি উঠিল।সেইটোৰ ওপৰতো আৰু বহুকেইটা মেছেজ আছিল,যদিও সেইকেইটা পঢ়িবলৈ মন নগ’ল। 
 
 "তোমাক মাথোঁ এটাই ক’ম–তুমি ঘূৰি আহা।
সিদিনা যি হ’ল সেয়া পাহৰিবা নোৱৰা ,ময়ো জানো। কিন্তু, সকলো বাদ দি ,দুয়ো নতুনকৈ জীৱনটো জীয়াব পাৰিম । আহানা।
  
  প্লীজ,  ঘৰলৈ ঘূৰি আহা...প্লীজ ।" 

  ইহঁত সকলোবোৰ একেই। সকলো এজন এজন সুদক্ষ অভিনেতা।
  আচলতে ময়েই চাগৈ অনুপযুক্ত এইখন খেলত।
  
   "মাজনী অ’, তোৰ কি হৈছে-সঁচা কথা কচোন । 
   আগতেতো তোক ইমান ভাবুক হৈ থকা দেখা নাছিলোঁ। 
   অমিতাভৰ সৈতে কিবা কাজিয়া কৰি আহিছ হ’বলা। তাৰ ফোনো ৰিচিভ কৰা নাই বোলে।  ..." –পেপাৰখন পঢ়ি পঢ়িয়ে  গহীনভাৱে দেউতাই ক’লে ।
   "দেউতা, মই এটা কঠোৰ সিদ্ধান্ত লৈছোঁ।
তোমাক জনাম বুলিয়ে আছিলোঁ।"
   "কি সিদ্ধান্ত ,মাজনী " 
   "মই অমিতাভৰ পৰা একেবাৰে আঁতৰি আহিম। "
   "কি ?
    তই এইষাৰ কি ক’লি,মাজনী ?" 
   "হয়, দেউতা, বহুত হ’ল অভিনয় ।ইমানদিনে 
 মই আপোনাৰ আগত সুখী হোৱাৰ অভিনয়হে কৰি আছিলোঁ।
  আৰু নোৱৰা হৈছোঁ,দেউতা "
  –আৰু একো ক’ব নোৱাৰিলোঁ।মাথোঁ হুকহুকাই কান্দিলোঁ।
   দেউতা শিল পৰা কপৌৰ দৰে থৰ পৰি ৰ’ল।

  "দেউতা, মই আজিয়ে গৈ ,মোৰ প্ৰয়োজনীয় নথিখিনি লৈ,অমিতাভৰ পৰা চিৰদিনৰ বাবে বিদায় লৈ আহিম। 
  কিয় এই সিদ্ধান্ত ল’ব লগা হ’ল–মই মানসী আন্টিক কৈছোঁ। তেখেতৰ পৰা সবিশেষ জানিলে, আপুনিও মোৰ এই সিদ্ধান্তক নিশ্চয় সন্মতিয়ে জনাব।"
   দেউতাই একো নামাতিলে।
   মানসী বৰুৱাৰ স’তে দেউতাৰ সম্পৰ্কটো পুনৰ গঢ়ি উঠাত ,দেউতা সেই আগৰদৰে ৰঙীয়াল হৈ উঠিছে। 
   মোৰ অনুৰোধতে দিল্লীৰ পৰা গুৱাহাটীলৈ  ঘূৰি আহি স্কুলখন নিজে চোৱা চিতা কৰিছে।
    আন্টি মাজে মাজে দেউতাৰ ওচৰলৈও আহে।
   দেউতায়ো এতিয়া নিয়মীয়াকৈ স্কুলখনলৈ যায়।
   কিন্তু, দুয়োজনে অহাবছৰৰ পৰা দুয়োখন স্কুল মিনাৰ্ভা শৈক্ষিক ন্যাসক লীজত দিয়াৰ সিদ্ধান্ত লৈছে।লগতে দুইজনে ,মোক নমিনী হিচাপে দিয়াৰ কথাও কৈছে।
   
    "আই, তথাপি তই এবাৰ ভাবি চাবি।"
–এটা দীঘল হুমুনিয়াহ এৰি, দেউতাই ক’লে।

     নিসংগতাই ৰেপি ৰেপি ধাৰাশায়ী কৰা মানুহজনৰ মুখত  কোনোমতে হাঁহি বিৰিঙিছিলহে ! মোৰ এই সিদ্ধান্তই তেখেতক আকৌ হতাশগ্ৰস্ত কৰি তুলিব! 
     কোন দেউতাকেনো বিবাহিত জীয়েকক,গিৰীয়েকৰ পৰা আঁতৰি, একুৰা জীয়া জুই বুকুত জ্বলাই, একেবাৰে দেউতাকৰ ঘৰলৈ ঘূৰি অহাটো বিচাৰে ! 
     কিন্তু, মইযে নিৰূপায়।

    মই বহু ভাবি চিন্তিয়ে এই সিদ্ধান্ত লৈছোঁ।
দেউতাক একো নকৈ ভিতৰলৈ গ’লোঁ। 

   পেপাৰখন জপাই আকাশলৈ মূৰ তুলি ,দেউতাই কি ভাবিলে -গম নাপালোঁ।

পঞ্চম অধ্যায় 
ষষ্ঠ খণ্ড 

   শেষবাৰলৈ ৰূমটো ভালদৰে চাই লৈছোঁ।
   এই ৰূমটোতে চাৰিটাকৈ বছৰ অতিবাহিত কৰিলোঁ। কিমান উজাগৰী নিশা এই বিছনাখনৰ স’তে ভগাই ল’লোঁ-লেখ নাই।
   পোনতে গ’ড্ৰেজৰ আলমিৰাটো খুলি সকলোখিনি ডকুমেন্ট চুইটকেছটোত ভৰাই লৈছোঁ। 
    মই নিজে কিনা কাপোৰ কেইযোৰৰ বাদে বাকী সকলোবোৰ কাপোৰ তাতে থ’লোঁ। 
    অমিতাভ আজি ডিউটিলৈ যোৱা নাই।পুৱাই মেছেজত তাক যাম বুলি জনাইছিলোঁ।
    শোৱনি কোঠাটোৰ লগতে ড্ৰ’য়িং ৰূমটো নতুনকৈ সজাই ৰাখিছিল।মই একেবাৰে তাৰ কাষলৈ ঘূৰি যাম বুলি সি ভুলকৈ ভাবি আছিল। পাছত যেতিয়াই গম পালে,সি  মোৰ পাছ নেৰাই হ’ল। 
    অনুনয়-বিননয়, কাকুতি-মিনতিয়েও মোৰ হৃদয় গলাব পৰা নাই ।
    মোৰ মতত মই অটল।
    বিছনাত পৰি অমিতাভে ফেঁকুৰি আছে।
তালৈ গুৰুত্ব নিদি কবিতাৰ ডায়েৰীকেইখন বিচাৰি, চুইটকেচত ভৰাই লৈছোঁ।
    ৰুমটোৰ উত্তৰ-পূৱ কোণত থকা শ্ৰীকৃষ্ণৰ ফটোখনত শেষবাৰৰ বাবে মূৰ দোৱাই, শেষবাৰৰ বাবে ৰূমটোৰ চৌপাশে আকৌ এবাৰ চকু ফুৰাই চুইটকেছটো হাতত লৈ সাউৎকৰে ৰূমটোৰ পৰা আহিবলৈ লওতেই অমিতাভে পাছফালৰ পৰা ভৰি দুখনত সাবটি চিঞৰি চিঞৰি কান্দিবলৈ ল’লে।
    মই তাত আৰু এক মুহূৰ্তও নথমকি, একোকোবে গে’ট পালোহি। 
    উভটি নাচালেও ,গে’টলৈ তাৰ কান্দোন উফৰি আহিল।
           ***********
    মই ঘৰ পাওমানে সন্ধ্যা হও হও।
    দেউতাই বাৰান্দাতে মানসী আন্টিৰ স’তে কথা পাতি আছে।হয়তো মোৰ কথাই পাতি আছে।
    "মনামী..." –মোলৈ চাই মানসী আন্টিয়ে মাত লগালে।
    "অ’ আন্টি...কিমান সময়ত পালেহি ? "
    "ভালেখিনি সময় হ’ল...
    তোমাক লগ কৰি যাও বুলিয়ে ৰৈ আছো।
মই চুইটকেচটো কাষতে থৈ, আন্টিৰ কাষৰ চকীখনতে বহিলোঁ।
    "তুমি সঁচাই অমিতাভৰ পৰা আঁতৰি আহিলা ?
    কথাটো আৰু এবাৰ ভাবি চোৱা হয় ,ভাল আছিল নেকি ? "-অত্যন্ত বিনয়েৰে মানসী আন্টিয়ে ক’লে।
    "মই আজি একেবাৰেই আঁতৰি আহিছোঁ।
 সমাজত সকলোৰে জীয়াই থকাৰ সম অধিকাৰ আছে। এই বৈষম্যমূলক আচৰণ আমি সলাবৰ হ’ল,আন্টি।
  অমিতাভ-সমকামী। তাৰ আৰু মোৰ সম্পৰ্ক, আমাৰ দুয়োজনৰ বাবে  এক বোজা। সেয়ে, নিজৰ মতে জীয়াবলৈ ,মই তাক আজি 
মুক্ত কৰি থৈ আহিছোঁ।"
   "আই, ভালেই কৰিলি দে।মানসীয়ে মোক  সকলোখিনি কথা ক’লে।
    জীৱনটো তোৰ আৰম্ভ হৈছেহে।এইবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱাৰ বাহিৰে আৰুনো কি  কৰিব  পাৰি ..."-দেউতাই কি সুৰত কথাখিনি ক’লে ধৰিব নোৱাৰিলোঁ।
  "দেউতা, মই আজি আৰু এটা সিদ্ধান্ত লৈছোঁ।মই জানো-তুমি বাধা নিদিয়া।"
  "কি সিদ্ধান্ত ?" –দেউতাৰ সমানে সমানে মানসী আন্টিয়েও সুধিলে।
  "মই গাঁৱলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ।"
  "গাঁৱলৈ?" -মানসী আন্টিয়ে আচৰিত হৈ দেউতালৈ চালে।
   "অ আন্টি ,গাঁৱৰ  মাটি দহবিঘাত এটা নতুন প্ৰকল্প কৰাৰ ঠিৰাং কৰিছোঁ। " 
   "স্কুল দুখন তেনে কোনে চাব ? "-দেউতাই 
গহীনাই ক’লে।
    "স্কুল দুখনচোন ট্ৰাষ্টক লীজত দিছাই।সিহঁতে সুন্দৰকৈ পৰিচালনা কৰিবই। 
    মই গাঁৱৰ সেই দহবিঘা মাটিত এখন "স্বাৱলম্বী আশ্ৰম" স্থাপন কৰাৰ কথা ভাবিছোঁ। প্ৰধানত নিৰ্যাতিত বোৱাৰীসকলক লৈ  এই সপোনৰ পৰিকল্পনা কৰিছোঁ।
    কম বয়সতে বিধৱা হোৱা নাৰীসকলৰ লগতে বিবাহ বিচ্ছেদ হোৱা মহিলাসকলৰ বাবেই গঢ়া হ’ব এই আশ্ৰম । 
    এই নাৰীসকল কাৰোৰে ওচৰত বোজা নহৈ ,তেওঁলোকক স্বাবলম্বী কৰি তোলাই হ’ব এই আশ্ৰমৰ মূল উদ্দেশ্য।
    তাৰবাবে তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ কথা ভাবিছোঁ।
    গাঁৱত উপলব্ধ মেটেকাৰে বিভিন্ন ধৰণৰ উন্নত মানৰ বেগ প্ৰস্তুতকৰাৰ লগতে অত্যাধুনিক তাঁতশালৰ জৰিয়তে গামোছা আৰু ছাদৰ-মেখেলা উৎপাদনৰ ক্ষেত্ৰত প্ৰধান গুৰুত্ব প্ৰদান কৰিম বুলি মনতে ঠিৰাং কৰিছোঁ।"
    "কিন্তু, ওৰে জীৱন তই তেনেকৈয়ে কটাবি নেকি ? "-দেউতাই খঙৰে ক’লে।
    "দেউতা, মই আৰু বিয়া নহওঁ।প্লীজ, মোক মোৰ মতে জীয়াবলৈ দিয়া,প্লীজ ..."
    দেউতাই আৰু একো নক’লে। মানসী আন্টিয়েহে মাত লগালে–
    "ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয় অ’ মনামী। 
    তোমাৰ দৰে ময়ো এদিন এনেকৈয়ে কঠোৰ সিদ্ধান্ত লৈ, দিল্লীলৈ একেবাৰে গুচি গৈছিলোঁ।
 কিন্তু, এতিয়া কি হ’ল ?
 নিজৰ ওচৰতেচোন হাৰি গ’লোঁ...।"– মানসী আন্টিয়ে মোক বুজাবলৈ চেষ্টা কৰিলে।
   "নাই ,আন্টি। মই নিজৰ কথা ভবা নাই।
 মই ভূক্তভোগী নাৰীসকলক লগত লৈ এক নাৰী বিপ্লৱৰ সূচনা কৰিব খুজিছোঁ। 
   হাতে কামে কৰি মই দেখুৱাব খোজো যে নাৰী, কাৰো হাতৰ পুতলা নহয়।নহয় শাৰীৰিক সম্ভোগৰ একো একোটা যন্ত্ৰ। 
   মানসিক ,আধ্যাত্মিকভাবে সৱল কৰি তোলাৰ লগতে শাৰীৰিক ভাবেও শক্তিশালী কৰি তুলিবলৈ প্ৰতিগৰাকী নাৰীক দিয়া হ’ব যথোচিত প্ৰশিক্ষণ। 
   দেউতা-মোৰ এই সপোনক বাস্তৱায়িত 
নকৰিবানে ? 
   আন্টি-এই যাত্ৰাত মোক সহযোগ নকৰিবানে ?"
   
   দুয়ো কিছুপৰ মৌন হৈ থাকিল।
   ময়ো একো নক’লোঁ।
   
   "কেতিয়াৰ পৰা আৰম্ভ কৰিবি ,আই ?
   আৰু নামটো কি দিবি ? "-দেউতাই উৎফুলিত মনেৰে সুধিলে।
   
   "দেউতা...." 
  মই একপ্ৰকাৰে চিঞৰিয়ে দিলোঁ।চকুৰে  নিগৰি আহিল আনন্দৰ চকুলো।
    "মনামী,তুমি আগবঢ়া। ময়ো তোমাৰ লগত আছো। টকাৰ কথা চিন্তা নকৰিবা।"-মানসী আন্টিয়ে পিঠিত হাতখন চপৰিয়াই ক’লে।
    মই হাতৰে সৰগ ঢুকি যেন পালোঁ।
    "নিৰলা স্বাৱলম্বী আশ্ৰম" নামেৰে মাৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰিম বুলি ভাবিছোঁ,দেউতা। 
    আৰু সকলো ঠিকে থাকিলে, মাৰ পবিত্ৰ মৃত্যু তিথিতে শুভাৰম্ভ কৰিম বুলি ভাবিছোঁ।"
    "বৰ ভাল চিন্তা কৰিছ আই...
     সুন্দৰ নাম 
     কিন্তু,আই 
     মাৰৰ মৃত্যু তিথিলৈ চাৰিমাহোচোন নাই।
     হ’বগৈ জানো ? "
     "হ’ব হ’ব। তোমাৰ আশীৰ্বাদৰ হাত মূৰত থকালৈ সকলোবোৰ সুচাৰুৰূপে সমাপন হ’ব।"
     "কিন্তু, দেউতা এটা কথা-গাঁৱত মই অকলেই থাকিম।
     তুমি আন্টিৰ স’তে ইয়াতে থাকিবা।"
     "কি  ? "-দুয়োজনে একেলগে  চিঞৰি উঠিল।
     "কিমান আৰু এনেকৈ আঁতৰি থাকিবা! 
মই এডভ’কেট শইকীয়াৰ স’তে ইতিমধ্যে কথা পাতিছোৱে। ভাল দিন এটা চাই তোমালোকৰ  ক’ৰ্ট মেৰিজটো কৰাব লাগিব। 
     "নাই,নাই ...এয়া অসম্ভৱ ! "দেউতা গৰজি উঠিল। লগে লগে মানসী আন্টীয়েও মোৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে।
     "মই এইবোৰ একো নাজানো। মোৰ  হাঁহিথকা মুখখন যদি চাই থাকিব খোজা,তেনেহ’লে মোৰ এই মৰমৰ দাবী–তোমালোকে মানিবই লাগিব।"
     –মই মোৰ দাবীত অটল।
     মৌনতাৰে বহু সময় পাৰ হ’ল।
     পৰিস্থিতিটো সহজ কৰিবলৈ মই দেউতাক উদ্দেশ্যি ক’লোঁ–
      " তোমাৰ প্ৰেচাৰটোৱেচোন অসুবিধা দিয়েই থাকে। তাতে দুটাকৈ মাইল্ড ষ্ট্ৰ’ক হৈ গৈছে। 
      গাঁৱত হঠাতে ক’ত চিকিৎসক পাবা? "
      -মোৰ কথাত এজনেও সঁহাৰি নিদিলে।
      যদিও বৰ বিশেষ আপত্তিও নকৰিলে।
      
      মুঠতে, যিকোনো প্ৰকাৰে দুয়োজনকে মান্তি কৰিবই লাগিব।
      
     কিছুসময়ৰ পাছত মানসী আন্টি ঘৰলৈ যাবলৈ ওলাল।
     দেউতায়ো পেপাৰখন সামৰি থৈ ৰূমলৈ গ’ল। 
     
     মই বাথৰূমত সোমাই ,ছাৱাৰটো খুলি নিজক এৰি দিলোঁ।
    
    বাথৰূমৰ জলঙাৰে সোমাই অহা ৰ’দজাকে মোৰ গালে মুখে সিঁচি থৈ গ’ল , নতুন বাটৰ পোহৰ।
   
     
   ————————————————
     
    
    
   
  
    
    
    
 

   
   
  


  


   

   
  



    

    

Post a Comment

1 Comments

  1. Online betting received a boost in March 2022 as the state not required in-person registration. There are seven online sportsbooks within 바카라사이트 the state, including DraftKings, BetMGM, Caesars, and FanDuel. This online playing market analysis report delivers an entire perspective of everything you need, with an in-depth evaluation of the current and future scenarios of the business.

    ReplyDelete