আনে নোযোৱা বাট
( এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস)
নৱ ৰাজন
পঞ্চম অধ্যায়
প্ৰথম খণ্ড
দেউতাৰ ঘৰৰ পৰা অহা এসপ্তাহেই হ’ল।বহু চেষ্টা কৰিও অমিতাভৰ সৈতে সহজ হ’ব পৰা নাই। NLX ৰ ভূতে মন আচ্ছন্ন কৰি ৰাখিছে।
নীলমৰ দুটা মিছকল, ম’বাইলৰ স্ক্ৰীণত জিলিকি আছে। কলবেক কৰাৰ কোনো তাগিদা অনুভৱ কৰা নাই।
মোৰ বাৰু হৈছে কি ? নীলমৰ প্ৰতি হঠাৎ মোৰ কিয় এই মোহভংগ? মইতো হৃদয়েৰে নীলমক আদৰি লৈছিলোঁ! তথাপি ?
আচলতে ,অমিতাভৰ পৰা নোপোৱা হৃদয়ৰ তৃষা পূৰাবলৈহে নীলমৰ প্ৰতি আছিল নেকি সেই দুৰ্বলতা ?
যোৱা এসপ্তাহ ধৰি এইখিনি কথাই মোক সপোনে দিঠকে খেদি ফুৰিছে। কোন এই NLX ?
কালি ৰাতিপুৱা ,অমিতাভ গা ধূবলৈ যাওতেও ম’বাইলটো চেক কৰিলোঁ।নাই,কোনো বিশেষ তথ্য নাপালোঁ।
নিতৌ অমিতাভৰ ম’বাইল চেক কৰাটো এটা নৈমিত্তিক কাৰ্যত পৰিণত হৈছে।
কালি অমিতাভৰ ম’বাইলৰ ডায়েল লিষ্টৰ আনচেভ নম্বৰবোৰো টুকি ল’লোঁ। কিজানি তাৰে কোনোবাটো নম্বৰ ,NLX ৰে হয় !
নাই, ৰিজাল্ট-জিৰ’। ফোন কৰি গম পালোঁ-সকলোবোৰ অমিতাভৰ 'পেচেন্ট'।
মুঠতে ,অস্থিৰতাৰে পাৰ হৈছে দিনবোৰ। নাই -দিনবোৰ পাৰ হোৱা বুলি ক’ব নোৱাৰি। আচলতে সময়বোৰ নাযায়,নোপোৱায়। এটা এটা দিন,এটা এটা যুগ যেন লাগিছে।
পল্লৱীয়ে কোৱাৰ পাছৰ পৰা ইউটিউবতো
সেই সমকামীতাৰ কথাবোৰে চাৰ্চ কৰি থকা হ’লোঁ। ইন্টাৰনেটতো সেই বিষয়ক আৰ্টিক’ল বোৰে পঢ়িবলৈ মন গৈ থাকে। এইকেইদিনত সমকামীসকলৰ বিষয়ে বহু নজনা কথা শিকিছোঁ। তেওঁলোকৰ মনোজগতত বিচৰণ কৰাৰ সুবিধা পাইছোঁ। সমকামী সকলৰ মানসিক অস্থিৰতাক অনুধাৱন কৰাৰ প্ৰয়াস কৰিছোঁ। যিমানে গভীৰলৈ যাব লৈছোঁ,সিমানে এক অজান শংকাত কঁপিবলৈ লৈছোঁ।
আজিৰ আধুনিক সমাজতো, সমকামীসকল অৱহেলিত,নিস্পেষিত। দিনে দিনে তেখেতসবৰ বিষয়ে ন ন তথ্য জানিবলৈ উৎসুক হৈ পৰিছোঁ। দেউতাৰ ঘৰৰ পৰা অহা দিনাই পাণবজাৰৰ পৰা বিচাৰি বিচাৰি এখন এই বিষয়ক গ্ৰন্থও কিনি আনিছোঁ।
সন্দেহ মতেই অমিতাভ যদি সঁচাকৈয়ে সমকামী হয় ?
নাই ,নাই। আজি চেম্বাৰৰ পৰা অহাৰ পাছত ,দিনে নিশাই মোক ব্যতিব্যস্ত কৰি ৰখা এই কথাবোৰ, অমিতাভৰে মুকলিকৈ পাতিম! মই পাৰিব লাগিব। আজি মুকলিকৈ কথাবোৰ পাতিব পাৰিবই লাগিব। নিজে ক’ব ক’ব বুলি, বহু অপেক্ষা কৰিলোঁ। নিজে নিজে জ্বলি মৰিছোঁ। ...আৰু নোৱাৰি...!
তেনেতে, চোতালত গাড়ীৰ শব্দ শুনিলোঁ। হয়তো ,অমিতাভ পালেহি।
কি বুলি আৰম্ভ কৰিম বাৰু !
মই নিজে তাক সুধিলে,মই তাৰ ওচৰত সৰু হৈ যাম নেকি ? মই সুধিলোৱে যেনিবা ;যদি কথাবোৰ মানি নলয় !
"মনামী বৰুৱা– আজি তই সকলো কথা মুকলিকৈ সুধিবই লাগিব। এনেকৈ জীৱন জীয়াব পাৰি নেকি ? ইমান অস্পষ্টতা ! ইমান ধূসৰতা !" —মই নিজকে নিজে ক’লোঁ।
কলিং বেলটো বজাত ,দুৱাৰখন খুলি আচৰিত হ’লোঁ। অমিতাভৰ সৈতে নীলম দুৱাৰমুখত।
"কি হ’ল! তেনেকৈ ভেবা লাগিলা যে ! ভিতৰলৈ নামাতা ? "–ৰসিকতাৰে নীলমে মোক ক’লে।
মই কি ক’ম -একো ভাবি নাপালোঁ। অমিতাভেই নীলমক বহিবলৈ কৈ , ৰূমলৈ গ’ল।
"কি বেয়া পালাহে। না মেছেজ, না ফোন ।
নিজেতো নকৰাই ; মই কৰিলেও ৰিচিভ নকৰা যে! হঠাতে এনে কি হ’লনো ? "–নীলমে কিছু ঠাট্টাৰ সুৰতে কথাখিনি ক’লে।
" নাই ,নাই । তেনে একো কথা নাই।মই এইকেইদিন প্ৰজেক্ট এটাত ব্যস্ত হৈ আছোঁ। পিছে তুমি এনেকৈ হঠাৎ ওলালাহি যে! তাকো অমিতাভৰ সৈতে ? তুমিতো আগতে অমিতাভক চিনি নোপোৱা! " –ব্যগ্ৰ হৈয়ে কথাখিনি সুধিলোঁ।
"ভয় খাইছা ? নে খং উঠিছে ?
মোৰ গাটো ভাল নহয়। বহুদিন ধৰি পেটৰ সমস্যাত ভূগি আছো। বেমাৰটোক অতদিনে ইগন’ৰে কৰি আহিছোঁ। আজি পূৱাৰে পৰা ভীষণ পেটৰ বিষ। বিষত থাকিব নোৱাৰি কোনোমতে অবিনাশ বৰুৱাৰ চেম্বাৰ পালোগৈ।
অবিনাশ বৰুৱা-গুৱাহাটীৰ শ্ৰেষ্ঠ গেষ্ট্ৰ’ল’জিষ্ট সকলৰ ভিতৰত এজন। তাতে তোমাৰ মৰমৰ স্বামী। সেয়ে..."
নীলমৰ বাক্যটো শেষ হ’বলৈ নিদিয়াকৈ মই ক’লোঁ–"কিন্তু, তুমি জানো নাজানা-সেই অমিতাভৰ পত্নীৰ তুমি যে অবৈধ প্ৰেমিক ! "
"অবৈধ প্ৰেমিক? "–নীলমে ক্ষোভত একপ্ৰকাৰ চিঞৰিয়ে উঠিল।
"বৈধ্যতা অবৈধতাৰ কথা এতিয়া থোৱা।পিছে, অমিতাভৰ সৈতে কেনেকৈ ইয়ালৈ আহি পালা ?"
"অবৈধতাৰ কথা তুমিহে প্ৰথম উলিয়াইছা হা। "
" হ’ব বাবা। Sorry Sorry !
খং -অভিমান বাদ দিয়া। কোৱাচোন-কেনেকৈ আমাৰ ঘৰ পালাহি ।
অমিতাভ ফ্ৰেচ হৈ আহি পাবৰে হ’ল ।সোনকালে কোৱা না "
" সঁচাই ,অমিতাভ বহু ভাল মানুহ। প্ৰথম চিনাকিতে ইমান আপোনত্ব গঢ়ি উঠিব বুলি সপোনতো ভবা নাছিলোঁ। ইমান ডাঙৰ চিকিৎসক হৈও ইমান সহজ ,সৰল।
তুমি বিশ্বাসে নকৰিবা -তেখেতে হাতেৰে পেটটো চুই চোৱাৰ পাছতে বিষ গায়প। সঁচাকৈয়ে ডাক্টৰৰ ব্যৱহাৰে ৰুগীক ৫০% সুস্থ কৰি তোলে।
মোৰ পৰিচয় সোধাত কওঁ নকওঁকৈ কৈয়ে পেলালোঁ।"
"কি ? কি ক’লা ? "
"ভয় কৰিব নালাগে দিয়া। তুমি যে মোৰ ভাল কবি বন্ধু তাকে ক’লোঁ। বাকী একো কোৱা নাই।
কোৱাৰ লগে লগে মোক সাবটি ধৰিলে।
ক’লে-মনামীৰ মুখত শুনি থকা সেই নীলম কাশ্যপ ?
লগে লগে মোক চেম্বাৰতে বহুৱাই ঘৰলৈয়ে লৈ আহিল। বচ, ইমানেই ।" -হাঁহি এটা মাৰি নীলমে মোৰ হাতখন টানি ধৰিলে।
নীলমৰ হাতখন আঁতৰাই, ক’লোঁ–"ভালেই কৰিলা দিয়া।
অলপ বহা। অমিতাভ আহি পাবহিয়ে...। "
তেনেতে, ফ্ৰেচ হৈ ,অমিতাভ ড্ৰ’য়িং ৰূম পালেহি। দুয়ো কথাত মচগুল হ’ল।
আৰু মই পাকঘৰত সোমালোঁ।
পঞ্চম অধ্যায়
দ্বিতীয় খণ্ড
গেছ ষ্ট’ভটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰোতেহে মোৰ খেয়াল আহিল। চাঁহৰ বাবে চচপেনত বহোৱা পানীখিনি, উতলি উতলি কাহানিবাই শেষ হ’ল।
অমিতাভে নীলমক ঘৰলৈ লৈ অহা কথাটোহে মই সহজভাবে ল’ব পৰা নাই। মোৰ স্বামী বুলি জনাৰ পাছতো, নীলম তাৰ চেম্বাৰলৈহে কিয় গ’ল ? নীলমৰ সৈতে এইকেইদিন যোগাযোগ নৰখাৰ বাবে ,নীলম-মোৰ অবৈধ সম্পৰ্কটোৰ কথা, অমিতাভক কৈ দিয়া নাইতো!
হেই...এইবোৰতো একো নহ’বও পাৰে!
আজিকালি মই বাৰু কিয় ইমান সন্দেহী হৈ পৰিছোঁ ?আচলতে ,হোৱাই নোহোৱাই এইবোৰকে পাগুলি পাগুলি, মোৰ মনটোৱে নেতিবাচক কথাৰে ভৰি পৰিছে।
চচপেনচটো ডেই যোৱাৰ পাছত, আনটো চচপেনচ গেছত বহাই দিলোঁ। নামমাত্ৰ পানী দি ,সৰহকৈ গাখীৰেৰে ,কাঢ়াকৈ চাঁহ তিনিকাপ কৰিলোঁ। অফিচৰ পৰা অহাৰ পাছতে ,
অমিতাভক ডাঙৰ কাপটোৰে কাঢ়াকৈ গাখীৰৰ চাঁহ একাপ লাগেই । চাঁহৰ লগত মিঠাই আৰু অমিতাভে লৈ অহা গৰম চিঙৰা।
অমিতাভ-নীলমৰ আড্ডাৰ ৰসাল কথাবোৰ উফৰি আহি পাকঘৰ পালেহি। এদিনতে দুয়োৰে মাজত গঢ়ি উঠা আন্তৰিকতা দেখি তবধ মানিলোঁ।
কথাৰ কিবা উমান পাওনেকি বুলি ততাতৈয়াকৈ ড্ৰ’য়িংৰূম পালোঁগৈ,চাঁহ লৈ যোৱাৰ চেলুৰে।
তেতিয়াও দুয়ো কথাতে মগন। চাঁহৰে সৈতে তিনিও বাৰ্তালাপ কৰাৰ পাছত নীলম যাবলৈ ওলাল।
অমিতাভৰ চকুত ধৰা নপৰিবৰ বাবে নীলমৰ সৈতে স্বাভাৱিক ধৰণে কথা বতৰা পাতিলোঁ।
দেৰি হোৱা বাবে অমিতাভে নীলমক আগুৱাই থ’বলৈ গ’ল।
বিছনাত পৰি, নাভাবো বুলিও ,সেই একেখোপা কথাকে আকৌ পাগুলিবলৈ ল’লোঁ।
নীলমৰ আকস্মিক আগমনেও মোক বাৰু কিয় আনন্দিত কৰা নাই ?
নীলমৰ প্ৰতি সেই অনুৰাগ,ক’ত হেৰাল হঠাৎ ?
নীলমতো আজিও মোৰ প্ৰতি উন্মাদ;মোৰ প্ৰেমত ব্যাকুল।
এক অপৰাধবোধে মনটো হেঁচি ধৰিলে।
নাই ,নাই...এইবোৰ ভাবি লাভ নাই। আজি মুঠতে যি কোনো প্ৰকাৰে অমিতাভক কথাবোৰ মুকলিকৈ সুধিবই লাগিব।
অসম্পূৰ্ণকৈ পঢ়ি থোৱা কিতাপখন, উলিয়াই ল’লোঁ।
নজনাকৈয়ে নতুনকৈ আৱিস্কাৰ কৰা জগতখনৰ বাসিন্দা হৈ পৰিছোঁ। এইকেইদিন মোৰ অনুসন্ধিৎসু মনটো সমকামিতা বিষয়ক নজনা তথ্যবোৰ জানিবলৈয়ে উদ্বাউল হৈ থাকে।
তেনেতে হুৱাটচ এপত নতুন পষেকীয়া অনলাইন আলোচনী "বৰ্ণৰাগ"ৰ লিংকটো আহিল।
আধ্যাত্মিক,শৈক্ষিক,ৰাজনৈতিক, সামাজিক ,আইন সমন্ধীয় বিভিন্ন প্ৰবন্ধ, শিশু শিতান, গল্প আদিৰ সমাহাৰেৰে কম দিনৰ ভিতৰতে আলোচনীখনে পাঠকবৃন্দৰ মাজত বিপুল সমাদৰ লাভ কৰিছে ।
বিশেষকৈ আলোচনীখনৰ সম্পাদকীয়টোলৈ মই অধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ। নতুন নতুন বিষয়ৰে সম্পাদকে শিতানটো সঁজাই আহিছে।
কিতাপখন তেনেকৈয়ে মেলি থৈ ,লিংকটো খুলি ,সম্পাদকীয়টো পঢ়িবলৈ ল’লোঁ—
কি আচৰিত !
এইবাৰ সম্পাদকীয়ৰ বিষয়-সমকামিতা ।
অলপো পলম নকৰাকৈ পঢ়ি গ’লোঁ–
"বেটুপাত
(সম্পাদকীয়...)
বিশ্বায়নৰ এই যুগত আইনগত ভাবে বৈধতা প্ৰাপ্তিৰ পাছতো ,এয়াযে তেনেই স্বাভাৱিক পৰিঘটনা-তাক ,আজিও আমি সহজভাবে ল’ব পৰা নাই।
হয়, এটা অতি প্ৰাসংগিক বিষয়-
সমকামিতাৰ বিষয়ে আজিৰ "বেটুপাত"ত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।
"An enduring pattern of emotional ,romantic and /or sexual attraction is homosexuality."
সহজ অৰ্থত সমকামিতা(Homosexuality)
হৈছে -একে লিংগৰ ব্যক্তিৰ প্ৰতি হোৱা যৌন তথা ৰোমান্টিক আকৰ্ষণ । একে লিংগৰ ব্যক্তিৰ প্ৰতি এই আকৰ্ষণ, অনুভৱ তথা ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক ।সমকামিতা এক স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্ট্য। ই এক প্ৰকাৰৰ যৌন তথা প্ৰেম অভিমুখিতা( Romantic Orientation) ।
এজন পুৰুষে যেতিয়া আন এগৰাকী পুৰুষৰ প্ৰতি ৰোমান্টিক ,শাৰীৰিক তথা আৱেগিকভাবে আকৰ্ষিত হয় তেতিয়া তেওঁক গে’ (Gay) হিচাপে অভিহিত কৰা হয়।আনহাতে এগৰাকী মহিলা যেতিয়া আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হয়,তেতিয়া তেওঁক লেছবিয়ান (Lesbian) হিচাপে অভিহিত কৰা হয়।
বিজ্ঞানীসকলেও এই প্ৰেম অভিমুখিতা
(Romantic Orientation)ৰ সুস্পষ্ট কাৰক চিনাক্ত কৰিব পৰা নাই,যদিও তেখেতসকলে অনুমান কৰিছে-জৈৱিক(বিশেষকৈ ভ্ৰুণৰ বিকাশৰ সময়ত হোৱা মস্তিস্কৰ কাৰ্যগত আৰু গঠনগত পৰিবৰ্তন) আৰু পৰিৱেশগত কাৰকেই সমকামিতাৰ কাৰণ।
অতীজৰে পৰা সমকামীসকল অৱহেলিত হৈ আহিছে। প্ৰধান ধৰ্মসমূহতো সমকামীৰ কোনো বিশেষ স্থান নাছিল।হিন্দুধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহতো সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।অৱশ্যে ঐতিহাসিক ভাস্কৰ্য (অজন্তা-ইলোৰা,খাজুৰাহো)ত তাৰ কিছু আভাস পোৱা যায়।
প্ৰাচীনকালৰে পৰা আমাৰ দেশত, সমকামিতাক এক অক্ষমনীয় অপৰাধ হিচাপে গণ্য কৰি অহা হৈছিল। যৌন বিকৃতি হিচাপে চিহ্নিত কৰি সমকামিতাক এক মহাপাপ হিচাপে সমাজৰ প্ৰায়সংখ্যক লোকে গণ্য কৰিছিল।বৃটিছৰ আমোলতো আইনগতভাবে নিষিদ্ধ আছিল।
ভাৰতীয় সংবিধানৰ ৩৭৭ ধাৰাত সমকামিতাক নিষিদ্ধ ঘোষণা কৰি দোষীক দহবছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।
সংবিধানৰ ৩৭৭ ধাৰাত ব্যাখ্যা কৰা অনুসৰি এই যৌন অভিমুখিতা অসামাজিক, কিয়নো এই যৌনচাৰণৰ মাধ্যমেৰে শাৰীৰিক তৃষা ,কামনা তথা মানসিক অভিলিপ্সা পূৰ হয়, যদিও ইয়াৰ জৰিয়তে সন্তানৰ জন্মদান সম্ভৱ নহয়। অৰ্থাৎ এই যৌনচাৰণৰ মাধ্যমেৰে বংশৰক্ষা অসম্ভৱ । উক্ত আইনমতে পায়ুসংগমো শাস্তিযোগ্য অপৰাধ।
ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে সমকামীসকল এইদৰে মানসিক ,সামাজিক তথা আৱেগিকভাৱে লাঞ্চিত ,অৱহেলিত আৰু নিস্পেষিত হৈ আহিছে।
বাহিৰৰ দেশবোৰৰ ভিতৰত ,কেনিয়াত সমকামী বিৰোধী আইন অত্যন্ত কাঢ়া।তাত গে’ সকলে মহিলাৰ ৰূপ ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়।
সময়ে সময়ে নিস্পেষিত হৈ অহা, সমকামীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিশ্বজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিলে।লাহে লাহে সমকামিতাৰ সপক্ষে সমাজত সবল, ইতিবাচক জনমত গঠন হ’ল।
যৌনতাৰ ভিত্তিত হোৱা এই নিস্পেষণৰ বিৰূদ্ধে সময়ে সময়ে জোৰদাৰ আন্দোলন হ’ল।
অৱশেষত ২০১৮ চনত দীপক মিশ্ৰ নেতৃত্বাধীন উচ্চতম ন্যায়লয়ৰ পাঁচজনীয়া বিচাৰপীঠে , সেই কলীয়া আইন, ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰা বাতিল কৰি সমকামীসকলৰ পক্ষে ৰায়দান কৰে।
যদিও সমকামী-বিবাহ আজিও আইনমতে গ্ৰহণযোগ্য নহয়।
সমকামিতাক সম্পূৰ্ণ স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্ট্য বুলি জনাৰ পাছতো আজিৰ তথাকথিত শিক্ষিত সমাজে ইয়াক স্বাভাৱিকভাবে গ্ৰহণ কৰা নাই।
যৌনতা নিৰ্বিশেষে সকলোৰে জীয়াই থকাৰ সমান অধিকাৰ থকাৰ পাছতো সমকামী সকল আজিও সামাজিকভাবে, মানসিকভাবে নিস্পেষিত,অৱহেলিত ।
এগৰাকী নাৰীয়ে,ঈশ্বৰপ্ৰদত্ত পুৰুষ শৰীৰত;
তেনেকৈ এজন পুৰুষে, নাৰীৰ শৰীৰত ,জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা কথাটো-কিমান যন্ত্ৰণাদায়ক, আমি বাৰু কিমানে অনুধাৱন কৰিছোঁ! "
———————————————————
———————————————————
সম্পাদকীয়টো পঢ়ি ,একপ্ৰকাৰে মই মুক হৈ পৰিলোঁ। সম্পাদকে কম শব্দৰে কোৱা কথাখিনিয়ে হৃদয়ত খাঁচ কাটি গ’ল।
সঁচাকৈ, এগৰাকী নাৰী হৈ পুৰুষৰ শৰীৰত জীৱন নিৰ্বাহ কৰাৰ যন্ত্ৰণা-ভূক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে। আমি কোনোৱে অনুভৱ কৰিব নোৱাৰো।
সম্প্ৰতি,সমাজৰ কথা উপেক্ষা কৰি, বহুতেই উন্নত চিকিৎসা পদ্ধতিৰে লিংগ পৰিবৰ্তন কৰিছে। অৱ্যশ্য এই পদ্ধিতটো কিছু ব্যয়বহুল । শেহতীয়াকৈ অসমৰো বহু কেইগৰাকীয়ে লিংগ পৰিবৰ্তন কৰি লৈছে;কিন্তু এতিয়াও সৰহসংখ্যকে আৰ্থিক দুৰৱস্থাই হওক কিম্বা পৰিয়ালৰ অসহযোগিতাৰ বাবেই হওক-যন্ত্ৰণাদায়ক জীৱন নিৰ্বাহ কৰি আছে।
ইমানৰ পাছতো ,সেই সমকামীসকলৰ প্ৰতি আমি বাৰু কিয় সদয় নহওঁ?
অলপ আগবঢ়াই থৈ আহো বুলি ,অমিতাভে বহু পলমে কৰিলে।হয়তো, তাক ৰূমতে ড্ৰপ কৰি আহিব!
মই পুনৰ মেলি থোৱা কিতাপখন হাতত তুলি ল’লোঁ।
এই বিস্ময়কৰ জগতখনৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ নৌপাওতেই আন এক নতুন বিষয়ে মগজুত থিতাপি ল’লে।
সেয়া হ’ল-উভকামিতা । Bi-sexuality । কিতাপখনত আজি চমুকৈ এই বিষয়ে পালোঁ।
আগতে নুশুনা এই বিষয়টো জানিবলৈ মনটো উদ্বাউল হ’ল ।
তেনেতে চোতালত গাড়ীৰ শব্দ । হয়তো অমিতাভ আহিল!
কি কৰা যায় ...?
নাই ,ইমান বোজা লৈ থকাতকৈ আজি তাক কথাখিনি সুধিবই লাগিব।
পঞ্চম অধ্যায়
তৃতীয় খণ্ড
ভাত খাই উঠি যাবতীয় কামখিনি সমাপন কৰি ,বেড ৰোমলৈ গ’লোঁ। অমিতাভে ম’বাইলতে কিবা চাই আছে। মই তাৰ ভৰি শিতানতে বহি,ক’লোঁ-
"তোমাৰ লগত মোৰ অলপ কথা আছে।কথাখিনি জৰুৰী।"
"কোৱা।"-কোনো আগ্ৰহ নেদেখুৱাকৈ,মোলৈ নোচোৱাকৈ, ম’বাইলটোতে ব্যস্ত থাকি অমিতাভে ক’লে।
"মোৰ প্ৰতি তুমি কিয় উদাসীন?"
–পোনপটীয়াকৈয়ে মই ক’লোঁ।
"উদাসীন মানে ?" – সি ম’বাইলটো থৈ ,আচৰিত হৈ মোলৈ চালে।
" যোৱা চাৰিবছৰে ,ৰাতি আহিছানে মোৰ কাষলৈ ? বুকুৰ জুইক বুকুতে কেনেকৈ লালন কৰিছোঁ-ৰাখিছানে খবৰ ? এই চাৰিটাকৈ বছৰ কামাতুৰ শৰীৰটোক কেনেকৈ বশ কৰিছোঁ,মইহে জানিছোঁ। গাভৰু বোৱাৰী এজনীক এনেকৈ যাতনা দিবলৈ তুমি ক’ত অধিকাৰ পালা হা ? যন্ত্ৰণা দিবৰ বাবেই মোক বিয়া পাতি আনিছিলা নেকি ? মানুহক কেৱল টকা-পইচাই সুখী কৰিব পাৰে নেকি ?"
–আৰু ক’ব নোৱাৰিলোঁ।হৰহৰকৈ চকুলো নামি আহিল।
অমিতাভৰ পৰা কিবা এষাৰ শুনাৰ আগ্ৰহেৰে তালৈ চালোঁ।
সি নিশ্চুপ।
এছাটি কলীয়া ডাৱৰে হঠাতে তাৰ মুখাকাশ
ছানি ধৰিছেহি।অনুশোচনাত সি ছটফটাইছে।
তাৰ এই অসহায় অৱস্থাটো দেখি মোৰ অলপো দয়া উপজা নাই ।বৰঞ্চ খং দুগুণ চৰিছে।
"একো নক’লা যে..."–খঙেৰেই মই ক’লোঁ।
নাই...। সি একো নামাতে।
"তোমাৰ বেলেগ কিবা সমস্যা আছে যদিও কোৱা...কিন্তু এনেকৈ মনে মনে নাথাকিবা।
যোৱা চাৰিটাকৈ বছৰ,মই মনে মনেই আছো।
আজি আৰু নহ’ব।তুমি ক’বই লাগিব..."
কিছুপৰ এনেকৈ নিস্তব্ধতাৰে পাৰ হ’ল...
"মোক ক্ষমা কৰি দিয়া...মই তোমাৰ স’তে বৰ অন্যায় কৰিছোঁ।
জানো,এই ভুলৰ ক্ষমা নাই।কিন্তু..."
–থোকা-থুকি মাতেৰে অমিতাভে কথাখিনি কৈ হঠাতে ৰৈ গ’ল ।
"কিন্তু, কি ?" –মই উৎসুকতাৰে সুধিলোঁ।
"মই এজন সমকামী।
নিজক আৱিস্কাৰ কৰাৰ পাছতে, বিয়া নপতাৰ পণ লৈছিলোঁ । দেউতাৰ একান্ত ইচ্ছাক অৱজ্ঞা কৰিও বহুদিন পাৰ কৰিছিলোঁ। শেষত দেউতাৰ ওচৰত হাৰ মানি
তোমাৰ সৈতে বিয়াত বহিবলৈ বাধ্য হ’লোঁ।
অসুখীয়া দেউতাক সুখী কৰিবলৈ তোমাক আজীৱনৰ অসুখী কৰিলোঁ;আৰু মই নিজে হৈ পৰিলোঁ তোমাৰ অপৰাধী।
তোমাক কেইবাদিনো ক’ম বুলি ভাবিছিলোঁ–কিন্তু ক’ব নোৱাৰিলোঁ।
ভয়–তোমাক হেৰোৱাৰ।তোমাৰ প্ৰতি মোৰ শাৰীৰিক তাড়না নাই ঠিক,কিন্তু তুমিয়েই মোৰ জীয়াই থকাৰ প্ৰেৰণা।
শাৰীৰিক সম্ভোগৰ পৰা বঞ্চিত হোৱাৰ পাছতো তুমি মোৰ ছায়া হৈ থিয় হৈ আছা ।..."
–কথাৰ মাজতে অমিতাভ ফেঁকুৰি উঠিল।
মই একো নক’লোঁ-
মাথোঁ, শুনি গ’লোঁ।
"তোমাৰ প্ৰতি মোৰ যৌন আকৰ্ষণ নাই।সেয়া যে মোৰ স্বাভাৱিক চৰিত্ৰ। মইনো কি কৰো? মই যে পুৰুষৰ দেহত এগৰাকী নাৰী!
ধিক্কাৰ উপজে ,নিজৰ ওপৰতে।
নিজক এই ৰূপত আৱিস্কাৰ কৰাৰ পাছতে ,কেইবাদিনো আত্মহত্যাৰ চেষ্টা কৰিছিলোঁ।
কিন্তু,জীৱন যে অনুপম...জীৱনেই ঘূৰাই আনে জীৱনলৈ...। "–অমিতাভে অনৰ্গল কৈ গ’ল।
অমিতাভৰ শেষৰ কথাখিনিয়ে মোৰ অভিমানী সাগৰৰ উত্তাল ঢৌক আৰু অস্থিৰ
কৰি তুলিলে। কিছু সময়ৰ আগতে পঢ়া সম্পাদকীয়টোৰ কথাখিনিয়ে পুনৰ দোলা দিলেহি ।
কি ক’ম, কি নক’ম বুলি থাকোতে অমিতাভে পুনৰ কৈ গ’ল–
"তোমাৰ আগমনে মোৰ ৰিক্ত হৃদয় ভৰাই তুলিছে।
শাৰীৰিক সম্পৰ্কই শেষ কথা নহয় বুলি যদিও কোৱা হয়, প্ৰকৃততে কিন্তু শাৰীৰিক সম্পৰ্ক অবিহনে বৈবাহিক জীৱন সম্পূৰ্ণ অস্তিত্বহীন। বিগত চাৰিটা বছৰে প্ৰতি নিশা, তুমি কি যন্ত্ৰণাত কটাইছা-সেই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছোঁ।কিন্তু,তোমাৰ কাষলৈ গৈ মইনো কি কৰিব পাৰো? মইযে অসহায়।
নীলমৰ সৈতে তোমাৰ গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কটোৰ কথা মই উমান নোপোৱা নহয়।
কিন্তু,মই নজনাৰ ভাও জুৰি আহিছোঁ–
কিজানি এই সম্পৰ্কই তোমাৰ অতৃপ্ত হৃদয়ক সুখী কৰিব পাৰেই! তুমি সুখী মানেই মই সুখী।
তোমাৰ অবিহনে মোৰ জীৱন শূন্য।সেয়ে,যি কোনো মূল্যৰ বিনিময়ত আজীৱন তোমাক মোৰ কৰিয়ে ৰাখিব খোজোঁ।
আজি চেম্বাৰত প্ৰথম তাক লগ পাই,সেয়ে ঘৰলৈয়ে লৈ আহিলোঁ। বৰ ভাল ল’ৰা। প্ৰথম চিনাকিতেই মন ভৰাই তুলিলে।
অলপ আগবঢ়াই থ’বলৈ গৈ ,তাৰ মৰমৰ তাগিদাত, তাৰ ৰূমে পালোঁগৈ।
কথা প্ৰসংগত তাৰ আৰ্থিক দুৰৱস্থাৰ কথাৰ উমান পাই,মই তাক সহায় কৰিম বুলি কথাই দি আহিছোঁ।
মঠঘৰীয়াত এনেয়ে পৰি থকা মাটিখিনিতে, তোমাৰ সৈতে লগ লাগি স্কুল এখন খোলাৰ প্ৰস্তাৱ দিছোঁ। সম্পূৰ্ণ ফাইনেঞ্চ মোৰ ।তোমালোক দুইজনে পৰিচালনা কৰিবা। সি তোমাৰ সৈতে আলোচনা কৰি ,মোক জনাম বুলি কৈছে। "
"হ’ব ,হ’ব ।
মোক ইমান সহানুভূতিৰ প্ৰয়োজন নাই।
আৰু এটা কথা–নীলম মোৰ অন্তৰংগ কবি বন্ধুহে ।আন একো সম্পৰ্ক নাই। নজনাকৈ যি টি নবলকিবা। " –প্ৰচণ্ড ক্ষোভেৰে কথাখিনি ক’লোঁ।যদিও নিজাকৈ স্কুল এখন খোলাৰ মোৰ বহুদিন সপোন। নীলমে ,অমিতাভৰ এই প্ৰস্তাৱ বেয়া পোৱাৰ কথাই নাহে-কিয়নো ,এই কথাটো সি বহুদিন মোৰ আগত কৈছিল।
"তোমাৰ এই খং তেনেই স্বাভাৱিক। তোমাৰ ঠাইত মোক থিয় কৰি কেইবাদিনো চাইছোঁ।
ইমান ত্যাগ—
ইমান সহনশীলতা–
তোমাৰ দৰে মহীয়সী নাৰীৰ পক্ষেহে সম্ভৱ।..." –অত্যন্ত বিনয়েৰে অমিতাভে ক’লে।
নীলমে আমাৰ দুয়োৰে সম্পৰ্কৰ কথা অমিতাভক কৈ দিয়া বুলি ভাবি মনতে ভয়ো খাইছিলোঁ।
"জান–প্লীজ মোক ক্ষমা কৰি দিয়া ।"–শুই থকাৰ পৰা হঠাতে বহি, মোক সাবটি ধৰিলে।
মই জোৰ কৰি, তাৰ বাহু বন্ধনৰ পৰা নিজকে মুক্ত কৰি, ক’লোঁ –"এতিয়া কি ভাবিছা ?"
"কি ভাবিছা মানে ? "
" নুবুজাৰ ভাও জুৰিছা যে ! নে আজীৱন এনেকৈয়ে যন্ত্ৰণা দি থাকিম বুলি ভাবিছা?
এই মিছা বান্ধোনৰ পৰা মোক মুক্তি দিয়া"
মোৰ কৰ্কষ মাতকেইষাৰি শুনি সি আকৌ হুকহুকাই কান্দিলে।
মই উচাত মাৰি তাৰ পৰা উঠি আহি,মোৰ বিচনাখনত বাগৰ দিলোঁহি।
বিয়াৰ পাছৰ পৰাই অমিতাভ একেটা ৰোমতে থাকে যদিও বেলেগকৈ শুৱে ।
তেতিয়াও সি কান্দিয়ে থাকিল।
কিন্তু সেই কান্দোনে মোৰ হৃদয় গলাব নোৱাৰিলে।বৰঞ্চ মোৰ মনটো দুগুণ জেদী হৈ উঠিল।
কিন্তু,কোন সেই NLX ? -খঙৰ প্ৰকোপত এই কথাটি সুধিবলৈয়ে থাকি গ’ল।
–হেজাৰবাৰ চেষ্টা কৰিও বিফল হ’লোঁ।নিসংগ নিশাৰ নেওতাত আৰু এটি উজাগৰী নিশা সংযোগ হ’ল।
——————————————————
0 Comments