পষেকীয়া বৰ্ণৰাগ ১ম বৰ্ষ ৫ম সংখ্যা


————————————————————

———————————————————

সম্পাদনা সমিতি

উপদেষ্টা 

ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

যুগললোচন দাস

ড০ ৰমেশ কুমাৰ কাকতি 

চন্দন ভাগৱতী 

গুণাৰাম শইকীয়া 

সম্পাদক-নৱ ৰাজন

প্ৰকাশক-প্ৰদীপ চন্দ্ৰ শৰ্মা 

কাৰ্যবাহী সম্পাদক-গীতাঞ্জলি বৰকটকী 

জাহ্নৱী কাকতি

সহকাৰী সম্পাদক-সীমা গগৈ 

অনামিকা ৰায় 

সহযোগী সম্পাদক -অৰ্চনা ঠাকুৰীয়া 

অনিতা দেৱী মিশ্ৰ

বিভাগীয় সম্পাদক- ভাৰ্গব কুমাৰ নাথ 

ভূমিকা দাস 

বিশেষ শুভাকাংক্ষী–পবিত্ৰ কুমাৰ নাথ, জয়ন্ত কুমাৰ বৰ্মন,ৰঞ্জন বৰা, হেমেন নাথ, বিশ্বজিৎ গগৈ, সংগীতা বৰা , বিনীতা গোস্বামী ,আছমা জাফ্ৰি, ৰুমী দেৱী, দীপাংকৰ ভূঞা ।

——————————————————

বেটুপাতনৱ ৰাজন 

———————————————————

                   সূচীপত্ৰ 

বেটুপাত (সম্পাদকীয়)

প্ৰবন্ধ 

ভূপেন হাজৰিকাৰ গীতত মানৱ অধিকাৰৰ প্ৰসংগ  সঞ্চিতা বৰা 

অত্যধিক চাপ সৃষ্টি,শিক্ষকসকলৰ কৰ্তব্যনিষ্ঠাত বাধা হ’ব            দিবাকৰ ৰেণু 

ভাৰত গৌৰব-আনন্দৰাম বৰুৱা   পৰেশ বৈশ্য

বৰাক উপত্যকাৰ খিলঞ্জীয়া অসমীয়া  অজন্তা চৌধুৰী 

অনাকটা কাপোৰ    ভূমিকা দাস 

সংস্কৃত শিকাৰ সহজ উপায়   চিন্ময়ী দাস 

নষ্টালজিয়া 

ডাঙৰ কচুপাতৰ তলত ল’ৰা-ছোৱালীৰ স্কুল যাত্ৰা     ড° অৰ্চনা পূজাৰী 

সংক্ষিপ্তে মুম্বাইৰ খাৰগলিবোৰ   মৌচুমী দাস 

নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ  

শুৱলা দাস 

নিদানৰ ভুৰুকা 

শুকান কাহৰ ঘৰুৱা নিদান  

ডা° হীৰেন্দ্ৰ কুমাৰ ভাগৱতী 

গল্প 

পৰিক্ৰমা          অংকিতা বৰুৱা 

এখুদ সপোন     শ্যামলিমা কাকতি 

প্ৰতিশ্ৰুতি          সীমা গগৈ 

নেদেখা মুখ       মাধুৰ্য প্ৰিয়ম দাস 

শিশুৰ ৰহঘৰা 

মইনাহঁতৰ আঁক-বাঁক 

বিশ্ব-ব্ৰহ্মাণ্ড      আয়ুস তনয় ফুকন 

পাহি আৰু কনমানি জলকুঁৱৰী  

ৰঞ্জুমনি নেওগ বৰা 

ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানুহ...  প্ৰগতি শইকীয়া 

সুন্দৰ মন (গল্প)           দীপ্তি ঠাকুৰ গোস্বামী 

তিনিটা ঠগ আৰু ব্ৰাহ্মণ     দীপাংকৰ ভূঞা 

ৰজা আৰু টিপচি চৰাই          ৰুমী দেৱী 

মানবীয়তা (গল্প)             গীতামণি কলিতা

অনুভৱৰ পৃষ্ঠা লুটিয়াই ....

মাজুলীৰ ৰাস আৰু কিছু অনুভৱ  

অৰ্চনা ঠাকুৰীয়া 

টিহু নৈৰ স্মৃতিয়ে...কনমনি নাথ 

ভাওনাঃ এক অনুভৱ গাথা     কৰবী ভূঞা 

ভাৰ্গৱৰ সৈতে কণ্ঠশিল্পী ছ্যুকি সুকন্যাৰ আলাপ 

অণুগল্প 

মাখি  গীতাঞ্জলি বৰকটকী 

মালতী  প্ৰাঞ্জল কুমাৰ নাথ

পেঞ্চন  খূৰছীদ আনছাৰী 

ভোক   শ্যামলীমা খাউণ্ড শৰ্মা 

উচ্চৰ্গা  ৰঞ্জনা দেৱী  

গ্ৰন্থ উদ্ধৃতি   অনিতা মেধি মিশ্ৰ

পঢ়ুৱৈৰ অভিমত

পাঠকৰ দৃষ্টিত  ৰূপম দত্তৰ লাইফ অফ এ ড্ৰাইভাৰ       অপূৰ্ব ভূঞা 

মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা 

সংগীতা চেতিয়াৰ আখল 

শেষপৃষ্ঠা 

———————————————————

বেটুপাত 

সম্পাদকীয়...

 
     বিশ্বায়নৰ এই যুগত আইনগত ভাবে বৈধতা প্ৰাপ্তিৰ পাছতো ,এয়াযে তেনেই স্বাভাৱিক পৰিঘটনা-তাক ,আজিও আমি সহজভাবে ল’ব পৰা নাই।
    হয়, এটা অতি প্ৰাসংগিক বিষয়-
সমকামিতাৰ বিষয়ে আজিৰ "বেটুপাত"ত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।
    "An enduring pattern of emotional ,romantic and /or sexual attraction is homosexuality."
   সহজ অৰ্থত সমকামিতা(Homosexuality)
হৈছে -একে লিংগৰ ব্যক্তিৰ প্ৰতি হোৱা যৌন তথা ৰোমান্টিক আকৰ্ষণ । একে লিংগৰ ব্যক্তিৰ প্ৰতি এই আকৰ্ষণ, অনুভৱ তথা ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক ।সমকামিতা এক স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্ট্য। ই এক প্ৰকাৰৰ যৌন তথা প্ৰেম অভিমুখিতা( Romantic Orientation) ।
   এজন পুৰুষে যেতিয়া আন এগৰাকী পুৰুষৰ প্ৰতি ৰোমান্টিক ,শাৰীৰিক তথা  আৱেগিকভাবে আকৰ্ষিত হয় তেতিয়া তেওঁক গে’ (Gay) হিচাপে অভিহিত কৰা হয়।আনহাতে এগৰাকী মহিলা যেতিয়া আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হয়,তেতিয়া তেওঁক লেছবিয়ান (Lesbian) হিচাপে অভিহিত কৰা হয়।
     বিজ্ঞানীসকলেও এই প্ৰেম অভিমুখিতা
(Romantic Orientation)ৰ সুস্পষ্ট কাৰক চিনাক্ত কৰিব পৰা নাই,যদিও তেখেতসকলে অনুমান কৰিছিল-জৈৱিক(বিশেষকৈ ভ্ৰুণৰ বিকাশৰ সময়ত হোৱা মস্তিস্কৰ কাৰ্যগত আৰু গঠনগত পৰিবৰ্তন) আৰু পৰিৱেশগত কাৰকেই সমকামিতাৰ কাৰণ।
    অতীজৰে পৰা সমকামীসকল অৱহেলিত হৈ আহিছে। প্ৰধান ধৰ্মসমূহতো সমকামীৰ কোনো বিশেষ স্থান নাছিল।হিন্দুধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহতো সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।অৱশ্যে ঐতিহাসিক ভাস্কৰ্য (অজন্তা-ইলোৰা,খাজুৰাহো)ত তাৰ কিছু আভাস পোৱা যায়।
    প্ৰাচীনকালৰে পৰা আমাৰ দেশত, সমকামিতাক এক অক্ষমনীয় অপৰাধ হিচাপে  গণ্য কৰা হৈছিল। যৌন বিকৃতি হিচাপে চিহ্নিত কৰি সমকামিতাক এক মহাপাপ হিচাপে সমাজৰ প্ৰায়সংখ্যক লোকে গণ্য কৰিছিল।বৃটিছৰ আমোলতো আইনগতভাবে নিষিদ্ধ আছিল।
    ভাৰতীয় সংবিধানৰ ৩৭৭ ধাৰাত সমকামিতাক নিষিদ্ধ ঘোষণা কৰি দোষীক দহবছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।
    সংবিধানৰ ৩৭৭ ধাৰাত ব্যাখ্যা কৰা অনুসৰি এই যৌন অভিমুখিতা অসামাজিক, কিয়নো এই  যৌনচাৰণৰ মাধ্যমেৰে শাৰীৰিক তৃষা ,কামনা তথা মানসিক অভিলিপ্সা পূৰ হয়, যদিও ইয়াৰ জৰিয়তে সন্তানৰ জন্মদান সম্ভৱ নহয়। অৰ্থাৎ এই যৌনচাৰণৰ মাধ্যমেৰে  বংশৰক্ষা অসম্ভৱ । উক্ত আইনমতে পায়ুসংগমো শাস্তিযোগ্য অপৰাধ।
    ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে সমকামীসকল এইদৰে মানসিক ,সামাজিক তথা আৱেগিকভাৱে লাঞ্চিত ,অৱহেলিত আৰু নিস্পেষিত হৈ আহিছে।
    বাহিৰৰ দেশবোৰৰ ভিতৰত ,কেনিয়াত সমকামী বিৰোধী আইন অত্যন্ত কাঢ়া।তাত গে’ সকলে মহিলাৰ ৰূপ ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হয়।
     সময়ে সময়ে নিস্পেষিত হৈ অহা, সমকামীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে বিশ্বজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিলে।লাহে লাহে সমকামিতাৰ সপক্ষে সমাজত সবল, ইতিবাচক জনমত গঠন হ’ল।
    যৌনতাৰ ভিত্তিত হোৱা এই নিস্পেষণৰ বিৰূদ্ধে সময়ে সময়ে জোৰদাৰ আন্দোলন হ’ল।
    অৱশেষত ২০১৮ চনত  দীপক মিশ্ৰ নেতৃত্বাধীন উচ্চতম ন্যায়লয়ৰ পাঁচজনীয়া বিচাৰপীঠে , সেই কলীয়া আইন, ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰা বাতিল কৰি সমকামীসকলৰ পক্ষে ৰায়দান কৰে।
    যদিও সমকামী-বিবাহ আজিও আইনমতে গ্ৰহণযোগ্য নহয়।
    সমকামিতাক সম্পূৰ্ণ স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্ট্য বুলি জনাৰ পাছতো আজিৰ তথাকথিত শিক্ষিত সমাজে ইয়াক স্বাভাৱিকভাবে গ্ৰহণ কৰা নাই।
   যৌনতা নিৰ্বিশেষে সকলোৰে জীয়াই থকাৰ সমান অধিকাৰ থকাৰ পাছতো  সমকামী সকল আজিও সামাজিকভাবে, মানসিকভাবে নিস্পেষিত,অৱহেলিত ।
   এগৰাকী নাৰী ঈশ্বৰপ্ৰদত্ত পুৰুষ শৰীৰত,
তেনেকৈ এজন পুৰুষ নাৰীৰ শৰীৰত, জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা কথাটো-কিমান যন্ত্ৰণাদায়ক, আমি কিমানে অনুধাৱন কৰিছোঁহঁক!

 নৱ ৰাজন
 সম্পাদক
 বৰ্ণৰাগ
 ৯৮৫৪৭৭৬১১৯
———————————————————

                          প্ৰবন্ধ 

ড° ভূপেন হাজৰিকাৰ গীতত মানৱ অধিকাৰৰ প্ৰসংগ

সঞ্চিতা বৰা

         সাম্প্ৰতিক সময়ত সঘনে আলোচিত বিষয়সমূহৰ অন্যতম হৈছে মানৱ অধিকাৰ। যদিও ধাৰণা হিচাবে মানৱ অধিকাৰ এক প্ৰাচীন ধাৰণা, কিন্তু এই নামকৰণ তুলনামূলকভাৱে নতুন। অষ্টাদশ শতিকাত টমাচ পাইনে আলোচনাক্ৰমত ‘মানৱ অধিকাৰ’ এই নামকৰণ সংযোগ কৰিছিল। কুৰি শতিকাৰ মাজভাগত  ৰাষ্ট্ৰসংঘৰ বেনাৰত আৰু ফ্ৰেংকলিন ৰুজভেল্টৰ প্ৰচেষ্টাত এই ধাৰণাই অধিক প্ৰাসংগিকতা লাভ কৰে। দ্বিতীয় মহাসমৰৰ বিভীষিকাই প্ৰকৃততে মানৱ অধিকাৰৰ দিশসমূহক সন্মুখলৈ লৈ আহে। মানৱ অধিকাৰ জন্মগত তথা প্ৰকৃতিগত। সেয়ে হ’লেও ইয়াৰ নৈতিক, আইনগত, ৰাজনৈতিক, সামাজিক আদি দিশসমূহো আছে।

      জীৱন সংবেদনশীল গায়ক ড° ভূপেন হাজৰিকাৰ গীতসমূহ সৰ্বসাধাৰণৰ প্ৰাণৰ কথা। মানৱদৰদী গায়ক ভূপেন হাজৰিকাৰ গীতত প্ৰতিধ্বনিত হৈছে সহজ সৰল ব্যক্তিজীৱনৰ সুখ-দুখ। গভীৰ প্ৰমূল্যবোধেৰে সমৃদ্ধ তেওঁৰ গীতবোৰত আছে প্ৰবল জীৱন মুখিতা। তেওঁ  ৰচনা কৰা মানৱকেন্দ্ৰিক গীতবোৰক মানৱ মৰ্যাদা ৰক্ষাৰ আহিলা হিচাবে চিহ্নিত কৰিব পাৰি। জীৱন আৰু মানৱৰ প্ৰতি অসীম ভালপোৱা ভূপেন হাজৰিকাৰ শিল্পীসত্তাৰ স্পন্দন। গীতৰ মাধ্যমেৰে তেওঁ প্ৰকাশ কৰি গ’ল গভীৰ জীৱন-বীক্ষা। তেওঁৰ অধিকাংশ গীততে শোষিত বঞ্চিতৰ হৃত অধিকাৰ ঘূৰাই পাবলৈ কৰা সংগ্ৰাম আৰু পণৰ প্ৰতিফলন ঘটিছে। 

       সমাজৰ প্ৰতিজন ব্যক্তি এনে কিছুমান অধিকাৰৰ গৰাকী যিসমূহ সদা সুৰক্ষিত হ’ব লাগে আৰু সেইসমূহ উপভোগৰ বাবে তেওঁ অনুকুল পৰিবেশ পাব লাগে। জনতাৰ শিল্পী ভূপেন হাজৰিকাৰ গীতৰ বক্তব্যই মানুহৰ প্ৰকৃতিগত অধিকাৰ আৰু মৰ্যাদাক দৃঢ়ভাবে প্ৰতিষ্ঠা কৰিব বিছাৰিছে। সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ প্ৰতিনিয়ত ঘটনাকলৈ গীত ৰচি যোৱা শিল্পীজনৰ মানৱতাবাদ তীব্ৰ, কিন্তু উগ্ৰ নহয়।

বৰ্তমান সময়ত উদ্বেগৰ বিষয় হৈছে মানৱ অধিকাৰৰ উলংঘন। নিষ্পেষণ আৰু অসমতাৰ বিৰুদ্ধে প্ৰতিটো সংগ্ৰামেই আচলতেই মানৱ অধিকাৰৰ স্বীকৃতিৰ বাবে কৰা সংগ্ৰাম। গণ নাট্য সংঘৰ সক্ৰিয় সদস্য ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক পৰিক্ৰমাও তেনে এক সংগ্ৰাম—

নৰ কংকালৰ অস্ত্ৰ সাজি 

শোষণকাৰীক বধিম 

সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম 

সংগীত অস্ত্ৰেৰে কৰা এই সংগ্ৰামৰ মূল বক্তব্য তথা লক্ষ্য হৈছে মানৱৰ খৰ্বিত অধিকাৰ পুনৰ প্ৰতিষ্ঠা।

ভেদা ভেদৰ প্ৰাচীৰ ভাঙি 

সাম্যৰ সৰগ ৰচিম

এই সপোন দেখা ড° ভূপেন হাজৰিকাই অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিবলৈ পণ লৈছিল। 

বৈষম্যৰে ভাৰাক্ৰান্ত সমাজৰ তথাকথিত সৰু মানুহবিলাকৰোযে সম মৰ্যাদা আৰু অধিকাৰ আছে তাক ভূপেন হাজৰিকাই প্ৰতীকী ৰুপত প্ৰকাশ কৰিছে তেওঁৰ গীতত-

ব্ৰহ্মপুত্ৰৰ পাৰতে সৰু সৰু পুখুৰীও থাকে। তাৰ পুঠি মাছবোৰো সাহসী হৈছে। সিহঁতে আজিকালি আকাশৰ বিজুলীকো গিলিব খোজে। 

মানৱ অধিকাৰ ভংগ হ’লে ব্যক্তিৰ সমষ্টি, গোট আৰু জাতিৰ মাজত সংঘাত আহে। ফলত জীৱনৰ নিৰাপত্তা হেৰায়, অসুৰক্ষিত হয়। এই প্ৰসংগত ড° ভূপেন হাজৰিকাৰ গীতৰ সকিয়নি সঞ্জীৱনী-

"ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক

সমষ্টি যদি ব্যক্তিত্ব ৰহিত

তেনে শিথিল সমাজক 

নাভাঙা কিয়…"

সমতা, ভ্ৰাতৃত্ববোধ, মানৱতাবাদ মানৱ অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু ধনী দুখীয়াৰ মাজত ব্যৱধান মানৱ অধিকাৰৰ প্ৰতি প্ৰত্যাহবান। সমাজৰ এই ধনী দুখীয়াৰ প্ৰভেদৰ বিৰুদ্ধে ভূপেন হাজৰিকাই গীত ৰচি উদাত্ত কণ্ঠেৰে গাই গৈছে-

"বহু ধনৰ লোভে যদি মানুহ পাহৰাই

মানুহ যদি মানুহৰে হয় অন্তৰায়

(তেনে) দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়…"

    অবিচ্ছেদ্য আৰু অহস্তান্তৰযোগ্য মানৱ অধিকাৰ উপভোগৰ চৰ্ত মাথোন এটাই – ‘মানুহ হ’ব লাগিব’। কু অভিপ্ৰায়েৰ প্ৰৰোচিত হৈ মানুহে মানুহক বেচিব খুজিলেও ভূপেন হাজৰিকাই গীতেৰে সকিয়নী দিছে-

"মানুহে মানুহক বেচিব খুজি 

মানুহে মানুহক কিনিব খুজি 

পুৰণি ইতিহাস দোহাৰিলে 

ভুল জানো নহ’ব কোৱা, সমনীয়া?"

      মানৱ প্ৰেম মানেই বিশ্ব প্ৰেম। ‘ব্যক্তি’ ভূপেন হাজৰিকাৰ বাবে ‘মানুহ জাতি’ৰ প্ৰতিভূ, বিশেষ এজন ব্যক্তি নহয়। দানৱৰ সমাজত মানৱৰ গীত গাব বিচৰা ভূপেন হাজৰিকাই জীয়াই থাকি তেনে এখন সমাজ গঢ়াৰ পণ লৈছে ‘য’ত সোণতকৈও মানুহৰ দাম অলপ হ’লেও বেছি আছে’। যুক্তিবাদী দৃষ্টিভংগীৰে তেওঁ মানুহৰ শক্তি আৰু মৰ্যাদাক অতিন্দ্ৰীয় সত্তা এটিতকৈও অধিক গুৰুত্ব দিছিল। মানৱ অধিকাৰ যে প্ৰদত্ত নহয়, উপাৰ্জিতও নহয় বা এইসমূহ অধিকাৰ যে ক্ৰয় কৰিবও পৰা নাযায় এই সহজ সত্যক ভূপেন হাজৰিকাই তেওঁৰ গীতত প্ৰতিধ্বনিত কৰাইছে। উদ্দেশ্য সমৃদ্ধ মানৱ জীৱন এটি যাপনৰ মূল চৰ্ত হৈছে মানৱ অধিকাৰ সুৰক্ষিত কৰা। এই কথাৰ পোনপটীয়া সকিয়নী ভূপেন হাজৰিকাৰ গীতত স্পষ্ট আৰু স্বচ্ছ। মুক্তিকামী চেতনাৰ চালিকা শক্তি মানৱ অধিকাৰৰ প্ৰতি শ্ৰদ্ধা। ভূপেন হাজৰিকাৰ মানৱ কল্যাণ আকাংক্ষী প্ৰতিটো গীতত তাৰ প্ৰতিফলন ঘটিছে। মানৱীয় প্ৰমূল্যৰ প্ৰতি থকা গভীৰ আস্থাইহে মানুহক প্ৰকৃতিগত অধিকাৰ উপভোগৰ পৰিবেশ ৰচনা কৰি দিব পাৰে। সেয়েহে মানৱীয় প্ৰমূল্যৰ পৰা আতঁৰি নাযাবলৈ ভূপেন হাজৰিকাই দীপ্ত কণ্ঠেৰে গাই গৈছে-

মানুহ ৰুপে বন্য হ’লে 

শোভা যে নাপায়—

বৰ্তমানটো অতীত হৈ গ’লেও তেওঁৰ কিছুমান গীত প্ৰাসংগিকহৈ থাকি যাব বুলি ভূপেন হাজৰিকা আশাবাদী আছিল-

প্ৰেমৰ ৰসেৰে জীপাল কৰি 

এয়া মানৱতাৰ কঠিয়া সিঁচাৰ যুগ

ভূপেন হাজৰিকাৰ ‘পাৰ্ছপেক্টিভ’ত মানুহ সদায় ইতিবাচক। সমাজ বিজ্ঞানী E Durkheim ৰ দৰে তেওঁ ভাবিছিল যে ব্যক্তি বা Individual ‘মই’(I) আৰু ‘আমি’ (We) দুয়োটাই অৰ্থাৎ Homo Duplex. ভূপেন হাজৰিকাই তেওঁৰ গানবোৰক নিজেই ‘মানুহৰ গান’ বুলি কৈ গৈছে। তেওঁ নিজৰ হাঁহিখিনি বিলাই দিয়াৰ পণত লুকাই আছে জীৱন্ত মানৱ দেৱতাৰ পূজন। নতুন দিন, নতুন সমাজ, নতুন মানৱৰ সপোন দেখা ভূপেন হাজৰিকাই আস্থাহীন সামাজিক প্ৰেক্ষাপটতো মানুহৰ অধিকাৰ আৰু মৰ্যাদাৰ হকে গাই গ’ল ‘গভীৰ আস্থাৰ গান’।


সঞ্চিতা বৰা ,সহযোগী অধ্যাপক 

নগাঁও ছোৱালী মহাবিদ্যালয়

——————————————

অত্যধিক চাপ সৃষ্টি  শিক্ষকসকলৰ কৰ্তব্যনিষ্ঠাত বাধা হ'ব 

দিবাকৰ ৰেণু

           যেতিয়া কিবা এটা কামৰ বাবে কোনোলোকৰ ওপৰত শাৰীৰিক চাপৰ উপৰিও মানসিক চাপ অত্যধিক হয়,তেতিয়া দুয়োটা শক্তি দুৰ্বল হৈ পৰে।মনস্তত্ব বিজ্ঞানে  মুক্ত মনেৰে কৰা সকলো সৎ কাৰ্য্যৰ ফল সুন্দৰ আৰু প্ৰেৰণাদায়ক হয় বুলি দাবী কৰে।আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে শ্ৰমিকৰ মনোবল বৃদ্ধি কৰাৰ বাবে,তেওঁলোকৰ সৈতে নিজেও শ্ৰমদান কৰি আদৰ্শ দেখুৱাইছিল। সেই গৰাকী ৰাষ্ট্ৰপতিয়ে শিক্ষকসকলৰ প্ৰতি আছিল অত্যন্ত শ্ৰদ্ধাশীল।  তেখেতে শিক্ষকসকলৰ স্বাধীন মন আৰু মুক্ত কণ্ঠৰ প্ৰতি অত্যন্ত গুৰুত্ব দিছিল।ভাৰতবৰ্ষতো ,দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি  সৰ্বেপল্লী ৰাধাকৃষ্ণণে শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই,তেখেতৰ জন্মদিনটোকে "শিক্ষক দিৱস" হিচাপে গুৰুসকলৰ নামত উছৰ্গা কৰিছিল।তেনে এখন আধ্যাত্মিক চিন্তাৰ পৰ্বতসম ঐতিহ্যৰে ভৰা  ভাৰতবৰ্ষৰ  অসম ৰাজ্যত শিক্ষকসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা নতুন নতুন চাপ সৃষ্টি কৰি একাংশ ৰজাঘৰীয়া বিষয়াই মানসিক তৃপ্তি লভা দেখা গৈছে।পূৰ্বতে শিক্ষকসকলৰ চাকৰি আছিল গাঁওৰ পঢ়াশালিখনত।সেই সময়ত গাঁওৰ শিক্ষকজনক মাষ্টৰ বুলি সকলোৱে সমীহ কৰিছিল।প্ৰতিটো ৰাজহুৱা সভা,সমিতি,সংঘ আদি অনেক প্ৰেৰণাদায়ক সৃজনশীল কৰ্মৰ নায়ক আছিল শিক্ষকজন।কঠীয়াতলিত কঠীয়া সিঁচিব নোৱাৰি লৱৰি ধাপৰি গাঁওৰ চহা -কৃষকে সহায় বিচাৰি গৈছিল সেই মাষ্টৰৰ তাত।উচ্চশিক্ষা দিবলৈ কোন শিক্ষানুষ্ঠানত পঢ়ালে গাঁওৰ সন্তানগৰাকী সুফল পাব,সেই দায়িত্ব আছিল মাষ্টৰৰ।মাষ্টৰে পঢ়াশালিলৈ যোৱা -অহা সময় চাই ৰাইজে  সময়ৰ হিচাপ কৰিছিল।ৰাস্তাই ঘাটে ঝুম বান্ধি কোনো চেঙেলীয়াই ৰৈ থাকিব পৰা নাছিল। "Village School  Master"  নামৰ ইংৰাজী কবিতাটোৰ দৰে আগৰ শিক্ষকসকলৰ সন্মান আছিল।কিন্তু সেইগৰাকী শিক্ষকে যেতিয়া পেন্সনৰ টকাকেইটাৰ বাবে অফিচৰ পিয়নটোৰ পৰা বৰমূৰীয়াজনক মেজৰ তলৰে টকা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল,তেতিয়ায়ে শিক্ষকজনৰ স্বাভিমানক হত্যা কৰা হৈছিল । শেহতীয়াকৈ অসমত প্ৰাথমিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে টেট উত্তীৰ্ণ শিক্ষক নিযুক্তিৰে এক শৈক্ষিক নৱজাগৰণ আৰম্ভ হৈছে যদিও যোৱা দুটা বছৰ ক'ভিড কালীন দুৰ্য্যোগৰ বাবে পূৰ্বৰ সমতুল্য ৰক্ষা হোৱা নাই,থমকি ৰৈছে শিক্ষক শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কশৈ

ক্ষিক পৰিৱেশ বিনষ্ট হৈছে।যদিওবা অনলাইন ব্যৱস্থাৰে শিক্ষকসকলে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছে,সেয়া কিন্তু অসমৰ কিছুমান অঞ্চলত সাৰ্থক হোৱা নাই।দুৰ্য্যোগৰ সময়খিনিত আন আন চাকৰিয়ালৰ দৰে শিক্ষকসকলেও নিজ কৰ্তব্যৰ পৰা  কিছু অব্যাহতি পালেও, বহুতো শিক্ষকে বিদ্যালয়ৰ বাহিৰে আন আন  চৰকাৰী কৰ্মত নিয়োজিত হৈ আছে।কিন্তু শিক্ষকসকলৰ নিযুক্তিৰে পৰা  এক বেলেগ ধৰণৰ চাপ সৃষ্টি কৰি অহা দেখা গৈছে। নিযুক্তি দিয়া হৈছে তিনিশ চাৰিশ কিলোমিটাৰ আতৰৰ কোনোবা চৰ-চাপৰি বা অত্যন্ত দুৰ্গম অঞ্চলত।ঢেকীৰ যেনেদৰে স্বৰ্গ বা নৰক নাই,শিক্ষকেও নিজৰ দায়িত্ব আৰু সেৱা সকলো স্থানতে পালন কৰিব লাগিব।সেয়া লাগে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলে বা কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলতে নহওক কিয়।কেতিয়াবা হাত নাও,কেতিয়াবা পুৰণি,পচা কাঠৰ ভুটভূটিৰে কোনো সুৰক্ষা কবচ নোলোৱাকৈও শিক্ষকসকলে সেই সেই অঞ্চলসমূহত সেৱা আগবঢ়াই আহিছে।এইটো কথা ঠিকযে স্কুলত কোনো শিক্ষকে সঠিক সময়ত উপস্থিত নহ'ব পাৰে,বা কেতিয়াবা নাওৰ বিজুতিৰ বাবে নাযাব পাৰে,তেওঁলোকে কিন্তু স্কুলত যোৱাৰ পিছত অতি আন্তৰিকতাৰে সেৱা আগবঢ়াই আহিছে।এই তথ্যৰ প্ৰমাণ সেই সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল আৰু সৃজনশীল উল্লেখনীয় খবৰবোৰ।ধুবুৰীত কৰ্মৰত তেজপুৰৰ শিক্ষকজনে পিতৃ-মাতৃৰ অসুখৰ বাবে মাহত এবাৰ গ'লেও যোৱাৰ দিনাৰ পৰা ঘৰ পোৱালৈকে  তিনিদিনীয়া নৈমিত্তিক ছুটী শেষ হয়।কিন্তু সেই শিক্ষকজনে দুদিন দেৰিকৈ আহি হ'লেও নিজৰ দায়িত্ব পালন কৰে।অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কৈছিল--যিসকল পুত্ৰই মাক দেউতাকৰ সেৱা নকৰে তেওঁৰ দৰমহাৰ টকা কৰ্ত্তন কৰা হ'ব।হয়,সেই পাতেই পাশুপাত অস্ত্ৰ চৰকাৰৰ--দৰমহা কৰ্তন।কিন্তু এতিয়া যিটো অৱস্থা হৈছে --সেয়া অবৰ্ণনীয়।মাক মৃত্যুৰ কোলাত চটফটাই আছে,অথচ পুত্ৰই  অদৃষ্টৰ হাতত নিজৰ জীৱন সমৰ্পণ কৰি নাওৰে বিদ্যালয়লৈ সেৱা আগবঢ়াবলৈ গৈ  আছে।এখন অত্যন্ত কৰুণ নাটকীয় ছবি।ইমানৰ পিছতো শিক্ষকসকলে বৈশ্যতা  স্বীকাৰ কৰা নাই।ক'ভিড কালীন সময়ত এদিনৰ দৰমহা, ওচৰ-চুবুৰীয়াক সহায় কৰা আদি সুন্দৰ কৰ্মেৰে দৃষ্টান্ত দাঙি ধৰা  শিক্ষকসকলৰ বাবে এটাৰ পিছত এটা নিৰ্দেশ।সকলোতে লকডাউন ,গাড়ী-মটৰ বন্ধ,তাৰ পিছতো শিক্ষকসকলক কোৱা হ'ল তেওঁলোকৰ কৰ্মস্থলীৰ জিলাত গৈ থাকিব লাগে।কিছুমান শিক্ষকে মৰণত শৰণ দি গ'ল--ৰাস্তাত আৰক্ষী প্ৰশাসনৰ বিভিন্ন প্ৰশ্নৰ মুখামুখি হৈ  ,যদিওৱা গন্তব্য স্থান পালে ভাৰাঘৰৰ মালিকে ক'ৰোনাৰ ভয়ত সোমাব নিদিয়ে,হোটেলত নাৰাখে।শেষত অহা বাটেৰে আকৌ ঘূৰি আহিল শিক্ষক।অসম চৰকাৰৰ একাংশ শিক্ষা বিষয়া,আৰু আঁ‌চনি প্ৰস্তুতকৰ্তাৰ ভিতৰি ভিতৰি যেন শিক্ষকসকলৰ প্ৰতি ঈৰ্ষা।"বহি বহি দৰমহা লৈ আছে ,এই শিক্ষকসকলে" ---মনত এই দুশ্চিন্তালৈ শিক্ষাবিষয়া আৰু আঁ‌চনি প্ৰস্তুতকৰ্তাসকলে শিক্ষকসকলক সমস্যাত পেলাবলৈ কিছুমান অদ্ভুত আৰু অগণতান্ত্ৰিক আঁ‌চনিৰ পৰিকল্পনা কৰে।প্ৰশ্ন হ'ল--ক'ৰোনা মহামাৰী শিক্ষকসকলে চীনদেশৰ পৰা আনিব গৈছিল নেকি ? অসমৰ বিগত নিৰ্বাচনত  সকলোধৰণৰ সভাতে মেলা সদৃশ পৰিৱেশ সৃষ্টি কৰা আৰু তাৰ পিছত সংহাৰী ৰূপ লোৱা ক'ৰোনা অহাৰ বাবে কি শিক্ষকসকল সুখী হৈছে নেকি ? প্ৰকৃত শিক্ষকে  তেনে ধাৰণা কেতিয়াও নকৰে।শিক্ষক এজনক শিক্ষাদানৰ পৰা আতৰাই ৰখাটো,এক প্ৰধান শাস্তি,মানসিক দ্বন্দ্ব।

        শেহতীয়াকৈ অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানে  ৰিমচ্ নামেৰে এটা ডিজিটেল পৰ্টেল খুলিছে। এই ডিজিটেল পৰ্টেলটোৰ জৰিয়তে শিক্ষকৰ উপস্থিতি আৰু ছাত্ৰ- ছাত্ৰীৰ উপস্থিতি ফ'টো সহ প্ৰতিদিনে পুৱা ন বজাৰ ভিতৰত আপ্লোড দিব লাগিব।য'ত শিক্ষকৰ উপস্থিতিৰ স্থান নিৰূপণ হ'ব।কিন্তুএই ডিজিটেল এপচটোৱে চৰ - চাপৰি তথা দূৰ্গম অঞ্চলত কৰ্মৰত শিক্ষক - শিক্ষয়িত্ৰীৰ বাবে প্ৰত্যাহ্বান হৈ দেখা দিব।এই এপচটোৱে বহুতো শিক্ষকৰ জীৱন নৰকলৈ ৰূপান্তৰিত কৰিব।মানসিক শক্তি হ্ৰাস কৰিব।

তাৰেই  কেইটামান কাৰক হ'ল---


  ক) প্ৰায় ত্ৰিশ শতংশ বয়োজ্যেষ্ঠ শিক্ষকে এনড্ৰ'ইড মোবাইল ব্যৱহাৰ কৰিব নাজানে।যাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিও,বহুত শিক্ষক অনুপস্থিত বুলি দেখুৱাব।

খ) এজনীয়া বিদ্যালয়সমূহত শিক্ষকজনে কেৱল এই ফ'টো কেপচাৰ কৰি থাকোতেই অধিক সময় অতিবাহিত হ'ব।প্ৰায়বোৰ এজনীয়া বিদ্যালয়ত এশ বা শতাধিক ছাত্ৰ ছাত্ৰীৰ খতিয়ান এজন শিক্ষকে ডিজিটেলি দিয়াটো অসুবিধাজনক হ'ব।শিক্ষাদানতকৈ চাকৰি বচোৱাৰ গুৰুত্ব বাঢ়িব।

গ) চৰ - চাপৰি বা দূৰ্গম অঞ্চলসমূহত কৰ্মৰত শিক্ষকসকল নগৰ বা নগৰৰ উপকন্ঠ অঞ্চলত ভাড়াঘৰত থাকে। সেইসকল শিক্ষকৰ ক্ষেত্ৰত প্ৰাকৃতিক দূৰ্যোগ, জটিল যাতায়ত ব্যৱস্থাৰ বাবে ন বজাত বিদ্যালয়ত উপস্থিত হোৱাটো অসম্ভৱ হ'ব। কিয়নো সেই দূৰ্গম অঞ্চলসমূহত বিদ্যালয়ৰ কাষতে থাকিব পৰাকৈ ভাড়াঘৰ  পোৱা নাযায়।চৰকাৰে চৰকাৰী আৱাসস্থান  বা কেম্পৰ ব্যৱস্থা কৰি দিয়ালৈকে এইসকল শিক্ষক সদায়েই অনুপস্থিত বুলি বিবেচিত হ'ব।

ঘ) চৰ চাপৰি অঞ্চলত চৰকাৰে কিৱা ব্যৱস্থা কৰিলেয়ো,সেই গৰাকী শিক্ষকৰ বাহিৰৰ জগতৰ সৈতে কোনো সম্পৰ্ক নাথাকিব।কাৰণ সেই অঞ্চলবিলাকত নে'টৱৰ্ক নাথাকে।বিজুলী নাই।মুঠতে তেওঁৰ মানসিক বন্দিত্ব আৰম্ভ হ'ব।মানসিক বন্দিত্বই বহুতো শিক্ষকৰ সেৱাত প্ৰভাৱ পেলাব।

ঙ) প্ৰধান শিক্ষকসকলে দিনটোৰ চৌব্বিশ ঘন্টাত পঁ‌চিশটা কাম কৰিব লাগে। চৰ অঞ্চলসমূহত মোবাইলৰ নেটৱৰ্ক একেবাৰে পোৱা নাযায়। এইক্ষেত্ৰত চৰ অঞ্চলত থাকিব লগা হ'লে বিভাগীয় তথ্য সমূহত আদান  প্ৰদান কৰা অসম্ভৱ হৈ পৰিব।

চ) যোৱাটো বৰ্ষত বিদ্যালয় সূহত চ'লাৰ ব্যৱস্থা  কৰিছিল প্ৰশাসনে। কিন্তু  কিছু সংখ্যক বিদ্যালয় বেটাৰী ,ইনভাৰ্টাৰ চুৰি হৈ গ'ল।সূদীৰ্ঘ সময় ব্যৱহাৰ নকৰা বাবে কিছু বিদ্যালয়ৰ বেটাৰী ,মেছিন বেয়া হৈছে। এনে ক্ষেত্ৰত পোহৰৰ ব্যৱস্থা নথকাত থকাটো অসম্ভৱ হ'ব।

  কেৱল এয়াই নহয়, আৰু বহুত কাৰক আছে। কিন্তু এই কথাবোৰ চিন্তা কৰিব কোনে ? দিছপুৰ বা কাহিলীপাৰাৰ বাতানুকুল কোঠাত অনেক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি।কিন্তু সেয়া কাৰ্য্যত শূন্য হয়গৈ। অসমৰ বৈচিত্ৰ্যময় ভৌগোলিক জ্ঞান সন্মুখত নাৰাখি এনেদৰে যিবোৰ আঁ‌চনি প্ৰস্তুত হয়,সেই আঁ‌চনিবোৰ বেছি দিন নাথাকে।কিন্তু এই অদ্ভুত আঁ‌চনিবোৰে প্ৰমাণ কৰে অসম চৰকাৰ আৰু এই চৰকাৰৰ বৰমূৰীয়াসকলৰ শিক্ষকৰ প্ৰতি থকা চৰম বিদ্বেষৰ কথা। পূৰ্বতেও অনেক আঁ‌চনিয়ে শিক্ষকক দুৰ্বল কৰিব চেষ্টা কৰিছিল,ঈৰ্ষাপৰায়ণ মানসিকতা ব্যৰ্থ হৈছিল,এইবাৰো তেনেই হ'ব।শিক্ষকক মানসিক চাপ দিয়াৰ ফল লাভদায়ক কেতিয়াও নহয়।মানসিক চাপে শিক্ষকসকলৰ পবিত্ৰসেৱাত বাধা হ'ব পাৰে,কিন্তু আমাৰ অনুৰোধ মহান গুৰুসকললৈ---বৈশ্যতা স্বীকাৰ নকৰিব, নিজৰ নিজৰ স্বকীয় কৰ্মেৰে নিজৰ পৰিচয় দিয়ক আৰু উজলি উঠক।


দিবাকৰ ৰেণু

ফোনঃ৮৬৩৮১৪৩৮১৫

———————————————

ভাৰত গৌৰৱ আনন্দৰাম বৰুৱা

পৰেশ বৈশ্য

           ভাৰত গৌৰৱ আনন্দৰাম বৰুৱা আছিল শ্ৰেষ্ঠ অসমীয়াসকলৰ  অন্যতম। তেখেত আছিল এজন অসাধাৰণ ব্যক্তি। অসাধাৰণভাৱে কৃতীমান ছাত্ৰ আছিল‌ আনন্দৰাম বৰুৱা। তেখেত আছিল একেধাৰে এগৰাকী  বৰেণ্য আৰু বিদগ্ধ সংস্কৃত পণ্ডিত আৰু একনিষ্ঠ গৱেষক। তেখেত সমগ্ৰ অসমবাসীয়ে গৌৰৱ কৰিব পৰা এগৰাকী অসমীয়া। আনন্দৰাম বৰুৱা আছিল প্ৰথমজন অসমীয়া স্নাতক, প্ৰথমজন অসমীয়া বাৰ- এট- ল, ভাৰতীয় প্ৰশাসনিক সেৱাৰ সদস্য হোৱা প্ৰথমজন অসমীয়া । আই.চি. এছ হিচাপে যোগদান কৰা প্ৰথম পাঁচজন ভাৰতীয়ৰ আনন্দৰাম বৰুৱা আছিল অন্যতম। আনহাতে বৃটিছ শাসন কালত এখন সমগ্ৰ জিলাৰ প্ৰশাসনীয় মুৰব্বী হোৱা  বৰুৱা আছিল প্ৰথমজন ভাৰতীয়। আকৌ ভৱভূতিৰ 'মহাৱীৰচৰিত' ৰ ভাষ্য লিখোঁতা হিচাপে আনন্দৰাম বৰুৱা হ'ল প্ৰথমজন ভাৰতীয় পণ্ডিত। আনহাতে 'নানাৰ্থসংগ্ৰহ' ৰ ৰচয়িতা বৰুৱা হ'ল পৃথিৱীৰ ভিতৰত প্ৰথমজন সংস্কৃত শব্দকোষকাৰ।

    নিজকে প্ৰাগজ্যোতিষপুৰত আৰু লৌহিত্যৰ পাৰত জন্মা বুলি গৌৰৱ কৰা আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল  1850 চনৰ 21 মেত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত। 1889 চনৰ 19 জানুৱাৰীত তেখেতে ইহলীলা সম্বৰণ কৰে। গতিকে তেখেতে মাত্ৰ   আঠত্ৰিশ  বছৰ   আঠ মাহ জীয়াই আছিল। কনৌজৰ পৰা অহা দুৰ্গাচৰণ বসুৰ বংশধৰ আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ  নাম আছিল ক্ৰমে গৰ্গৰাম বৰুৱা আৰু দুৰ্লভেশ্বৰী বৰুৱানী। ইংৰাজ  আমোলত আনন্দৰাম বৰুৱাৰ বাপেক বৃটিছ প্ৰশাসনৰ সদৰামীন আছিল।

   আনন্দৰাম বৰুৱাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত। বিদ্যালয়ত আনুষ্ঠানিক ভাৱে নাম লিখাৰ পূৰ্বেই  গৰ্গৰাম বৰুৱাই নিজৰ ল'ৰাকেইজনক ঘৰতে সংস্কৃত শিকাবৰ বাবে  মৰোৱাৰ সংস্কৃত পণ্ডিত হৰগোবিন্দ শৰ্মা আৰু পিছত  কালিকান্ত শৰ্মাক ঘৰুৱা শিক্ষক হিচাপে নিয়োগ কৰিছিল।এই দুজন শিক্ষকৰ তত্বাৱধানত আনন্দৰাম বৰুৱাই সংস্কৃত ব্যাকৰণ আৰু অভিধানৰ জ্ঞান লাভ কৰিছিল আৰু অসমকোষখন মুখস্থ কৰি পেলাইছিল।পিছত  গৰ্গৰাম বৰুৱাই সদৰামীন হিচাপে গোৱালপাৰাত থাকিব লগীয়া হোৱাত আনন্দৰাম বৰুৱায়ো তাতেই বিদ্যালয়ত নামভৰ্তি কৰে।1863 চনত বাপেকে চাকৰিৰ পৰা অৱসৰ লোৱাত তেওঁক গুৱাহাটীৰ গৌহাটী চেমিনাৰীত নামভৰ্তি কৰি দিয়ে। সেই বিদ্যালয়ৰ পৰাই তেওঁ 1864 চনত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়।পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতালৈ যায় আৰু প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰে। 1866 চনত তাৰ পৰা তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি এফ. এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডাফ স্কলাৰশ্বিপ লাভ কৰে। একেখন কলেজৰ পৰাই তেওঁ 1869 চধত প্ৰথম শ্ৰেণীৰ তৃতীয় লাভ কৰি বি.এ পাছ কৰে। পিছত তেওঁ  ষ্টেট অ'ভাৰচিজ স্কলাৰশ্বিপ আৰু গিলখ্ৰাইষ্ট স্কলাৰশ্বিপ  লৈ লণ্ডনৰ  চিভিল  ছাৰ্ভিছ প্ৰশিক্ষণ অনুষ্ঠানত নামভৰ্তি কৰে আৰু একে সময়তে বিজ্ঞানৰ স্নাতক হ'বৰ বাবে আৰু আইনৰ উপাধি ল'বৰ  বাবে ক্ৰমে লণ্ডন বিশ্ববিদ্যালয় আৰু মিডল  টেম্পলত নাম লিখোৱায়। 1870 চনত আই.চি.এছ পৰীক্ষাৰ প্ৰথম বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ 1972 চনত চূড়ান্ত পৰীক্ষাত বহে। তেওঁ আই.চি.এছ চূড়ান্ত পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰে। তেওঁৱেই হ'ল আই.চি.এছ পোৱা পঞ্চম জন ভাৰতীয়।

      চিভিলিয়ান বৰুৱাই 1872 চনত ভাৰতলৈ ঘূৰি আহে। তেওঁ প্ৰথমতে চিভিলিয়ান হিচাপে অসমত সেৱা আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে। সেই অনুসৰি 1872 চনৰ 11 ডিছেম্বৰত তেওঁ শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰে।ইয়াত 17 মাহ থাকি তেওঁ  1884 চনত বংগদেশ লৈ বদলি হৈ যায়।  চিভিলিয়ান হিচাপে তেখেতে  ষোল্ল  বছৰ এমাহ আঠ দিন কাৰ্য নিৰ্বাহ কৰিছিল।তাৰে প্ৰায় চৈধ্য বছৰ তেওঁ বংগদেশত কটাইছিল।

    শিৱসাগৰত যোগদানৰ বাবে তেওঁ কলকাতাৰ পৰা জাহাজেৰে আহে আৰু উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত কেইদিনমান কটায়।  বাপেক তেওঁক তাত তম্বু তৰি দিছিল। বিদেশৰ পৰা অহা বাবে বাপেক আৰু আত্মীয়ই বৰুৱাক পায়শ্চিত্ত কৰি স্ব-গৃহলৈ আদৰিব বিচাৰিছিল যদিও  তেওঁ মান্তি নহ'ল।আনকি বাপেকে তেওঁক সোনকালে বিয়া কৰাবলৈ দিয়া প্ৰস্তাৱো তেওঁ গ্ৰহণ নকৰিলে।  1884 চনত শিৱসাগৰ এৰাৰ পিছত তেওঁ আৰু কেতিয়াও অসমলৈ অহা নাছিল।আনকি তেওঁ ঘৰৰ আত্মীয় সকলৰ বিপদৰ সময়তো অহা  নাছিল।সেয়ে বহুতে তেওঁৰ অসমপ্ৰীতিক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তাৰ উত্তৰত আনন্দৰাম বৰুৱাই কৈছিল: "Whatever I do for own common motherland India wil be shared in due course by my own Assamese fellow country men who form an essential factor of greater Indian brotherhood."

     আনন্দৰাম বৰুৱাৰ প্ৰায় ষোল্ল বছৰীয়া চাকৰি কালটো আছিল সংস্কৃত চৰ্চাৰ স্বৰ্ণিল কাল।এই সময়ছোৱাতেই তেওঁ সাৰস্বত জগতলৈ তেৰখন মূল্যবান গ্ৰন্থ উপহাৰ দি থৈ গৈছে। তেখেতৰ প্ৰতিখন গ্ৰন্থতে আছে অতুলনীয় পাণ্ডিত্যৰ চানেকি। ভাৰতীয় আৰু ইউৰোপীয় সাহিত্যৰ সম্পৰ্ক বিষয়ক ভালেমান সিদ্ধান্ত এই গ্ৰন্থ সমূহত দিয়া হৈছে। তেখেতে  সকলো সাহিত্য- কৰ্ম আৰু গৱেষণা সংস্কৃত আৰু ইংৰাজী ভাষাত কৰিছিল। তেওঁ অসমীয়া ভাষাত কোনো গ্ৰন্থ ৰচনা কৰা নাই। 

      এগৰাকী আভিধানিক হিচাপে তেওঁ পাঁচ খন শব্দকোষ সংকলন কৰে। সেই সমূহ হ'ল  A Practical  English -Sanskrit  Dictionary, নানাৰ্থসংগ্ৰহ, নামলিংগানুশাসন, ধাতুবৃত্তিসাৰ আৰু ধাতুকোষ। তেখেতে Higher Sanskrit Grammar খন লিখি বিশ্বত খ্যাতি অৰ্জন কৰে।এজন ভাৰতীয় সংস্কৃত পণ্ডিতে ইংৰাজী ভাষাত ৰচনা কৰা এইখনেই প্ৰথম সংস্কৃত ব্যাকৰণ। ভাষ্যকাৰ হিচাপে তেওঁ ভৱভূতিৰ মহাৱীৰচৰিত  সম্পাদনা কৰে। আমি আনন্দৰাম বৰুৱাক এগৰাকী সমালোচক হিচাপেও বিচাৰি পাওঁ। বিশেষকৈ ভৱভূতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ স্থান, জানকীৰামভাষ্যৰ সৈতে ভৱভূতিৰ মহাৱীৰচৰিত, সংস্কৃত ধ্ৰুপদী সাহিত্যৰ পৰা নিৰ্বাচিত পাঠ আদি তেখেতৰ সমালোচনা মূলক গ্ৰন্থ। বৰুৱাই কেইখনমানৰ সম্পূৰ্ণ আৰু কেইখনমানৰ আংশিকভাৱে মুঠ এঘাৰখন গ্ৰন্থৰ পাঠ সমীক্ষা কৰি নিজকে পাঠ - সমীক্ষক হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।তাৰে এখন নাটক আৰু বাকী দহখন ছন্দ শাস্ত্ৰ, অলংকাৰ শাস্ত্ৰ আৰু শব্দকোষ। বৰুৱাই কেৱল পাঠ উদ্ধাৰ কৰি প্ৰকাশ‌ কৰা বাবে সংস্কৃত পাঠ সম্পাদনাৰ কাম হাতত লোৱা নাছিল। তেওঁ পাঠ অধ্যয়ন কৰা গ্ৰন্থ সমূহৰ ভিতৰত পিঙ্গলসূত্ৰ, শৌনিকৰ প্ৰাতিশাখ্য,কেদাৰভট্টৰ আগ্নেয়াশ্ছন্দসাৰ, নাৰায়ণ ভট্টৰ টীকাৰ সৈতে বৃত্তৰত্নাকৰ, ভৱভূতিৰ মহাৱীৰচৰিত উল্লেখযোগ্য।এই গ্ৰন্থকেইখনৰ পাঠ বিশেষ তেখেতৰ Prosody ত সংকলিত হৈছে।আনহাতে পাঠ অধ্যয়ন কৰা তেখেতৰ অলংকাৰ শাস্ত্ৰ সমূহ হ'ল কাব্যালংকাৰসূত্ৰবৃত্তি, ৱাগভট্ট অলংকাৰ, সৰস্বতীকণ্ঠাভৰণ, নামলিংগানুশাসনৰ এটা অংশৰ পাঠ টীকা আৰু ননাৰ্থসংগ্ৰহ ইত্যাদি।

     তেখেতে ইংৰাজী সংস্কৃত অভিধানৰ তৃতীয় খণ্ডত "On the Ancient Geography of India: Geographical Names Rendered in Sanskrit " নামৰ এখনি মূল্যবান ৰচনা   সংযোগ কৰি থৈ গৈছে। পিছত অসম প্ৰকাশন পৰিষদে সেইখন Ancient Geography of India নামেৰে প্ৰকাশ কৰিছে।

     আনন্দৰাম বৰুৱাই কলকাতাত থকা সময়ত বাগবাজাৰত এটা আৰু বেহামপুৰত  আন এটা ঘৰ কিনিছিল। তেওঁৰ ব্যাকৰণৰ কামবোৰ ক্ষিপ্ৰ ভাৱে কৰিবলৈ বাগবাজাৰৰ ঘৰটোত  অকালতে বিয়োগ হোৱা তেওঁৰ সৰু ভায়েকৰ স্মৃতিত' মণিৰাম যন্ত্ৰ 'নামৰ এটি ছপাশাল পাতে আৰু বেহামপুৰৰ ঘৰটোত 'অৰুণোদয় যন্ত্ৰ 'নামৰ আন এটা ছপাশাল পাতে। তেওঁ চাকৰিত থাকোঁতে 1881 চনত দুবছৰৰ বাবে ফাৰ্ল ছুটী লৈ পুনৰ ইংলণ্ডলৈ যায়। তাৰ বিভিন্ন পুথিভঁৰালৰ পৰা তেওঁ ব্যাকৰণৰ বিভিন্ন তথ্য সংগ্ৰহ কৰে। তেওঁ ছুটীৰ সময়চোৱাত বেনাৰসৰ চৰকাৰী বা বেচৰকাৰী পুথিভঁৰালবোৰৰ পৰাও ব্যাকৰণৰ ভালেমান সমল সংগ্ৰহ কৰে।1886  চনতো তেওঁ ব্যাকৰণ ৰচনাৰ কামত তিনি মাহ ছুটী ল'ব লগা হৈছিল। আনকি আনন্দৰাম বৰুৱাই বিভিন্ন ঠাইৰ বিদ্বান পণ্ডিত সকলক নিজৰ ঘৰলৈ  আমন্ত্ৰণ কৰি আনি সংস্কৃত ভাষা বিষয়ক  চৰ্চা কৰিছিল।

       বংগদেশত চিভিলিয়ান হিচাপে কাম কৰা সময়চোৱাত তেওঁ ভালেমান প্ৰজা হিতকৰ কাম কৰিছিল। তেওঁ নোৱাখালিত থকা সময়চোৱাত জনসাধাৰণৰ জীৱন প্ৰণালী উন্নত কৰাৰ কাৰণে বহুতো পদক্ষেপ লয়। বংগদেশত মহিলাৰ শিক্ষাৰ বাবেও তেওঁ ব্যৱস্থা লৈছিল।

       1888 চনত হঠাৎ  আনন্দ ৰাম বৰুৱাক পক্ষাঘাত ৰোগে আক্ৰমণ কৰে। প্ৰথমতে তেওঁ নোৱাখালিতে চিকিৎসা কৰে যদিও পিছত  বন্ধু তাৰকনাথ পালিতে বৰুৱাক পালিতৰ কলকাতাৰ ঘৰত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰে। কিন্তু কিছু দিন পিছত বৰুৱাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। 1889 চনৰ 19 জানুৱাৰী, শুকুৰবাৰে তেওঁৰ কলকাতা মৃত্যু হয়। কলকাতাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আজি আনন্দৰাম বৰুৱা আমাৰ মাজত নাই কিন্তু তেখেতৰ অক্ষয় কৃতি সদায়  অম্লান হৈ থাকিব।


লেখক-দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ।

ফোন নম্বৰ:98592 63973

———————————————————

বৰাক উপত্যকাৰ খিলঞ্জীয়া অসমীয়া

অজন্তা চৌধুৰী 

(যোৱা সংখ্যাৰ পাছৰ পৰা )

কোচ ৰজাৰ ৰাজধানী ক্ৰমে খাচপুৰৰ পৰা স্থানান্তৰিত হৈ দুধপাতিললৈ যায় ,দুধপাতিলৰ পৰাহৰিটিক ,হৰিটিকৰ পৰা লাতু। লাতুত বৃটিছ  প্ৰতিনিধি ডেভিদ স্কটৰ লগত সন্ধি সাপনৰ জৰিয়তে কিছাৰ ৰাজ্য বৃটিছৰ কৰতলীয়া হয়  আৰু ১৮৩২ চনৰ পৰা কাছাৰ ৰাজ্য বৃটিছৰ দ্বাৰা শাসিত হয় ।

    ইংৰাজৰ হাতলৈ কাছাৰ ৰাজ্যৰ শাসনভাৰ যোৱাত বৰাক উপত্যকাৰ শেষ ৰজা গোবিন্দ চন্দ্ৰক ৰাজহ সংগ্ৰহৰ বাবদ খাজনা ৰচিদ প্ৰদান কৰিছিল ।ইয়াৰ পৰা কব পাৰি,ইংৰাজৰ ৰাজত্বকালত বৰাক উপত্যকাৰ ৰাজবংশী সম্প্ৰদায়ৰ লোকৰ মািৰ মালিকিস্বত্ব আছিল , যদিও খাজনাৰ ভয়ত নিজৰ দখলত থকা মাটিও নিজৰ নহয় বুলি কৈছিল ।১৮৯৮ চন মানত বৃটিছে বৰাক উপত্যকাত চাহ খেতি কৰিবলৈ মন মেলে আৰু তাৰ বাবে লাখ লাখ  বিঘা সাৰুৱা আৰু চাহ খেতিৰ উপযোগী মাটি ল’বলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত কোঁচ ৰাজবংশী আৰু অইন সম্প্ৰদায়ৰ খাজনা দি থকা মাটিও দখল কৰে ।শিলচৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত অৱস্থিত দেৱান গাওঁ।

     ১৮৯৮ চনত দেৱান চাহ কোম্পানীয়ে দেৱান গাঁৱত থকা কোঁচ - ৰাজবংশী লোকৰ শ শ বিঘা মাটি খাজনাৰ ৰচিদ দেখুওৱাৰ পাছতো দখল কৰাৰ ইতিবৃত্ত  বৰাক উপত্যকাৰ জাপিৰ বন্দ,লেবুৰবন্দ,থালীগ্ৰাম ,কালাইন,বিক্ৰমপুৰ আদি গাঁৱত থকা কোঁচ ৰাজবংশী লোকৰ মুখত শুনিবলৈ পোৱা যায় ।ইয়াৰ উপৰিও খাজনা বৃদ্ধি কৰাৰ বাবে পূৰ্ববংগৰ চিলেট (শ্ৰী হট্ট)ৰ বংগভাষী মানুহক কোঁচ ৰাজবংশী মানুহৰ মাটিত জোৰ জুলুম কৰি বহুৱাইছিল আৰু সহজ সৰল ৰাজবংশীলোকক নানা প্ৰলোভন দিও মাটি দখল কৰিছিল সময়ে সময়ে মাটিৰ দখল এৰুৱাবলৈ নানাসভা সমিতি, আবেদন নিবেদন কৰিছিল যদিও ইংৰাজে অইন জাতিৰ ওপৰত হস্তক্ষেপ কৰাৰ অভিযোগ আনি কঠোৰ হাতেৰে দমন  কৰিছিল ।এনেকৈয়ে খিলঞ্জীয়া ৰাজবংশীসকল ভূমিহীন হৈ নিশকতীয়া হৈ পৰিছিল ।

      ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত দেৱান চাহ কোম্পানী জয়শ্ৰী চাহ কোম্পানীয়ে কিনি লয় ।তাৰ পিচত দেৱিন গাঁৱৰ বাকী থকা মাটিখিনিও চাহ কোম্পানীয়ে নানা প্ৰলোভনেৰে নিজৰ হাতলৈ নিয়ে ।এতিয়াও কোম্পানীৰ লগত গাঁওৰ মাটি সম্পৰ্কীয় বিবাদ চলি আছে ।বাংলাদেশৰ লগত হোৱা যুদ্ধৰ ফলতো লাখ লাখ বাংলাদেশী মানুহ আহি মাটি দখল আৰম্ভ কৰে।তাতো বৰাক উপত্যকাৰ অসমীয়া ৰাজবংশী  মানুহৰ মাটি বঙ্গভাষী সকলৰ হাতলৈ যায় ।গতিকে, সময়ে সময়ে ৰাজবংশীসকলৰ মাটি দখল আৰু হস্তান্তৰ চলি থাকিল ।বৰাক উপত্যকাৰ অসমীয়া ৰাজবংশী মানুহৰ ভূমি সংৰক্ষনৰ ব্যৱস্থা নথকাৰ মূলতে হ'ল চৰকাৰৰ ভূমি উপদেষ্টা পৰিষদ কাৰণ এই পৰিষদত   অসমীয়া গাঁৱৰ এজনো প্ৰতিনিধি নাছিল ফলত পৰিষদৰ সিদ্ধান্তৰ বিষয়ে অসমীয়া মানুহখিনিয়ে জানিব পৰা নাছিল ।                                                                     চিলাৰায় দিগবিজয়ৰ সময়ত বহুতো কোচ বৰাক উপত্যকালৈ আহি  পৰৱৰ্তী সময়ত কাছাৰৰ বিভিন্ন ঠাইত বসবাস কৰিবলৈ লয় । পূৰ্বতে ৰাজবংশীসকল শিৱ আৰু শাক্ত ধৰ্মত বিশ্বাস কৰিছিল ।দেৱ - দেৱীৰ পূজা পাতল কৰাৰ কাৰণে বহুতো ব্ৰাহ্মণ কণৌজ আৰু ব্ৰহ্মদেশৰ পৰা আহি বৰাক উপত্যকাত বসবাস কৰে ।ৰজা গোঁহাই কমল দেৱ - দেৱীৰ পূজাত বিশ্বাসী আছিল। তেওঁৰ এই বিশ্বাস আৰু প্ৰজাৰ ইচ্ছা কাৰণে থলীগ্ৰাম টিলাত শ্ৰী শ্ৰী শ্যামা ঠাকুৰাণী ,উদাৰবন্দত শ্ৰী শ্ৰী আন্ধাৰী দেৱী মন্দিৰ,শ্ৰী শ্ৰী কাঁচাকান্তি মন্দিৰ,খাচপুৰত স্থাপন কৰিছিল। ৰাজবংশীসকলে নাৰায়ণ সেৱা ,লক্ষীপুজা,সৰস্বতী পূজা ,শিৱৰাত্ৰি আদি পালন কৰে ।এই সমাজত শৱ দাহ কৰা ,পুত্ৰই মূখাগ্নী কৰা আদি প্ৰথা বিৰাজমান ।কোঁচ -ৰাজবংশীসকল অতি প্ৰাচীন জনগোষ্ঠী হলেও তেওঁলোকৰ আচাৰ ব্যৱহাৰ , সংস্কৃতিত আৰ্য-অনাৰ্যৰ প্ৰভাব পৰা দেখা যায় ।বৰ্তমান কাছাৰ জিলাৰ এঘাৰখন গাঁওত কোঁচ-ৰাজবংশীলোকে বাস কৰে ।বৰাক উপত্যকাৰ কোচ -ৰাজবংশীবোৰক দুটা দিশত পোৱা যায় এটা হ'ল পাইলাপুৰ (লক্ষীপুৰ) দিশত আৰু আনটো উদাৰবন্দ অঞ্চল ।এই গাঁৱবোৰ হ'ল ঝাপিৰবন্দ, গড়েৰবন্দ,লেবুৰবন্দ,লাৰসিংপাৰ ,থালিগ্ৰাম,নাৰায়নপুৰ,দেওৱান,দিঘলী,হৰিনগৰ,লক্ষীচৰা ,আৰু একমাত্ৰ কোচ -ৰাজবংশী থকা গাঁওখন হ'ল গড়ৰভিতৰ ।

  ইয়াৰ গড়ৰভিতৰ আৰু দুই এখন গাঁওৰ লোকসকল মহাপুৰুষ শ্ৰীমন্ত শংকদেৱৰ 'এক শৰণ নাম ধৰ্ম' নীতি আদৰ্শেৰে অনুপ্ৰাণিত যদিও ইয়াৰ বাহিৰে বাকী সকলো মণিপুৰী সংস্কৃতিৰ সৈতে জড়িত আৰু পৰিচালিত ।তেওঁলোকৰ বিবাহ ,মৃতকৰ কৰ্ম সকলোবিলাক মণিপুৰী ৰীতি নীতিৰে সম্পন্ন হয় ।কোচ ৰাজবংশী সকলৰ লোক সাহিত্যৰ ভৰাঁল চহকী যদিও কুশান নৃত্য,গোয়ালিনী নৃত্য, সম্পন্ন হয়। কোচ ৰাজবংশী সকলৰ লোক সাহিত্যৰ ভঁৰাল চহকী কৰা কুশান নৃত্য, গোয়ালিনী নৃত্য, হাতী মাউতৰ গীত, মৈশাল গীত, নৃত্য গীত সমূহৰ প্ৰচলন এই উপত্যকাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ দেখা নাযায় ।সুদীৰ্ঘ বছৰ এই উপত্যকাতে বাস কৰি থকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোচ ৰাজবংশী সমাজৰ লগত সামাজিক সাংস্কৃতিক ভাৱে বিচ্ছিন্ন হৈ থকাতোইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ  ।তথাপি এই লোকসমাজ গীত ,নৃত্য,বাদ্য,লোকাচাৰ,লোকৰীতি,উৎসৱ পাৰ্বন আদিৰ ক্ষেএত যথেষ্ট সমৃদ্ধিশালী ।ৰাসলীলা ,খুপৈছা(হাত চাপৰি বজাই কৰা নৃত্য),ওমলা গীত ,ৰাসনৃত্য আদিৰ পৰম্পৰা দেখা পোৱা যায় ।                                                                     বৰ্তমান সময়ত অস্তমিত হবলৈ ধৰা জনগোষ্ঠীটোৰ অস্তিত্ব প্ৰায় সংকতৰ গৰাহত ।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ইমান বছৰ পাছতো বৰাক উপত্যকাৰ কোচ ৰাজবংশীসকলে ভাষাৰ ক্ষেত্ৰত,শিক্ষা বা সম্পত্তিৰ ক্ষেত্ৰত সম্পুৰ্ণ স্মাধীনতা  পাবলৈ সক্ষম হোৱা নাই ।হাড়ে হিমজুৱে অসমীয়াহৈ থাকিব খোজা,কৃষ্টি সংকৃতিৰ দিশত আগবঢ়া এই সকল লোক বিভিন্ন  কাৰণত শৈক্ষিক দিশত পিচপৰা ।মূখ্য কাৰণ হয়তো মাতৃভাষা শিক্ষাৰ সু ব্যবস্থা নথকা ।প্ৰাথমিক শিক্ষাৰ বাবে প্ৰাথমিক বিদ্যালয় আছে যদিও উচ্চ শিক্ষাৰ বাবে শিলচৰ চহৰৰ বাহিৰে আন কোনো আসমীয়া মাধ্যমৰ স্কুল নাই । বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰতিকুল পৰিৱেশত জীৱন অতিবাহিত কৰা বৰিক পৰীয়া অসমীয়া সমাজৰ অৱস্থা অতি দুখজনক ।অৰ্থনৈতিক দিশতো পিছপৰা এই সমাজ ।সকলো ধৰনৰ চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত এই সমাজৰ লোক সকলৰ জীৱন আৰু জীৱিকাৰ মানদণ্ড দিনক দিনে নিম্নৰ পৰা নিম্নতম লৈ গতি কৰিছে ।কোনোধৰনৰ চৰকাৰী অনুষ্ঠানন আদিত জনপ্ৰতিনিধি নথকাত মাত মতা মানুহৰ অভাৱ হৈছে ।অনাগত ভৱিষ্যতত যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অনুষ্ঠান ,সংগঠন আদিয়েএইসকল লোকৰ সামাজিক, অৰ্থনৈতিক,সাংস্কৃতিক আৰু বৌদ্ভিক দিশত সহায়ৰ হাত আগনবঢ়াই তেতিয়া হ'লে হয়তো এওঁ লোকৰ অস্তিত্ব আৰু অধিক অৱনতি ঘটিব।

———————————————————

অনাকটা কাপোৰ

          অনাকটা কাপোৰ কোনো অস্ত্ৰ শস্ত্ৰৰে নকটাকৈ তাঁতশালৰ পৰা   উলিয়াই অনা কাপোৰেই অনাকটা কাপোৰ। এই কাপোৰ তাতঁশালত এবাৰত মাত্ৰ এখনেই বোৱাটো‌ নিয়ম । সাধাৰণতে কাতি আৰু পুহ আৰু চ'ত মাহত মংগল ,শনি আৰু ৰবিবাৰে অমাবস্যা তিথিত এই কাপোৰৰ বাতি নাকাঢ়ে, কাপোৰো নহয়।উকা আৰু ফুলাম উভয়বিধ কাপোৰৰে প্ৰচলন আছে যদিও ফুলাম অনাকটাৰ প্ৰয়োগ প্ৰচূৰ হোৱা হোৱাৰ পিছত চাৰি বাতি (জাকি)ব' নকাটাকৈ শালৰ ওপৰতে উঘা অথবা চেৰেকীত লৈ কাপোৰখন উলিয়াই আনি এফালৰ ওলমি থকা 

দহিবোৰ চালে চকুৰোৱাকৈ  জালৰ দৰে গুঠি পেলাই। অসমীয়া সংস্কৃতিত  অনাকটা কাপোৰৰ স্হান‌ বিশিষ্ট। বিয়াৰ দিনা দৰা কইনাই অনাকটা "তেল পাতনি বস্ত্ৰ "পৰিধান কৰাটো এটা সাধাৰণ দস্তূৰ ।  

কইনাৰ চাদৰ অথবা শাৰী  আৰু দৰাৰ ধূতিৰ লগতে চেলেং চাদৰ 

সদাই অনাকটা হোৱা বাঞ্ছনীয়।কলৰ গুৰিত গা ধুই অনাকটা কাপোৰেৰে গা মচি লয়। ঘটত মেৰিয়াই থোৱা কাপোৰ খনো

অনাকটা। দৰা বৰণ  আৰু লগণগাঁঠি বন্ধা কামতো অনাকটা গামোচা 

ব্যৱহাৰ কৰা হয়। বিয়াৰ পিছদিনা কইনাই দৰাঘৰ গছকিবলৈ যাওতে

কলৰ গুৰিৰ দৰা  ঘৰলৈ যোৱা পথছোৱাত এখনি অনাকটা কাপোৰ পাৰি দিয়া হয়।

 প্ৰথম সন্তান সম্ভবা  বিবাহিত মহিলাক  অনাকটা বস্ত্ৰ নিদিলেই নহয়।

উত্তৰ কামৰূত এই কাপোৰখনক আকল বুলি কোৱা হয়। নৱজাতকৰ গাত দিয়া প্ৰথমখন বিহুৱান  সৰ্বদা অনাকটা হোৱা বাঞ্ছনীয়। শিশুৰ অন্ন প্ৰসন্ন,কান বিন্ধোৱা প্ৰভৃতি অনুষ্ঠান বোৰতো অনাকটা অতি জৰুৰী।কিছূ কিছু ঠাইত গীতা ভাগৱত পঢ়াৰ সময়তো চটাই বা বালিত অনাকটা কাপোৰ পাৰি দি পাঠকক বহিবলৈ দিয়া টৌ  নিয়ম।

আমাৰ এই অনাকটা কাপোৰৰ আদৰ আমাৰ ভবিষ্যত প্ৰজন্মৰ মাজত জীয়াই ৰাখো আহক...

                                                          সংগ্ৰহ

ভূমিকা দাস

গুৱাহাটী

———————————————————

সংস্কৃত শিকাৰ সহজ পাঠ -৩

চিন্ময়ী দাস

(আগৰ সংখ্যাৰ পৰা ...)

       সংস্কৃত ভাষাত সংযুক্ত আখৰৰ ব্যৱহাৰ অতি বেছি । সংস্কৃত ভাষা ভালদৰে পঢ়িবলৈ আৰু ক'বলৈ হ'লে সংস্কৃত ভাষাৰ যুক্তাক্ষৰবোৰ ভালকৈ জানিব লাগিব । তেতিয়াহে সংস্কৃত সঠিককৈ ক'ব আৰু পঢ়িবলৈ পৰা যাব ।  তলত সংস্কৃত ভাষাৰ সংযুক্ত বৰ্ণসমূহ আৰু ইয়াৰ ব্যৱহৃত শব্দ দিয়া হʼল -


১) 'क' (ক) ৰ সংযুক্ত আখৰবোৰ - 

 _ + क

क् + क = क्क        कुक्कुटः  (কুক্কুট :)

ङ् + क = ङ्क       अङ्कुरः (অঙ্কুৰ:)

च् + क = च्क        साच्कः (সাচ্ক:)

त् + क = त्क        फूत्कारः (ফুত্কাৰ:)

र् + क = र्क          अर्कः (অৰ্ক:)

ल्  + क = ल्क      शुल्कः (শুক্ল:)

ष् + क = ष्क        चतुष्कोणः (চতুষ্কোণ:)

स् + क = स्क       स्कन्धः (স্কন্ধ:)


২) 'ख' (খ) ৰ সংযুক্ত আখৰবোৰ -

_  + ख

क् + ख = क्ख        चक्ख्नतुः (চক্খ্নতু:)

ङ् + ख = ङ्ख        श्रृङ्खला (শৃঙ্খলা)

त् + ख = त्ख          उत्खननम् (উত্খননম্)

स् + ख = स्ख         स्खलनम् (স্খলনম্)


৩) 'ग' (গ) ৰ সংযুক্ত আখৰবোৰ - 

_  + ग 

ग्  + ग = ग्ग         गुग्गुलः (গুগ্গুল:)

ङ् + ग = ङ्ग          अङ्गम् (অঙ্গম্)

ड् + ग = ड्ग         खड्गः (খঙ্গ:)

द् + ग = द्ग            मुद्गः (মুদ্গ:)

र् + ग = र्ग            मार्गः (মাৰ্গ:)

ल् + ग = ल्ग         फाल्गुनः (ফাল্গুন:)


৪) 'घ' (ঘ) ৰ সংযুক্ত আখৰবোৰ -

_ + घ

ङ् + घ = ङ्घ        सङ्घः (সঙ্ঘ:)

द् + घ = द्घ           उद्घाटनं (উদ্ঘাটন্)

र् + घ = र्घ            महार्घः (মহাৰ্ঘ:)


৫) 'च' (চ) ৰ সংযুক্ত আখৰবোৰ - 

_ + च

च् + च = च्च          उच्चः (উচ্চ:)

ञ् + च = ञ्च         अञ्चलम् (অঞ্চলম্)

र् + च = र्च             अर्चकः (অৰ্চক:)

श् + च = श्च            पश्चात् (পশ্চাত্)


৬) 'छ' (ছ) ৰ সংযুক্ত আখৰবোৰ -

_ + छ

च् + छ = च्छ            इच्छा (ইচ্ছা)

ञ् + छ = ञ्छ           वाञ्छा (বাঞ্চা)

र् + छ = र्छ              मूर्छा (মূৰ্ছা)


৭) 'ज' (জ) ৰ সংযুক্ত আখৰবোৰ -

_ + ज

ज् + ज = ज्ज          सज्जः (সজ্জ:)

ञ् + ज = ञ्ज          अञ्जः (অঞ্জ:)

ड् + ज = ड्ज           षड्जः (ষড্জ:)

ब् + ज =  ब्ज            कुब्जः (কূব্জ)

र् + ज =   र्ज              गर्जः (গৰ্জ:)


৮) 'झ' (ঝ) ৰ সংযুক্ত আখৰবোৰ -

_ + झ

ज् + झ = ज्झ            अज्झति (অজ্ঝতি)

ञ् + झ = ञ्झ            झञ्झावात (ঝঞ্ঝাবাত)

र् + झ = र्झ               निर्झरः (নিৰ্ঝাৰ:)


৯) 'ञ' (ঞ) ৰ সংযুক্ত আখৰবোৰ -

_ + ञ

च् + ञ = च्ञ             याच्ञा (যাচ্ঞা)

ज् + ञ = ज्ञ               ज्ञानं (জ্ঞান্)

১০) 'ट' (ট) ৰ সংযুক্ত আখৰবোৰ -

_ + ट

ट् + ट = ट्ट                 अट्टः (অট্ট:)

ण् + ट = ण्ट              घण्टः (ঘণ্ট:)

प् + ट = प्ट               आप्टे (আপ্টে)

ष् + ट = ष्ट                यष्टिः (যষ্টি)


১১) 'ठ' (ঠ) ৰ সংযুক্ত আখৰবোৰ -

_ + ठ

ठ् + ठ = ठ्ठ                विठ्ठलः  (বিট্ঠল:)

ण् + ठ = ण्ठ             उत्कण्ठा (উত্কণ্ঠা)

ष् + ठ =  ष्ठ              षष्ठः (ষষ্ঠ:)


১২) 'ड' (ড) ৰ সংযুক্ত আখৰবোৰ -

_ + ड

ड् + ड =                   उड्डाण (উড্ডাণ)

ण् + ड = ण्ड              गण्डः (গণ্ড:)

 

১৩) 'ढ' (ঢ) ৰ সংযুক্ত আখৰবোৰ -

_ + ढ

ड् + ढ = ड्ढ                शिण्ड्ढि (শিণ্ড্ঢি)

ण् + ढ = ण्ढ              षण्ढम् (ষণ্ঢম্)


১৪) 'ण' (ণ) ৰ সংযুক্ত আখৰবোৰ -

_ + ण

ण् + ण = ण्ण              विषण्णाः (বিষ্ণ্ণা:)

र्  + ण = र्ण                 ऊर्ण (ঊৰ্ণ)

ष् + ण = ष्ण               उष्णः (উষ্ণ:)


১৫) 'त' (ত) ৰ সংযুক্ত আখৰবোৰ -

_ + त

क् + त = क्त                सूक्तं (সুক্ত্)

त् + त = त्त                 उत्तमः (উত্তম:)

न् + त = न्त                वृन्तम् (বৃন্তম্)

प् + त = प्त                सप्तमी (সপ্তমী)

र् + त = र्त                  गर्तः (গৰ্ত:)

स् + त = स्त               पुस्तकालय (পুস্তকালয়)


১৬) 'थ' (থ) ৰ সংযুক্ত আখৰবোৰ -

_ + थ 

त् + थ = त्थ                उत्थाय (উত্থায়)

न् + थ = न्थ                मन्थनम (মন্থনম)

र् + थ = र्थ                   अर्थः (অৰ্থ:)

स् + थ = स्थ                स्थित (স্থিত)


১৭) 'द' (দ) ৰ সংযুক্ত আখৰবোৰ -

_ + द

द + द = द्द                   उद्देशः (উদ্দেশ্য:)

न् + द = न्द                आनन्दः (আনন্দ:)

ब् + द = ब्द                 शब्दः (শব্দ:)

र् + द = र्द                   कूर्दते (কুৰ্দতে)


১৮) 'ध' (ধ) ৰ সংযুক্ত আখৰবোৰ -

_ + ध

ग् + ध = ग्ध                 दुग्धः (দুগ্ধ:)

द् + ध = द्ध                  शुद्धं (শুদ্ধ্)

न् + ध = न्ध                सुगन्धः (সুগন্ধ:)

ब् + ध = ब्ध                 क्षुब्धः (ক্ষুব্ধ:)

र् + ध = र्ध                   अर्धः (অৰ্ধ:)


১৯) 'न' (ন) ৰ সংযুক্ত আখৰবোৰ -

_ + न

क् + न = क्न               शक्नुवन्ति (শক্নুবন্তি)

ख् + न = ख्न               चक्ख्नतुः (চক্খ্নতু:)

त् + न = त्न                  रत्नं (ৰত্নং)

ध् + न = ध्न                 बध्नाति (ৰধ্নাতি)

न् + न = न्न                   अन्नम् (অন্নম্)

प् + न = प्न                  आप्नोति (আপ্নোতি)

म् + न = म्न                आम्नायाः (আম্নায়া:)

स् + न = स्न                स्नानं (স্নানং)

ह् + न = ह्न                  चिह्नः (চিহ্ন:)


২০) 'प' (প) ৰ সংযুক্ত আখৰবোৰ -

_ + प

त् + प = त्प                  उत्पत्तिः (উৎপত্তি:)

प् + प = प्प                  पिप्पली (পিপ্পলী)

म् + प = म्प                  परम्परा (পৰম্পৰা)

र् + प = र्प                     सर्पः (সৰ্প:)

ल् + प = ल्प                अल्पाहारः (অল্পাহাৰ:)

स् + प = स्प                 स्पन्दना: (স্পন্দনা:)

ष् + प = ष्प                  पुष्पं (পুষ্পং)


২১) 'फ' (ফ) ৰ সংযুক্ত আখৰবোৰ -

_ + फ

त् + फ = त्फ                अत्फणः (অত্ফণ:)

म् + फ = म्फ                गुम्फ (গুম্ফ)

ल् + फ = ल्फ                गुल्फः (গুল্ফ:)

स् + फ = स्फ              स्फटिकः (স্ফটিক:)

 

২২) 'ब' (ব) ৰ সংযুক্ত আখৰবোৰ -

_ + ब

द् + ब = द्ब                    उद्बाहुः (উদ্বাহূ:)

म् + ब = म्ब                   लम्बः (লম্ব:)

र् + ब = र्ब                    दुर्बलः (দূৰ্বল:)


(আগলৈ ....)

চিন্ময়ী দাস

কামৰূপ 

ফোন - ৮৪৭৪৮২৫৩১১

———————————————————

                    নষ্টালজিয়া 

ডাঙৰ কচুপাতৰ  তলত এজাকমান ল’ৰাছোৱালীৰ স্কুল যাত্ৰা

ড° অৰ্চনা পূজাৰী 


    শৈশৱ অ’ মোৰ সোণালী শৈশৱ , কিদৰে পাহৰো তোক ? প্ৰাইমেৰী স্কুলৰ সেইদিনবোৰত ছাতি , স্কুল বেগ ৷টিফিনৰ চিন্তা কৰিবলৈ আমাৰ সুবিধাও নাছিল। অৱকাশো নাছিল ৷আমাৰ টিফিন হ’ল কোনোবাই বাৰীৰ পৰা নিয়া সৰু সৰু খেজুৰ, অঞ্জনা নামৰ বান্ধৱীজনীয়ে মোলৈ নিয়া জাহাজী কল, স্কুলৰ পৰা উভতি আহোতে কাৰোবাৰ বাৰীত পেৰি থকা কুঁহিয়াৰ , জামু, লেটেকু ,পণিয়ল  আমৰ দিনত আম  আদিয়েই আছিল ৷যাৰ বাৰীত যি ফল আছিল সেইবোৰৰ সকলোৱে ভাগ পাইছিল। আজিৰ দৰে আমাৰ বাবে হটকেচৰ গৰম ভাতৰ ব্যৱস্থা নাছিল ৷স্কুলৰ পৰা ভোকে-পিয়াহে আহি মজিয়াত সজাই থোৱা ঠাণ্ডা ভাত ঢাকোন গুচাই আমিবোৰে গোগ্ৰাসে খাইছিলো৷আমাৰ বাবে  বৰষুণৰ দিনবোৰ  বৰ ভাল লগা আছিল। সেউজীয়া পথাৰৰ মাজে মাজে যোৱা আলিটোৰে আমি স্কুল লৈ অহাযোৱা কৰোতে বৰষুণ দিলেতো বোকাৰে লুতুৰিপুতুৰি হৈছিলো ৷ভিজা কাপোৰেই স্কুল শেষ কৰিছিলোঁ৷সেইবোৰ আজি কালি ভাবিব নোৱৰা কথা ৷ আমাৰ চুবুৰিত আমাৰ ঘৰত এটা ডাঙৰ ছাতি আছিল ৷সেই ছাতিটো ভন্টীয়ে লৈ চুবুৰিৰ সকলোকি ৰিঙিয়াই মাতিছিল ৷লগে লগে বুকুত ফলি পুথি হেঁচি( সেইদিনবোৰত বেগত কিতাপ নিবলৈ কাৰো বেগ নাছিল)  সকলো আহি ছাতিটোৰ তলত সমবেত হৈছিল ৷আৰু আমি স্কুললৈ যাত্ৰা কৰিছিলোঁ ৷সেয়ে বেছি ভাগেই তিতিছিলোঁ৷

সকলোৱে বৰষুণৰ পৰা কিতাপখিনি বচাবলৈহে চেষ্টা কৰিছিল।

   বহুকেইজনে  ডাঙৰ কচুপাত মূৰত লৈ স্কুললৈ গৈছিল ৷ জাপিৰ প্ৰচলন আছিল ৷খেতিয়কেতো জাপি মুৰত লৈ হাল কোৰ বাবলৈ গৈছিল ৷কোনোৱে মূৰত জাপি লৈ স্কুললৈ  গৈছিল ৷ছাত নাই বুলি কাৰো আক্ষেপো নাছিল ৷বৰষুণে-বাদলে , বোকাই - পানীয়ে গাঁৱৰ জীৱন ৷সকলোৱে তাক সহজ ভাবেই মানি লৈছিল ৷তাৰ বাহিৰে কাৰো গত্যন্তৰ নাছিল ৷


ড° অৰ্চনা পূজাৰী 

অৱসৰপ্ৰাপ্ত অধ্যাপক

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় 

——————————————————

সংক্ষিপ্তে  মুম্বাইৰ খাৱগলিবোৰ

মৌচুমী দাস 


       খাৱগলি ( Food street)-নামেই যাৰ পৰিচয়। একো একোটা ৰাস্তাক নামাকৰণ কৰা হয় এইদৰে । কিয়নো এই ৰাস্তা সমুহৰ কাষে কাষে কেবল খাদ্যৰ দোকান । বিভিন্ন সুস্বাদু খানাৰ সমাহাৰ । এনে অনুভব হয়  কি খাম কি এৰিম ।সন্ধিয়া জাগ্ৰত হোৱা এই গলি সমুহত মানুহৰ খোৱাৰপ্ৰতি থকা আগ্ৰহ দেখি ভাব হয় ভোজন বিলাসী মানুহৰ কাৰণেই  এচাম ব্যবসায়ীয়ে নিজক আত্মনিৰ্ভশীল কৰিব পাৰিছে । বিভিন্ন মছলাৰে তৈয়াৰী  এই খাদ্য বোৰ দেখি কিন্ত ভাবো  পালেং বিলাহীৰ মাছৰ জোল খাই ভালপোৱা , কচুথোৰৰ জালুকীয়া  ভালপোৱা মই আকৃষ্টহে  হও এনে খাদ্যৰ প্ৰতি কিন্তু পেট ভৰাব নোৱাৰে ।

             যিয়েই  নহওক বিভিন্ন খাদ্যৰ অামোলমোল গোন্ধত জিলিকি থাকে পাৱ ভাজি , বড়া পাৱ , বিভিন্ন উপাদানৰে  তৈয়াৰী পোকৰা, দোচা , ইদলি , ভেলপুৰী ,পানীপুৰী ,বিৰিয়ানী,ঢোকলা , বিভিন্ন ফলমুলৰে তৈয়াৰী চালাদ । কেতিয়াবা মাৰাঠী  সকলৰ খাদ্য পৰিচয় বিশেষ চাউলৰে তৈয়াৰী ভাকৰিও  এই গলিবোৰত উপলদ্ধ । অলপতে পেটভৰি যোৱা এই ভাকৰি সৰু সৰু মিছামাছৰ জোলৰ লগত  বৰ সোৱাদ হয়          

         নানাধৰণৰ  ফলৰ ৰসৰ লগতে বিভিন্ন মছলা দিয়া চাহৰ জুটিও কম নহয় । সিজোৱা  কণীৰ  লগত  মছলা দিয়া প্ৰস্তুতিয়ে কলেজীয়া ল'ৰা ছোৱালীৰ লগত  বা  জিম কৰি অহা  ল’ৰা-ছোৱালীৰ  ওপৰত  ইমানেই  প্ৰভাব পেলাই  যে হেতাওপৰা  লাগে ।  

         মুঠতে  ভাৰতৰ বিভিন্ন প্ৰদেশৰ বিভিন্ন আহাৰৰ চমু সন্ধানো পোৱা যায় । ৰাস্তাৰ কাষৰ যদিও বহুত চাফচিকুন এই খাৱগলিবোৰ মুম্বাইৰ অন্যতম আকৰ্ষণ কাৰণ অতি ব্যস্ত আৰু তীব্ৰগতিত চলা দৈনন্দিন জীৱন ধাৰণে মানুহক কম দামতে খাদ্য যোগাৰ কৰাত সহায় কৰি আহিছে।     

     অস্থায়ী  যদিও এই দোকান বোৰৰ পৌৰনিগমৰ  অনুমতি থাকে । বহুতো মানুহৰ জীৱিকাৰ স্থলী , বহুতো ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰ  অন্নস্থান এই গলিবোৰত  উৎসব সমুহত খাদ্যৰ পয়োভৰ  অধিক দেখা যায় ।


মৌচুমী  দাস 

মুম্বাই

——————————————

কেইবা দশকৰ পিছত নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ...

শুৱলা দাস

   ভোট দিবলৈ গৈ মোৰ মৰমৰ বিদ্যালয়খন ‘ধলৰসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়' বহুতদিনৰ মূৰত  (প্ৰায় ছাব্বিশ বছৰৰ পাছত) পুনৰ  দৰ্শন কৰি  আহিলোঁ ।যিখন বিদ্যালয়ৰ বতাহত বিয়পি আছে  অনেক মধুৰ স্মৃতি!

 সঁচাকৈ বৰ আবেগিক হৈ পৰিছিলোঁ বিদ্যালয়ৰ সন্মুখৰ মূকলি ঠাইখিনিত  শাৰী শাৰীকৈ প্ৰাৰ্থনা  কৰা তাহানিৰ দিনবোৰ ভাঁহি উঠিছিল চকুত।প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মূখত ৰৈ উভতি গৈছিলোঁ ছাত্ৰাৱস্থালৈ।যেন শ্ৰেণীকোঠালৈ সোমাইগৈ সন্মূখত কিতাপ লৈ পৰম আগ্ৰহেৰে চাই থাকিম মোৰ চিৰ আৰাধ্য শিক্ষা গুৰু সকললৈ, যি সকলৰ প্ৰায়ে ইতিমধ্যে ইহ সংসাৰৰ পৰা মেলানি মাগিছে।যেন লগৰীয়া সকলৰ লগত খেলি দৌৰি ফুৰিম  মুকলি ঠাই বোৰত ,শ্ৰেণী কোঠাবোৰত ! বুকুত হাঁহাকাৰ সৃষ্টি হৈছিল!শিক্ষকৰ জিৰণি কোঠাটোলৈ চাই মূৰ দোঁ খাই গৈছিল শ্ৰদ্ধাত।

    বিদ্যালয়ৰ চৌহদটো ঘূৰিলোঁ।যদিও  নতুন  বিল্ডিং ,লেবৰেটৰি,লাইব্ৰেৰী,ষ্মাৰ্টক্লাছ ৰোম , ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক প্ৰস্বাৱগাৰ ,নতুন অডিট’ৰিয়াম, ৰান্ধনিঘৰ,চাইকেলষ্টেণ্ড আদি দেখিলোঁ তথাপি তাৰমাজতে পুৰণি সেই টিউবেলটো যিটো পানীৰে পলুৱাইছিলোঁ  শৈশৱ আৰু কৈশোৰৰ   দিনবোৰৰ পিয়াহ !চৌহদৰ সেই গছবোৰ !যিবোৰ এতিয়া বহুত ওখ আৰু ডাঙৰ হ’ল।সেই পুৰণা ষ্টেজ আৰু হ’লটো।য’ত আমি আমাৰ কলাৰ কৰ্ষণ কৰিছিলোঁ।

      সেই পুৰণা লাইব্ৰেৰিটো !  সেই পুৰণা প্ৰস্বাৱগাৰটো!  কিছুমান শ্ৰেণী কোঠাই এতিয়াও নতুনৰমাজতো,পৰিবৰ্তনৰ মাজতো একেই থাকি মোক যেন হেপাহৰ পূৰ্ণ সহাৰি জনাইছে ! এৰা এই বিদ্যালয়ে গঢ় দিলে আমাৰ জীৱন !আমাৰ প্ৰাণ! আমাৰ আত্মা !ক’ত বা কেনেকৈ আছে মোৰ অতিকৈ মৰমৰ বন্ধু -বান্ধৱী সকল!মোৰ অগ্ৰজ আৰু অনুজ সকল !মোৰ পৰম আৰধ্য গুৰুসকল!আছেনে সকলো কুশলে?  সকলোকে ভগৱানে যেন ভালে ৰাখে !এই কামনাকে নেদেখাজনৰ ওচৰত  নিবেদন কৰি এক ভাল লগা আৰু দুখ লগা মিশ্ৰিত অনুভৱেৰে বিদ্যালয়ৰ পৰা ওলাই আহিলোঁ।এতিয়া এনেকোৱা লাগিছে যেন সপোনতহে মই সেই স্কুলীয়া দিনলৈ উলটি গৈছিলোঁ।

শুৱলা দাস

যোৰহাট

———————————————————

                  নিদানৰ ভুৰুকা 

      শীত কালৰ শুকান কাহৰ কেইটিমান ঘৰুৱা নিদান

ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী 


     ১) জালুক, পিপলি আৰু শুকান আদা সম পৰিমাণে লৈ তাৰ ২গ্ৰাম পৰিমাণৰ চুৰ্ণ মৌৰসৈতে মিহলাই লৈ দিনে ৩ বাৰ এসপ্তাহ মান খালে উপকৃত হ’ব৷

     ২) সিজোৱা নহৰু পিতিকা দুচামুচ পৰিমাণৰসৈতে ২-৩ চামুচ চেনি মিহলি কৰি সেই পিতিকাখিনি সমভাগ কৰি দিনে দুবাৰকৈ কিছুদিন খালে সুফল পাব৷

        ৩) ২গ্ৰাম পৰিমাণৰ হালধিৰ ভাজা পাউদাৰ মৌজোলৰসৈতে মিহলাই প্ৰতিদিনে ৩বাৰকৈ খাব লাগে৷

বি.দ্ৰঃ যদি আপোনাৰ কাহটোৰসৈতে আন কোনো জটিল ৰোগৰ উপসৰ্গ জড়িত হৈ নাথাকে অৰ্থাৎ ঋতু সলনি হোৱাৰ কাৰণেহে হৈছে তেনে ক্ষেত্ৰত এই কফিকাপ যিকোনো ৰোগীয়ে নিশ্চিন্তমনে ব্যৱহাৰ কৰিব পাৰিব৷

আনকি কাৰোবাৰ যদি অতি পুৰণি কাহৰ সমস্যা আছে তেনে ৰোগীয়ে কিছু দীঘলীয়াকৈ ব্যৱহাৰ কৰিলে কাহটো সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব৷

আপোনালোকে এই নিদানটো নিৰ্ভয়ে আন দহজনক ব্যৱহাৰ কৰিব দিব পাৰিব৷ শুভমস্তু।

ডা০ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী ,সভাপতি 

অসম কাব্য কানন 

———————————————————

                   গল্প

পৰিক্ৰমা

অংকিতা বৰুৱা 

    বেলি পৰিলেই । আৰু মাত্ৰ কেইটামান সময় । তাৰপাছতে সকলো সামৰি বকুলি ঘৰমুৱা হব লাগিব । বৰ আশাৰে তাই মুখত কাপোৰখন বান্ধি দূৰলৈ চাই আছে ,  জানোচা ক'ৰবাৰপৰা কোনোবা এজন গ্ৰাহক আহি তাইৰপৰা বস্তুকেইপদ কিনি নিয়েই ! সময় বাগৰাৰ লগে লগে ৰাতিৰ সাজৰ চিন্তাই তাইক জুৰুলা কৰিছে । উৱলি যোৱা টোমাটোত তেনেই তাকৰ পৰিমাণৰ খুদ চাউল কেইটাহে বাকী আছেগৈ । সেইকেইটা গা-ভাৰী ছোৱালীজনীকে খুৱাব নে তাইৰ পেটমোচা বোবা ছোৱালীজনীকে খুৱাব ! নিজলৈ বাৰু পানী এটুপিৰে হৈ যাব তাইৰ । 

ছেহ! 

আজিনো এজন মানুহো আহিব নাপায় নে ! এনে কুলক্ষণ লাগিছে এই মহামাৰীটো অহাৰপৰা তাইৰ জীৱনটোত ! বকুলিয়ে খঙেই , নে এসোপা দুখতেই ভোৰভোৰাই ইফালে সিফালে চাই থাকিল । মুখত বান্ধি থবলৈ বাধ্য হোৱা এই কাপোৰখনেও তাইক বৰ অশান্তি দিছে । লওঁ বুলি মুকলি বতাহ অকণ লব নোৱৰাতো কি সহজ কথা ! সকলো বস্তুৰে ইমান আকাল হব লাগেনে এটা জীৱনতে , নাই যি নাই মুকলি বতাহ অকণো নাই !

বকুলিৰ যেন আক্ষেপৰ অন্তই নপৰিব ...  

 দুখ কৰি বহি থাকিবলৈও তাইক ঈশ্বৰে আহৰি অকণ নিদিলে । অনবৰতে মন আৰু মগজুৰ কচৰৎ চলি থাকে বকুলিৰ । জীৱনত পঢ়াশালিৰ মুখ নেদেখা তাই সংসাৰখন যে কিমান জোৰা টাপলি মৰা হিচাপ নিকাচেৰে চলাই আছে ! কেতিয়াবা তাইৰ এনে লাগে গিৰিয়েকটোক থৈ তাইক হে নিব লাগিছিল ঈশ্বৰে । কিমান আৰু টানি চোচৰাই গোটেইখন মিলাই থাকিব । আকৌ পাছ মূহুৰ্ত্ততে ভাবে - নাই , যি হ'ল ভালেই হ'ল । নহলে দিনে ৰাতিয়ে চুলাই খাই খালে-ডোঙে পৰি থকা গিৰিয়েকটোয়ে তাইৰ অবিহনে ছোৱালীদুজনীৰ কমখন আলৈ আথানি কৰিলেহেঁতেননে ! কি কৰি সিঁহতকেইজনীক ভাত এমুঠিৰ জোগাৰ দিলেহেঁতেন অপদাৰ্থ বাপেক এটাই ? 

খংটো টিঙিচকৈ উঠি আহে তাইৰ । 

নিজৰ মানুহটোৰ নাম সদায় সন্মান সহকাৰে ল'ব লাগে যদিও হৰধন সেই সন্মানৰ যোগ্য আছিল বুলি বকুলিয়ে মানি ল'ব নোৱাৰে ।  সি বকুলিক পলুৱাই আনিবৰ দিনৰপৰাই , তাইক এঢোপ সেন্দূৰেই কিনি দি পাইছিল নে আন কিবা এটা দায়িত্বই লৈ পাইছিল ঘৰখনৰ ! সেয়েহে হৰধনক অপদাৰ্থ বুলিলেও তাইক একো পাপে নোচোৱে বুলি তাই জানে । এটা নিষ্কৰ্মা মানুহ আছিল সি । ইঘৰে সিঘৰে কাম কৰি যি দুই এপইচা আৰ্জন কৰি তাই দুটাকৈ সন্তানক ডাঙৰ কৰিছে হৰধনৰ সেই পইচাকেইটাটো চকু পৰিছিল । ঘৰখনৰ  চুক- কোণ বোৰ ঘূৰ্মুটিয়াইও যেতিয়া সি তাইৰ পইচা থোৱাৰ চোংটো বিচাৰি নাপাইছিল , পাছফালৰ চোতালত শুকাবলৈ মেলি থোৱা খৰি কেইডালৰে এডাল আনি উধাই মুধাই কোবাইছিল তাইক । তথাপি ছোৱালী দুজনীৰ মুখলৈ চাই তাই সকলো সহি থাকিল । মাক নহয় জানো তাই , নিজ সন্তানৰ হকে এজনী মাকৰ বাদে আন কোন বাঘিনী হব পাৰে ! তেনেকৈয়ে তাই সাহসেৰে ডাঙৰ কৰিলে সিঁহতদুজনীক । 

        ডাঙৰজনীক এটালৈ বিয়াও দিছিল । ওচৰৰ গাওঁখনৰে এজনৰ ঘৰত আধি খেতি কৰে জোৱাইয়েকে । দুটা মানুহ চলি যাব পৰাকৈ আৰ্জন আছিল । পিছে বকুলিৰ জীৱনত হয়তো কোনো কথাই ইমান সহজ নহয় । চৰিত্ৰহীন জোৱাইয়েকে আন এজনী বাৰী তিৰোতাৰ ঘৰত দিনৰ দিনটো সোমাই থাকেগৈ । এদিন ধৰা পৰাত জীয়েকে কান্দি-কাটি ঘৰৰ ছোৱালী ঘৰ পালেহি।কেইদিনমান যোৱাৰ পাছতহে বকুলিয়ে গম পালে ছোৱালীৰ গাত লেঠা । বকুলিয়ে সুখত হাঁহিবই নে দায়িত্বৰ ভৰত এসোতা কান্দিব ধৰিবকে নোৱাৰিলে।

       এতিয়া আকৌ ভূতৰ ওপৰত দানহ পৰাদি হঠাতে আহি ত্ৰাহি মধুসুদন দেখুওৱা অতিমাৰীৰ বাবে কাৰো ঘৰলৈ কাম কৰিবলৈও যাব নোৱৰা হ'ল তাই । প্ৰাণৰ মমতা সকলোৰে আছে । তাই বুজে । 

       তথাপি ঈশ্বৰে যেন তাইলৈ এটা বাট মুকলি কৰি থৈছিল। বকুলিয়ে কাম কৰিবলৈ যোৱা দুই এঘৰৰ বাৰীৰ পাছফালৰ ফচলৰ পৰা তাইক কিবা অলপ নি বজাৰত বেচিবলৈ অনুমতি দিছিল তেওঁলোকে । তাই যেন তেওঁলোকৰ ভৰিত পৰি সেৱাহে জনাব ! সেই কাম হাতত লোৱাৰ দিনচেৰেক পাৰ হোৱাৰ পাছতে এদিন ৰাতিলৈ হৰধনৰ তমোময় জ্বৰ উঠিল ।  একো উৱাদিহ নাপাই তাই কলহটোৰ পৰা পানী এবাটি লৈ হৰধনৰ মূৰত জলপটি দি মূৰটো মালিচ কৰি থাকিল । যদি হৰধনৰ কিবা এটা হয় ... 

    তাই আৰু একো ভাবিব নোৱাৰিলে । হাজাৰ হওক হৰধন তাইৰ আপোনজন। 

         পাছদিনা হৰধনক বকুলিয়ে তাইৰ দেহটোৰ ওপৰতে ভৰ দি খোজ কঢ়াই লৈ গৈছিল ওচৰৰে ফাৰ্মাচীখনলৈ । তীব্ৰ ৰ'দত দূৰ্বল দেহটো কোনোমতে চোচৰাই নিয়া হৰধন আধাবাটতে ধলি পৰিছিল । তাৰপাছত ... ? 

         তাৰপাছত বকুলিয়ে জীৱনৰ সৈতে দুগুণ সাহসেৰে মোকাবিলা কৰিছে ।  প্ৰতিটো দিন তাইৰ বাবে  নতুন হিচাপ নিকাচৰ দিন । জীয়েকৰ গা-খালাচ হোৱাৰ দিন কিমান চমু চাপিছে তাৰ হিচাপ , দুপৰীয়াৰ সাজত কি খালে নিশাৰ সাজলৈ কিবা অলপ বাকী ৰোৱাৰ হিচাপ , খুদ চাউলকেইটাৰে আৰু কিমান দিন চলিব তাৰ হিচাপ , বোবা ছোৱালীজনীৰ গাভৰু হবলৈ আৰু কিমান দিন বাকী তাৰ হিচাপ , আৰু সকলোৰে শেষত তাইৰ আয়ুসত কিমান খুদচাউল বাকী আছেগৈ তাৰ হিচাপ ... মুঠতে সকলোতে হিচাপ । কোনে ক'ব তাই যে পঢ়াশালিখনেই গৰকি নাপালে ! 

ছেঃ , ইমানপৰে যে কি কিছুমান  ভাবি আছিল তাই ...

 আজি তাৰমানে সচাকৈয়ে কোনো নাহিল । তাই আথে বেথে বস্তাখনত মেলি লোৱা ভীমকলৰ কলডিলটো , দিনটোৰ তীব্ৰ ৰ'দত লেৰেলি যোৱা ঢেকীয়া শাকমুঠি , বৰ বাইদেউৰ ঘৰৰ পাছফালৰ পুখুৰীটোৰ পাৰত হোৱা কচুথোৰ কেইডাল , নোদোকা ভীমকল কেইটালৈ দুখেৰে চালে । তাইৰ এনে লাগিল যেন , তাইৰ দৰেই সিঁহতো আজি দিনটো গ্ৰাহকলৈ বাট চাই চাই বৰ ভাগৰুৱা ...  

       কাষতে থোৱা মোনাটোৰপৰা বটলটো উলিয়াই পানী এঘোট পি ল'লে তাই । ৰ'দত পানীখিনিও তপত হৈ পৰিছে । 

        তাই আকৌ এবাৰ ক্ষীণ আশা এটাৰে  ইফালে সিফালে চালে । দূৰৈত সৌৱা কোনোবা এজন তাইৰ ফালেই আহি থকাৰ দৰে লাগিল ... গোটেইকেইটা বস্তু পানী দামত দিবলগীয়া হলেও দি দিব তাই , অন্তত ৰাতিৰ সাজলৈ চাউল এমুঠি যোগাৰ কৰিব পাৰিলেও পিৰালিৰ  চুকত হোৱা ধান জলকীয়া কেইটাৰে ভাত এমুঠি তিনিও মিলি খাব পাৰিব ...!


 অংকিতা বৰুৱা

গুৱাহাটী

——————————————————

এখুদ সপোন

শ্যামলিমা কাকতি

    শীতৰ সেমেকা ৰাতিবোৰ পুতুলৰ যে বৰ প্ৰিয়। মাকে জুইশালত ভাত ৰান্ধি থকাৰ সময়ত সি আৰু তাৰ সৰু ভনীয়েক পাপৰিয়ে জুপুকা মাৰি কাষতে বহি থাকে। ভাত ৰান্ধি হোৱাৰ পিছত ৰৈ যোৱা অঙঠাবোৰৰ মাজত, পথাৰৰ পৰা মনে মনে মাটি খোঁচৰামাৰি লৈ অহা সৰু সৰু আলুগুটি কেইটা পোৰা যাবলৈ ভৰাই থয়। কথাটো মাকে  জানিব পাৰিলে পিঠিত ঔকিল পৰাৰ ভয়, তথাপি আলু পোৰা খোৱাৰ লোভ সামৰিব নোৱাৰে সি। পথাৰৰ আলুৰ ফচল পূৰঠ হোৱাৰ পিছত বেছিভাগ অংশ দেউতাকে হাট বজাৰত বিক্ৰী কৰি আহে।  ঘৰত থকাখিনিও মাকে বৰ হিচাপ কৰি ৰান্ধে, কাৰণ সেইখিনি অন্ততঃ তিনি চাৰি মাহৰ কাৰণে সাঁচি ৰাখিব লাগিব। সেয়ে সি কোমল সৰু আলু কিছুমান আগতীয়াকৈ গোটাই থয়, ভনীয়েক পাপৰিও সহায় নকৰা নহয় পিছে।


    পুতুলে এইবাৰ পঞ্চম শ্ৰেণী পাইছে, পিছে ভনীয়েকক এতিয়াও স্কুলত নাম লগাই দিয়া হোৱা নাই যদিও, সি আখৰবোৰ শিকাই দিছে তাইক। লগতে দুটামান কবিতাও শিকাইছে, তেনে কৰি নিজকে ডাঙৰ যেন অনুভৱ কৰে সি। স্কুলৰ অজিত মাষ্টৰৰ দৰে তাৰো মন যায় ডাঙৰ হৈ এজন মাষ্টৰ হ'বলৈ। নতুন শ্ৰেণী পালেই স্কুলৰ পৰা পঢ়া কিতাপ বিনামূলীয়াকৈ লাভ কৰে সি, কিন্তু সেইবোৰ আধা বছৰহে পঢ়িবলৈ পায়। প্ৰতি বছৰৰ দৰে নদীখন বাঢ়ি আহি ঘৰটো বুৰাই পেলায়। দুমাহমান মথাউৰিতে বাস কৰিবলগীয়া হয় সিহঁতে আৰু নতুন কিতাপবোৰ পানীৰ সোঁতে ক'লৈ উতুৱাই লৈ যায় গমেই নাপায়। কেতিয়াবা অৱশ্যে দুই এখন লগত ৰাখিবলৈ সক্ষম নোহোৱা নহয়! তথাপি নতুন কিতাপৰ গোন্ধটো আৰু নাথাকে তাত!

   বাৰিষাই পলস পেলোৱা বালীয়া মাটিত আলুৰ খেতি হেনো বৰ ভাল হয়, দেউতাকে কোৱা শুনিছিল সি। মথাউৰিত বাস কৰা দিনকেইটা গণি গণি পাৰ কৰে পুতুলে। কেতিয়ানো নদীখন পিছুৱাই যাব আৰু আলুৰ খেতিৰ দিনবোৰ আহিব, বৰ আশাৰে বাট চাই থাকে। তাৰ আশাবোৰ ভনীয়েকৰ লগতে ভগাই লয়। তায়ো বুজে বা নুবুজে তথাপি ককায়েকৰ কথাত মূৰ দুপিয়াই থাকে, নহ'লে সি যে কিতাপৰ পৰা পঢ়ি সাধুকথা নুশুনাব!

    এইবাৰো পুতুলে বৰ আশাৰে বাট চাই আছিল শীতৰ সেমেকা সন্ধিয়াবোৰৰ বাবে! ক্ৰমশঃ হাড়-কঁপোৱা শীতৰ পিনে গতি কৰিছিল দিনবোৰ। ৰাতিবোৰ দীঘলীয়া হৈ গৈ আছিল। তথাপি ওৰেটো বছৰে আশাৰে ৰৈ থকা দিনবোৰ আহিবনে এইবেলি? খেতি পথাৰত হাড়ভগা কষ্ট সাধন কৰিবলৈ মৰমৰ দেউতাক যে আজি আৰু নাই। এইবাৰ নদীৰ বাঢ়নী পানীয়ে কিতাপৰ লগতে তেওঁকো লৈ গ'ল। লগতে পথাৰৰ আধা অংশ নদীৰ মাজ পালেগৈ। বাকী থকা পলসুৱা মাটিডৰাত খুৰাকৰ সহায়ত মাকে খেতি অলপ নকৰা নহয়। দিনবোৰ চলিবলৈ সিমানখিনি খেতি যে বহুত কম হ'ব, সেই কথা আজি কালি পুতুলে বুজি পোৱা হৈছে। ভনীয়েককো সি বুজাই দিছে, কোমল সৰু আলুবোৰ লৈ আনিলে বহুত লোকচান হ'ব ঘৰখনৰ।

   জুইশালৰ জুইৰ পোহৰত মাকৰ নিস্তেজ মুখখন ৰ' লাগি চাই থাকে পুতুলে। ইমান ধুনীয়া মাকজনীলৈ বৰ মৰম ওপজে তাৰ। হাঁহি থাকিলে যে কিমান ধুনীয়া দেখাই তেওঁক। মনে মনে ভগৱানক প্ৰাৰ্থনা কৰে, "মোক সোনকালে ডাঙৰ কৰি দিয়া ভগৱান, দেউতাৰ দৰে ডাঙৰ! তেতিয়াহে মায়ে আকৌ হাঁহিব, আকৌ আগৰ দৰে ঠাণ্ডাৰ ৰাতিবোৰত সৰু সৰু আলু পুৰি ভনীৰ লগত ভগাই খাব পাৰিম।"

——————————————

প্ৰতিশ্ৰুতি

সীমা গগৈ

    অফিচলৈ ওলাবৰ সময়ত অপৰ্না গোঁহাইৰ  প্ৰায়েই লʼৰা-লʼৰি হয় । পুৱা সোনকালে উঠি নিজৰ  যাৱতীয় কামখিনি কৰি পাহি আৰু আইতাকহঁতৰ বাবে খোৱা- বোৱা যতনাই ৰাখি অফিচ পাওতে পাওতে প্ৰায় দহ বাজিবৰে হয়গৈ। শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ তথ্য আৰু জনসংযোগ বিভাগত কনিষ্ঠ তথ্য বিষয়া হিচাপে অপৰ্নাই চাকৰিত সোমোৱা আজি 

প্ৰায় দহ বছৰমানেই হʼল । 

        পিয়লি ফুকন নগৰৰ সৰু বাইলেন এটাৰে সোমায় গʼলে তিনিটামান ঘৰ পাৰ হৈয়েই অপৰ্না গোঁহাইৰ ভাৰাঘৰটো পায় ।   অফিচলৈ অহা-যোৱা কৰিবলৈ বৰ বেছি কষ্ট কৰিবলগীয়া নহয় যদিও একমাত্ৰ সন্তান পাহিৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁৰ মনটোক মাজে সময়ে পীড়া নিদিয়া নহয় । 

        আজিও ঘৰৰপৰা খৰ খোজেৰে ওলাই আহিছে তেওঁ ।  এই সময়ত ষ্টেচন চাৰিআলি পথটো খুবেই ব্যস্ত হৈ পৰে , কেতিয়াবা ৰিক্সা পাবলৈও জটিল হয় ।  অফিচ , কাছাৰী,  স্কুল,কলেজৰ ওপৰিও দʼললৈ আহ-যাহ কৰা মানুহৰ বাবেই পৰিৱেশটো সদাব্যস্ত তথা কোলাহলপূৰ্ণ হৈ ৰয় ।  তেওঁ ৰিক্সাতে যাওক বা খোজকাঢ়িয়েই যাওক অহা-যোৱাৰ বাটত বৰপুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ কেতিয়াও নাপাহৰে । পুখুৰীৰ আনটো মূৰত শিৱসাগৰ জিলা কেন্দ্ৰীয় কাৰাগাৰৰ বৃহৎ দেৱালখনে ক্ষন্তেকৰ বাবে তেওঁৰ মনোযোগ কাঢ়ি নিয়ে যদিও পুখুৰীৰ পানীভাগলৈ চালে তেওঁৰ দেহ-মনৰ অলসতা যেন মুহূৰ্ততে নোহোৱা কৰি দিয়ে ।

        অফিচৰ সহকৰ্মী সকলৰ মাজত অপৰ্না গোঁহাইৰ এক সুকীয়া স্থান আছে । গুৰু -গম্ভীৰ তথা সদা বিনয়ী মানুহ গৰাকীৰ চাল চলনত যথেষ্ট আত্মবিশ্বাস পৰিলক্ষিত হোৱা দেখা যায় । যোৱা কিছুবছৰ ধৰি তেওঁৰ মিঠা হাঁহিটোক বাদ দি বাকি সকলো বিভূষণে তেওঁৰ

সৌন্দৰ্য অটুট ৰাখিছে । আনহাতে অতি কম সময়তেই জীৱনে তুলি দিয়া অভিজ্ঞতাই তেওঁক বয়সতকৈ অধিক গাম্ভীৰ্য কৰি তুলিছে ।  

      সোণাৰিৰ পাৰ্ৱতীপুৰৰ এখন লেখত ল’বলগীয়া ঘৰৰ জীয়াৰী আছিল অপৰ্না । পাঁচোজনীয়া পৰিয়ালটিত মাক-দেউতাকৰ বাবে অৰূপ , অনুপ আৰু অপৰ্না যেন অমূল্য ৰত্ন । মাক-দেউতাক দুয়ো ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী  ।  ডাঙৰ ককায়েক অৰূপ কৰ্মসূত্ৰে দিল্লীৰ বাসিন্দা , দিল্লী বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰাধ্যাপক । আনহাতে সৰু ককায়েক অনুপ এজন চৰকাৰী চিকিৎসক । অপৰ্নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত ফাৰ্ষ্ট ক্লাছ লৈ সুখ্যাতিৰে এম.এ পাছ কৰি নেট পৰীক্ষাৰ বাবে সাজু হওতেই হঠাৎ হাৰ্টৰ অসুখত দেউতাকৰ মৃত্যু ঘটিছিল । অৱসৰলৈ মাত্ৰ কেইটামান দিনহে বাকি আছিল তেওঁৰ। 

দেউতাকৰ মধুমেহ ৰোগ ধৰা পৰাৰ পাছৰে পৰা সময়মতে খোৱা-বোৱা , শুৱা তথা ঔষধ লোৱা আদি সকলো কামতে অপৰ্নাই তীক্ষ্ণ দৃষ্টি ৰাখিছিল । মুঠৰ ওপৰত ঘৰখনত দেউতাকৰ বাবে অপৰ্না আছিল এগৰাকী মৰমীয়াল অভিভাৱক স্বৰূপ । আনকি দেউতাকৰ অৱসৰৰ পিছৰ সময়বোৰৰ সৎব্যৱহাৰক লৈ অপৰ্না আৰু দেউতাক মিলি দুয়ো কম জল্পনা- কল্পনা কৰা নাছিল !  দুয়ো পুৱা সোনকালে উঠি প্ৰাতভ্ৰমণলৈ যাব , ঘূৰি আহি জা-জলপান খাই- বৈ দেউতাক শাকনি বাৰিত আৰু অপৰ্নাই ফুলনি বাৰিত সময় দিব । দুয়ো নিজৰ পচন্দৰ কিতাপবোৰ গ্ৰন্থ মেলাৰপৰা  সংগ্ৰহ কৰিব আৰু সিবিলাক পঢ়ি পঢ়ি উৎকৃষ্ট সময় পাৰ কৰিব । ইয়াৰোপৰি দেউতাকৰ লিখা-মেলাৰ প্ৰতি থকা হেঁপাহক অপৰ্নাই সাৰ পানী দি সদা উদ্যমী কৰি ৰাখিব.. ইত্যাদি ইত্যাদি । ইতিমধ্যে  দৈনিক জনমভূমি কাকতকে আদি কৰি কেইবাখনো কাকত-আলোচনীত দেউতাকৰ লেখা প্ৰকাশ হৈছে ।

        দেউতাক নোহোৱা হৈ যোৱাত অপৰ্না মানসিক ভাৱে বহুত ভাগি পৰিছিল । পিছৰ সময়ছোৱাত নিজক ব্যস্ত ৰাখিবৰ বাবে প্ৰাইভেট কলেজ এখনত অধ্যাপনা কৰিবলৈ লʼলে । ককায়েকহঁতেও এই বিষয়ত  অপৰ্নাক কোনোধৰণৰ বাধা নিদিলে । মাকে তথাপিও বিচাৰিলে অপৰ্নাই ইমানতে নিজৰ কেৰিয়াৰৰ সামৰণি নামাৰি ভৱিষ্যতৰ দিনবোৰত ভালদৰে নিজক গঢ় দিয়ক । অৱশ্যে মাকে বিচৰা ধৰণেৰে অপৰ্নাই সাংঘাটিক কিবা এটা কৰিব নোৱাৰিলে যদিও  নিজৰ চেষ্টাৰে ভাল চাকৰি এটা লʼবৰ বাবে কোনো ত্ৰুটি নাৰাখিলে ।  কলেজৰ চাকৰিটো কৰি থকাৰ সমানুপাতিক ভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মাছ-কমৰ ডিগ্ৰী লাভ কৰিবলৈও সক্ষম হ'ল । মাজতে এ.পি.এছ.চিৰ পৰীক্ষাৰ বাবে নিজক সাজু কৰিবলৈ বুলি প্ৰাইভেট কলেজৰ চাকৰিটো বাদ দিলে আৰু কিছুদিন ঘৰতে পঢ়া শুনা কৰিবলৈ লʼলে । প্ৰথমবাৰ পৰীক্ষাত উত্তীৰ্ণ হʼব নোৱাৰিলে যদিও নিৰাশ নহʼল অপৰ্না। মনৰ পচন্দৰ চাকৰিৰ বিজ্ঞাপন দেখিলেই সিবিলাকত আবেদন কৰিবলৈ ধৰিলে । অৱশ্যে চাকৰিৰ বাবে অপৰ্নাই বৰ বেছি দিন ৰʼবলগীয়া নহʼল । শিৱসাগৰ জিলাৰ জনসংযোগ বিভাগৰ অধীনত এটা ভাল চাকৰি লাভ কৰিবলৈ সক্ষম হʼল । সেই সূত্ৰে বিয়াৰ আগৰেপৰা অপৰ্নাই শিৱসাগৰ টাউনৰ মাজমজিয়াত থাকিবলৈ লʼলে । 

       অফিচত মনোজ কাকতি অপৰ্নাৰ ছিনিয়ৰ অফিচাৰ আছিল । তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুদৰ্শন চেহেৰাৰ গৰাকী তথা ব্যক্তিত্ব সুলভ মনোজ কাকতিক প্ৰথমৰেপৰাই অপৰ্নাই সমীহ কৰি চলিছিল । তেওঁলোকৰ মাজত সৌজন্যসূচক দুই এষাৰ কথাৰ বাহিৰে অফিচিয়েল কামৰ কথাহে বেছিকৈ আদান প্ৰদান হৈছিল । অপৰ্নাই চাকৰিত যোগদান কৰাৰ কেইমাহমানৰ পাছৰ কথা । এদিনাখন সহকৰ্মী মণিষা শইকীয়াই অপৰ্নাক লাঞ্চব্ৰেকত দেখা পাই  কিছু বিশেষ কথা পাতিব লগা আছে বুলি কোৱাত অপৰ্নাই একো বুজিব পৰা নাছিল । বয়সত ডাঙৰ বাবে অপৰ্নাই তেওঁক বাইদেউ বুলিয়েই সম্বোধন কৰে । সেইদিনা মণিষা বাইদেউৰ মুখত মনোজ কাকতিয়ে অপৰ্নাক বিয়াৰ প্ৰস্তাব দিবলৈ আগ্ৰহী বুলি জানিব পাৰি অপৰ্না ঠাইতেই ৰঙা- চিঙা পৰি ৰৈছিল । তেওঁ হঠাতে এনে এষাৰ কথাৰ সন্মূখীন হʼব বুলি কল্পনাই কৰা নাছিল । সেইসময়ত অপৰ্নাই কি উত্তৰ দিব ,নিদিব একো ঠাৱৰ কৰিব নোৱাৰি কথাষাৰ ভাবি চাম বুলি কৈ মণিষা শইকীয়াৰ ওচৰৰপৰা বিদায় লৈ নিজৰ কেবিনলৈ বুলি গুচি আহিল । সিদিনা অফিচ ছুটিৰ সময়লৈকে কোনো কামতেই অপৰ্নাই মন বহুৱাব নোৱাৰিলে ।

       ইফালে মনোজ কাকতিৰ মনৰ অৱস্থাও অপৰ্নাতকৈ কোনো গুণে পৃথক নাছিল । মাক দেউতাকৰ একমাত্ৰ সন্তান মনোজ ।  উপযুক্ত বয়সত বিয়াখন পাতিবৰ বাবে মাক দেউতাকে ভাল ছোৱালী এজনী বিচাৰি আছিল । মনোজৰ মাকে মিটিৰ কুটুমৰপৰা আৰম্ভ কৰি মনোজৰ  বন্ধু বৰ্গৰ মাজত  ছোৱালী চোৱা-চিতা কৰিবলৈ অনুৰোধ জনাইছিল।  সেয়ে মনোজৰ মাহীয়েকৰ ছোৱালী হিচাপে মণিষা শইকীয়াই  অপৰ্নাৰ আগত বিয়াৰ প্ৰস্তাৱ দাঙি ধৰিছিল ।   অৱশ্যে অপৰ্নাক প্ৰথম দেখাৰ দিনাৰেপৰা মনোজ কাকতিয়ে অপৰ্নাৰ চাল চলন নিজেও লক্ষ্য কৰি আহিছিল। মনে বিচৰা ছোৱালীজনী যে অপৰ্নাৰ বাহিৰে আন কোনো নহয় ,সেই বিষয়ে নিশ্চিত হোৱাৰ পাছতেই বায়েকক কথাষাৰ সুধিবলৈ ইংগিত দিছিল ।  

       পিছদিনা অফিচ আহি পাওঁতে অপৰ্নাৰ অলপ দেৰী হৈছিল । ইফালে বাহিৰত চিপচিপিয়া বৰষুণ । অপৰ্না বহা  কেবিনটোলৈ মনোজে আঁৰ চকুৰে  চাই ৰৈছিল , কিজানিবা অপৰ্নাৰ মুখমণ্ডল চাই কিবা আগলি বতৰা পায়েই ! সময় যিমানেই আগবাঢ়ি গৈছিল ,মনোজ কাকতিৰ ধৈৰ্য্য যেন কমি আহিছিল । কি উত্তৰ দিব অপৰ্নাই ? নিজকে নিজে প্ৰশ্ন কৰি  তেওঁ  ফাইলৰ মাজত ব্যস্ত হৈ ৰʼল। সেইসময়তে অপৰ্না আহি নিজৰ টেবুলত বহিল আৰু কাম আৰম্ভ কৰাৰ আগতে চাওঁ নাচাওঁকৈ মনোজ কাকতিৰ কেবিনলৈ চালে । মনোজ কাকতি একান্ত মনে নিজৰ কামত মগ্ন আছিল । অপৰ্নাই এইদৰে মাজে মাজে কেইবাবাৰো মনোজ কাকতিলৈ লক্ষ্য ৰাখি আছিল । এই সময়খিনিত এবাৰো অপৰ্নাৰ ফালে তেওঁ লক্ষ্য নকৰাত অপৰ্নাই সামান্য চিন্তা কৰি ৰʼল--


  " কি মানুহ এইজন ! কালি মোলৈ প্ৰস্তাৱ পঠাই আজি কিমান যে গহীন হৈ আছে ! যেন একো হোৱাই নাই ! অন্তত: মই আহিলো নে নাই , এবাৰ যদি মোৰ ফালে চালে হয় ! "  


এপলকৰ বাবে অপৰ্নাৰ অভিমান কৰিবলৈ মন গʼল আৰু কিবা ভাবিয়েই ফাইল এটা হাতত লৈ মনোজ কাকতিয়ে দেখা পোৱাকে মণিষা শইকীয়াৰ কাষলৈ গৈ কথা পাতিবলৈ ধৰিলে । 

মনোজ কাকতিয়ে অৱশ্যে  আলেঙে আলেঙে অপৰ্নাই গম নোপোৱাকৈ তেওঁক লক্ষ্য কৰি আছিল ।  পাতল হালধীয়া বৰণৰ শাৰীখনে অপৰ্নাক সেইদিনা তুলি ধৰিছিল । সিদিনা পৰস্পৰে পৰস্পৰক মাত এষাৰ দিবলৈ কোনো অজুহাতেই নাহিল  ।  বিশেষ ব্যস্ততাৰ বাবে দুয়ো দুয়োৰে মুখামুখি হʼব নোৱাৰিলে যদিও গোটেই দিনটো ইজনে সিজনৰ কথা ভাবিয়েই পাৰ কৰিলে । পিছৰ কেইদিনাও অপৰ্নাৰপৰা কিবা উত্তৰ পোৱাৰ আশাত তেওঁ ৰৈ থাকিল ।

         মনোজ কাকতিৰ প্ৰতি অপৰ্নাৰ অভিমান ইমানেই বাঢ়ি গৈছিল যে পৰাপক্ষত তেওঁক এৰাই চলিবলৈ কোনো সুৰুঙা ৰখা নাছিল । কিবা কাম থাকিলেও অফিচ বয় ইন্দ্ৰৰ হতুৱাই কৰাইছিল ।  অপৰ্নাৰ প্ৰতি মনোজ কাকতিৰ উদাসীন ব্যৱহাৰে অপৰ্নাৰ অভিমান দিনে দিনে বঢ়াই তুলিলে আনহাতে, অপৰ্নাৰ সন্দেহজনক স্থিতিয়ে মনোজ কাকতিৰ মানসিক দণ্ডবঢ়াই তোলাৰ লগতে তেওঁৰ মনত এক ধৰণৰ অপমানবোধৰ সৃষ্টি কৰিলে । অৱশেষত অপৰ্নাৰ পৰা একো সহাঁৰি নাপায় অফিচিয়েল কামৰ অজুহাতত মনোজ কাকতি গুৱাহাটীলৈ গুচি যায় । 

   অপৰ্নাই যোৱা কেইবাদিনো মনোজ কাকতিক অফিচত নেদেখি মনৰ মাজতে গুণা- গুঠা কৰি ৰʼল--

   " কি দৰকাৰ আছিল তেখেতৰ প্ৰতি তেনে ব্যৱহাৰ কৰিবলৈ ! মনতে কম লাজত পৰিছে নে তেওঁ ! 

নাজানো হঠাতে কিয় এই অভিমান জাগি উঠিল ..নাজানো কিয় এই অনুৰাগ বাঢ়ি আহিল.. !!

প্ৰেম হয়তো এনেকৈয়ে আহে ,লাহে- লাহে তেওঁৰ অনুপস্থিতিত কিয় এই ৰিক্তমন  ? তেওঁক গুৰুত্ব নিদিয়াৰ অভিনয় কৰি কৰি মই নিজে গুৰুত্বহীন হৈ পৰা নাইতো ? " 


      আনফালে গুৱাহাটীৰ পৰা  মনোজ কাকতিয়ে বায়েকলৈ ফোন কৰি সকলো খবৰ- খাতি লৈ আছিল । অপৰ্নাই এতিয়ালৈ একো জনোৱা নাই বুলি জানিব পাৰি বায়েকক এই বিষয়ে তেওঁক দুনাই একো নুসুধিবলৈ অনুৰোধ কৰে । 

     মনোজ কাকতিৰ বিষয়ে জানিবলৈ অপৰ্নাৰো বহুত ইচ্ছা জাগিছিল ,পিছে মণিষা বাইদেউক সুধে কেনেকৈ ! নিজৰ দুৰ্বলতা পাকে- প্ৰকাৰে ঢাকি থৈ চেপা উত্তেজনাত অপৰ্নাই যোৱা দুটা সপ্তাহ পাৰ কৰিলে ।  যিমানেই দিন বাঢ়ি গʼল , সিমানেই অপৰ্নাৰ মনোজ কাকতিক  লগ পোৱাৰ ইচ্ছা প্ৰবল হৈ গৈ থাকিল । হাতত কেইবাবাৰো মোবাইলটো লৈ আকৌ থৈ দিছে । ফোন নম্বৰ আছে যদিও  সাহস হোৱা নাই ফোন কৰিবলৈ। এবাৰ কিবা এটা ভাবি মনোজৰ ফেচবুকএকাউণ্টটো খুলি চাই কিবা আপডেট পায় নেকি চাব ধৰিলে । নাই ,একো আপডেট নাই ।  হঠাৎ সৰুকালত মাক-দেউতাকৰ সʼতে শ্বিলং পিকত তোলা একপি ফটোত চকু পৰি অপৰ্না ৰৈ গʼল । ইমান মৰমলগা মুখাবয়ব , বিশেষ সলনি হোৱা নাই যদিও পাতলীয়া মোচখিনিৰ সʼতে সুন্দৰ ব্যক্তিত্বৰ বাবে এতিয়াৰ মনোজ কাকতি বহুতৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । মনোজৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈ অফিচৰ দুজনীমান ছোৱালীয়ে বৰকৈ চকু দিয়ে বুলি অপৰ্নাই নিজেও স্বীকাৰ কৰে । 

     এইকেইদিন অফিচত মনোজ কাকতিক অলপ গহীন হৈ থকা দেখা গৈছে ।  তেওঁক আগবাঢ়ি গৈ কিবা এষাৰ কবলৈ অপৰ্নাৰ সাহস হোৱা নাই , মাথোঁ দূৰৈৰপৰা চাই থাকে। আনহাতে মণিষা বাইদেউক কথাষাৰ জনাবলৈ

ইচ্ছা থকা স্বত্তেও কিবা এক অপৰাধবোধে অপৰ্নাৰ হাত-ভৰি যেন বান্ধি ৰাখিছে । প্ৰায় তিনিমাহমান তেনেদৰে পাৰ হোৱাৰ পাছত এদিন সহকৰ্মীৰ মুখত মনোজ কাকতিৰ দেউতাকে মনোজৰ বাবে ছোৱালী ঠিক কৰিছে বুলি শুনা পালে । সেইদিনা অপৰ্নাৰ মগজুত যেন এসোতা তেজে খুন্দা মাৰিহে ধৰিছিল , ক’ব নোৱাৰাকৈ এটোপাল তপত চকুলো গালেদি বাগৰি অহাত লৰালৰিকৈ মোহাৰি লৈ অফিচৰপৰা ৰাওনা হৈছিল ।  

        শনিবাৰৰ দিনা অফিচৰপৰা বাহিৰে বাহিৰে অপৰ্না সোণাৰিৰ নিজা ঘৰলৈ গৈ দেওবাৰ দিনটো মাকৰ সʼতে থাকি সোমবাৰে আকৌ ঘৰৰপৰাই অফিচলৈ ৰাওনা হয়। 

মাকে দুদিনৰ আগত অপৰ্নালৈ ফোন কৰি দেওবাৰে ঘৰলৈ কোনোবা আলহী অহাৰ কথা

জনাইছিল , কিন্তু অপৰ্না তেতিয়া নিজৰ মাজতে ইমানকৈ হেৰাই আছিল যে কʼৰ আলহী 

আহিব বুলি মাকক এবাৰো নুসুধিলে । 

সৰু ককায়েক আৰু বৌয়েক আহি আগদিনাৰ

পৰাই বজাৰ- সমাৰ কৰি থৈছিল । আনকালে হোৱা হʼলে দেওবাৰ দিনটো আহিলে 

অপৰ্নাই খুব উচ্ছাহেৰে ঘৰৰ কাম কাজ কৰি

মাকক ৰন্ধা মেলাতো সহায় কৰি দিলেহেঁতেন !

কিন্তু আজি কি হৈছে একো ধৰিবই পৰা নাই !

আজি অপৰ্ণাৰ শুই উঠাৰো পলম হৈছিল । লʼৰালৰিকৈ বাথৰূমৰ পৰা ওলাই আহি দেখে যে ঘৰখনৰ সকলো মানুহ দেখোন খুবেই ব্যস্ত ,কাৰো ওচৰত অলপমানো সময় নাই অপৰ্নাৰ সʼতে এষাৰ কথা পাতিবলৈ । চাহকাপো  নিজেই বনাই লব লগীয়া হʼল ।  মাক আৰু বৌয়েক পাকঘৰত সোমাই বিধে বিধে ব্যঞ্জন ৰান্ধিবলৈ লাগিছিল । অপৰ্নাই হাতত চাহকাপ লৈ বাৰাণ্ডাৰ ফালে ওলাই আহিব খুজোতেই মাকে পিছফালৰ পৰা অপৰ্নাক আলহীৰ আগত  যাতে মেখেলা- চাদৰ এযোৰ পিন্ধি ওলায় ,সেই কথাষাৰ সকিয়াই দিয়ে ।  

         দুপৰীয়া প্ৰায় এঘাৰমান বজাত আলহী আহিল । ঘৰৰ সকলো অতিথি আপ্যায়নত

ব্যস্ত হৈ পৰিল । অপৰ্নাই মাকৰ কথামতেই

আলহীক চাহ দিবৰ বাবে সাজু হʼল ।  চাহৰ কাপকেইটা ট্ৰেখনত উঠাই  যন্ত্ৰচালিতৰ দৰেই অপৰ্না ড্ৰয়িংৰূমলৈ  সোমাই গৈছিল ।ড্ৰয়িংৰোমত বহি থকা আলহীৰ কাষ পাই এক মুহূৰ্তৰ বাবে অপৰ্নাই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল । মনোজ কাকতিয়ে খুবেই ভদ্ৰভাৱে অপৰ্নাৰ মাক আৰু ককায়েক বৌয়েকৰ সʼতে কথা পাতি আছিল । লগত তেওঁৰ মাক দেউতাক আৰু এজন বন্ধু ।  মনোজে তেওঁৰ মাক দেউতাক আৰু বন্ধুৰ  সʼতে অপৰ্নাক চিনাকি কৰাই দিছিল । অপৰ্নাই কোনোৰকমে নিজৰ দ্বিধাগ্ৰস্ততা লুকুৱাই আলহীৰ লগত দুআষাৰ পাতি ভিতৰলৈ সোমায় আহিব খুজোতেই অপৰ্নাৰ বৌয়েকে অপৰ্নাক উদ্দেশ্য কৰি মাত লগালে-- 

   " মামন যোৱাচোন মনোজক আমাৰ বাগিচাখন দেখায় আহা ।"

অপৰ্নাৰ এনে লাগিছিল যেন বৌয়েকক  সেই মুহূৰ্ততে মৰমতে সাৱতি ধৰিব  ! মনোজ কাকতিক এবাৰ কাষত পাবলৈ মনৰ মাজত সংগোপনে যি তপস্যা কৰিছিল সেয়া  যেন সফল হʼল ! ইমান দিনে থুপাই থোৱা অনুভৱ , অভিমান , ভালপোৱাবোৰ আজি যেন ৰামধেনুৰ দৰে ৰঙীণ হৈ অপৰ্নাৰ মনাকাশ পোহৰায় তুলিছে !

মনোজ কাকতিয়েও সুবিধা বুজি অপৰ্নাক

উদ্দেশ্য কৰি কʼলে-

  " বʼলা অপৰ্না.. তোমালোকৰ বাৰীখন চাবলৈ মোৰো ইচ্ছা গৈছে ।

অপৰ্নাই লাজ লাজকৈ আহক তেনে বুলি কৈ  মনোজক ঘৰৰ দুয়োকাষে থকা বাৰীখন দেখাবলৈ লৈ গʼল ।

      অপৰ্নাহঁতৰ ঘৰটোলৈ সোমায় অহা গেটখনৰ দুয়োপাৰে দুজোপা বহু ৰঙীণ বগেনভেলিয়া ফুলি পৰিৱেশটো সুন্দৰ কৰি তুলিছে । ইয়াৰ লগতে ঘৰলৈ সোমায় অহা পদূলিটোৰ দুয়োকাষে সুন্দৰকৈ কাটিং কৰি ৰখা হেজ গছৰ শাৰীবোৰে অতিথিক যেন স্বাগতম জনাবলৈহে ৰৈ থাকে। ঘৰটোৰ সন্মুখত এলানি ইন্দ্ৰমালতি ,গোলাপ , জৱা ,চম্পা,কামিনী কাঞ্চন , অশোক ফুল আদিকে ধৰি নানা ৰঙৰ ফুল ফুলি জাতিষ্কাৰ হৈ আছে। বাগিচাৰ মাজতে একাষৰীয়াকৈ  কাৰ্পেট গ্ৰাছৰ ওপৰত  থকা জোলনাখন আৰু তাৰ কাষতে টকৌপাতেৰে বনোৱা জুপুৰী সদৃশ ঘৰটিত বহিব পৰাকৈ চকী টেবুলৰ ব্যৱস্থাই আন এক সৌন্দৰ্য বহন কৰিছে। 

        দেখিলেই নয়নজুৰুৱা বাৰীখন এফালৰ পৰা চাই চাই মনোজ কাকতিয়ে অপৰ্নাক লক্ষ্য কৰি কৈ উঠিল -

    "সঁচাকৈয়ে বৰ ধুনীয়া পৰিৱেশ ,বাগিচাখন কিছু প্লেনিং কৰি সজাইছা । 


    "এইখন মোৰ দেউতাই অতি হেঁপাহেৰে গঢ়ি তোলা বাৰী "- 

অপৰ্নায়ো তেওঁলৈ চাই উত্তৰ দিলে ।  দুয়ো লাহে লাহে খোজ দি পিছফালে থকা পুখুৰীৰ কাষ পালেগৈ । পুখুৰীৰ পাৰত থকা নাৰিকল গছৰ ছাঁত দুয়ো মুখামুখি হৈ ৰʼল । সেইসময়ত তগবগীয়া বেলিৰ ৰশ্মি আহি অপৰ্নাৰ মুখত পৰি তেওঁৰ লাজসনা মুখখন আৰু বেছিকৈ জিলিকাই তুলিছিল। মনোজ কাকতিয়ে অপৰ্নাৰ হাত এখন নিজৰ হাতলৈ তুলি আনি সম্ভ্ৰমেৰে কৈ উঠিল--

     " মই জানো , তোমাৰ মনত হয়তো এইমুহূৰ্তত বহুতো প্ৰশ্নৰ উদয় হৈছে ! আচলতে কি জানা , মণিষা বাইদেউৱে তোমাক বিয়াৰ  প্ৰস্তাৱটো দিয়াৰ পাছতে তোমাৰ পৰা আশাপদ সঁহাৰি পাম বুলি বাট চাই ৰৈছিলোঁ । পিছে তোমাৰ নিৰুত্তৰত মনে মনে মই বহুত অপমানবোধ কৰিছিলোঁ সেয়ে অফিচৰ কামৰ  অজুহাতত গুৱাহাটী গুচি গʼলোঁ । তাতো মোৰ মন ক্ষান্ত নাছিল । হয়তো মণিষা বাইদেউৰ ফোনকলটো নোপোৱা হʼলে আজি মই তোমাৰ সন্মুখত নাথাকিলোহেঁতেন । মনোজ কাকতিক মাজতে বাধা দি অপৰ্নাই কৈ উঠিল --

  " তাৰমানে  ?

মনোজ কাকতিয়ে অপৰ্নাৰ হাতখন নিজৰ হাতৰপৰা মুক্ত কৰি পুখুৰীৰ পানীখিনিলৈ 

চাই কʼলে -

” এই পুখুৰীৰ শান্ত পানীখিনিলৈ চোৱাচোন..

ওপৰৰপৰা ইয়াৰ গভীৰতা বুজিবলৈ কঠিন নহয় নে ? 

তুমিও মোৰ বাবে এই পানীখিনিৰ দৰেই ।

সেয়ে তোমাক বুজিবলৈ মোৰ বাবে এইকেইটা দিনেই যথেষ্ট আছিল ।

  " তাৰমানে মই ঠিক বুজিব পৰা নাই "..অপৰ্নাই হাঁহো নাহাঁহোকৈ পুণৰাই কৈ উঠিল..

  " তাৰমানে শুনি যোৱা..তোমাৰ অভিনয় 

মণিষা বাইদেউৰ আগত ধৰা পৰিছিল। মই অফিচত নথকা কেইদিন তুমি খুব অন্যমনস্ক হৈ পৰিছা বুলি বাইদেৱে মোক জনাইছিল । সেয়ে তেওঁ দুদিনমান তোমাক নজৰ দি থাকিল আৰু মোকো তেনেকৈ থাকিবলৈ জোৰ কৰিছিল । সেইমতেই গুৱাহাটীৰ পৰা ঘূৰি আহি প্ৰতিদিনে তোমাক লক্ষ্য কৰোঁতে কৰোঁতে মই তোমাৰ ভিতৰৰ মানুহজনীক বুজি পাইছিলো । সেয়েহে এই অৱস্থাটোৰ পৰা তোমাক মুক্ত কৰিবলৈয়ে মোৰ বিয়া ঠিক হোৱাৰ খবৰটো তোমাক জনোৱা গৈছিল  আৰু তুমিটো জানাই--

           " Even though the silence couldn't speak ,  expression can't lie.. .!  "

 অপৰ্নাৰপৰা কিবা এষাৰ শুনিবলৈ প্ৰস্তুত হৈ মনোজ কাকতিয়ে কৈ উঠিল --

   " কোৱা অপৰ্না..তোমাৰ মনত যি যি কথা আছে সকলো মোক খুলি কোৱা ,এতিয়াতো তুমি মই এক হʼবলৈ গৈ আছো ন !

So please don't hesitate and tell me everything right now. "

     মনোজ কাকতিৰ আশ্বাসভৰা কণ্ঠত 

অপৰ্নাৰ চকুহাল কিছু সেমেকি উঠিছিল ।

এই অশ্ৰু কিহৰ বাবে সেয়া অপৰ্নাই বুজি উঠিছিল । আজি অপৰ্নাৰ নিজকে বৰ সৌভাগ্য ৱান যেন লাগিছে , প্ৰেমৰ অনুৰণনত জীপাল হোৱা ভৰ দুপৰীয়াটিৰ বুকুত যেন এবুকু মিঠা বেদনা ফুল হৈ ফুলি উঠিছে । অনুভৱবোৰৰ গুমগুমনিত অপৰ্নাৰ বুকুত এহেজাৰ ঢৌ হে যেন উপচি পৰিছিলহি ! কোনোমতে মনোজৰ চকুত চকু থৈ কʼব পাৰিলে সেই কথাষাৰ অতদিনে যি কথা সংগোপনে সামৰি থৈছিল--

       " মই আজি বহুত সুখী জানা , তোমাৰদৰে জীৱন সংগী এজন পোৱাৰ পাছত মোৰ বেলেগ কোনো আকাংক্ষা নাই । মোৰ হৃদয়ত তোমাৰ প্ৰতি যি স্থান আছে ,সেয়া ভাষাৰে বুজাব নোৱাৰিম । "

        অপৰ্নাই  আৰু বহু কথা পাতিম ভাবিও বিশেষ একো পাতিব নোৱাৰিলে । এতিয়াও যে কথাবোৰ সপোন সপোনেই লাগি আছে ।  

সেইদিনা অপৰ্নাই সকলো কথাই বুজি উঠিছিল কিদৰে কেনেকৈ মনিষা বাইদেউৰ তৎপৰতাত নিৰৱে দহি থকা দুখন হৃদয় একেলগ হʼবলৈ আগবাঢ়িছে !  

          মনোজ কাকতিৰ মাক- দেউতাকে ইতিমধ্যে অপৰ্নাক বোৱাৰী হিচাপে পচন্দ কৰি পেলাইছিল আৰু সেয়ে খুব কম দিনৰ ভিতৰতে দুয়োখন ঘৰৰ সমিল মিলত বিবাহ সম্পন্ন হৈছিল । বিয়াৰ পাছত অপৰ্না আৰু মনোজ কাকতিয়ে যোৰহাটৰ ঘৰখনত মাক দেউতাকৰ সʼতে দিনছেৰেক অতিবাহিত কৰাৰ পাছত দুয়ো কৰ্মক্ষেত্ৰ শিৱসাগৰলৈ গুচি আহিছিল ।

       

    যিসময়ত শাৰদীয় সময়খিনিয়ে আন বহুতৰ মন-প্ৰাণলৈ  প্ৰশান্তি আনে , সেইসময়ত অপৰ্না গোঁহাইৰ মন-প্ৰাণ ধুমুহাৰ পিছৰ পৰিৱেশটোৰ দৰে নিমাত নিতাল তথা বিধ্বস্ত হৈ থাকে । যʼত কেৱল ক্ষয়-ক্ষতি তথা হেৰোৱাৰ হিচাপহে থাকে । যদিও সেই অভিশপ্ত দিনটোলৈ তেওঁ মনত পেলাব নোখোজে তথাপিও পূজাৰ সময়ছোৱাত মানুহগৰাকীৰ মনোজগতত সাগৰৰ কোবাল ঢৌৰ গৰ্জনবোৰৰ দৰে একোটাহত গৰ্জন ভাহি আহি থাকে । অৱশ্যে বাহিৰত শান্ত হৈ থকা মানুহগৰাকীৰ ভিতৰভাগৰ  ভু কোনেও নাপায় । 

       সেইদিনা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমৰ ইমাৰজেঞ্চি ৱাৰ্ডত মনোজ কাকতিয়ে মৃত্যুৰ সʼতে যুঁজি আছিল আৰু আনফালে অপাৰেশ্যন কক্ষত পাহিৰ আঁঠুৰ অপাৰেশ্যনৰ (knee transplant) বাবে যো-জা চলিছিল । ঘটনাৰ খবৰ পোৱা লগে লগে অপৰ্নাৰ ককায়েক অনুপ গোঁহাই পত্নী বিনীতাৰ সʼতে নাৰ্ছিংহোম আহি ওলাইছিলহি আৰু আহি পায়ে বহুসময়ধৰি তেওঁ ডাক্তৰৰ  সʼতে আলোচনা বিলোচনা কৰি আগন্তুক সময়ত উদ্ভৱ হʼবপৰা পৰিস্থিতিৰ সʼতে মোকাবিলা কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছিল । যিহেতু তেওঁ নিজেও এজন ডাক্তৰ সেয়ে কথাবোৰ প্ৰেকটিকেলি ল’বৰ বাবে মানসিক ভাৱে সাজু হৈছিল । মূৰত সাংঘাটিক ধৰণেৰে আঘাত পোৱা বাবে মনোজ কাকতিৰ মগজুৰ ভিতৰত ৰক্তক্ষৰণ হৈছে বুলি তেওঁক জানিবলৈ দিছিল । গতিকে ইয়াৰপৰাই তেওঁ সম্ভাব্য বিপদৰ বিষয়ে অনুমান কৰিব পাৰিছিল । অলপ সময়ৰ পাছতে ডাক্তৰে আহি মনোজ কাকতিক মৃত ঘোষণা কৰিলেহি । অপৰ্নাৰ মূৰত যেন সৰগ হে ভাগি পৰিল , ঠাইতেই শিলামূৰ্ত্তিৰ দৰে থৰ হৈ পৰিল । কি হৈছে ভালদৰে গমিবলৈও যেন গাত বল শক্তি নোহোৱা হʼল ।  জীৱনৰ এই জটিল সময়ত সাধাৰণ মানুহ হিচাপে যি প্ৰতিক্ৰিয়া কৰিব লাগে , অপৰ্নাই সেয়াও কৰিব পৰা নাই ।  যন্ত্ৰণাত চটফটাই থকা একমাত্ৰ সন্তান পাহিৰ কথাকে ভাবিবনে..! স্বামীৰ অকাল বিয়োগত দিশহাৰা পত্নী এগৰাকীৰ দৰে চেতনাহীন হৈ ৰʼব ...!  শেষ সন্ধিক্ষণতো মৰমৰ মানুহজনক মাত এষাৰ লগাব নোৱাৰা দুখে কোবাই গৈছে অপৰ্নাৰ হৃদয় । 

        জীৱনৰ প্ৰতিপলত হাতত হাত ধৰি যোৱা মানুহজনে মাজবাটত একো নোকোৱাকৈ কেনেকৈ হাত এৰি গুচি যাব পাৰিলা ? পাহিৰ দায়িত্ব মোলৈ অকলৈ ঠেলি কিয় গʼলা ? হে,প্ৰভু : কিয় দয়া নেদেখুৱালা ? 

বহু দেৰিলৈকে অপৰ্না বোবা হৈ এসাগৰ বিষ্ময় আৰু এজাক ধুমুহাৰ সʼতে যুঁজি থাকিল ।

বৌয়েকেও যিমান পাৰি সিমান ধৰ্য্য ধৰি থাকিল আৰু লাহে লাহে অপৰ্নাৰ মূৰত পানী সানি সানি সান্ত্বনা দিবলৈ চেষ্টা কৰিলে ।

          মৃতদেহ চমজি লবৰ বেলিকা হঠাৎ অপৰ্নাৰ পুৰণি কথা কিছুমান মনত পৰি গʼল আৰু ককায়েকৰ লগত আলোচনা কৰি এক সিদ্ধান্ত লৈ পেলালে। স্বামী মনোজ কাকতিয়ে জীৱিত কালত মনত পুহিৰখা ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁৰ অংগদান কৰিবৰ বাবে অপৰ্না আগবাঢ়ি আহিছিল । ইয়াৰ লগে লগেই ডাক্তৰৰ নিৰ্দেশনাত অপৰ্নাক অনুমতি পত্ৰত চহী কৰাই অংগদানৰ বাবে বিধিগত ব্যৱস্থা কৰি দিয়া হৈছিল  । প্ৰথমবাৰৰ বাবে চহী এটা কৰিবলৈ লওতে হাতখন কঁপি উঠিছিল অপৰ্নাৰ । টোপ টোপকৈ চকুলো সৰি পৰাত তেওঁ নিজৰ  চহীটোও অস্পষ্টকৈ দেখা পাইছিল । 

          অৱশেষত Joint replacement &    Arthroscopic  surgeon  ভাগৱতীৰ তত্বাৱধানত পাহীৰ আঠুৰ ঘিলা নতুনকৈ জইন কৰা হৈছিল । অপাৰেশ্যনৰ পাছত নাৰ্চৰ ৰূমৰ কাষৰে কেবিন এটালৈ কণমানি পাহিক  চিফ্ট কৰা হৈছিল  ।  অʼত তʼত বেন্দেজমৰা কণমানি  শৰীৰটোলৈ আৰু এক মুহূৰ্তও চাই থাকিব নোৱাৰি অপৰ্না দৌৰি ওলাই আহিল আৰু বাহিৰৰ দেৱালখনত মূৰটো লগাই হিয়া উজাৰি কান্দিছিল । লগে লগে লাগি ফুৰা বিনীতাই কাষ চাপি ধৰিব খোজাত অপৰ্নাৰ ককায়েকে বাধা দি কʼলে , 

   " তাইক অলপ কান্দিব দিয়া বিনি । তাই কান্দিলেহে তাই নৰ্মেল হʼব --

Her mind should be overcome from such kind of mentel shock , otherwise it will be harmful to her . She must accept the Truth.

বিনীতায়ো সেই সময়ত নিজক বাধা দিব নোৱাৰিলে আৰু স্বামী অনুপ গোঁহাইৰ দুবাহুত সোমাই পৰিল ।

           পাহিক নাৰ্ছিংহোমৰপৰা ডিছাৰ্জ দিয়াৰ পাছত প্ৰায় তিনিমাহ দিন অপৰ্নাই ককায়েক বৌয়েকৰ লগতেই থাকিল । ককায়েকে অপৰ্না আৰু পাহীৰ স্বাস্থ্যৰ ৰেগুলাৰ চেক-আপ ঘৰতে কৰিছিল আৰু সেইমতে দৰৱ-পাতি দি আছিল । দুদিনমানৰ পাছতে সোণাৰিৰ পৰা ঘৰৰ কাম কৰা লগুৱাটোৰ সʼতে মাক আৰু শাহুৱেক আহি ওলাইছিলহি । অপৰ্নাৰ ককায়েকেই মনোজ কাকতিৰ মাকক সোণাৰিৰ ঘৰখনত মাকৰ লগত একেলগে ৰাখিছিলহি ।       এই ঘটনা ঘটাৰ প্ৰায় এবছৰমানৰ আগতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা মনোজৰ দেউতাকৰো মৃত্যু ঘটিছিল । মনোজৰ বিয়াৰ সময়ত তেওঁ কেমʼথেৰাপী লৈয়ে আছিল । সেয়ে যোৰহাটৰ ঘৰখনৰ পৰা অকলশৰীয়া মাকক অপৰ্নাই নিজৰ লগলৈ লৈ আহিছিল ।          দুমাহমানৰ পাছতে অপৰ্নাৰ মাকেও  চাকৰিৰপৰা অৱসৰ লʼব । গতিকে অপৰ্নাহঁতৰ লগত দিনচেৰেক থাকি তেওঁলোক পুনৰ ঘৰলৈ ঘূৰি গ'ল । যোৱাৰ আগতে অপৰ্নাৰ মাকে অৱসৰৰ পাছৰ কালছোৱা পাহী সম্পূৰ্ণ ৰূপে ঠিক নোহোৱালৈকে অপৰ্নাৰ সʼতে একেলগে থকাৰ মুকলি সিদ্ধান্ত কৰি গʼল ।

       ইফালে ককায়েক আৰু বৌয়েক বিনীতাৰ পৰিচৰ্যাত অপৰ্না প্ৰায় তিনি সপ্তাহমানৰ পাছত সুস্হ অৱস্থালৈ আহিছিল । তথাপিও চলা ফুৰা কৰিবলৈয়ো যেন গাত বল-শক্তি নাছিল , অথচ দুচকুত যুগ যুগৰ ক্লান্তি আৰু কিছু প্ৰশ্ন , যাৰ উত্তৰ তেওঁ বিচাৰি ফুৰিছিল মনলৈ অগা-দেৱা কৰা প্ৰতিটো দৃশ্যপটত । লাহে লাহে দিনবোৰ পাৰ হৈ গৈছিল লাহে লাহে বুকুৰ 

ঘাঁবোৰো শুকাব ধৰিছিল আৰু এদিন ককায়েক বৌয়েকৰ অনুমতি সাপেক্ষে পাহিক লগত লৈ অপৰ্না গুছি আহিছিল শিৱসাগৰলৈ । 

         

       সকলো যন্ত্ৰণা সামৰি জীয়াই থাকিবলৈ নিজক প্ৰস্তুত কৰিব লাগিব ,অন্তত পাহিৰ বাবে ।   যোৱাজনটো গুচি গʼল । কণমানি জনীয়ে পৃথিৱীখন কিমানেই বা দেখিছে..তাইৰ বাবেই মই জী উঠিব লাগিব । এইদৰে  প্ৰবোধ দি অপৰ্নাই নিজক বহুখিনি সংযত কৰিলে যদিও তেওঁ হাঁহিবলৈ যেন পাহৰিয়ে গʼল ।

কিমান দিনৰনো কথা সকলো দেখোন কালি- পৰহিৰ দৰেই লাগি থাকে তেওঁৰ । মনোজৰ সʼতে প্ৰথম দেখা হোৱাৰ দিনটোৰপৰা ঘৰ- সংসাৰ তৰি পাহিৰ জন্মৰ পিছলৈকে দিনবোৰ কেনেকৈ যে পাৰ হৈ গʼল !  তেওঁৰ মুখৰ মিঠা হাঁহিটিৰ প্ৰশংসা কৰি কৰি মনোজ কাকতি কোনোদিনেই ভাগৰা নাছিল । আনকি

এক্সিডেণ্ট হোৱাৰ দিনাও ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল । সঁচাকৈয়ে এখন অতিকৈ সুখৰ  সংসাৰৰ গৰাকিনী আছিল অপৰ্না গোঁসাই ।

         প্ৰায়েই আত্মমগ্ন হৈ ৰোৱা ক্ষণবোৰত  অতীতৰ স্মৃতিবোৰে কুৰুকি কুৰুকি তেওঁৰ নিথৰ মনটোক চিকুটি যায়হি । এপলকৰ বাবে তেওঁৰ নিজকে কেতিয়াবা অচিনাকি যেন বোধ হয় । কেনেকৈ পাৰিছে তেওঁ যন্ত্ৰণা বিধৌত জীৱন এটা নিপুণ চালকৰ দৰে নিয়ন্ত্ৰণ কৰি আগবঢ়ায় নিবলৈ ! কথাবোৰ ভাবিলে আজিও

আচৰিত হয় অপৰ্না। ঘৰখনৰ নুমলীয়া জী হিচাপে যথেষ্ট আপদালত ডাঙৰ-দীঘল হোৱা অপৰ্নাৰ বাবে এইজাক ধুমুহাৰ সন্মুখীন হোৱাটো একেবাৰে সহজ নাছিল । দেউতাকৰ মৃত্যুৰ বাতৰিয়ে দি যোৱা আঘাতৰ প্ৰতিটো প্ৰহাৰ আজিও তেওঁৰ বুকুত সজীৱ হৈয়েই আছে । এতিয়া আৰু এজাক ধুমুহা ... কাৰো জীৱনলৈ নাহক যেন এনে ধুমুহা । অপৰ্নাই প্ৰতিপল ঈশ্বৰৰ ওপৰত তাকেই  প্ৰাৰ্থনা কৰি আহিছে।

        সপ্তমী আছিল সিদিনা , পাহিয়ে পূজা চাবলৈ যাবৰ বাবে অপৰ্নাক বৰকৈ জোৰ কৰি আছিল । এনেয়েও বছৰেকৰ পূজাভাগ আহিলে এটা দিনত তিনিও ওলাই গৈ পূজা চাই মেলি বাহিৰতে এসাজ খাই বৈ আহে ।  এইবাৰহে অপৰ্নাৰ গাটো অলপ বেয়া তাতে শাহুৱেকক ঘৰত এৰি অপৰ্নাৰো যাবলৈ মন নোযোৱাত পাহি দেউতাকৰ লগতেই পূজা চাবলৈ বুলি ওলাই গৈছিল । পূজাৰ সময়ত গাড়ী নিলে পাৰ্কিঙৰ অসুবিধা হʼব পাৰে বুলি সিদিনা মনোজে পাহিক এনফিল্ড খনতে লৈ গৈছিল । প্ৰত্যক্ষদৰ্শীৰ মতে, বলেৰ’ আৰু বোলেটৰ মুখামুখি সংঘৰ্ষত কণমানি জনী বহুত দূৰৈত চিটিকি পৰিছিলগৈ আৰু বোলেট আৰোহীজন ...উফ: আৰু একো ভাবিব নোৱাৰা হয় অপৰ্না। বহুসময় ধৰি  হৈ যোৱা কথাবোৰ ৰোমণ্ঠন কৰি অপৰ্নাই বাৰাণ্ডাৰ চকীখনতে হেলান দি বহি আছিল । ভিতৰৰপৰা মাকে আহি মাত দিলতহে তেওঁ সম্বিত ঘূৰাই পাইছিল ।

     পাহিক লৈ কিমান যে সপোন নেদেখিছিল দেউতাকে !  মৰমৰ জীয়াৰীক মানুহ হিচাপে গঢ় দিবলৈ সযত্নেৰে মৰমেৰে জীৱনৰ আদিপাঠ পঢ়াইছিল । সৰুৰে পৰা তাইক খেলাৰ মাধ্যমেৰে ভাল-বেয়া, উচিত-অনুচিত কথাবোৰৰ  সাৰমৰ্ম বুজাবলৈ যত্নপৰ হৈছিল । দুয়ো একেলগে অফিচৰ পৰা আহি পাহিৰ সʼতে পৰ্যাপ্ত সময় অতিবাহিত কৰিছিল ।  আইতাকৰ লগতে অনিমা নামৰ ঘৰৰ কামকৰা মানুহ গৰাকীৰ হাতত পাহিক দিনটোলৈ গটাই যাব লগা হোৱাৰ বাবে দুয়ো নিচিন্ত হৈ অফিচলৈ যাব পাৰিছিল । সৰুৰেপৰা পাহিয়ে দেউতাকৰ লগ বেছিকৈ লৈছিল  । ভাত খালেও দেউতাকক লাগে আৰু খেলিবলৈও দেউতাককেই বিচাৰে । 

           নাৰ্ছিংহোমত  অপাৰেশ্যনৰ পাছত 

প্ৰথম চকুমেলাৰ পৰা দুদিনমানলৈ পাহিয়ে দেউতাকক বিচাৰি বহুত আমনি কৰিছিল । বিশেষকৈ খাবৰ সময়ত বেছিকৈ আমনি কৰিছিল , তাইৰ যে অভ্যাসেই আছিল দেউতাকৰ সʼতে একেলগে খোৱাৰ !পাহীৰ চকুযোৰে যেন কেৱল দেউতাককে বিচাৰি ফুৰিছিল । তাইৰ প্ৰশ্নবোৰৰ উত্তৰ অপৰ্নাৰ ওচৰত নাছিল সেয়ে অপৰ্নাই নিজক লুকুৱাবলৈ পাহিৰ আগত সম্পূৰ্ণ স্বাভাৱিক হৈ আছিল ।  পিছলৈ ককায়েক বৌয়েকৰ মৰম আবদাৰত পাহিয়ে খাবৰ সময়ত জিদ কৰিবলৈ এৰিছিল ।  লাহে লাহে তাই হয়তো গম পাইছিল তাইৰ দেউতাক আৰু কেতিয়াও ঘূৰি নাহিব !

         এক্সিডেণ্টৰ পৰৱৰ্তী সময়ত পাহিৰ  এখন ভৰি সামান্য ঠিক হʼল যদিও আনখন অকামিলা হৈয়ে ৰʼল। তথাপিও অপৰ্নাই আশা এৰি দিয়া নাই। ককায়েকৰ পৰামৰ্শমতে মাজে মাজে ফিজিঅʼথেৰাপিষ্টৰ সহায়ত পাহিৰ ভৰিখনৰ চিকিৎসা কৰি আহিছে সেয়ে হয়তো লাহে লাহে বহুখিনি সুফল দেখা পোৱা গৈছে । অপৰ্নাই পাহিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে স্কুলৰ প্ৰিঞ্চিপালৰ সʼতে কথা বতৰা পাতি ঘৰুৱা শিক্ষকৰ সহায়ত পঢ়া-শুনা আগবঢ়ায় নিছে । আজিকালি তাই খুব ভাল ড্ৰয়িং কৰে । 

          অফিচ নথকা দিনবোৰত অপৰ্নাই আইতাকহঁতৰ সʼতে পাহিক দʼলৰ প্ৰাঙ্গনলৈ অথবা বৰপুখুৰীৰ পাৰত ফুৰাবলৈ লৈ যায় । সেইকেইটা দিনত পাহিয়েও উতফুল্লিত হৈ যেতিয়া আইতাকহঁতৰ  হাতত ধৰি এখোজ দুখোজকৈ খোজবোৰ পোনাবলৈ যত্ন কৰে , সেই দৃশ্যই অপৰ্নাৰ বুকুতো এবুক আশাৰ সঞ্চাৰ কৰে। 

           মনোজৰ প্ৰতিটো মৃত্যু বাৰ্ষিকীত অপৰ্নাই দʼলমুখৰ ভিক্ষাৰী সকলক এমুঠি আহাৰৰ যোগান ধৰে । তেনেকৈয়ে জন্মৰ দিনটোত জয়সাগৰৰ পাৰত অৱস্থিত শিশু আৱাস গৃহলৈ গৈ অনাথ শিশুসকলৰ মাজত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ আৰু কিতাপ-বহীৰ টোপোলা আগবঢ়ায়। সম্পূৰ্ণ নিস্বাৰ্থ  তথা এককভাৱে যোৱা তিনিবছৰৰ পৰা কৰি অহা কামৰ ভিতৰত এই দুটি কামে অপৰ্না গোঁহাইৰ হৃদয়খন তৃপ্ত কৰে ।  ইয়াৰোপৰি কেঞ্চাৰ ৰোগীসকলৰ সাহায্যৰ্থে ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পেলিটেটিভ  ট্ৰাষ্টলৈ  বছৰেকীয়া বৰঙণি আগবঢ়াই গৈছে । মনোজ কাকতি জীৱিত কালতেই এই কাম আৰম্ভ কৰিছিল দুয়ো আৰু এতিয়া তেওঁৰ অবৰ্তমানত অপৰ্নাই এই সেৱা নিয়াৰিকৈ আগবঢ়ায় নিছে । 

         একেলগে কিমান সপোন ৰচিছিল.. কিমান জল্পনা-কল্পনা কৰিছিল  .. অথচ .. জীৱনটো বিচৰা ধৰণে জী চোৱাৰ এবুকু হেঁপাহ বুকুত বান্ধিয়েই উভতি নহাৰ বাটেৰে এজন গুচি গʼল । তেওঁ যোৱাৰ বাটত এতিয়া তৰপে তৰপে খহিব ধৰা সপোনবোৰক বাধা দিবলৈ সন্মূখত ৰখীয়া হৈ আছে অপৰ্না । অপৰ্না দৃঢ়প্ৰতিজ্ঞ কাৰণ কোনো কাৰণতেই তেওঁ মনোজ কাকতিৰ সʼতে দেখা সপোনবোৰ ভাঙি যাবলৈ দিব নোৱাৰে। পাহি আৰু অপৰ্নাৰ লগত মনোজ এক প্ৰতিশ্ৰুতি হৈ চিৰকাল থাকিব ।


সীমা গগৈ

দুলীয়াজান 

———————————

নেদেখা মুখ

মাধুৰ্য প্ৰিয়ম দাস

         বেলিটো তেতিয়া শুই পৰিছিল আৰৱ  সাগৰৰ তলিত,  পাৰৰ বালিত অকলে অকলে বহি থাকোতে হঠাতে এজন অচিনাকি মানুহ আহি মোৰ পৰা কিছু আতঁৰত ৰৈ গ'ল । চুলি দাড়িৰে আবৃত মুখমণ্ডলত আছিল অসমীয়াৰ চেহেৰা , পাঁচ মিনিট মান  সময় তেওঁ মোলৈ থৰ লাগি চাই ৰ'ল যেন বহু পূৰণি চিনাকি , পিছমূহূৰ্তে মানুহজনে  এক অৰ্থপূৰ্ণ চাৱনিৰে মোলৈ চাই আকৌ গুছি গ'ল । সেই মূহূৰ্তত  মানুহজনৰ আচৰনে যথেষ্ঠ দোমোজাত পেলাইছিল  , গুৰুত্ব নিদিও বুলি ভাৱিও মই অলপ সময়ৰ বাবে ৰৈ গ'লো । মোৰ হাতত আছিল সেই সময়ত  অসমত খুবেই জনপ্ৰিয় হৈ পৰা  অৰবিন্দ ভট্টাচাৰ্য্যৰ "মুখাৰ আঁৰৰ মুখ " নামৰ কিতাপ খন । মোৰ চিন্তাত যতি পৰা এইটোও এটা কাৰণ হ'ব পাৰে যে মোৰ হাতত থকা ৰোমাঞ্চক জীৱনীমূলক  কিতাপখনৰ  লেখকৰ পৰিচয় আজিও ৰহস্যৰ আঁৰত । কিতাপখন তেতিয়ালৈকে বহু ভাষালে অনুবাদো হৈছে যদিও কোনেও লেখকজনৰ পৰিচয় বিচাৰি পোৱা নাছিল । কিতাপখন প্ৰথম পঢ়োতে ময়ো অলপ আচৰিত হৈছিলো , অসমৰে  চোকে কোণে অতবোৰ যে  ৰহস্য কাহিনী সোমাই আছে সেইয়া লাগিলে জীৱনীমূলকেই হওঁক বা আন  বেলেগ কিন্তু আমাৰ চকুত নপৰে , তাৰ সলনি আমি বিচাৰি ফুৰো পশ্চিমীয়া ৰহস্যৰ সোৱাদ । যিয়েই নহওক  এই সময়ত এইবোৰ চিন্তা নকৰো ,সাহিত্যৰ  ভাল বেয়া বিচাৰ কৰাতো মোৰ বিষয় নহয় , সেয়া সমালোচকৰহে কাম , এইবেলি আকৌ কিতাপখনত মূৰ গুজিলো । 

            ঠিক কিছুসময়ৰ পিছত  পানী খোৱাৰ চলেৰে মানুহজন পুনৰ  ঘূৰি আহি মোৰ কাষতে বহিল , জীৱনত পোৱা তিতা - মিঠা এগাল  অভিজ্ঞতাৰ পৰা ইতিমধ্যেই মোৰ ষষ্ঠ ইন্দ্ৰিয়ও সাৱধান হৈ পৰিছিল  প্ৰয়োজনত  নিজক চম্ভালি ল'বলৈ  । হ'লেও ভদ্ৰতাৰ খাতিৰতে  ' ৰাখে হৰি মাৰে কোনে ' বুলি ধৰি লৈ মই  বহি  আছো , কিতাপখনৰ পৃষ্ঠাত চকুহাল সজাই থৈছো যদিও মনত মাথো এটাই চিন্তা  যে মুম্বাইৰ দৰে  অচিনাকি ঠাইত এই কাহানিও  নেদেখা মুখ খনৰ কিয় মোৰ প্ৰতি ইমান আগ্ৰহ ? বহুতে কোৱা শুনিছোঁ কিছুমান  ঠাইত এনে এচাম মানুহ থাকে যিয়ে বাহিৰা মানুহক প্ৰথম চিনাকিৰ ভাও ধৰি পিছত লুটি খাই । অসমতেই মোৰো লগত এনেকুৱা বহুত ঘটনা ঘটিছে , যাৰবাবে আজিও কৰবালৈ গ'লে মিচেছে মোক সৰু ল'ৰাৰ দৰে বুজাই । আজিও হঠাতে আকৌ এবাৰ তেওঁৰ অভাৱ অনুভৱ কৰিলোঁ ।

            : আপুনি মাজুলীৰ নেকি ?  আগন্তুকে প্ৰশ্ন কৰিলে ।

            আস: কেনেকৈ গম পালে ? চকুহাল কিতাপৰ পৰা আতঁৰাই আনি তেওঁৰ মুখত থ'লো । নাজানো হঠাতে কিয় মোৰ দক্ষিণ চকুটো কঁপি উঠিল । মোৰ উত্তৰলৈ অপেক্ষা নকৰি আগন্তুকে আকৌ কৈ উঠিল ---

           : আপুনি বিমল খুৰা নহয় জানো ? মোক চিনি পাইছেনে  ? মই ! মই বিতোপন ।

           হঠাতে শেলে বিন্ধাদি বিন্ধি থৈ গ'ল বুকুখন , অতবছৰে সুবিধা পালেই ওলাই আহিব খোজা চকুপানীবোৰ আজি ক'ত হেৰাই গ'ল ? নিজকে এবাৰ চিকুটি চালো সপোনত আছো নেকি মই ? নাই নাই , ই সপোন হ'ব নোৱাৰে , এইহাল পোন্ধৰ বছৰ আগতে হেৰাই যোৱা চকুহাল । যোৱা পোন্ধৰটা বছৰৰ প্ৰতিটো দিনৰ দৰেই আজিও ডিঙিলৈকে উজাই অহা দুখবোৰ চম্ভালি লৈ তাক এবাৰ সাৱটি ধৰিলো ।

            : ইমানদিন তই ক'ত আছিলি বোপাই ? তই এবাৰো নাভাৱিলি আমিবোৰ কেনে আছো ? তোৰ মা - দেউতাৰা  কেনে আছে ? 

             : এই পোন্ধৰটা বছৰত মোৰো চকুত অলপো টোপনি নাই । মই বহুত কিবাকিবি হেৰুৱাই পেলালো , এতিয়া মই যি ঠাইত আছো তাৰ পৰা উভতি যোৱাটো বৰ কষ্টকৰ , মই বৰ ডাঙৰ ভুল কৰিলো অ' খুৰা । তেতিয়াৰ পৰা আজিলৈকে প্ৰতিটো ৰাতিত এক বিৰাট শূণ্যতাই মোক আগুৰি ৰাখিছে , পাৰিলে মোক ক্ষমা কৰি দিব  ।

             : কিন্তু গাঁওখনলৈ এবাৰো মনত নপৰেনে তোৰ ?

              : কিয় নপৰিব  ? সেইদিন বোৰ , লগৰীয়াবোৰক আজিও মিচ কৰো । প্ৰনৱ,দেৱ হতঁক লগ পাবলে বৰ মন যায় । কিন্তু কি কৰিব মোৰ ভাগ্যত ইয়াকে লিখা আছিল , উপায় নাই । সেইবোৰ কথা পিছত পাতিম , গাঁৱত সকলোৰে ভালনে ?

               : ভাল ভাল সকলোৰে ।

               : পিছে আপুনি ইয়াত কেনেকৈ খুৰা আৰু কোন আহিছে লগত ?

               : কি ক'বি বোপাই ? বাৰটা মাহত তেৰটা বেমাৰ জমা হোৱা দেহাটো কোনোমতে দৰৱৰ জোৰতহে জীয়াই ৰাখিছো , অপাৰেচন এটাৰ বাবে আহিছিলো ইয়ালৈ ।  ---- মোৰ কথাবোৰ শুনি তাৰ মুখ খন কেঁহেৰাজ বনৰ দৰে হৈ পৰিল , সি হয়তো ভাৱিছে আজি ইমান বছৰৰ পিচতো  আমাৰ তাত এই সাধাৰণ চিকিৎসাটোও হৈ উঠা নাইনে ! সি তেতিয়াও দেখিছিল তাৰে কিমান আত্মীয়ৰ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল ।

            : বাৰু এইবোৰ বাদ দে , তই পিছে ক'ত  থাক' আজিকালি ? --- মনত ভিৰ কৰা হাজাৰ চিন্তাত যতি পেলাই মই কৈ উঠিলো । অতীতৰ পৰা ঘূৰি হঠাতে সাৰ পাই উঠা মানুহটোৰ দৰে সি মোৰ মুখলৈ চালে ----

           : অ' মই ওচৰতে থাকো , ইয়াতে নিজাকৈ ঘৰ এটাও সাজিলো । ব'লক মোৰ ঘৰৰ পৰাই আহোঁ ।

                  : আজি নালাগে , কাইলে যাম । এতিয়া ব'ল মই থকা হোটেলখনৰ ফালেই যাওঁ। 

              : ব'লক খুৰা ।

 খোজকাঢ়ি গৈ থাকোতে গোটেই ৰাস্তাটোত সি কৈ গ'ল কিদৰে হাতত মাত্ৰ দুহেজাৰ টকা লৈ সুদূৰ মাজুলীৰ এখন সৰু গাৱঁৰ  পৰা  এই সপোনৰ মায়ানগৰীলৈ এটা অনিশ্চিত ভৱিষ্যত লৈ গুচি আহিছিল , কিদৰে নিজৰ সপোনৰ পথ বিচাৰি ইয়াৰ জনসমুদ্ৰত থাওনি নোপোৱা হৈছিল , পেটৰ ভোকত কি কৰিব লগা নহৈছিল সি ? মাজতে এবাৰ পিন্ধি থকা টি- ছাৰ্টটো দাঙি দেখোৱাইছিল কিছুমান পোৰা দাগ , এইবোৰ সি তেতিয়া কাম  হোটেলৰ মালিকৰ বৰ্বৰতাৰ চিন । এতিয়া তাৰ জীৱন বহুত সলনি হ'ল নিশ্চয় কিয়নো তাৰ হাতত থকা দামী ব্ৰেণ্ডৰ ঘড়ী আৰু ম'বাইলটোৱে তাকে প্ৰতিনিধিত্ব কৰে ।

                 : কি হ'ল খুৰা ? ৰৈ গ'ল যে ।  ---- মই নিজেই গম নাপালো যে মোৰ খোজ নচলা হৈছে , আচলতে মোৰ খোজ দিব ভয় লাগিছে । এনে লাগিছে মোৰ যেন ভৰিৰ তলৰ মাটিবোৰ ক্ৰমে নোহোৱা হৈ গৈছে । মই তাৰ চকুলে চালো , ক'তা ? যিটো হাঁহি মুখত লৈ সি কথাবোৰ কৈ আছে সেইটো হাঁহি দেখোন তাৰ চকুত নাই । মই মোৰ বুকুৰ বিষটো লুকুৱাই আকৌ আগবাঢ়িলো । সি কথাবোৰ কৈ গৈছিল এফালৰ পৰা , মাথো মই শুনিব বিচাৰা নাছিলো।  এবাৰত সি কৈছিল কিদৰে হাড় কপোৱা জাৰত পাতল ছাৰ্টটো পিন্ধিয়েই গোটেই ৰাতি কিদৰে কটাইছিল । কিমান দিন লঘোনত কটাব লগা হৈছিল , সকলো ক'লে । মোৰ চকুহাল সেমেকি উঠিছিল, মাথোন এন্ধাৰৰ সুযোগ লৈ মই বাৰে বাৰে লুকুৱাই ৰাখিব বিচাৰিলো ।  

            এতিয়াহে ধৰিব পাৰিছোঁ মই থকা ঠাইখনো এইফালেই গ'লে পোৱা যায় , কিছুদূৰ যোৱাৰ পিছত এটা আচাম টাইপৰ ঘৰৰ সমুখত সি ৰৈ গ'ল , চাৰিওফালৰ বিল্ডিংবোৰ ইটোতকৈ সিটো এখোপ চ'ৰা যেন ওখ হোৱাৰ প্ৰতিযোগিতা চলিছিল ইয়াত ।

               : এইটোৱেই মোৰ ঘৰ খুৰা । আপোনাৰ যেতিয়াই মন যাই তেতিয়াই আহিব পাৰিব । -----সি গৌৰৱেৰে কোৱা কথাখিনিত মই মুখেৰে একো নকৈ মাথো সন্মতিসূচক মোৰ দুপিয়ালো । ঘৰৰ সমুখত থকা ফলকখনত সম্পূৰ্ণ অসমীয়াত লিখা আছে দেউতাকৰ নাম , বিবিধ ফুলেৰে ভৰি থকা এটা সুন্দৰ পৰিৱেশ ।

            : ব'লক খুৰা , আপোনাক অলপ আগবঢ়াই থৈ আহো । ----- মোৰ মৌনতাত অলপ বিৰক্ত হোৱাৰ দৰে সি কৈ উঠিল , কিন্তু সি হয়তো বুজা নাই মোৰ মৌনতাৰ কাৰণ । কাৰণ সি যেতিয়া  অঞ্চলৰ ভিতৰতে মেট্ৰিকত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছিল তেতিয়া মোৰো যথেষ্ঠ হিংসা লাগিছিল , সি ইয়ালৈ  পলাই অহাৰ বাবে গাৱঁৰ মোৰ দৰে মানুহবোৰো সমানে দায়ী, মই তাৰ পাছে পাছে আগবাঢ়িলো । মই থকা হোটেলৰ গেটৰ সমুখৰ পৰা মোক বিদায় দি সি অহাবাটেদি যাবলৈ ওলাল, যাবৰ সময়ত মোৰ হাতত থকা কিতাপখনলৈ আঙুলিয়াই সি কৈ গ'ল 'খুৰা, মোৰ কিতাপখন পঢ়ি কেনেকুৱা পাইছে ?' --- মই বিস্ময়েৰে সি যোৱাৰ ফালে চাই থাকিলোঁ। মানে...

                তেতিয়া ৰুমৰ ঘড়ীটোৱে ১০ বজাৰ সংকেত দিছিল,  একো খাবলৈ মন যোৱা নাছিল  যদিও ডাক্তৰৰ ঔষধ কাগজৰ বিধান মানি কিবা এটা খাই বিচনাত পৰিছো মাথো । চকুত টোপনি নাই , হাতত সেই একেখন কিতাপেই , এটাই মাথো চিন্তা বাৰে বাৰে মনলে আহিছে। হয়তো ব্যস্ত মহানগৰীৰ ভিৰ এলেকাত এইটো স্বাভাৱিক আছিল যদিও মোৰ মনে মানি লোৱা নাছিল। বাৰে মনটো উভতি দৌৰিছে ১৫ বছৰৰ আগৰ সেই দিনবোৰলৈ , মেট্ৰিকত অঞ্চলৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাৰ পিছতে কিদৰে তাৰ মাক -দেউতাকে  তাৰ ইচ্ছাৰ বিপৰীতে  বিজ্ঞান  শাখাত পঢ়াবলৈ চহৰলৈ পঠাইছিল, কিন্তু সি অসমীয়া বিভাগত পঢ়িব বিচাৰিছিল। তাৰ সপোন আছিল এজন ভাল প্ৰতিষ্ঠিত কণ্ঠশিল্পী হোৱাৰ, কিন্তু পৰিয়ালৰ চাপত পৰি নম্বৰৰ প্ৰতিযোগিতাত নামি লাহে লাহে হৈ পৰিছিল এটা যন্ত্ৰ , পৰিয়ালৰ লোকে এইটো জনা নাছিল যে সি কি হ'ব বিচাৰে? মাক - দেউতাক কাঢ়া শাষনত ডাঙৰ হোৱা বিতুপন, কাৰো আগত  মুখ ফুটায়ো ক'ব নোৱাৰে তাৰ সপোনৰ কথা। তাৰপিছতো উচ্চতৰ মাধ্যমিকত আশা কৰা ধৰনেই নম্বৰ আহিল , কলেজৰ ভিতৰতে গণিতত সৰ্বাধিক নম্বৰ পালে। এইবেলি আহি পৰিল আৰু কিছুমান বোজা --- মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত যেনেতেনে হ'লেও উৰ্ত্তীন্ন হ'ব লাগিব , দেউতাকে সৰুৰে পৰা এটা কথাই কৈ আহিছে এজন চিকিৎসক হোৱাৰ ,  তাৰ গাঁৱত এজনো চিকিৎসক নাই । সিয়েই গাৱঁৰ প্ৰথম চিকিৎসক হৈ গাঁৱৰ লগতে বংশৰ গৌৰৱ বঢ়াব লাগিব, এইবাৰো  দেউতাকৰ ইচ্ছাৰ বিপৰীতে গৈ একো ক'ব নোৱাৰিলে খুলি । কিন্তু যিদিনা ফলাফল আহিল দেউতাকৰ ডাক্তৰ বনোৱাৰ  আশা পূৰন নহ'ল , খঙৰ ভমকত ৰিজাল্টৰ দিনা তাক বৰ বেয়া কথা শুনালে । এই খঙে গধূলিলৈ চৰম পৰ্যায় পালে তেতিয়া , যেতিয়া গাৱঁৰে বহুতে আবেলিতে সান্তনা দিবলৈ আহি শুনাই গ'ল যে সি আচলতে এজন কণ্ঠশিল্পী হ'ব বিচাৰে । দেউতাকে ভাৱিলে যে ই জানি বুজি পৰীক্ষা বেয়া কৰিলে, খঙৰ প্ৰকোপত ৰাতিলে তাক মাৰ-ধৰ কৰিলে, তাৰ কান্দোন শুনিও গিৰিয়েকৰ ভয়ত মাকেও একো কৰিবলৈ সাহ কৰিব পৰা নাছিল তেতিয়া। সেইদিনা গোটেই ৰাতি কান্দি কান্দি সি শুই পৰিছিল যদিও তাৰ পাছত তাক আৰু কোনেও কোনো দিনাই বিচাৰি নাপালে । এসপ্তাহৰ  পিছত ব্ৰহ্মপুত্ৰত এজন ১৮ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হ'ল, ল'ৰাজনৰ মুখমণ্ডলত চিনিব নোৱাৰাকৈ ঘাঁ আছিল, কোনো অভিভাৱক  নোলোৱা দেখি পুলিচে চৰকাৰী শ্মশানত শেষ কৃত্য সম্পন্ন কৰিলে। বিতোপনৰ পৰিয়ালৰ সকলোৱে এই খবৰটো শুনি চকুপানী টুকিলে মাথো। মাকে বলিয়াৰ দৰে পাৰে মানে গিৰিয়েকক গালি দিলে, দেউতাকেও কথা ক'ব নোৱাৰা হৈ পৰিল । আত্মীয়সকলেও বুজি নাপালে আচলতে ভুল কাৰ ?  মাক-দেউতাকে সন্তানৰ ভাল বিচাৰাতোও ভুল নহয় , তেন্তে ভুল ক'ত হ'ল? যাৰ ফলশ্ৰুতিত গোটেই ঘৰখন এনেকুৱা এটা অসহনীয় পৰিস্থিতিৰ মুখামুখি হ'ব লগা হ'ল । আজি ১৫ টা বছৰৰ পিছত যেতিয়া মই ইয়াক লগ পালো তেতিয়া সুধিব মন গৈছিল ' আচলতে ভুল কাৰ আছিল ?'  এখন সাধাৰণ গাৱলীয়া সমাজত বাস কৰা তাৰ অশিক্ষিত দেউতাকে সেই সমাজত যি দেখি আহিছিল সেইয়া ভুল আছিল নেকি ?  যদি ভুল আছিল তেন্তে আমিবোৰে কিয় নিমাত হৈ আছিলোঁ? ইয়াৰ ভাগ্য ভাল আছিল যে  ইমানৰ পিছতো হাৰি নগৈ নিজক প্ৰতিষ্ঠা কৰিব পাৰিলে, যদি বেলেগ হোৱা হ'লে ! সমাজখনৰ এই বোৰ প্ৰচলিত নিয়মৰ বাবেই আজিও আমাৰ মাজৰে বহু বিতোপনৰ জীৱন ধ্বংস হৈ গৈছে , কিন্তু কোনেও বুজি নাপাই আচলতে ভুল ক'ত হৈ আছে ?  এইবোৰৰ মাজতে এবাৰ হাতত থকা কিতাপখনলৈ চকু গ'ল— এইখন আৰু মোৰ পঢ়াৰ প্ৰয়োজন নাই, কিতাপখন কাপোৰৰ বেগটোৰ এটা ফালে ভৰাই মই শুবলৈ বুলি বিচনাত পৰি দিলো । ৰাতিপুৱা সোনকালেই ডাক্তৰৰ তাত যাব লাগিব।


মাধুৰ্য প্ৰিয়ম দাস                                  

বাহনা মহাবিদ্যালয় 

ম’বাইল নং-৯৮৬৪০৬৭৭৩৩

———————————————————

                       শিশুৰ ৰহঘৰা 


বিশ্ব ব্ৰহ্মাণ্ড

আয়ুস তনয় ফুকন

চতুৰ্থ শ্ৰেণী,বিবেকানন্দ কেন্দ্ৰ বিদালয় 


সৌখন আকাশ নীলবৰণীয়া

তাতেই থাকে জোন বেলি তৰা

ভাল পাওঁ আকাশৰ  ৰ'দৰ ধেমালি

ডাৱৰ আহিলেই হুৰহুৰ কৈ 

বৰষুণ আহে নামি।

ডাৱৰীয়া আকাশত ৰামধেনু ওলায়

সাতো ৰঙেৰে আকাশ উজলাই

এইখন আমাৰ ধুনীয়া ধৰণী

সোণালী ধানেৰে পথাৰ শুৱনি

গছ  লতিকাই বতাহত হালে জালে

ডাল ভৰি ভৰি ফুল -ফল লাগে

গছৰ ডালত পক্ষীয়ে সুৰীয়া গীত জুৰে

ৰং বিৰং পখিলাই ফুলৰ মৌ চুহে

নদী আছে,পাহাৰ আছে  

আৰু আছে জান জুৰি 

অৰণ্য বিলাকো আছে জীৱ জন্তুৰে ভৰি।

——————————————

পাহি আৰু কণমানি জলকুঁৱৰী

শিশু উপন্যাস


পঞ্চম খণ্ড 

                    

ঃ চুপ!! নিচিঞৰিবা । কোনোবাই গম পালে মোৰ কি অৱস্থা হ'ব কোৱাচোন ?

ঃ তুমি  একুৱাৰিয়ামৰ পৰা কেনেকৈ নামি আহিলা ?

ঃ মোৰ বাবে একো ডাঙৰ কথা নহয় । মোৰ মন গ'ল ,মই জপিয়াই নামি আহিলোঁ ।

ঃ কিন্তু !! তুমি মাছ হৈ মানুহৰ দৰে কথা কৈছাযে ? আৰু তোমাৰ আগফালৰ ফিছা দুখন কেনেকৈ হাত হৈ গ'ল ? 

ঃ মই জলকুঁৱৰীহে । জলকুঁৱৰীবোৰৰ মুখবোৰ মানুহৰ দৰেই। দেখিবলৈ বৰ ধুনীয়া । মই পিছে ধুনীয়া হয়নে নহয় নাজানো । 

ঃ কিন্তু অথনি দেখোতে তোমাৰ মুখখন ইমান ধুনীয়া নাছিল।

মোৰ ডিঙিত এই হাৰডাল দেখিছা ? এইডাল মেলি দিলে এখন মুখা হৈ

  যায় । মই এই মুখাখন পিন্ধি থাকোঁ ।যাতে আন কোনেও মোক জলকুঁৱৰী বুলি চিনি নাপায় । চিনি পালেই  তোমালোকৰ মানুহ নামৰ প্ৰাণীবিধে কি অৱস্থা কৰে তাৰ কোনো ঠিক নাই । মোৰ মাক জলকুঁৱৰী বুলি জানিয়েই মানুহবোৰে হত্যা কৰিছিল জানানে ! 

ঃ কিন্তু তোমাৰ ফিছাদুখন হাত হৈ গ'ল যে ? কেনকৈ ?

ঃ অ ! মোৰ ফিছাৰ তলতে হাত দুখন সোমাই থাকে । এতিয়া ফিছা দুখন কোচ খাই আছে আৰু মোৰ হাত দুখন তুমি দেখিবলৈ পাইছা।

ঃ ইমান ধুনীয়া তোমাৰ হাত দুখন ! 

ঃ ধন্যবাদ পাহি । এটা কথা কি জানা ?

ঃ কি ? 

ঃ মই মোৰ ফিছাদুখনেৰে উৰিবও পাৰোঁ‌ ।

ঃ কি?

ঃ সঁ‌চা কথাকে কৈছোঁ‌ !

ঃ চাওঁ‌ উৰি দেখুওৱাচোন !

ঃ এইয়া চোৱা !

 সোণালীয়ে কথা কৈ কৈ তাইৰ কোঠাটোৰ ওপৰৰ শূন্যতে দীঘল পাখিদুখন মেলি উৰিবলৈ ধৰিলে। পাহিয়ে আচৰিত হৈ সোণালীলৈ চাবলৈ ধৰিলে। 

ঃ হ'ব হ'বনামি আহা ! কেনেবাকৈ ফেনত লাগিলে তোমাৰ অৱস্থা কাহিল হ'ব ।

সোণালী লাহে লাহে নামি আহি পাহিৰ কোচতে সোমালহি ।

ঃ অহ্! সোণালী ! মোৰযে কিমান স্ফূৰ্তি লাগিছে নহয় ! তুমি মোৰ লগত সদায় থাকিবানে সোণালী ?

ঃ সদায় তোমাৰ লগত থাকিব পাৰিম নে নাই নাজানো । কিন্তু তোমাৰ মোৰ বন্ধুত্ব মোৰ মৰণকাললৈকে থাকিব ।

ঃ ইচ্ ! কিয় তেনেকৈ কৈছা মোৰ মৰমৰ জলকুঁৱৰী বান্ধৱী ! মৰণকালৰ কথা এতিয়াই কিয় কৈছা ?

ঃ নহয়নো কি ? মই হ'লোঁ‌ জলৰ প্ৰাণী আৰু তুমি হ'লা স্থলৰ প্ৰাণী । তাতে আজিকালি সকলোতে মানুহেই মানুহ ! জলে স্থলে যন্ত্ৰৰ উপদ্ৰৱ ।ক'ত কেতিয়া আমাৰ মৃত্যু ঘটে কেনেকৈ জানিবা ! তোমালোকৰ বাবে সুৰক্ষাৰ ব্যৱস্থ আছে ।কিন্তু আমাৰ জীৱনৰ কোনো ভৰসা নাই । তাতে আমি জলকুঁৱৰীবোৰ হ'লোঁ‌ঁ‌ য়োমালোকৰ বাবে দুস্প্ৰাপ্য প্ৰাণী । কেনেবাকৈ কোনোবাই জানিব পাৰিলে মোৰ কি অৱস্থা হ'ব কোনেও নাজানে । হয় মাৰি পেলাব ,নহ'লে অদ্ভূত প্ৰাণী চোৱাদি চাই আমাৰ ওপৰত বিজ্ঞানৰ গবেষণা চলাব ,নহ'লে আমাৰ দেখুৱাবলৈ ডাঙৰ প্ৰদৰ্শনী পাতিব । আৰুবা কি কৰে একো ঠিক নাই । তুমি কিন্তু মোৰ কথা কাকো নক'বা দেই ! আনকি তোমালোকৰ ঘৰত থকা মণি নামৰ ছোৱালীজনীকো একো নক'বা । 

ঃ কিয় ? মণিবাই তোমাৰ একো অনিষ্ট নকৰে নহয় ! মোৰ মা-দেউতায়ো তোমাৰ একো অনিষ্ট নকৰে ।

ঃ অহ্ ! হ'লেও তুমি এতিয়া একো নক'বা । তুমি মাথোঁ এটা কাম কৰিব লাগিব। 

ঃ কি কাম ?

ঃ তুমি মা-দেউতাক কৈ মই থকা পানীৰ পাত্ৰটো ডাঙৰ আনি দিবা। ইমান সৰু পাত্ৰৰ ভিতৰত মই ভালকৈ সাঁ‌তুৰিবই পৰা নাই ।

ঃ ঠিক আছে । মই দেউতাক কালিলৈকে

  ক'ম । তোমাৰ বাবে এটা ডাঙৰ একুৰিয়াম আনিবলৈ । এতিয়া তুমি যোৱা । নহ'লে মা-দেউতাই মই ইমান ৰাতি কাৰ লগত কথা পাতি আছো বুলি গ'ম পালে বেয়া কথা হ'ব ।


ৰিঞ্জুমনি নেওগ বৰা 

অধ্যক্ষ 

তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়

—————————————————————

ছাত্ৰছাত্ৰীক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাত পিতৃমাতৃৰ কৰণীয় 

প্ৰগতি শইকীয়া 

    শিশুৰ কলকলনিৰে মুখৰিত এখন ঘৰ সকলোৰে কাম্য ৷এটি শিশুক ফুলৰ লগত তুলনা কৰা হয়। এনেকুৱা কোনো মানুহ হয়তো নুলাব যি শিশুক বেয়া পায় ৷ মাকৰ গৰ্ভৰপৰা ভুমিষ্ঠ হৈ সকলো শিশু নিষ্পাপ হৈয়ে জন্ম হয় ৷ কিন্তু যেতিয়া লাহে লাহে শিশুটি ডাঙৰ হ’বলৈ ধৰে তাৰ আচৰণৰ দ্বাৰা

তাৰ স্বভাৱৰ প্ৰতিফলন হয় ৷ শিশুসকলৰ মাজত বিভিন্ন স্বভাৱগত বৈশিষ্ট্য পৰিস্ফুট হৈ পৰে ৷ কিছুমান শিশু উগ্ৰ আৰু খঙাল হোৱাৰ পৰিৱৰ্তে কিছুমান শিশু নম্ৰ আৰু নিৰ্জু হোৱা দেখা যায় ৷

   বৰ্তমান যুগৰ শিশুৰ মাজত যথেষ্ট অপৰাধপ্ৰৱণতা বাঢ়িছে ৷ ইয়াৰ কাৰণসমূহ

ফঁহিয়াই চালে দেখা পাওঁ যে ঘৰুৱা পৰিবেশ ,

চৌপাশৰ পৰিবেশ ,লগৰীয়াৰ প্ৰভাৱ ,ম’বাইলৰ  প্ৰভাৱ আদি বিভিন্ন কাৰক ইয়াৰ লগত জড়িত হৈ আছে ৷ 

  আজিকালি প্ৰায়ভাগ মানুহেই এটি শিশু কামনা কৰে ,চৰকাৰী সুবিধাসমূহ পাবৰ বাবেওদুটাতকৈ অধিক সন্তান কাম্য নহয় ৷আজিকালি পৰিয়ালবোৰো প্ৰায়েই একক পৰিয়াল ৷আৰু মাক দেউতাক দুয়োজনেই বহুত সময়ত চাকৰি বা ব্যৱসায়ত ব্যস্ত থকাৰ বাবে শিশুসকল অকলশৰে থাকিবলগীয়া হয় ৷ বৰ্তমানৰ যুগটোৱেই প্ৰতিযোগিতাৰ যুগ আৰু এই প্ৰতিযোগিতাৰ দৌৰত তিষ্ঠিব পৰাকৈ আমি শিশুসকলক সিহঁতৰ অনিচ্ছা স্বত্বেও কিছুমান কাম কৰিবলৈ আগবঢ়াই দিওঁ ৷

  আজিকালিৰ শিশুবোৰ আগৰ দিনৰ শিশুতকৈ বহুত বেছি স্মাৰ্ট ৷ আগৰ দিনত ককা আইতাৰ লগত চোতালত বহি সাধু শুনা,বালিৰ ঘৰ  সজাঁ, মাৰ্বলগুটি ,চেংগুটি আদি খেল খেলাৰ পৰিৱৰ্তে আজিৰ শিশুৱে ভিতৰতে আবদ্ধ হৈ শিশুসকলে টিভিৰ কাৰ্টুন চাই বা মোবাইলত খেল খেলিয়েই সময় পাৰ কৰে ৷ এই পৃথিৱীখনত শিশুসকল এনেকৈ সোমাই পৰিছে যে বহুসময়ত সিহঁতে নিজকে অকলশৰীয়াকৈ ৰখাৰ অভ্যাস এটি গঢ়ি তুলিছে ৷আজিকালি কাৰোবাৰ ঘৰলৈ গ’লে 

দেখা যায় শিশুটিয়ে মোবাইলত ব্যস্ত হৈ আছে বা কাৰ্টুন চাই আছে। কোনোবাযে আহিছে তাৰ প্ৰতি তাৰ খেয়াল নাই বা সিহঁতে সম্বোধন কৰাৰ প্ৰয়োজনবোধ নকৰে ৷ আপুনি কিবাকিবি সুধিলেও সি যেন বিৰক্ত হৈছে তেনেভাৱ দেখুৱাই ৷ এই শিশুসকলৰ ভৱিষ্যত কি? এই শিশুসকলে  ভৱিষ্যতে সমাজৰ এজন সুস্থ নাগৰিক হৈ সামাজিক দায়বদ্ধতা পালন কৰিবনে ? এইয়া এক ডাঙৰ প্ৰশ্ন ৷

   এইক্ষেত্ৰত পিতৃমাতৃ হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে ৷ আমাৰ কৰ্তব্যৰ দুহাই দি শিশুসকলক নিজৰ মাজতে আৱদ্ধ হৈ থাকি ভালপোৱা পৰিবেশৰপৰা আমি উলিয়াই আনিব লাগিব ৷ কৰ্তব্যৰ খাতিৰত বাহিৰত থাকিলেও সপ্তাহে পকেষে শিশুসকলক আমি ঘৰৰ অনন্যা সদস্য/সদস্যা যেনে -ককা -আইতা ,বৰদেউতা-বৰমাক আদিৰ ওচৰলৈ নিব লাগে ৷ লগৰ সমনীয়াৰ লগত খেলিবলৈ এৰি দিব লাগে ,সময় সুবিধা মিলাই সিহঁতক ঘৰুৱা সৰুসুৰা কামত মনোনিবেশ কৰাব লাগে ৷ যেনে -গছপুলি ৰোৱা ,প্ৰতিপালন কৰা ,পানী দিয়া ,নিজৰ কাপোৰখিনি ভালকৈ থোৱা ,খেলনা বস্তুবোৰ ধুনীয়াকৈ সজাই থোৱা আদি ৷এনেকুৱা কিছুমান ঠাইত ফুৰাবলৈ নিব লাগে য’ৰপৰা সিহঁতৰ জ্ঞান আয়ত্ত্ব হয়।যেনে-

তাৰকাগৃহ ,ৰংঘৰ ,তলাতলঘৰ আদি ৷

সামাজিক অনুষ্ঠানবিলাত সিহঁতক অংশগ্ৰহণৰ সুবিধা দিব লাগে ৷ ঘৰলৈ আলহী আহিলে কেনেকৈ সম্ভাষণ জনাব লাগে ,কেনেকৈ কথা পাতিব লাগে ,এই কথাবিলাক সিহঁতক শিকাব লাগে। তাৰোপৰি দুখীয়াক সহায় কৰা, লগৰীয়াৰ লগত বস্তু শ্বেয়াৰ কৰা আদি সৰু সৰু কথাবোৰৰ পাঠ সিহঁতক দিব লাগে ৷কেৱল কিতাপৰ শিক্ষাই শিক্ষা নহয় ৷ শিক্ষিত হ’লেই যে জ্ঞানী নহয় সেই বোধবোৰ বোধগম্য কৰাৰ দায়িত্বও আমাৰেই ৷

  প্ৰাৰ্থনাই মনলৈ প্ৰশান্তি আনে ৷শিশু অৱস্থাৰপৰা সিহঁতক প্ৰাৰ্থনা কৰাৰ এটি অভ্যাস গঢ়ি তুলিব লাগে ৷লগতেনেদেখাজনৰ প্ৰতি বিশ্বাস ভাৱো জন্মাব লাগে ৷

  কেৱল প্ৰতিযোগিতাৰ দৌৰত ননমাই সিহঁতৰ পচন্দ-অপচন্দৰ প্ৰতিও আমি সততে সজাগ হ’ব লাগে ৷বন্ধুৰদৰে সিহঁতৰ লগত প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব লাগে ৷কোনো শিশুৱেই অপৰাধী হৈ জন্ম নলয় ৷শিশুটি অপৰাধী হৈ পৰে বিভিন্ন কাৰকৰ বাবে।আহকচোন আমি সকলো মিলি শিশুৰ কোমল মনবোৰ সুন্দৰ কৰি তোলো আৰু প্ৰতিটো শিশু যাতে মানবীয় গুণেৰে পৰিপূৰ্ণ হৈ এজন প্ৰকৃত মানুহ হৈ গঢ়ি উঠে তাৰ দায়িত্ব আমি সকলোৱে গ্ৰহণ কৰোঁ ৷

প্ৰগতি শইকীয়া

গেৰুৱাটী হাইস্কুল ,নগাঁও ৷

——————————————

সুন্দৰ মন (গল্প)

দীপ্তি ঠাকুৰ গোস্বামী

ডুমডুমা

ফোন নং - ৮৩৫৬০৭৯৪৪২

      আজি প্ৰায় ত্ৰিশ বছৰ আগৰ এক সুখ- দুখৰ স্মৃতিয়ে মোৰ মনৰ মাজত দোলা দি গৈছে। শিক্ষা-দীক্ষা সমাপ্ত কৰি আমাৰ চহৰৰ ঘৰৰ পৰা ত্ৰিশ কিঃমিঃ নিলগৰ গাঁৱৰ বিদ্যালয় এখনত শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে লৈ যোগদান কৰিছিলোঁ। যিহেতু বৈবাহিক সূত্ৰে এই পদুমী গাঁৱৰ লৰা অমৰক স্বামী ৰূপে গ্ৰহণ কৰাত পদুমী গাঁও খনেই মোৰ   স্হায়ী ঠিকনা হ'ল। 

       গাঁৱৰ অপৰূপ সৌন্দৰ্যই মোক মোহিত কৰিছিল। বিশেষকৈ গাঁৱত চহৰৰ দৰে কৃত্ৰিম জীৱন নহয়। গাঁৱৰ লোক সকল চহকী হ'লেও মনবোৰ আছিল বৰ উদাৰ। তেওঁ লোকে ধন সম্পত্তি লৈ কেতিয়াও অহংকাৰ নকৰে। উচ্চ মনৰ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একেডাল মিঠা দোলেৰে বন্ধা। গাঁৱৰ প্ৰতিটো ঋতুৰ বৈশিষ্ট্যবোৰৰ মিঠা মাদকতা অনুভৱ কৰাৰ পূৰ্ণ সুযোগ লাভ কৰা যায়। 

       ব’হাগ মাহত গাঁও বোৰ সৌন্দৰ্য্যৰ ভঁৰাল হৈ পৰে। গছ-লতা, তৰু-তৃৰ্ণ, সেউজী আৱৰণে ন-সাজ পিন্ধায়। গছে গছে কপৌ-ভাটৌ ফুলে ৰূপত ৰহন চৰায়। গছৰ ডালে ডালে বিবিধ চৰাইয়ে মধুৰ গুঞ্জন তোলে। কুলি-কেতেকীৰ মিঠা মাতে উন্মনা কৰে মানুহৰ মন। তাঁতৰ শালত শিপিনীৰ খিতিৰ খিতিৰ মাকুৰ শব্দত বিহুৱানৰ লগতে নতুন নতুন সাজ বোৱাৰ কথা কৈ যায়। বিহু অহাৰ লগে লগেই ঢোল পেঁপাৰ মাতত গাঁও খন ৰজন জনাই থাকে। তদুপৰি চিৰা পিঠা খুন্দাৰ শব্দত ঢেঁকীৰ মাতে পুৱতি নিশাৰপৰাই ঢেঙ্কেৰচ শব্দত মুখৰিত হৈ থাকে গাঁওখন। 

      ব’হাগ মাহৰ কথা মনলৈ অহাৰ লগে লগেই মোৰ মনত পৰিছে পদুমী গাঁৱত মৰমলগা  অন্নপূৰ্ণা বাইদেউৰ দুটা যজাঁ সন্তান জন্ম হৈছিল। দুয়োটা সন্তান মৰমলগা হ'লেও এটা সন্তানৰ সোঁ হাতত আঙুলি কেইটা    নাছিল। এনে সন্তান জন্ম হোৱাত বাইদেউৰ চকুত চকুলো বৈ গৈছিল। ডাঙৰ হ'লে সি কাম কৰি খাব পাৰিবনে নোৱাৰে। সময় কাৰো বাবে ৰৈ নাথাকে। পাখি লগা কাঁড়ৰ দৰে ই উৰি যায়। ঘড়ীৰ কাটা ঘূৰাৰ পিছত অতীতৰ সময় যিদৰে ধৰি ৰাখিব নোৱাৰি, ঠিক সেইদৰে ব্যস্ত জীৱন পাৰ হৈছিল কৰ্ম ব্যস্ততাৰ মাজৰে। মাথোঁ বৌয়ে কৰ্ম কৰি গৈছিল নিষ্ঠা আৰু সততাৰে। 

         লাহে লাহে জোন আৰু সোণ দুটি সন্তান ডাঙৰ হৈছিল । সোণক দেখি বৌৰ হৃদয়ত দুখৰ বন্যা বৈ আছিল। যিহেতু সি ভালদৰে খোজ কাঢ়িব নোৱাৰে ।

        গাঁৱৰ ঘৰ বৌ খেতি পথাৰলৈ যাব লাগে। জোন আৰু সোণ লাহে লাহে বুজা হৈছে। মাকে যেতিয়া কঠীয়া ৰুৱে বা ধান দাই থাকে সিহঁত দুটাই মনে মনে বহি থাকে। সোণে কিন্তু সৰুৰেপৰাই কথা বোৰ বেছিকৈ বুজি পায়।

         একে লগৰ যদিও জোন কেতিয়াবা দৌৰি যাওঁতে পিছল খাই পৰিলে সি নিজৰ কথা চিন্তা নকৰি সোণক সাৱতি ধৰে, মৰম কৰে।

         সোণৰ সৰু কালৰ কথা এটা মনত পৰিছে। সোণৰ বয়স চাৰি বছৰ মান হ'ব। বৌয়ে শাওনৰ পথাৰত ভূঁই ৰুই আছিল । সিহঁত দুটাই আমনি  কৰাত সিহঁতকো লগত লৈ গৈছিল। বৌয়ে ভাবিছিল পথাৰৰ মাজত ঔ-টেঙাৰ গছ এজোপা আছে তাৰ লগতে সিহঁত দুটাক বহুৱাই বৌয়ে ভূঁই ৰুই সোনকালে ঘৰলৈ আহিব। ইফালে মূৰৰ ওপৰত ৰ'দে খাওঁ খাওঁ অৱস্থা । জোনৰ পিয়াহ লগাত সি কান্দি কান্দি  মাকৰ ওচৰলৈ আহোঁতে মৈ দি থোৱা মাটিত পিছল খাই পৰিল আৰু বোকাত লুতুৰি পুতুৰি হ'ল। সোণে জোনক বহু কষ্টেৰে  বোকাৰ পৰা তুলি আনি তাৰ নিজৰ কাপোৰযোৰ গাৰপৰা সোলোকাই জোনক পিন্ধাই নিজে শুদা গাটোৰে বহি থাকিল। ওচৰৰে ভূঁই ৰুই থকা সিহঁতৰ ঘৰৰ কাষতে থকা মাইনীয়ে দৃশ্যটো উপভোগ কৰি বৰ আনন্দিত হৈছিল। আৰু সেই কথা গাঁৱৰ সকলো লোককে কৈ তাই গৌৰৱ অনুভৱ কৰিছিল। সোণে সৰুৰে পৰাই৷ মৰম, স্নেহ, দয়া, কৰুণাৰে ভৰা হৃদয় এখন লৈ হে জন্ম গ্ৰহণ কৰিছিল। 

       সোণ আৰু জোন বিদ্যালয় লৈ যাব পৰা হ'ল। এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই বহু ওচৰ চাপি গ'লোঁ। যিহেতু আমি শিক্ষয়িত্ৰী সকলে শিশুৰ মনৰ কথা বুজিবলৈ বহু চেষ্টা কৰোঁ। মই প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী কাৰণে শিশুবোৰৰ লগত জীৱনৰ বহু মূল্যবান সময় পাৰ কৰিলোঁ।

       সৰুৰে পৰাই সোণ বৰ মৰমিয়াল আছিল। সেই সময়ত বিদ্যালয় বিলাকত শনিবাৰে নৈতিকতাৰ জ্ঞানেৰে উজ্জীৱিত হৈ থকা হাতত আখৰ কলৰ পাতত লিখিব লাগে। সৰু লৰা ছোৱালী বিলাকে হাতৰ আখৰ লিখিবলৈ আঠীয়া কলৰ পাত লৈ আছে । সোণে কিন্তু দুখিলামান কলৰ পাত বেছিকৈ লৈ আহে। যিহেতু কোনোবা সমনীয়া লগৰ ল'ৰাৰ ঘৰত কল পাত নাথাকিবও পাৰে৷ 

       মৰম লগা সোণৰ এটা স্মৃতি মোৰ মনত সজীৱ হৈ থাকিব। ডিচেম্বৰ মাহ । শীতৰ সেমেকা লগতে বৰষুণ দি আছিল । সোণে শ্ৰেণী কোঠাত কেঁচা মাটিত বহি থকা দেখি মই তাক প্ৰশ্ন কৰিলোঁ, "সোণ‌ তুমি আজি ঢাৰীখন নানিলা কিয়?" "নহয় বাইদেউ, মই ঢাৰী আনিছিলোঁ কিন্তু প্ৰদীপক বহিবলৈ দি দিলোঁ। তাৰ ঢাৰীখন ভাঙিলে। দেউতাক ঢাৰী এখন কিনি দিয়াৰ সক্ষম নহয়। সি কিন্তু বহিবলৈ ইচ্চা প্ৰকাশ কৰা নাছিল। সি তিতি তিতি ঘৰৰ পৰা আহোঁতে গোটেই সাজযোৰ তিতি গৈছিল। সেয়ে মই তাক বহিবলৈ ঢাৰীখন দি দিলোঁ। তাৰ জাপি বা ছাতি এটাও নাই নহয় বাইদেউ। কিন্তু এটা কথা মই নোৱাৰা অংকবোৰ সি সদায় বুজাই দিয়ে। তাক অনিলে দেখিবই নোৱাৰে। সি বোলে বৰ দুখীয়া, ভাল সাজ এযোৰো পিন্ধিবলৈ নাই। কিন্তু   বাইদেউ , প্ৰদিপে শ্ৰেণীত দ্বিতীয় স্থান পাবলৈ সক্ষম হয়। তাৰ হাতৰ আখৰ ভাল নহয় কাৰণেহে সি শ্ৰেণী কোঠাত প্ৰথম নহয়।" তাৰ কথা মই তন্ময় হৈ শুনিলোঁ। সঁচাকৈয়ে সি বিশেষভাৱে সক্ষম হ'ব পাৰে। কিন্তু তাৰ মন হিমালয়ৰ দৰে উচ্চ।

        বাস্তৱ পৃথিৱীত আজি এক ভয়ানক বিপদৰ পৰা সোণৰ মাকে পুনৰ জীৱন ঘূৰাই পালে। কেইদিনমান আগৰ কথা, বাইদেউ বজাৰ কৰিবলৈ বুলি ওচৰ চহৰ খনলৈ গৈছিল। কিন্তু ভাগ্যৰ কি বিড়ম্বনা। সোতৰ-ওঠৰ বছৰীয়া যুৱক এজনে তীব্ৰ বেগেৰে বাইক এখনেৰে আহি বাইদেউক খুন্দা মৰাৰ ফলত তেওঁৰ সোঁ ভৰি খন ভাঙি এমাহমান বিছনাত । বিছনাতে মল-মূত্ৰ ত্যাগ কৰিব লগা অৱস্থা । কিন্তু সোণে কি কষ্টৰে মাকক শুশ্ৰূষা কৰিছে দেখিলেহে বুজি পাব পাৰি। আজি আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে তেওঁ লোকৰ ঘৰতো জুই জ্বলি উঠিল । আমি ভাবিছিলোঁ ভিতৰতে বাইদেউ জ্বলি শেষ গ'ল। দীপাৱলীৰ ফতকা ঘৰৰ মূধচত পৰি অগ্নিৰ লেলিহান শিখাই ঘৰতো আৱৰি ধৰিলে। সি বহু কষ্টৰে মাকক জুই মাজৰ পৰা আনি ঘৰৰ আগ চোতালত যেতিয়া থ'লেহি গাঁৱৰ সকলো লোক আচৰিত হ'ল। শিক্ষা-দীক্ষাৰ লগতে মানৱীয়তাৰ গুণেৰে পৰিপূৰ্ণ বহু সক্ষম যুৱকতকৈও সি উন্নত। যিটো পুত্ৰ সক্ষম বিদেশত থাকি নিজৰ কামৰ লগতে পৰিয়ালৰ দায়িত্ব বহন কৰাতহে আগস্থান দিছে নিজৰ মাকক লগত ৰখাৰ যথেষ্ট অসুবিধা বুলি কৈ মাকৰ দায়িত্ব পালন কৰাৰ পৰা আঁতৰি থাকে। কিন্তু সোণে মাকৰ সকলো দায়িত্ব পালন কৰে। টিউচন কৰি পোৱা টকা কেইটাৰে যিমান পাৰে সুখত ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি নকৰে। মাকৰ যাতে একো অসুবিধা নহয় তাৰেই চিন্তা কৰে। আন বহু সক্ষম পুত্ৰতকৈ সি মাকৰ কাৰণে সি যথেষ্ট কষ্ট স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। 

         ভগৱানৰ কৃপাত মাকে-পুতেকে অলপ জ্বলিছে যদিও গাঁৱৰ লোকে তৎক্ষণাত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে তেওঁলোক বিপদ মুক্ত হ'ল।

——————————————

তিনিটা ঠগ আৰু ব্ৰাহ্মণ

দীপাংকৰ ভূঞা

                        এসময়ত কোনো এখন দেশৰ এখন গাঁৱত তিনিটা ঠগ আছিল । সিহঁতৰ এটাৰ নাম গেথো , এটাৰ নাম পেতো আৰু এটাৰ নাম লেতো আছিল । সিহঁত বুদ্ধিত বৃহ্ৰস্পতি কথাত বৰ বাকপটু আছিল।তিনিজন য'ত নিৰঞ্জন ত'ত। গতিকে সিহঁত একেলগ হ'লেই নানা ধৰণৰ চলাহি কথা কৈ মানুহবোৰক ঠগিছিল । এইদৰেই আক ঠগি তাক ঠগি সিহঁতৰ সংসাৰবোৰ চলাই নিছিল।

                           সেইখন গাৱৰ ওচৰতে আন এখন গাওঁ আছিল। এইখন গাঁৱত এটা ব্ৰাহ্মণৰ পৰিয়ালে বসবাস কৰিছিল সতিসন্তটিৰ সৈতে পৰিয়ালটো বৰ ডাঙৰ আছিল পৰিয়ালটো পোহপাল দিওঁতে ব্ৰাহ্মণৰ বৰ কষ্ট হৈছিল। সেয়ে মাজে মাজে অন্য মানুহৰ ঘৰত আয়োজন কৰা পূজা অৰ্চনাত অংশগ্ৰহণ কৰি ইটো সিটো যি বস্ত পাইছিল তাৰেই সুখে-দুখে যেনেতেনে পৰিয়ালটো পোহপাল দিছিল।

                                  এদিনাখনৰ কথা। এঘৰ ধনী মানুহে তেওঁলোকৰ ঘৰত এটি ডাঙৰ পূজাৰ আয়োজন কৰিছিল। সেই পূজালৈ ব্ৰাহ্মণে পূজাৰী হিচাপে নিমন্ত্ৰণ পাইছিল। পূজাৰ শেষত ব্ৰাহ্মণক দান দক্ষিণা দি সুন্দৰকৈ বিদায় দিছিল। সেইদিনা ব্ৰাহ্মণৰ কপাল ভাল আছিল সেয়ে তেওঁ দান হিচাপে এটা নোদোকা ছাগলী পাইছিল। তেওঁ ছাগলীটোৰ  দিঙিত ৰচি এডাল লগাই টানি টানি আনি আছিল। নিজ ঘৰ এৰি আনৰ ঘৰলৈ যাব লগা হোৱাত ছাগলীটোৱে বৰ বেজাৰ পাইছিল আৰু যাবলৈ মন কৰা নাছিল। উপায় নাপায় ব্ৰাহ্মণে মাজে মাজে ছাগলীটোক এচাট দুচাট দিছিল । অৱশেষত উপায় নাপাই  বাধ্য হৈ ছাগলীটো কান্ধত তুলি লৈ যাবলৈ ধৰিলে। ব্ৰাহ্মণৰ এই কান্দ কাৰখানাবোৰ ঠগ তিনিওটাই আলেঙে আলেঙে চাই আছিল। সিহঁতে কেনেকৈ কি উপায়েৰে ছাগলীটো ব্ৰাহ্মণৰ পৰা সিহঁতৰ হাতলৈ নিব পাৰি তাৰে উপায় চিন্তা কৰিবলৈ ধৰিলে। অৱশেষত সিহঁতৰ মগজুত এটা বুদ্ধি খেলালে। সিহঁত তিনিটাই ব্ৰাহ্মণ যিটো ৰাস্তাৰে ঘৰলৈ ঘূৰিছিল সেই ৰাস্তাটোৰে তিনি ঠাইত প্ৰায় এক কিলোমিটাৰ মান অন্তৰে অন্তৰে ৰাস্তাৰ দাঁতিত গাইগোটীয়াকৈ ৰৈ আছিল । 

                     ইতিমধ্যে ব্ৰাহ্মণে এক ধ‍্যাণ এক চিতে আনন্দ মনেৰে ঘৰলৈ বুলি আহি আছিল। কিছুদূৰ যোৱাৰ পাছত প্ৰথম ঠগ গেথোৱে ব্ৰাহ্মণক লগ পালে। লগ পোৱাৰ লগে লগেই গেথোৱে ব্ৰাহ্মণক সুধিলে " দেও কোন ফালে গমন কৰেনো ?" ব্ৰাহ্মণে উত্তৰ দিলে " ঘৰলৈ যাওঁ বাপু "। এইবাৰ গেথোৱে পুনৰ প্ৰশ্ন কৰিলে " কান্ধত কুকুৰটো কিয় লৈ আহিছে।" ব্ৰাহ্মণৰ বৰ খং উঠিল আৰু গেথোক গালি গালাজ পাৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলে। এইদৰে কিছুদূৰ যোৱাৰ পাছত দ্বিতীয় ঠগ পেতোৱে ব্ৰাহ্মণক লগ পালে। পেতোৱে ব্ৰাহ্মণক সুধিলে 

" দেও আপুনি ব্ৰাহ্মণ হৈ কিয় কুকুৰটো কান্ধত লৈ আহিছে "। এইবাৰো ব্ৰাহ্মণে পেতোক গালি পাৰিলে " ঐ তহঁতৰ চকু বেয়া হ'ল বুজিছ ,এইটো 

ছাগলী মই দান হিচাপে পাই আনিছোঁ "। মুখেৰে তেনেকৈ ক'লে যদিও ভিতৰি ভিতৰি ব্ৰাহ্মণৰ কিছু সন্দেহ ওপজিল " মই বাৰু সচাকৈ ছাগলী আনি আছোঁ নেকি?দুটাকৈ মানুহে একেটাই কথা

কৈছে। মোক এই ধনী মানুহ ঘৰে ঠগিলে নেকি ?" ইত্যাদি নানান চিন্তাই ব্ৰাহ্মণৰ মগজুত ক্ৰিয়া কৰিলে। তথাপি তেওঁ ঘৰলৈ বুলি গৈ আছে। আৰু কিছুদূৰ যোৱাৰ পাছত তৃতীয় ঠগ লেতোৱে ব্ৰাহ্মণক ল'গ পালে। লেতোৱে চিধাই ব্ৰাহ্মণক প্ৰশ্ন কৰিলে " দেও আপুনি ব্ৰাহ্মণ হৈ মহাপাপ কৰিছে,এই কুকুৰটো কিয় কান্ধত তুলি আনিছে।

আপুনি ৰৌ ৰৌ নৰকত পচি মৰিব লাগিব।" এইবাৰ ব্ৰাহ্মণৰ সম্পূৰ্ণ ভাবে সন্দেহ ওপজিল যে সচাকৈ তেওঁ ছাগলীৰ পৰিৱৰ্তে কুকুৰ আনি আছে। তেওঁ তৎক্ষণাত ছাগলীটো পথাৰলৈ দলিয়াই দিলে আৰু ওচৰতে থকা নদীত গা ধুই বেজাৰ মনেৰে ঘৰলৈ গ'লগৈ। আনহাতে তিনি ঠগ একগোট হৈ ছাগলীটো বজাৰত বেচিবলৈ লৈ গ'ল আৰু বেচি যি ধন পালে তিনিও সমানে ভগাই ল'লে।

নীতি শিক্ষা :--

" পৰৰ কথা শুনিলে কেতিয়াবা বিপদৰ পৰা যায়"

" নিজে নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে"

দীপাংকৰ ভূঞা 

নগাঁও

——————————————

ৰজা আৰু টিপচি চৰাই

ৰুমী দেৱী             

      শ্ৰদ্ধাৰে পৌৰাণিক কাহিনীৰ আলমত এক ৰসিকতা মোৰ মনৰ সেউজীয়াৰে হেপাঁহেৰে আগবঢ়ালোঁ--আইতা সৰুতে ঢুকুৱা বাবে মোৰ মায়ে সৰুতে আমাক বহু সাধুকথা কৈছিল তাৰে এটা ৰসিকতাৰে ভৰা–)

          এটি অকমাণি টিপচি চৰায়ে ৰজাক সদায় কৈ থাকে, ৰজাৰ ঘৰত যি ধন নাই মোৰ ঘৰত আছে, ৰজাৰ ঘৰত যি ধন নাই মোৰ ঘৰত আছে....., চৰাইটোৱে সঁচাই কয় যে তাইৰ বাহত ভঙা বেজি, ভঙা বুটাম , ভঙা পেঞ্চিল আছে। সেয়ে তাই তেনেকৈ কৈ থাকে, ৰজাৰ উঠে খং, খঙতে ৰজাই চন্তৰীক পঠায় চৰাইটোক ধৰিবলৈ, নোৱাৰে, বহু চেষ্টা কৰিলে নোৱাৰিলে, শেষত এদিন ৰজাই চৰাইটোক ধৰি গিলি দিলে, পেটৰ ভিতৰত চৰাইটোৱে ঘুটুম টুম কৰি আছে, ৰক্ষা পোৱা নাই ৰজাই। ৰজাই চন্তৰীবিলাকক ক'লে মই বিস্থা ত্যাগ কৰিম তহ'তে ৰখি থাক চৰাইটো ওলালেই আঘাত কৰিবি, এনেকৈ চন্তৰী ৰখি থাকোতে চৰাইটো ভুটুংকৈ ওলাই গুছি গ'ল, লাভৰ মূৰত ৰজাই শৰীৰত আঘাত পালে। বিশ্বৰ, দেশৰ, ৰাজ্যৰ, সমাজৰ সকলোলৈ শ্ৰদ্ধাৰে শুভ কামনা যাচিলোঁ।

——————————————

মানৱীয়তা

গীতামণি কলিতা 

       সেইদিনা মাক-দেউতাকৰ লগত সোণপাহিও মন্দিৰলৈ গৈছিল। মন্দিৰত ভগৱানক সেৱা সৎকাৰ কৰি তাই ওলাই আহি দেখিলে দুজন ভিক্ষাৰীয়ে গান গাই গাই ভিক্ষা খুজি আছে ।কেইবাজনেও দুটকা -এটকা  যি পাৰিছে ভিক্ষাৰী দুজনৰ থাল দুখনত দি গৈছে আৰু আন কিছুমানে কেৱল চাই আঁতৰি গুচি গৈছে ।সোণপাহিয়ে মাক-দেউতাক মন্দিৰৰ ভিতৰত পৰা ওলাই অহালৈ বাট চালে আৰু মানুহবোৰৰ আলেখ লেখো চাই থাকিল ।তাই মনতে ভাবিলে মানুহবোৰৰ বাৰু ভিক্ষাৰী দুজনলৈ বেয়া লগা নাইনে?

   ইমান দামী দামী গাড়ীত আহিছে আৰু ভগৱানক সেৱা কৰোতে ৫০ টকা ১০০ টকা দিছে তথাপি  ভিক্ষাৰী দুজনক টকা দিবলৈহে টান পাইছে।ভগৱানেটো টকা নিবিচাৰে,বিচাৰে কেৱল মনৰ পৰা নিস্বাৰ্থ ভক্তি   ভাৱ । 

   কিন্তু মানুহবোৰে ভগৱানৰ নামত ইমান টকা খৰচ কৰে অথচ এজন ভিক্ষাৰীক দিবলৈ ১০  টকা এটাও নোলায়।

   এনেকৈ ভাবি থাকোতে মাক-দেউতাক মন্দিৰৰ ভিতৰৰ পৰা কেতিয়ানো ওলাই আহি সোণপাহি সোণপাহি বুলি মাতি আছে তাই গমেই নাপালে। ঃ "দেউতা- তোমালোক আহিলা ।

মোক দুটা ৫০ টকা দিয়াচোন ।"–তাই দেউতাকক ক’লে।


   দেউতাকে পকেটৰ পৰা দুটা ৫০টকা উলিয়াই , কিয় লাগে বুলি সুধিবলৈ লওতেই, তাই থাপ মাৰি  ভিক্ষাৰী দুজনৰ থালত দিলেগৈ ।

    ইমান কম বয়সতে সোণপাহিৰ মনত মানৱীয়তাৰ আচৰণ দেখি মাক-দেউতাকে মনত বহুত ফূৰ্তি পালে আৰু তিনিও আনন্দ মনেৰে ঘৰলৈ ঘূৰি আহিল ।

      

গীতামণি কলিতা             

যোৰহাট, ভাতেমৰা পথ

——————————————————

অনুভৱৰ পৃষ্ঠা লুটিয়াই...

মাজুলীৰ ৰাস –কিছু অনুভৱ

অৰ্চনা ঠাকুৰীয়া

          মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অনুদিত 'আদি দশম'ৰ অন্তৰ্গত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰকৃততে আধ্যাত্মিকভাৱে ভগৱান আৰু ভক্তৰ মাজত গভীৰ সম্পৰ্কময় প্ৰেমময়ী লীলা। জীৱাত্মাৰূপী গোপীসকলে কাত্যায়নীক পূজা কৰি পৰমাত্মাৰূপী কৃষ্ণক পোৱাৰ কামনা কৰিছিল।কাত্যায়নীক পূজা কৰা অৱস্থাতে কৰা কৃষ্ণৰ গোপীৰ বস্ত্ৰহৰণ লীলাই ৰাসলীলাৰ পাতনি বুলি কোৱা হয়। গোপবালকসকলৰ বস্ত্ৰহৰণ লীলা দেখাত অশোভনীয় যদিও ইয়াৰ মাজতো গূঢ়াৰ্থ সোমাই আছে। কৃষ্ণ প্ৰেমত অন্তৰ উজাৰি উঠা নিষ্কাম ভকতিৰ পৰিনতিতে তেওঁলোকৰ কৃষ্ণৰ প্ৰতি আসক্তি জন্মিছে আৰু পূর্ণাৱতাৰ কৃষ্ণই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ বাবে তেওঁলোকৰ কাষতে ধৰা দি বৃন্দাবনৰ শাৰদীয় পূৰ্ণিমাৰ জোনাকে বিধৌত কৰা ৰূপোৱালী নিশা গোপীসকলৰ লগত ৰাসলীলা কৰিছে।

              ভক্ত গোপীসকলৰ পৰমাৰ্থ লাভৰ বাবে কৰা ৰসময়ী ভকতিৰ প্ৰবাহিত ৰাসকেলিৰ কামময় ভাৱ আধ্যাত্মিক ভাৱেৰে সিক্ত হৈ ভগৱৎ প্ৰেমলৈ ৰূপান্তৰিত হৈছে। শ্ৰীমন্ত শংকৰদেৱে 'দশম' পুথিৰ ৰাসলীলা খণ্ডত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ কথাক 'কামজয়' বুলি অভিহিত কৰিছে। কৃষ্ণৰ ৰাসক্ৰীড়াৰ কথা শ্ৰৱণ-কীৰ্তন কৰিলে ভক্তৰ মন নিৰ্মল হয় আৰু ভগৱৎ প্ৰেমত মানৱ জীৱনৰ গতিত কৃষ্ণ প্ৰেমৰ দ্বাৰা জীৱৰ পৰমাৰ্থ লাভৰ পথ মুকলি হয়।

                ৰাসলীলাৰ সংযোগত ভক্তৰ মনত সাংসাৰিক কামনা-বাসনা, মায়া-মমতা শূন্য হৈ অন্তৰত স-প্ৰেম ভকতিৰ উদয় হয়। যাৰফলত জীৱই ব্ৰহ্মৰ লগত একীভূত হ'বলৈ প্ৰয়াস কৰে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ মতে, 'ৰাসলীলাত ক্ৰীড়া নাই; ফল আছে, কামনা নাই;তৃপ্তি আছে, সম্ভোগ নাই; আনন্দ আছে।' ৰাসলীলাৰ পৰা এটা কথা পৰিষ্কাৰ হৈ পৰে যে সমস্ত বিষয়-বাসনা পৰিত্যাগ কৰি ভগৱানৰ চৰণত নিজৰ দেহ-মন সম্পূৰ্ণভাৱে সমৰ্পণ কৰাই প্ৰকৃত ভক্তৰ লক্ষ্য আৰু তাকে কৰিব পাৰিলেই ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰি।

                  গুৰুজনাই 'দশম'ত বৰ্ণনা কৰা ধৰণৰ মনোৰম চিত্ৰই যেন মাজুলীৰ ৰাসত প্ৰতিবিম্বিত হয়। ভকতসকলৰ মাজত সেই একেই ভকতি, একেই ৰং-আনন্দ, সেই একেই ঈশ্বৰপ্ৰাপ্তিৰ পৰিতৃপ্তি। কেইবছৰমান আগতে ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ যোৱাৰ সৌভাগ্য হৈছিল। সেয়ে, যেতিয়া ৰাসৰ আগমনৰ বতৰা লৈ শৰতকাল  আহে; তেতিয়াই মন যায় অসমৰ বৃন্দাবন-মথুৰাসদৃশ মাজুলী পুনৰবাৰ দর্শন কৰিবলৈ। মাজুলীলৈ যোৱাৰ পৰিকল্পনাটো শিৱসাগৰৰ আমোলাপট্টিত অৱস্থিত শংকৰ মন্দিৰ নামঘৰৰ ভকত শ্ৰদ্ধাৰ অনন্ত ভূঞাৰ। তেওঁৰ অনুগ্ৰহ অবিহনে ৰাসৰ সময়ত মাজুলীলৈ যোৱাৰ এনে অভিজ্ঞতা আমাৰ ভাগ্যত নিমিলিলহেঁতেন। স্বামী আৰু তিনিবছৰীয়া কন্যাৰ সৈতে মাজুলীৰ ভোগপুৰ সত্ৰত শ্ৰী বিষ্ণু আতৈৰ বহাত আছিলোঁগৈ। সত্ৰৰ প্ৰৱেশ দ্বাৰতেই চেন্ডেল খুলি হাতত লৈ সত্ৰলৈ প্ৰৱেশ কৰিছিলোঁ। আমি নিজৰ গাড়ীত গৈছিলোঁ। কিন্তু গাড়ীত উঠি অকল চালকজনহে(মোৰ গৃহস্থ) ভিতৰছোৱালৈ যাব পাৰিছিল। যিহেতু আমি ভোগপুৰ সত্ৰৰ ভকতৰ বহাত দুৰাতি কটাইছিলোঁ, সেয়ে সত্ৰৰ নীতি-নিয়মসমূহ, যেনে- জাৰকালি ৰাতিও শুদা ভৰিৰে থকা, মেখেলা-চাদৰ পৰিধান কৰা, কঠত বহি কাঁহৰ কাঁহীত 'সিদ্ধ'(ভাত) খোৱা আদি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ। ৰাসৰ সময়ত সত্ৰত থকা ভকতসকলে আলহী-অতিথিক সেৱা-শুশ্ৰুষা কৰিবলৈ কেইদিনমানৰ আগৰ পৰা সাজু হৈ থাকে। পকা-মিঠৈ প্ৰস্তুত কৰে, জা-জলপানৰ যোগাৰ কৰে ইত্যাদি। অনন্ত বাপ আৰু বিষ্ণু আতৈয়ে ৰাতি আমাক ৰাসলীলা থলীলৈ লৈ গৈছিল। যিহেতু ভোগপুৰ সত্ৰখন উদাসীন সত্ৰ সেয়ে ইয়াত পুৰুষসকলে মহিলাৰ বেশত সুন্দৰ অভিনয় কৰিছিল। এজন কম বয়সীয়া ভকতৰ কাপোৰৰ যোগাৰ নোহোৱাত মই লগত নিয়া মেখেলা-চাদৰ পিন্ধি অসমীয়া গোপিনীৰ ভাৱত অভিনয় কৰিছিল। ৰাসলীলা ভাওনাত ব্যৱহাৰ হোৱা আহার্যসমূহৰ লগতে নাটকত ব্যৱহাৰ হোৱা আহাৰ্যসমূহৰ লগতে নাটকত ব্যৱহাৰ হোৱা সমগ্ৰীসমূহ(prop)মঞ্চৰ পিছফালে থকা সেউজকক্ষত সুসজ্জিত থকা অৱস্থাত আমাক ওচৰৰ পৰা দেখুওৱা হৈছিল।এই সকলোবোৰৰ চাক্ষুষ অভিজ্ঞতা সঁচাকৈ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ৰাসলীলা ভাওনাখন আমি প্ৰথমৰ পৰা অৰ্থাৎ শিশুলীলাৰ পৰা শেষলৈকে অৰ্থাৎ মহাৰাসলৈকে চাইছিলোঁ।পিছদিনাখন পুৱা বিষ্ণু আতৈৰ বহাত সিদ্ধ খাই আমি অনন্ত বাপৰ সৈতে সত্ৰনগৰীত অৱস্থিত প্ৰায় আটাইকেইখন সত্ৰই দর্শন কৰিছিলোঁ। অনন্ত বাপে আমাৰ এই যাত্ৰাত 'গাইড'ৰ ভূমিকা লৈছিল।

                 সত্ৰীয়া সংস্কৃতিৰ নগৰী মাজুলী। এই পুণ্যধাম মাজুলীতে গুৰুজনাই সত্ৰ স্থাপন কৰি শংকৰী সংস্কৃতিক জনমুখী কৰাৰ প্ৰয়াস কৰিছিল। ইয়াত সৰু-বৰ বহুতো সত্ৰ আছে যদিও প্ৰধানতঃ ৮-৯খন সত্ৰহে জিলিকি আছে।

                  এইসমূহ সত্ৰক দুভাগত ভাগ কৰা হৈছে। ক)মহাপুৰুষীয়া সত্ৰ, খ)ৰজাদিনীয়া সত্ৰ। মহাপুৰুষীয়া সত্ৰৰ ভিতৰত–ক)উত্তৰ কমলাবাৰী,খ) নতুন কমলাবাৰী,গ) মধ্য মাজুলী কমলাবাৰী, ঘ) ভোগপুৰ, ঙ) চামুগুৰি সত্ৰ। (শংকৰদেৱৰ নাতিয়েক চতুৰ্ভুজ আতাই প্ৰতিষ্ঠা কৰা বুলি খ্যাত)। ইয়াৰে কমলাবাৰী সত্ৰসমূহ আৰু ভোগপুৰ সত্ৰ উদাসীন। আনহাতে, চামুগুৰি সত্ৰখন গৃহস্থী। আকৌ, ৰজাদিনীয়া সত্ৰৰ ভিতৰৰ সত্ৰসমূহ হ'ল–ক)আউনীআটি সত্ৰ, খ) দক্ষিণপাট সত্ৰ, গ) বেঙেনাআটি সত্ৰ, ঘ)গড়মূৰ সত্ৰ। ইয়াৰে আউনীআটি আৰু দক্ষিণপাট সত্ৰ উদাসীন; বেঙেনাআটি আৰু গড়মূৰ সত্ৰ গৃহস্থী। এই আটাইকেইখন সত্ৰৰ নৈসৰ্গিক শোভা উপভোগ কৰি আমি পুনৰবাৰ ভোগপুৰ সত্ৰ অভিমুখে যাত্ৰা কৰিছিলোঁ। পিছদিনা পুনৰ গৃহাভিমুখী হৈছিলোঁ। সঁচাকৈয়ে মাজুলীত আধ্যাত্মিকভাৱে সিক্ত ৰাসক্ৰীড়া চোৱাৰ আৰু সত্ৰসমূহ দর্শন কৰাৰ বিৰল অভিজ্ঞতা আমাৰ মনত চিৰস্মৰণীয় হৈ থাকিব।

অৰ্চনা ঠাকুৰীয়া 

পাঞ্জাবাৰী,গুৱাহাটী 

——————————————

টিহু নৈৰ স্মৃতিয়ে হাত বাউলী মাতে....

কনমানি নাথ

    নীৰৱে বৈ যোৱা নৈখনৰ কাষতে অৱস্থিত ভৱানীপুৰ বি'ব্লক (পশ্চিম চুপা) গাঁওখন। সেই অঞ্চলৰ বাসিন্দা সকল সহজ,সৰল, মৰমীয়াল ভাৱধাৰাৰ,বিপদে আপদে ইজনে আনজনক সহায়ৰ হাত আগবঢ়াই মিলা প্ৰীতিৰ মাজেৰে দৈনন্দিন কাৰ্য সমূহ সুন্দৰকৈ কৰি জীৱন নিৰ্বাহ কৰি জীয়াই আছে। সকলোৰে খুব বেছি উচ্চ আকাংক্ষা নাই যদিও সুন্দৰকৈ পৰিয়ালটি চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰি আহিছে।এই গাঁওখনৰ কাষেৰে নীৰৱে বৈ গৈছে টিহু নৈ। বাক্সা জিলাৰ অন্তৰ্গত ভৱানীপুৰ বি'ব্লক গাঁৱতে টিহু নৈৰ মূল সুঁতি বা উৎপত্তিৰ মুখ্য স্থল বুলি কোৱা হয় বা বিশ্বাস কৰি আহিছে। আৰু এই নৈ খনৰ নাম "লছিমা বান্ধ" বুলিও নামাকৰণ কৰা হৈছে। ইয়াৰ কাষতে শিলবান্ধ নামে আন এটা দং বা জুৰি সংলগ্ন হৈ আছে, এই জুৰিটো অৱশেষতগৈ টিহু নৈৰ লগত মিলিত হৈ পৰে। এই টিহু নৈৰ মূল সুঁতিৰ পৰা অহৰহ ফটফটীয়া পানী নিৰ্গতহৈ উত্তৰ দিশৰ পৰা দক্ষিণ দিশে নিৰীৱে বৈ থাকে যদিও মাঘ, ফাগুন মাহত এই সুঁতিত পানী সম্পূৰ্ণ শুকাই যায়, পুনৰ বহাগ, জেঠ মাহত নৈ খন পানীৰে উপচি পৰে,এক সুন্দৰ পৰিবেশ।

গাঁওখন আৰু খেতি পথাৰৰ মাজেৰে শীতল পানীৰ বোঁৱতি সোঁত অবিৰত ভাৱে নিৰ্গতহৈ নীৰৱ নিস্তব্ধ ভাৱে বৈ থাকে। নৈৰ আশে পাশে ভিন্ন গছ-গছনি ভৰি সৌন্দৰ্য্যৰে আৱৰি ৰাখিছে। সেই নৈৰ পানী দেখিলে নিমিষতে মন প্ৰাণ আপ্লুত কৰি পানীৰ প্ৰেমত পৰি সেই শীতল পানী স্পৰ্শ নকৰালৈকে মনে যেন নামানিব! জেঠ মহীয়া ৰ'দৰ পৰা আহি সেই শীতল পানীত গা ধূলে নিমিষতে দেহ শীতল কৰি তোলে। বাৰিষা কালত কেতিয়া হঠাৎ নৈ খনে উগ্ৰ মূৰ্তি ৰূপ ধাৰণ কৰে যদিও গাঁও বাসীক খুৱ বেছি অনিষ্ট সাধন নকৰে। বোধকৰোঁ নৈ খনে বুজি পায় সহজ সৰল কৃষি জীৱি ব্যক্তি সকলৰ মনৰ গাঁথা। নুবুজিবই বা কিয় পুৱা দিনটো আৰম্ভ হোৱাৰ লগে লগে নৈ আৰু কৃষক বা নৈৰ কাষৰীয়া বাসিন্দা সকলৰ মাজত এক অতপ্ৰত মধুৰ সম্পৰ্ক গঢ়ি উঠিছে।ডেকা, গাভৰুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে এই নৈৰ প্ৰেমত পৰি আপ্লুত হৈ পৰে। আহিনমহীয়া সেউজময় খেতি পথাৰ আৰু নৈৰ বোঁৱতী পানীৰ সোঁতে সৌকাষ জীপাল কৰি প্ৰতি ক্ষণতে সকলোকে হাত বাউলী মাতি থাকে। কি সুন্দৰ প্ৰাকৃতিক মোনমহা পৰিবেশ।

এই নৈ খনেতে বিচাৰি পোৱা যায় শৈশৱৰ সমনীয়াৰ লগত গা-ধোৱা, নানা ৰং-ধেমালি, সাতোৰা অনুশীলনৰ লগতে মধুৰ স্মৃতি ভৰা মাদকতা বোৰ! আজিও সেই দিনবৰলৈ প্ৰতি ক্ষণতে হাত বাউলী মাতি থাকে।এই নৈ খনে হ'ল বহু কেইখন গাঁৱৰ কৃষক সকলৰ খেতিৰ কাৰণে পানী যোগানৰ একমাত্ৰ ভৰসাৰ কেন্দ্ৰ বিন্দু। সেই অঞ্চলত বৰ্তমান পৰ্য্যন্ত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৃষি কাৰ্য্য সমাপন কৰিব পৰা হোৱা নাই গতিকে কৃষক সকল, প্ৰাকৃতিক পৰিৱেশ আৰু নৈৰ পানীৰ ওপৰত ভিত্তি কৰি বতৰত খেতি কৰি আহিছে । মুঠতে টিহু নৈখনে হ'ল সকলোৰে প্ৰাণৰ কেন্দ্ৰ। টিহু নৈৰ মুখ্য সুঁতি ভৱানীপুৰ বি'ব্লক গাঁৱত হোৱা হেতুকে সকলোৱে গৌৰৱ আৰু  নিজকে সুকীয়া পৰিচয় ডাঙি ধৰিব পৰা হৈছোঁ যে আমি টিহু নৈৰ সুঁতি বা মুখ্য উৎপত্তি স্থলত বসবাস কৰি আছোঁ।

——————————————

ভাওনা : এক‌ অনুভৱৰ গাথা

কৰবী ভূঞা 

“ A nation without a cultural heritage is an like an orphan who has nothing to feel capon…”

                                                            - R.W.Emerson

    সমাজ এখন সুস্থভাৱে ব্ৰতি থাকিবলৈ নিজস্ব সাংকৃতিক পৰম্পৰা অতিশয় প্ৰয়োজনীয়। অসমীয়া জাতিক‌ বিশ্ব দৰবাৰত তুলি ধৰা বহু কৰ্মৰ ভিতৰত মহাপুৰুষ দুজনাৰ অমৰসৃষ্টি ভাওনাৰ প্ৰাসংগিকতা উল্লেখযোগ্য। অপসংস্কৃতি বিনাশ‌‌ কৰি সুন্দৰৰ‌ সাধনাৰে‌ বৈকুণ্ঠৰ পৰা বোৱাই আনিছিল সংস্কৃতিৰ বন্যা। সৰ্বকালৰ শ্ৰেষ্ঠ কলাকাৰ মহাপুৰুষ ‌শংকৰদেৱে নৱ-বৈষ্ণৱ ভক্তি ‌আন্দোলনৰ মূল আহিলা ‌হিছাপে ‌ভাওনাক বাছি লৈছিল।‌গুৰুজনাৰ হাতত সৃষ্টি হোৱা অংকীয়া নাটসমূহৰ উদ্দেশ্য আছিল একতা এনাজৰীৰে সকলোকে বান্ধি ৰখা। “ধন্য নৰতনু ভাল”চিৰশ্বাশ্বত বাণী সাৰোগত কৰি একোজন‌ প্ৰকৃত মানুহ গঢ় দিয়াৰ প্ৰয়াস কৰিছিল।এক কথাত ‌ভাওনা‌ হৈছে বিভিন্ন শিল্প গুণৰ এক গতিশীল মাত্ৰা।

   নাটক হৈছে সৰ্বশাস্ত্ৰ। শিল্প, কৰ্ম সমিলমিলেৰে‌ সৃষ্ট হোৱা এক কলা । এই কলাক দৰ্শনৰ হকে‌ দিয়া দৃশ্য-শ্ৰব্য মাধ্যমেই হৈছে অভিনয়। ভাওনা হৈছে মহাপুৰুষজনাৰ মহত্বপূৰ্ণ উদ্দেশ্যেৰ এক‌ মনোৰঞ্জন ধৰ্মী কাৰ্য। ভাওনা মূলতঃ নৃত্য,গীত আৰু অভিনয়ৰ মাজেৰে দৰ্শক শ্ৰোতাৰ মন‌ জয় কৰি‌ বিমল আনন্দ প্ৰদান কৰা‌ উপকৰণ।নৱৰসৰ‌ সমাহাৰ‌ৰ মাজেৰে অসমীয়া সমাজৰ‌ কু-সংস্কাৰ‌ ,অন্ধবিশ্বাস আদি‌ কবলৰ‌ পৰা উদ্ধাৰ  কৰা এক উদ্ধমুখী গতি। ভাস্কৰ্য,স্থাপত্য কলাৰ মাজেদি চিহ্নযাত্ৰা চিত্ৰপট অংকনৰ যোগেদি সুকুমাৰ ‌কলাৰ বিকাশৰ পথ‌ প্ৰশস্ত কৰিছিল। গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ মতে –“ কলা‌ বুলিলে অনুকৰণক‌ বুজায়”। সেয়ে ভাওনা এবিধ কলা অনুকৰণলব্ধ উপস্থাপনৰ ‌এক‌ অনন্য ৰূপ।

   সময় পৰিবৰ্তনশীল। গতিশীল সময়ৰ ধামখুমীয়াত সমাজৰ প্ৰতি দিশতে আধুনিকতাৰ ‌বতাহে‌ চুই গ’ল। শৈশৱ, কৈশোৰ আৰু‌ যৌৱনৰ সোনালী দিনবোৰ আলোড়িত কৰিছিল আমাৰ গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা‌‌ প্ৰতিখন ভাওনাই। বছৰত কমেও দুবাৰকৈ আমাৰ গাঁৱৰ সকলো মিলি এই‌ সৃষ্টিশীলতাৰ ভাওনা ‌অনুষ্টিত কৰিছিল। ভাওনা আখৰা পৰ্বৰপৰাই ‌আমাৰ মনবোৰ সাতখন আঠখন হৈ পৰিছিল। বুজি‌ পোৱা নোপোৱা বসয়ৰ পৰাই ভাওনা‌ প্ৰতি‌ এক অবুজ টান‌ আছিল। কিন্তু ‌পৰিবৰ্তনে আমাৰ গাঁও সমূহতো বহুলভাৱে প্ৰভাৱ পেলায়। আধুনিকতাৰ পৰশত ভাওনাও হৈ‌ পৰিল প্ৰতিযোগিতাৰ সমল। ভাওনা ‌সংস্কৃতিত পৰম্পৰাগত সুৰ‌ লয় আদিতো নতুনত্ব আহিল। সুস্থ পৰিবৰ্তন সকলোৰে কাম্য,মাথো বিকৃত আৰু অতিৰঞ্জিতাই আমাৰ‌ সমাজ,সংস্কৃতিক হেয় কৰি তোলে।বিচাৰয্যোগ্য যে ব্যস্ততাৰ মাজত আগৰ‌ দৰে এটা‌ সম্পূৰ্ণ ৰাতি টোপনি খতি কৰিবলৈ আমি অসমৰ্থ, তথাপিও আমি আমাৰ সংস্কৃতিৰ বৰপেৰাটো সাধ্য,সময় অনুসাৰে মোকলাই‌ চোৱা-চিতা কৰাটো আমাৰ কৰ্তব্য তথা দায়িত্ব।

    সংস্কৃতি বোৱতি নদীৰ দৰে। একেদৰে ভাওনা সংস্কৃতি আৰু অসমীয়া ‌সমাজৰ‌ নিৱিড় সম্পৰ্কটো তুলনাবিহীন। প্ৰান্তত কাম্য কৰো নৱপ্ৰজন্মৰ প্ৰতিজনে  আমাৰ সংস্কৃতিৰ মূল সুঁতিটোক হেৰাই যাবলৈ নিদি সগৌৰৱে সকলোতে বৰ্তাই‌ নিয়াত নেতৃত্ব ল’লে আমিবোৰে সবল সংস্কৃতি ভৱিষ্যতৰ কাৰণে বৰ্তাই ৰাখিব‌ পাৰিমহ’ক।


কৰবী ভূঞা

মুৰফুলনি বাগান গাঁও, গোলাঘাট।

———————————————————

বৰ্ণৰাগৰ আলাপ 

সংগীত সাধনাই যাৰ কৰ্ম। সংগীতেই যাৰ প্ৰাণ, সংগীতেই যাৰ সকলো, এক কথাত ক'বলৈ গ'লে সংগীতৰ মাজতেই যিয়ে নিজক বিচাৰি পায়- আহক আমি বৰ্ণৰাগৰ এইবাৰৰ সংখ্যাত ভাৰ্গৱ কুমাৰ নাথৰে  হোৱা অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ছ্যুকি সুকন্যাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ--


এইবাৰৰ আমাৰ অতিথি জনপ্ৰিয় কন্ঠশিল্পী

ছ্যুকি সুকন্যা

ভাৰ্গৱ:-পোন প্ৰথমে আপোনাক বৰ্ণৰাগ আলোচনীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।      আপোনাৰ কৈশোৰ কাল তথা শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ?

ছ্যুকি সুকন্যা:- ময়ো পোনপ্ৰথমে ভাৰ্গৱ কুমাৰ নাথৰ লগতে বৰ্ণৰাগ আলোচনীৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ,লগতে সমূহ অসমবাসী ৰাইজলৈ প্ৰণাম জনাইছোঁ।মোৰ শিক্ষাজীৱন আৰম্ভ হৈছিল ডিব্ৰুগড়ৰ ডিব্ৰুগড় জাতীয় বিদ্যালয়ত।ইয়াৰ পিছত মই ডিব্ৰুগড়ৰে ৰূপনগৰ জাতীয় বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ আৰু তাৰপৰাই HSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। পৰৱৰ্তী কালছোৱাত ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একডেমীৰ পৰা উচ্চতৰ মাধ্যমিক আৰু ডিব্ৰু মহাবিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰোঁ।বৰ্তমান মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এগৰাকী ছাত্ৰী।

ভাৰ্গৱ:-আপোনাৰ এই সংগীতৰ  পৰিক্ৰমাৰ বৰ্তমান পৰিস্থিতি লৈকে আগবঢ়ি অহাৰ ক্ষেত্ৰত কাৰ পৰা অনুপ্রাণিত হৈছে?

ছ্যুকি সুকন্যা:-আচলতে মোৰ সংগীতজগতখন আৰম্ভ হৈছিল মোৰ মাৰ পৰা।মোৰ মা মনোৰমা দত্ত বুঢ়াগোহাঁই এগৰাকী সু-গায়িকা আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ আধুনিক গীত আৰু বৰগীতৰ এগৰাকী  শিল্পী। মোৰ মাৰ পৰাই মই বহুখিনি অনুপ্ৰেৰণা লাভ কৰিছোঁ। সংগীতজগতখনত তেখেত মোৰ আদৰ্শস্বৰূপ। ইয়াৰ লগতে সংগীত ক্ষেত্ৰখনত সৰুৰেপৰাই মই শ্ৰদ্ধাৰ প্ৰশান্ত বৰদলৈ, হীৰেন গোহাঁই, ব্ৰজেন ফুকন, ৰসানন্দ গগৈ, প্ৰয়াত বুধিন গগৈ, প্ৰয়াত ডলী দাস  আদিৰ দৰে মহান গীতিকাৰ,সুৰকাৰ,শিল্পী লগ পাই আহিছোঁ আৰু তেখেতসকলৰ পৰা সদায় মই কিবা এটা শিকিবলৈ চেষ্টা কৰি আহিছোঁ আৰু শিক্ষাজীৱনত যিসকল বন্ধু বান্ধৱী আৰু শিক্ষাগুৰু লগ পাইছোঁ, তেখেতসকলেয়ো সদায় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাই আহিছে।বিশেষকৈ মোৰ সংগীত গুৰু অদিতি বৰুৱা, তেওঁক মই জেঠাই বুলি সম্বোধন কৰোঁ, তেখেতে সদায় মোক সংগীতক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাই আহিছে। ইয়াৰ উপৰিও সংগীতজগতৰ লগত জড়িত  বহুতো গন্য মান্য ব্যক্তি, আপোন মানুহ, সহশিল্পী, বন্ধু- বান্ধৱী লগ পাইছোঁ, যিসকলৰ সহায় - সহযোগ অবিহনে মোৰ এই সংগীতযাত্ৰা কেতিয়াও আগুৱাই নিব নোৱাৰিলোঁহয়।  মই সকলোকে এই ছেগতে ধন্যবাদ জনাইছোঁ।

ভাৰ্গৱ:-আপোনাৰ এই সংগীতজগতৰ সফলতাৰ আঁৰৰ ৰহস্য কি বুলি ভাৱে?

ছ্যুকি সুকন্যা:-  মোৰ সংগীতজগতৰ সফলতা বুলি ক'বলৈ গ’লে আচলতে ভুল হ'ব। সংগীতজগতখনত বহুত কথা শিকিবলৈ আৰু জানিবলৈ আছে আৰু তাৰ কাৰণে মই সদায় আগ্ৰহী।     

সংগীতজগতখনত প্ৰথমবাৰৰ বাবে কিবা এটা কৰাৰ আশাৰে মোৰ প্ৰথম গীত"অজানিতে" আপোনালোকলৈ    আগবঢ়াইছোঁ। কিন্তু সংগীতজগতখনত সফলতাৰ কথা ক'বলৈ গ'লে সেই বাট এতিয়াও বহুদুৰ।

ভাৰ্গৱ:- আপোনাৰ ভৱিষ্যত পৰিকল্পনা ৰ বিয়ষে অলপ জনাব?

ছ্যুকি সুকন্যা:-  সংগীত মই ভাল পাওঁ। মোৰ জীৱনত সংগীতৰ স্থান বহুত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতে সংগীতজগতখনত নতুন নতুন কাম কৰাৰ আগ্ৰহ মোৰ সদায়ে থাকিব।গতিকে যিমানদূৰ সম্ভৱ, ভৱিষ্যতে মই সংগীতজগতখনলৈ ন ন অৱদান আগবঢ়াই যাবলৈ চেষ্টা কৰিম।

ভাৰ্গৱ:-আপোনাৰ  সংগীতৰ যাত্ৰাত বহুতো তিতা-মিঠা অভিজ্ঞতা আছে। এইক্ষেত্ৰত আপুনি মিঠা অভিজ্ঞতা বোৰ কঢ়িয়াই নিয়াৰ ক্ষেত্রত কেনেকৈ নিজকে প্ৰস্তুত কৰি তোলে?

ছ্যুকি সুকন্যা:- জীৱনটো অভিজ্ঞতাৰে ভৰপূৰ।জীৱনত সফল হ'বলৈ বহুতো ঘাত- প্ৰতিঘাত অতিক্ৰম কৰিবই লাগিব। তেনেদৰে মোৰ সংগীত যাত্ৰাত বহুতো ঘাত -প্ৰতিঘাত , তিতা-মিঠা অভিজ্ঞতা আছে। কিন্তু মই ভাবোঁ,মিঠা অভিজ্ঞতাক বাদ দি তিতা অভিজ্ঞতাৰ কথা ক'বলৈ গ'লে ইয়াৰ পৰাও বহুত শিকিবলগীয়া থাকে আৰু এনেদৰেই মই নিজকে প্ৰস্তুত কৰোঁ আৰু কিছু কিছু ক্ষেত্ৰত তিতা অভিজ্ঞতাবোৰক  পাহৰি মই মিঠা অভিজ্ঞতাবোৰক লগত লৈ আগবাঢ়িব বিচাৰোঁ।

ভাৰ্গৱ:-আপোনাৰ প্ৰিয় শিল্পী,প্ৰিয় গ্ৰন্থ  কি ?

ছ্যুকি সুকন্যা:- মোৰ প্ৰিয় গ্ৰন্থ কেইবাখনো আছে ইয়াৰে ভিতৰত ৰীতা চৌধুৰীৰ "এই সময় সেই সময় " গ্ৰন্থখন উল্লেখ কৰিবলগীয়া। তেনেদৰে প্ৰিয় শিল্পীৰ কথা ক'বলৈ গ'লে শ্ৰদ্ধাৰ লতা মঙ্গেশকাৰৰ কথা ক'ব বিচাৰোঁ। তেখেত মোৰ বাবে আদৰ্শস্বৰূপ।

ভাৰ্গৱ:- যুৱ প্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে অসমৰ কোনবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তোলে?

ছ্যুকি সুকন্যা:- অসম হৈছে ভাৰতবৰ্ষৰ ভিতৰতে এখন চহকী ৰাজ্য। কিন্তু বৰ্তমান বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত অসমখনত বহুতো গুৰুত্বপূৰ্ণ সমস্যাই গা কৰি উঠিছে যাৰ ফলত ৰাজ্যখন উন্নতিৰ ক্ষেত্ৰত অলপ হ'লেও পিছপৰি ৰৈছে। অসমত বহুতো গুৰুত্বপূৰ্ণ সমস্যা আছে আৰু তাৰ ভিতৰত উল্লেখ কৰিব হ'লে মই ভাবোঁ, বানপানী অসমৰ এটি আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। বানপানীয়ে অসমৰ একাংশ মানুহৰ জীৱন প্ৰণালী একেবাৰেই জুৰুলা কৰি তুলিছে।দুখ লাগে বহুত,  বানাক্ৰান্ত সেই মানুহখিনিৰ বাবে, যি বানপানীত সর্বহাৰা হৈ পৰে। তদুপৰি বৰ্তমান চহৰ - নগৰত হোৱা কৃত্ৰিম বানপানীয়েও একাংশ মানুহক জলাকলা খোৱাইছে। দ্বিতীয়তে শিল্পী হিচাপে ক'বলৈ গ'লে, বহুত কথাই আমনি কৰে। মই কেতিয়াবা কিছু কিছু ক্ষেত্ৰত অনুভৱ কৰোঁ যে আজিকালি মৰ্য্যাদা সম্পন্ন কিছুমান ভাল গীতে মানুহৰ মাজত যিমানখিনি সমাদৰ লাভ কৰিব লাগে,সিমানখিনি সমাদৰ নাপায়। গান বিভিন্নধৰণৰ হ'ব পাৰে, প্ৰত্যেকটো গানৰে নিজস্ব সুকীয়া বৈশিষ্ট আছে,মই কাকো ভাল বেয়া সমালোচনা কৰা নাই,এইটো মোৰহে ব্যক্তিগত অনুভৱ। দ্বিতীয়তে আজিৰ সমাজৰ একাংশ লোক অসমীয়া ভাষা - সংস্কৃতিৰ প্ৰতি সজাগ নহয়।আজিৰ এচামে অসমীয়া ভাষা বুজি নাপায়, ক'ব নাজানে, গতিকে ইয়াৰ সমাধান কত? আজিৰ এচাম লোক নিজৰ সংস্কৃতিক লৈ কিমান সজাগ কিমান সচেতন? যি সময়ত আমি অসমীয়া ভাষাক লৈ গৌৰৱ কৰিব লাগে, তেনে সময়ত এইচাম লোকে নিজৰ সন্তানে অসমীয়া ভাষা ক'ব, লিখিব নজনাটো আৰু ইয়াৰ বিপৰীতে ইংৰাজী ক'ব জনাটো গৌৰৱেৰে লোকৰ আগত প্ৰকাশ কৰে। মই নিজেই এই পৰিস্থিতিৰ  সন্মুখীন হৈছোঁ। নিজৰ ভাষা সংস্কৃতিক সন্মান কৰিব নজনাতো কিমান যুক্তিগত? এইবোৰ কথাই  মোক বৰকৈ আমনি কৰে।ইয়াৰ উপৰিও আৰু বহুতো গুৰুত্বপূৰ্ণ সমস্যা আছে যিবোৰ কেতিয়াও কৈ শেষ নহয়।

ভাৰ্গৱ:- বৰ্তমান কৰ'না সন্দৰ্ভত কি ক'ব অসমবাসীক উদ্দেশ্যি?

ছ্যুকি সুকন্যা:-ক’ৰণা ভাইৰাছ বৰ্তমান মানৱ জাতিৰ প্ৰতি এক ভাবুকিস্বৰূপ হৈ পৰিছে।

দুখলগা বিষয়টো এয়ে যে, অসমতো এই মহামাৰীয়ে দিনকদিনে ভয়ানক ৰূপ লৈছে। যিহেতু এই ৰোগ প্ৰতিৰোধ কৰিব পৰা কোনোধৰণৰ ঔষধ বৰ্তমানলৈকে প্ৰস্তুত হোৱা নাই।গতিকে আমি সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব লাগে।বৰ্তমান lockdown ৰ পিছত যিহেতু আগৰ দৰেই মানুহৰ দৈনন্দিন জীৱন - যাপন আৰম্ভ হ'লেই,গতিকে মই ৰাইজক আহ্বান জনাও যে সকলো সজাগ - সচেতন হওঁক, সামাজিক ব্যৱধান মানি চলক।মই আশাবাদী এদিন নহৈ এদিন আমি এই কৰণা মহামাৰীৰ পৰা পৰিত্ৰাণ পামেই।


ভাৰ্গৱ:-শেষত বৰ্ণৰাগ আলোচনীলৈ আপোনাৰ এটা শুভেচ্ছাবার্তা?

ছ্যুকি সুকন্যা:-  শেষত মই বৰ্ণৰাগ আলোচনীক ধন্যবাদ জনাইছোঁ মোৰ অন্তৰৰ কথাখিনি ক'বলৈ সুযোগ দিয়া বাবে। সঁচাকৈয়ে আপোনালোকে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনেদৰেই ভাল কামৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাওক আৰু শেষত বৰ্ণৰাগ আলোচনীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

 সাক্ষাৎকাৰ গ্ৰহণঃ- ভাৰ্গৱ কুমাৰ নাথ                 মোবাইল –৬০০১৮৭৫৫৭৮

———————————————————

অণুগল্প

মাখি

গীতাঞ্জলি বৰকটকী 

   মাছখিনি আগত লৈ ৰতনী বহি আছে ৷ গেলা গৰমত তাইৰ কপালেদি ঘামবোৰ বৈ আহি বুকুৰ ভিতৰ পাইছেগৈ ৷ ফিচিকা চাদৰখনে তাইৰ বাঢ়ি অহা যৌৱনক ঢাকি ৰাখিব পৰা নাই ৷ ৰতনে মাছ কিনো বুলি গাড়ীখন ৰখাই মাছকেইটালৈ চাই কৈ উঠিল–

'ঐ ৰতনী মাছবোৰত বৰ মাখি পৰিছে অ’ ৷ তই কিবা চালনি এখনেৰে ঢাকি দে ৷ নহ’লে মাছবোৰ বেয়া হৈ যাব ৷’  

   তাই ৰতনৰ কথা শুনি চিঞৰি কৈ

উঠিল–"আজিকালি সকলোতে মাখি পৰিব লৈছে অ’ ককাই ৷ এইবোৰৰ পৰা বাচিবলৈ উপায় পোৱা নাই ৷ চৌদিশে এতিয়া ভেনা মাখিৰ জাক অ’ ৷"


গীতাঞ্জলি বৰকটকী 

নামৰূপ 

——————————————

মালতী 

প্ৰাঞ্জল কুমাৰ নাথ 

  মালতীৰ দুজনী জীয়েক পলাই গ’ল ৷ পুতেকে ভাল পাই অনা বোৱাৰীয়েকক প্ৰথম সেৱা কৰোঁতে আৰ্শীবাদত ক’লে বোলে তই কেনেকৈ শান্তিৰে খাৱ চাম ৰহ ৷

প্ৰাঞ্জল কুমাৰ  নাথ 

ডিব্ৰুগড়

——————————————

পেঞ্চন 

খূৰ্ছীদ আনছাৰী

     "টিকি থাকিলে সীমা,পচিলে খৰি।"

অস্তগামী সূৰ্যটোলৈ চাই ধ্ৰুৱৰ দেউতাই তাৰ মাকক উদ্দেশ্যি কোৱা কথাষাৰ শুনি…

ধ্ৰুৱৰ গোটেই নিশা টোপনি নাহিল…লাজতে। 


——————————————————

ভোক 

শ্যামলীমা খাউণ্ড শৰ্মা

  বিবেকে মনতে ভাবিছিল তাৰ জন্ম দিনৰ দিনাখন সি কোনোবা মগনীয়া এজনক ভাল বিলাসী ৰেষ্টুৰেণ্ট এখনত হেঁপাহ পলুৱাই খুৱাব । ভবাৰ মতেই সি তাৰ ওপজা দিনটোত মগনীয়া এজনক  নতুন চোলা- কাপোৰ এযোৰ পিন্ধাই বিলাসী ৰেষ্টুৰেণ্ট এখনলৈ লৈ যায় । ৰেষ্টুৰেণ্ট খনত কি যে নাই । নানান বিধ মিঠাই, কেক, পেষ্টি (pasty), চিংৰা, জেলেবিৰ পৰা আদি কৰি পাছটা, দ’চা,

ম’ম’লৈকে । সি মগনীয়া জনক মাতি সুধিলে । তুমি কি খাবা কোৱা ?

মগনীয়াজনে উত্তৰ দিলে –"ভাত "।

 শ্যামলীমা খাউণ্ড শৰ্মা

 ঠিকনা: মৰাণহাট 

 জিলা:চৰাইদেও

——————————————

উচ্চৰ্গা        

ৰঞ্জনা দেৱী 

শয্যাগত পিতৃ মাতৃক এবাৰলৈও চাবলৈ নহা সন্তানে মৃত্যুৰ পিছত তেওঁলোকৰ নামত দুটিকৈ পুৰষ্কাৰ  উচ্চৰ্গা কৰি বাহ বাহ ল'লে।

———————————————————

গ্ৰন্থ উদ্ধৃতিঃ

___________

▪️সেইবোৰেই হ'ল মহৎ কিতাপ, যিবোৰ কিতাপ পঢ়াটো উচিত বুলি সকলোৱে অনুভৱ কৰে, কিন্তু কোনেও পঢ়িবলৈ নিবিচাৰে। 

                 ______মাৰ্ক টোৱেইন

▪️মহাযুদ্ধৰ সমসাময়িকভাৱে, মাএ এৰাতিৰ বাবে, অৱসান ঘটিছে। এতিয়া আৰম্ভ হৈছে মোৰ মনৰ এক সৰ্বাত্মক যুদ্ধ। এই যুদ্ধত

উত্তীর্ণ হ'লেই মই আচল যুদ্ধত উত্তীর্ণ হ'ব পাৰিম। 

             ___মহাৰথী(উপন্যাস) 

                  চন্দ্রপ্ৰসাদ শইকীয়া

                  (প্ৰথম বাক্যাংশ) 

▪️ৰাজনীতিয়ে জাতিৰ নৈতিক জীৱনত সামান্যভাৱেহে প্ৰভাৱ পেলাব পাৰে, আনহাতে ভাল সৰু কিতাপ এখনেও তাতকৈ বেছি প্ৰভাৱ পেলাব পাৰে। 

       ____অম্বিকাগিৰী ৰায়চৌধুৰী


অনিতা মেধি মিশ্র

বঙাইগাঁও

———————————————————

পাঠকৰ দৃষ্টিত 

ৰূপম দত্তৰ 

লাইফ অৱ এ ড্ৰাইভাৰ

কেবিনৰ ইপাৰে...

অপূৰ্ব ভূঞা 

                 যোৱা  ২০২০ বৰ্ষৰ গ্ৰন্থমেলাৰ বতৰত অসমৰ গ্ৰন্থ পঢ়ুৱৈৰ মাজত উৎকণ্ঠা উদ্ৰেককাৰী এখন অসমীয়া ভাষাৰ উপন্যাস, নামটো কিন্তু ইংৰাজী- “লাইফ অব এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে" অসমীয়া উপন্যাসখনৰ নামটো “ এজন চালকৰ জীৱনকথা " বা “এজন ড্ৰাইভাৰৰ কাহিনী" হ’ব পাৰিলেহেঁতেন ৷ আনহাতে বাছ বা নৈশবাছৰ চালকৰ কোঠালীটোক “কেবিন" বুলি সাধাৰনতে কোৱা হয় ৷ উপন্যাসখনত এই কেবিনৰ ভিতৰৰ কাহিনী বা চালক, হেন্দিমেন বা সহায়ক আদিৰ নিজা জগতখনৰ কথাবোৰ বৰ্ণিত হৈছে ৷ তেনেস্থলত “কেবিনৰ ইপাৰে"তকৈ “কেবিনৰ ভিতৰত" বা “চালকৰ কোঠালীত" বুলি লিখা হ’লেহে তাৎপৰ্য্য বহন কৰিলেহেঁতেন যেন লাগে ৷ অসমীয়া সাহিত্যত প্ৰয়োজন অনুসৰি জনপ্ৰিয় হৈ পৰা ইংৰাজী শব্দ ব্যৱহাৰ কৰা দেখা পাই আহিছো। কিন্তু উপযুক্ত প্ৰতিশব্দ থকা স্বত্বেও উপন্যাস খনৰ নামটো সম্পূৰ্ণৰূপে কিয় ইংৰাজীত দিয়া হ’ল সেয়া ভাবিব লগা হৈছে ৷ 

               আকৌ দেখা গ’ল উপন্যাসখনৰ প্ৰথম সংস্কৰণ ২৪ ডিচেম্বৰ, ২০২০ ত প্ৰকাশ পোৱাৰ পৰা ১৪ ফেব্ৰুৱাৰী, ২০২১ লৈ মুঠ ২২ টা সংস্কৰণ প্ৰকাশ পোৱাৰ তথ্য ছপা কৰা হৈছে ৷ কিন্তু সংস্কৰণ বা ইংৰাজীত Edition মানে হ’ল “the form of which a book is published “, তেনেস্থলত এদিনৰ পৰা পাঁচ দিনৰ মূৰে মূৰে কিতাপখনৰ from বা চেহেৰা সলনি কৰি প্ৰকাশ কৰা হৈছে নেকি ? আমি যি বুজিছো কিতাপখন একে গঠন বা চেহেৰাতে চাহিদা অনুসৰি  দুই এদিনৰ মূৰে মূৰে বিভিন্ন বিক্ৰেতালৈ পঠাবলে সাজু কৰা হ’ল ৷ এই প্ৰতিটো টোপোলা একো একোটা সংস্কৰণ বুলি কোৱা হৈছে নেকি ? আমি কিতাপ একোখনৰ সংশোধিত সংস্কৰণ, বৰ্দ্ধিত সংস্কৰণ, ভিন্ন প্ৰকাশক বা মুদ্ৰকৰ জৰিয়তে ভিন্ন বেটুপাত বা সাজ-সজ্জাৰে কৰা সংস্কৰণ আদি দেখিছো ৷ কিন্তু এই ধৰণৰ সংস্কৰণক কি অভিধা দিয়া যাব ?  একে চেহেৰাতে কম সময়ৰ পৰিসৰতে চাহিদা অনুসৰি অতিৰিক্ত ভাবে ছপা-বন্ধা কৰা প্ৰক্ৰিয়াটোক দ্বিতীয় মুদ্ৰণ, তৃতীয় মুদ্ৰণ, একাদশ মুদ্ৰণ আদি বুলিহে অভিহীত কৰিব পাৰি নিশ্চয় ৷

               সাম্প্ৰতিক সময়ত ছপা কিতাপ একোখনে পঢ়ুৱৈৰ বিপুল সমাদৰ পোৱাটো বিৰল হৈ পৰিছে ৷ সমগ্ৰ বিশ্বতে নামী লেখকৰ, প্ৰখ্যাত প্ৰকাশকে ছপোৱা কিতাপেও পাঠকৰ অনুৰূপ  সহাঁৰি পোৱাটো অনিশ্চিত হৈ পৰিছে ৷ আনহাতে একোজন লেখকে পাঠকৰ ৰূচিবোধ যিদৰে গঢ় দিয়ে তেনেদৰে পাঠকৰ বিভিন্ন ৰূচি অনুসৰিও বহু লেখকে লিখাৰ চেষ্টা কৰা দেখা গৈছে আৰু বহু প্ৰকাশকেও gimmick সৃষ্টি কৰি বিজ্ঞাপন আদিৰ জৰিয়তে হ’লেও কিতাপ একোখনৰ প্ৰচাৰ কৰাৰ চেষ্টা কৰিছে ৷ এয়া সময়ৰ দাবী যদিও প্ৰক্ৰিয়াটো সুস্হ আৰু স্বাভাবিক হ’ব লাগে যাতে অসুস্হ পৰম্পৰা ( trend) এটা সৃস্টি নহয় ৷ হঠাতে জনপ্ৰিয় হৈ পৰা লেখক ৰূপম দত্ত ওৰফে সীমান্ত দত্তৰ প্ৰথম উপন্যাসখনৰ ক্ষেত্ৰটো সোতঁৰ বিপৰীতে গৈ এনে এটা মতামত আগবঢ়াব পাৰি ৷ অৰ্থাৎ জনপ্ৰিয় হৈ পৰাই মূল কথা নহয়, স্হায়ীভাবে উপন্যাসখনে অসমীয়া সাহিত্যলে কি দিলে সেয়া সময় আৰু সমালোচকৰ বিশ্লেষণেহে পৰিস্ফূট কৰিব ৷ সুলেখক উপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে মন্তব্য কৰিছে যে নিজৰ গাড়ী চলোৱাৰ অভিজ্ঞতাৰে নাইট ছুপাৰ ক্ষেত্ৰখনৰ বিচিত্ৰ কাহিনীক উপন্যাসৰ ৰূপ দি ৰূপম দত্তই হয়তো অসমীয়া উপন্যাসত এক অভিলেখৰেই সৃষ্টি কৰিলে ৷

                এটা কথা দ্বিধাহীন ভাবে ক’ব পাৰি যে নতুন  লেখক যদিও ৰূপম দত্তৰ কাহিনী বিন্যাস আৰু বৰ্ণনা স্বত:স্ফূৰ্ত তথা মসৃণ হৈছে ৷ অৱশ্যে দুই এঠাইত খুটি-নাটি নথকা নহয় ৷ কাহিনীৰ প্ৰেক্ষাপট, পৰিবেশ চিনাকি আৰু লেখকৰ জীৱন সংপৃক্ত হোৱা বাবে পাঠকক আকৃষ্ট কৰিব পাৰিছে ৷ সাধাৰণতে জীৱনৰ সচাঁ অভিজ্ঞতাৰ প্ৰকাশ সাৱলীল হয়  আৰু লেখকে যথেষ্ট সাহসিকতাৰে ব্যক্তিগত আবেগ-অনুভূতি সমূহ উজাগৰ কৰিছে ৷ যিটো “আত্মানুসন্ধান“ত হোমেন বৰগোহাঞি আৰু “আধালিখা দস্তাবেজ“ত মামনি ৰয়চম গোস্বামীয়ে  কৰিছে ৷ বিশ্ব সাহিত্যতো এনে অনেক উদাহৰণ পোৱা যাব ৷ উপন্যাসখনৰ উপজীব্য হিচাপে চালকসকলৰ জীৱনশৈলী উপস্হাপন কৰিব বিচৰা হৈছে যদিও মূল নাৰী চৰিত্ৰ কেইটাৰ আবেগিক উপস্হাপনেহে উপন্যাস খনক এক মাত্ৰা দিছে য’ত নায়কৰ (লেখকৰ) মহানুভৱতাৰ প্ৰকাশে পাঠকৰ মনত চাপ বহুৱাইছে ৷ পৃষ্ঠা ৩৫৩ ত বৰ্ণিত নায়ক নায়িকাৰ আবেগিক মূহুৰ্তটো, য’ত দূৰ্ঘটনাত মৃতপ্ৰায় হৈ চিকিৎসালয়ৰ বিচনাত পৰি থকা নায়িকাৰ কাণত ফুচফুচাই নায়কে ভালপোৱাৰ কথা কৈছে আৰু নায়িকাৰ সংজ্ঞা ঘূৰি আহিছে ৷ হুবহু একে এটা চিকুয়েন্স ভাৰতীয় যুৱ লেখিকা চবি শৰ্ম্মাৰ আগষ্ট ২০১৫ ত প্ৰকাশিত “Every one has a story” নামৰ বেষ্টচেলাৰ উপন্যাস খনতো  পোৱা যায় ৷ এই সামঞ্জস্য মন কৰিবলগীয়া ৷ উপন্যাসখনত ৰাষ্ট্ৰীয় ঘাইপথে অতিক্ৰম কৰা অসমৰ কিছু নগৰ-চহৰৰ  কথা পোৱা যায় যদিও আন সৰু-সুৰা বৈশিষ্ট্যপূৰ্ণ ঠাই , নদ-নদী ,অৰণ্য আদিৰ যথাযথ উল্লেখেৰে অসমৰ সুন্দৰ ভৌগলিক প্ৰতিচ্ছবি এখন দাঙি ধৰি ঊপন্যাস খনৰ গুৰুত্ব বৃদ্ধিৰ সুযোগ ল’ব পৰা গ’লহেতেঁন ৷ 

                 কিতাপখনৰ ছপাবন্ধা খুব উন্নত মানৰ নহয় যদিও বৰ্ণাশুদ্ধি তেনেকৈ পোৱা নাযায় ৷ অৱশ্যে দুটামান ইংৰাজী শব্দ অসমীয়াত অশুদ্ধ ৰূপত লিখা হৈছে ৷ যেনে ’চাইলেন্স’(পৃ :১৪), ’গ্ৰেছকেট’(পৃ: ১৩৫), ’এয়াৰ কিলিন্দাৰ’(পৃ:২০৯) আদি ৷ হ’ব লাগিছিল ’চাইলেন্সাৰ’, ’গেছকিট’, ’এয়াৰ চিলিন্দাৰ’ ৷ তেনেদৰে ১৬০ পৃষ্ঠাত ’দহ চিজিপি’ আৰু ’বাৰ ক্লাছ’ বুলি নিলিখি ’টেন চিজিপি’ আৰু ’ টুৱেল্ভ ক্লাছ’ বা ’দ্বাদশ শ্ৰেণী’ বুলি লিখা হ’লে ভাল আছিল ৷ ১১৮ পৃষ্ঠাত “বন্ধু নীলিম হৈ গ’ল“ বুলি কি বুজাইছে বুজা নগ’ল ৷ বোধকৰো “নীলিম“ৰ পৰিবৰ্তে “বিলীন“ হ’ব ৷ পিছৰ “ সংস্কৰণ“ত নিশ্চয় এই আসোঁৱাহবোৰ দূৰ হ’ব ৷ লেখকলৈ শুভেচ্ছা থাকিল ৷ 


অপূৰ্ব ভূঞা

চি ৪/২২, অ এন জি চি নগৰ ১

ডুমাচ ৰোড,

চুৰাট-৩৯৪৫১৮

গুজৰাট

 9427504397

———————————————————

পঢ়ুৱৈৰ অভিমত 

      ভাল লাগিল পঢ়ি, আমাৰ সাহিত্যৰ সমৃদ্ধি হওক- তাকে কামনা কৰিছোঁ।সকলোৰে লিখনি সুন্দৰ হৈছে।শিশু সাহিত্যৰ সংযোজনে আলোচনীৰ মানদণ্ড উন্নত কৰিছে। সম্পাদকীয়, বেটুপাত, সাক্ষাৎকাৰ সকলো সুন্দৰ।

আলোচনীখনৰ লগত জড়িত সকলোকে হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

অশোকৰাম ভট্টাচাৰ্য 

——————————————

পষেকীয়া বৰ্ণৰাগ পঢ়িলোঁ।সম্পাদকীয়ত প্ৰকৃতি বন্দনা তথা প্ৰকৃতি ৰক্ষাৰ প্ৰতি কৰা আহ্বানে মন চুই গ’ল ৷লেখিকা তৃষ্ণা দেৱীৰ “আবৃত্তি এক শিক্ষণীয় বিষয়” প্ৰৱন্ধটিৰ জৰিয়তে আবৃত্তি কলাৰ বিষয়ে যথেষ্ট জানিব’ পাৰিলোঁ ।ড° হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ “নিদানৰ ভুৰুকা” ত কাহৰ পাৰ্শ্বক্ৰিয়াহীন নিদানে উপকৃত কৰিলে ৷মৌচুমী শৰ্মা কাশ্যপৰ “সৌন্দৰ্য চৰ্চা”পঢ়ি ভাল লাগিল ৷ প্ৰতিটো লিখনিৰ অনন্য উপস্থাপনে আপ্লুত কৰিলে।  সৰ্বশেষত“পষেকীয়া বৰ্ণৰাগ” চিৰঞ্জীৱী হোৱাৰ শুভ কামনাৰে—

কৃষ্ণাময়ুৰী হাজৰিকা

তিতাবৰ ,যোৰহাট।

——————————————

বৰ সুন্দৰ বেটুপাতৰ লগতে প্ৰথমে আবৃত্তি ঃ এক শিক্ষণীয় বিষয় পঢ়ি আছো।প্ৰতিটো বিষয় সুন্দৰ উপস্থাপন কৰিছে।আগলৈ আৰুপঢ়িম।

জোনমনি মহন্ত

——————————————

বৰ সুন্দৰকৈ সজাই তোলা হৈছে–

ড° জ্যোতিশিখা দত্ত 

——————————————

-সুন্দৰ সাঁজ পৰিধানেৰে 'বৰ্ণৰাগ'ৰ এই সংখ্যাটো মোহনীয় উপহাৰ হিচাপে পাইছো।

-'বিশ্বায়ন'পঢ়ি ভাল পাইছো।

-অভিনন্দন জনালোঁ।

দেৱ দাস 

——————————————

আকৰ্ষণীয় বেটুপাতেৰে সজাই তোলা বৰ্ণৰাগৰ এই সংখ্যাটিও অতি মনোমোহা হৈছে।পৃষ্ঠাবোৰত প্ৰকাশ পোৱা প্ৰতিটো লিখনিয়েই পঢ়ি ভাল লাগিল।

  সম্পাদকীয়টোও সময়পোযোগী হৈছে।      

   আজি দিল্লীত যি পৰিস্থিতিৰ সৃষ্টি হৈছে কাইলৈ আমাৰ ইয়াতোযে নহ’ব আমি কেনেকৈ ক’ম!

ৰঞ্জনা দেৱী 

——————————————

বৰ্ণৰাগৰ এই সংখ্যাৰ প্ৰতিটো লেখাই মনোগ্ৰাহী হৈছে।  পঢ়োতাৰ মনৰ আহাৰ যোগোৱা তথ্য সমৃদ্ধ লেখাই  সমাদৰ লাভ কৰিছে।বিশেষকৈ এইবাৰৰ সংখ্যাটোত সম্পাদকীয় পৃষ্ঠাটোত ৰাজন দেৱৰ সংস্কৃতি আৰু প্ৰকৃতিৰ কথা প্ৰসংগত এই দুইটাৰে ওত:প্ৰোত সম্পৰ্কৰ বিষয়টো সঁচাই  প্ৰণিধানযোগ্য। সম্পাদকীয় কলমত  সুন্দৰ আলোচনাটি পঢ়ি  নিশ্চয় সকলোৰে বোধগম্য হ'ব যে সংস্কৃতিৰ পূজাৰীসকল প্ৰকৃতিৰ কাষত সদায়েই দায় বদ্ধ। শেষত "বৰ্ণৰাগ"ৰ উজ্বল ভৱিষ্যত আশা কৰিলোঁ

ৰেখা বৰকটকী 

———————————————————

মৌচুমী শৰ্মা কাশ্যপৰ সৌন্দৰ্য চৰ্চা 

শীতকালত ভৰি ফটা সমস্যা ৰোধৰ উপায়_____


     শীতকালত ভৰি ফটা সমস্যা প্ৰায়েই দেখিবলৈ পোৱা যায়। শীতকালত শৰীৰৰ ছালবোৰ শুকান আৰু খহটা হৈ পৰে । যাৰ ফলত ছালবোৰ শুকাই ফাটিবলৈ ধৰে।যিহেতু শৰীৰৰ বাকীবোৰ অংগৰ তুলনাত ভৰিৰ যতন লবলৈ প্ৰায়ে থাকি যায় সেইবাবে ভৰি ফটা সমস্যাতো

বেছিকৈ দেখিবলৈ পোৱা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি তলত দিয়া উপায়বোৰ অৱলম্বন কৰিব পাৰো।-

১/অলপমান গাখীৰৰ সৰ আৰু মৌজোল মিহলাই লৈ ভৰিত সানি অলপ সময় শুকাবলৈ দি পাছত পানীৰে পৰিষ্কাৰকৈ ধুই দিব।

২/ৰাতি ভৰিকেইটা ভালদৰে ধুই লৈ ছালকোঁৱৰীৰ ৰস(aloe vera gel) অলপ সময় সানি ৰাখি শুকাবলৈ দি পাছত পানীৰে ধুই দিব।

৩/অলপ গোলাপ জল, নেমুৰ ৰস আৰু glycerine মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈ ৰাতি শুৱাৰ আগত ভৰিৰ ফটা অংশত লগাই শুলে ভাল ফলাফল পাব।

৪/নাৰিকল তেল অলপ গৰম কৰি ভৰি ফটা ঠাইবোৰত সানিব। যিসকলৰ ভৰি ফাটি তেজ ওলায় যায় সেইসকলেও ইয়াক ব্যৱহাৰ কৰিলে সুফল পাব।

৫/চাউলৰ গুৰি অলপ লৈ তাতে অলপ মৌজোল মিহলাই লব। তাৰপাছত ভৰিৰ ফটা অংশবোৰত সানি লাহে লাহে massage কৰিব।অলপ সময় শুকাবলৈ দি পাছত পানীৰে ধুই দিব।

৬/পকা কল এটা পিটিকি লৈ ভৰিৰ ফটা ঠাইবোৰত সানি লাহে লাহে massage কৰিব। অলপ সময়ৰ পাছত পানীৰে ধুই দিব।

৭/এডাল মমবাতিৰ কিছু অংশ অলপমান মিঠাতেলত গলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ভৰিৰ ফটা অংশত লগালে যথেষ্ট সুফল পাব।

৮/অত্যন্ত ভৰি ফটা সমস্যাত ভোগা সকলে এটা গামলাত অলপমান গৰম পানী লৈ তাতে এক পেকেট shampoo মিহলি কৰি ভৰিকেইটা অলপ সময় তাতে ভিজাই ৰাখিব। তাৰপাছত এডাল brush লৈ ভালদৰে ভৰিবোৰ ঘঁহি চাফা কৰি লব। ইয়াৰ পিছত ৰাতি ভৰি কেইটাত petroleum jelly থকা cream লগাই শুব।কিছুদিন এনেকৈ কৰিলে ভৰি ফটা সমস্যা বহুখিনি ৰোধ কৰিব পৰা যাব।

মনত ৰাখিব ওপৰত দিয়া মিশ্ৰণবোৰ ব্যৱহাৰ কৰা আগত ভৰিবোৰ ভালদৰে ধুই পৰিষ্কাৰ কৰি লব।


মৌচুমী শর্মা কাশ্যপ

তিনিচুকীয়া

———————————————————

সংগীতা চেতিয়াৰ আখল 

বেকাৰী আৰ্হিত কেৰাহীত বনোৱা সুস্বাদু নানকাটা


উপকৰণ:-

 ১/২ কাপ ঘিউ

১ কাপ পাউদাৰ চেনি

১ কাপ ময়দা

১/২ কাপ বেচন

১/২ কাপ চুজি 

১ চামুচ বেকিং পাউদাৰ

বেকিঙৰ সময় - ১৫ মিনিট

২৫ টাৰ জোখত

প্ৰণালী:- এটা মিক্সিং বাউলত চেনি আৰু ঘিউখিনি ভালদৰে ফেটি ল'ব লাগিব ফুলি অহালৈকে। প্ৰায় ৫ বা ৬ মিনিটৰ কাৰণে। এতিয়া ইয়াৰ লগত  ময়দা, বেতন, চুজি আৰু বেকিং পাউদাৰখিনি মিলাই ভালদৰে এটা দউ বনাই ল'ব লাগে। দউটো  বেছি টান হ'লে এচামুচ গাখীৰ মিলাই দিব লাগে আৰু ঢিলা হ'লে শুকান ময়দা মিলাব লাগে। 

            কেৰাহীখন আগতীয়াকৈ গৰম কৰি ৰাখিব লাগে ভিতৰত ষ্টেণ্ডডাল দি ঢাকোনখন লগাই। এতিয়া এখন প্লেটত দউটোৰ পৰা পেৰাৰ সাজত সাজি মাজতে এটা টুটি ফ্ৰুটি নাইবা যিকোনো ড্ৰাই ফ্ৰুইটচ দিব পাৰে। প্লেটখন কেৰাহীৰ ষ্টেণ্ডৰ ওপৰত ৰাখি ঢাকোনখন লগাই দিব। এতিয়া ১৫ মিনিটৰ কাৰণে কম জুইত বেক হ'বলৈ দিব আৰু ১৫ মিনিটৰ পাছত কেৰাহীৰ পৰা নমাই ৰাখিব। ঠাণ্ডা হ'লে টান হৈ পৰিব আৰু পৰিৱেশন কৰিব পাৰিব।

সংগীতা চেতিয়া 

শিৱসাগৰ

———————————————————

————————————————————


Post a Comment

0 Comments