কাব্যম বঁটা- ২০২১ ঘোষণা

কাব্যম-বঁটা ২০২১ ঘোষণা 

তিনিগৰাকী বিচাৰকৰে গঠিত সমিতিৰ দ্বাৰা শ্ৰেষ্ঠ নিৰ্বাচিত  পাণ্ডুলিপি–"হালিধি বটা আবেলি" ৰ বাবে গুণাৰাম শইকীয়ালৈ  ২০২১ বৰ্ষৰ 
কাব্যম-বঁটা আগবঢ়োৱা হৈছে।
 এই বঁটাৰ বাবে  চল্লিশ উৰ্ধৰ কবিসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিলে ।আমাৰ হাতত পৰা ৩৭ টা পাণ্ডুলিপিৰ মাজৰ পৰা–
চন্দ্ৰ কুমাৰ বড়া(মাটিমাতৰ বেলি ), 
জুবিলী গগৈ (ঈশ্বৰৰ ঠিকনা বিচাৰি),
মনোৰঞ্জন বড়ি (ঐচেং জোন ওলাইছে চোৱা),
দেৱ দাস ( ৰূপালী মাছৰ নাচোন ) আৰু 
সঞ্চিতা বৰা( মলমলাই আছে খুন্দ খাই থকা কথাবোৰ )লৈ  
#কাব্যকাননৰ_বিশেষ_সন্মান আগবঢ়োৱা হৈছে।
   

  অংশগ্ৰহণকাৰী প্ৰতিগৰাকী কবিলৈ অসম কাব্য কাননৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
  
  অহা ১৯ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম কাব্য কাননৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব বিশিষ্ট কথাশিল্পী অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমালোচক  অৰিন্দম বৰকটকীয়ে।
   
  কাব্যম বঁটাৰ লগত থাকিব  স্মাৰক,প্ৰশস্তি পত্ৰ, নগদ ধন আৰু  "হালধি বটা আবেলি" শীৰ্ষক পাণ্ডুলিপিটোৰ ছপাৰূপ ( ৫০ খন )।

 বিশেষ ঘোষণাঃ 
   অহাবৰ্ষৰ কাব্যম বঁটাৰ বাবে  কবিতা পাণ্ডুলিপি আহ্বানৰ  নিয়মাৱলীৰ কিছু সালসলনি কৰা হৈছে। 

কাব্যম বঁটা-২০২২

◆বঁটাৰ লগত থাকিব--২৫,০০০ টকা ,স্মাৰক, প্ৰশস্তি পত্ৰ আৰু  কিতাপৰ টোপোলা ।

পাণ্ডুলিপি পঠিয়াবলৈঃ-            
■লেখকৰ বয়স ৩০(ত্ৰিশ)বা তাৰ  উৰ্দ্ধত হ’ব লাগিব।
■ বয়সৰ যিকোনো প্ৰমাণ-পত্ৰৰ প্ৰত্যায়িত নকল, লেখকৰ চহীসহ পাণ্ডুলিপিৰ লগত জমা দিব লাগিব। 
■আগতে ছপা হৈ যোৱা গ্ৰন্থৰ পাণ্ডুলিপি দিব নোৱাৰিব।
■লেখকগৰাকীৰ কিমানখন কিতাপ ইতিপূৰ্বে প্ৰকাশ হৈ গৈছে ,কিমান বঁটা তেওঁ পাইছে , এনেবোৰ কথাৰ প্ৰাসংগিকতা নাথাকিব।
■লেখকৰ সাহিত্য কৰ্ম বিৱৰণ দিয়াৰ প্ৰয়োজন নহয়।
■এবাৰ নিৰ্বাচিত কবিয়ে পুনৰাই পাণ্ডুলিপি  পঠিয়াব  নোৱাৰিব।

◆কাব্যকাননৰ বিশেষ সন্মান প্ৰাপক কবিসকলে পুনৰ অংশগ্ৰহণ কৰিব পাৰিব।

বঁটাৰ বাবে পাণ্ডুলিপি জমা দিয়াৰ নিয়মঃ-

  ●একমাত্ৰ অসমীয়াত লিখা পাণ্ডুলিপিহে  গ্ৰহণ কৰা হ'ব। 
 ●এগৰাকী লেখকে কেৱল  তেওঁৰ এখন কিতাপৰ পাণ্ডুলিপিহে জমা দিব পাৰিব।
 ●পাণ্ডুলিপিত ৩০ (ত্ৰিশ )টাতকৈ অধিক কবিতা থাকিব নালাগিব ।
 ●পাণ্ডুলিপি ডি টি পি  কৰি ডাকযোগে পঠিয়াব লাগিব।
লগতে পিডিএফ কৰিও তলত উল্লিখিত হুৱাটচ এপত  পঠিয়াব লাগিব।

 ●ৰামধেনু ছফ্টৱেৰৰ গীতাঞ্জলি ফ্ৰণ্টত ডিটিপি কৰি কবিতাৰ পাণ্ডুলিপিটোৰ ছফ্ট কপিটোও nabarajon85@gmail.com আৰু 9854776119 হুৱাটচ এপ নম্বৰত পঠিয়াব লাগিব।

 ●এটা পাণ্ডুলিপি  জমা দিলেই  হ'ব।

●পাণ্ডুলিপি পঠিওৱাৰ সময় ,পাছত অৱগত কৰা হ’ব।

যোগাযোগঃ- 
নৱ ৰাজন 
সম্পাদক 
অসম কাব্য কানন
ম’বাইলঃ-9854776119


Post a Comment

0 Comments