আনে নোযোৱা বাট( তৃতীয় অধ্যায় ১ম ২য় ৩য় খণ্ড )

#আনে_নোযোৱা_বাট
এগৰাকী নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস 
নৱ ৰাজন 

তৃতীয় অধ্যায়
প্ৰথম খণ্ড 


      ফুলশয্যা নিশা ।
      ফুলৰে সজ্জিত বিছনাখনত বাগৰ দিছিলোঁহে...তেনেতে বাহিৰত  হৈ ছৈ লাগিল। অমিতাভৰ মোমায়েকৰ পুতেক, নীৰেনে চিঞৰি চিঞৰি আমাক মাতিলেহি। 
     অমিতাভে একে দৌৰে বাহিৰ পাইছিলগৈ। 
 ময়ো পাছে পাছে দৌৰিছিলোঁ। 


     শহুৰদেউতাৰ প্ৰেচাৰষ্ট্ৰ’ক ।  প্ৰাৰম্ভিক চিকিৎসাখিনি কৰি , অমিতাভে,নীৰেনৰ সৈতে শহুৰদেউতাক GNRCলৈ লৈ গ’ল। 
     ফুলশয্যা নিশাৰ সজোৱা ফুলবোৰ বিছনাতে লেৰেলি গ’ল।
     উপযুক্ত সময়ত সু চিকিৎসা পোৱাত , পোন্ধৰ দিনৰ মূৰত শহুৰদেউতা সুস্থ হৈ উঠিছিল। শহুৰদেউতাক ঘৰলৈ লৈ আহিল। তেখেতক আল পৈচান ধৰাত কোনো ক্ৰূটী কৰা নাছিলোঁ। 
     অমিতাভে বিয়াৰ বাবে ডেৰমাহৰ ছুটী লৈছিল। সেয়ে, বিশেষ অসুবিধা নহ’ল। 
     অমিতাভৰ কেয়াৰত এমাহ নৌহওতে  শহুৰদেউতা সুস্থ হৈ উঠিল। 
     শহুৰদেউতা সুস্থ হৈ উঠিছিল যদিও ৰাতি ৰাতি অমিতাভ শহুৰদেউতাৰ ৰূমতে শুইছিল।

     ঘৰত আমি তিনিটাই । শহুৰদেউতা, অমিতাভ আৰু মই ।
     এদিন আবেলি  চাহ কাপ দিবলৈ যাওতে 
শহুৰদেউতাই কাষতে বহুৱাই কৈছিল–
    "আই অ'...তই নতুনকৈ আহিয়ে কষ্টবোৰহে পালি। মোৰ লগত লাগি থাকোতেই , দিনটো যায়। 
    মুখৰ আগত ক’ব নাপায় যদিও কওঁ-মই বহু ভাগ্যবান অ’ আই...আজিৰ যুগত কোন বোৱাৰীয়ে এনেকৈ আলপৈচান ধৰিব ? তাতে মহানগৰত ।গাঁৱৰ কথা বাৰু বেলেগ...
    তই মোৰ বোৱাৰী নহয় , মোৰ ছোৱালী।"
    "দেউতা, আপোনাক সুশ্ৰুসা কৰিবলৈ পোৱাটো মোৰ পৰম সৌভাগ্য। আয়ে সৰুতেই এৰি থৈ গ’ল যদিও ভগবানে মোক দুজন পিতৃ দিলে। "–শহুৰদেউতাৰ ভৰিদুখন পিটিকি পিটিক কৈছিলোঁ। 
    "আই অ’...মই কথা এটা কওঁ–তই কিন্তু মানিবই লাগিব। মই ইতিমধ্যে বোপাকো কৈছোঁ।" 
    "কওকচোন দেউতা " 
    "বোপাৰ ছুটী শেষ হ’বলৈ বেছি দিন নাই। এনেয়ে সি ছুটীয়ে নাপায়। তাতে আকৌ নিজৰ চেম্বাৰতো আছেই। 
    সেয়ে,অহা সপ্তাহত তঁহতে  অলপ ফুৰি আহগৈ যা।"
    "আপোনাক এনেকৈ এৰি ,কেনেকৈ ফুৰিবলৈ যাম। নাই নাই । 
    ফুৰিবলৈ পাছতো পাৰিম।আপুনি সম্পূৰ্ণ সুস্থ হৈ লওকচোন ।"–মই তেখেতৰ কথাখিনি একপ্ৰকাৰে অগ্ৰাহ্য কৰিয়ে,  বিনম্ৰতাৰে কৈছিলোঁ। 
    "মই কালি বোপাকো কৈছিলোঁ। সিও অমান্তি হ’ল। কিন্তু ,৪-৫ দিনৰহে কথা। মই ইতিমধ্যে ৰহিলাক মাতিছোঁ। তাই আহিম বুলি কৈছে।ভাগিনৰ কলেজ বন্ধ হৈ আছে। তাকো লগত লৈ আনিবলৈ  কৈছো। 
    সেয়ে,তঁহতে  নিশ্চিন্ত হৈ ঘূৰি আহগৈ।
 মই বোপাকো ক’ম । এয়া মোৰ নিৰ্দেশ।" 
 
             আমি নামানো। শহুৰদেউতাও আঁকোৰগোজ। 
      অৱশেষত আমি পুৰীলৈ যোৱাটো ঠিক কৰিছিলোঁ। 

      ৰহিলা পেহী আৰু নীলাভক ,অমিতাভে গাঁৱৰ পৰা লৈ আনিছিলগৈ। 
       
    বিয়াৰ পাছত এমাহ ধৰি , স্বামীৰ পৰা আঁতৰি থাকিব লগীয়া হোৱাতো(কাষতে থকাৰ পাছতো)  কিমান যন্ত্ৰণাদায়ক,সেয়া এগৰাকী মহিলাইহে অনুধাৱন কৰিব পাৰে! 
    "ছুটী শেষ হ’লেই ,মোক শহুৰদেউতাৰ সৈতে থৈ,অমিতাভ ডিব্ৰুগড়লৈ গুচি যাব…"—এই ভাৱনাটোৱে মোক ভিতৰি ভিতৰি জ্বলাই মাৰিছিল। 
    হয়তো শহুৰদেউতাই মোৰ মনৰ কথা বুজি পাইছিল!

       শহুৰদেউতাৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰি,  আমি পুৰী পাইছিলোঁগৈ। 
        শহুৰদেউতাৰো স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছিল।ষ্ট্ৰ’কটো মাইনৰ আছিল। তাতে অমিতাভে লগে লগে পাইছিল। সঠিক সময়ত উপযুক্ত চিকিৎসা লাভ কৰাৰ বাবে সোনকালে আৰোগ্য হৈছিল। 
     অমিতাভৰ দেউতাকৰ প্ৰতি যি শ্ৰদ্ধা,সেয়া দেখি মই নিজেই তবধ মানিছিলোঁ।
    প্ৰতিগৰাকী সন্তানেই দেউতাকৰ যতন লয়।তথাপি,অমিতাভ ব্যতিক্ৰম আছিল।নেদেখিলে অনুমান কৰিব নোৱাৰি!
   
   মোৰ হৃদয়খনেও অকলশৰীয়া দেউতাৰ বাবে ফেকুৰি উঠিল।। বিয়া হৈ অহাৰ পাছত নিসংগতাই দেউতাক আৰু কোঙা কৰি পেলাইছে। 
    একমাত্ৰ সন্তান হৈও, দেউতাৰ বাবে মই একোৱে কৰিব নোৱাৰিলোঁ! 
    এধাৰি তপত চকুলো হৰহৰকৈ নামি আহিল ! 
                  *************
    
     ইতিমধ্যে আমাৰ ইন’ভাখন বৰাপানীত ৰখিলগৈ। 

তৃতীয় অধ্যায়
দ্বিতীয় খণ্ড 

    গাড়ীৰ পৰা নামিয়ে পথৰ কাষতে বয়োজ্যেষ্ঠ খাচী আইতা এগৰাকীয়ে বিক্ৰী কৰি থকা পোৰা মাকৈ দুটা ল'লোঁ। দগমগীয়া আঙঠাত সেকা ,নেমু সনা, পোৰা মাকৈ আমাৰ দুয়োৰে প্রিয়। 
    অমিতাভেও গাড়ীখন পাৰ্কিং কৰি মোৰ ওচৰ পালেহি। মাকৈৰ সোৱাদ লৈ লৈ নান্দনিক বৰপানীৰ সৌন্দৰ্য উপভোগ কৰিলোঁ।
    প্ৰায় আধাঘণ্টাৰ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ।
    শ্বিলং পোৱাৰ আগতে ৰেস্তোৰাঁ এখনত ব্ৰেকফাষ্ট কৰিলোঁ।

   পোনে পোনে আমি শ্বিলং পিক পালোঁগৈ। 
এই ঠাইখন মোৰ প্রিয় ঠাইৰ ভিতৰত এখন।
বহুবাৰ আহিছোঁ । তথাপি ,হেঁপাহ নপলায়।
কুঁৱলীৰ সাগৰত ওপঙি থকা প্ৰাণ চঞ্চলা শ্বিলং। তাতো প্ৰায় আধাঘণ্টা সময় অতিবাহিত হ'ল। 
   "ব'লা...ইয়াতে ইমান সময় থাকিলে, চেৰাপুঞ্জী পাবগৈ কেতিয়া ? "-অমিতাভে কিছু বিৰক্তিৰে ক'লে। 
   "ৰাতি থাকিম যেতিয়া কিহৰনো ইমান চিন্তা!" -মই আমিতাভলৈ নোচোৱাকৈয়ে ক'লোঁ। 
   " সন্ধ্যা হ'লে kynrem fall লৈ কেনেকৈ যাবা। ব'লা,ব'লা..."-মোলৈ বাট নাচায় ,অমিতাভে গাড়ীৰ ওচৰলৈ খোজ পোনালে। 
   ময়ো বাধ্য ছাত্ৰীৰ দৰে পাছে পাছে বাট পোনালোঁ। 
   গাড়ীত উঠাৰ আগেয়ে , খাচী সৰু ছোৱালী দুজনীয়ে বেছি থকা কচু, আলু আৰু মূলা কেইটামান কিনি ল'লোঁ। 
   শাৰী শাৰী পাইন গছৰ কাষে কাষে আমাৰ ইন'ভাখন দৌৰি থাকিল।
   যদিও অমিতাভে  তীব্ৰ গতিত চলাই, কিন্তু গাড়ীৰ ওপৰত সুন্দৰ নিয়ন্ত্ৰণ। 
    যিফালেই চাওঁ কেৱল সেউজীয়া ।
    ফুল ভলিউমত এটাৰ পাছত এটা পুৰণি হিন্দী ৰোমান্টিক গীত।
    নয়নাভিৰাম দৃশ্যই মোৰ বুকুত পঞ্জীভূত সকলো বিষাদ যেন নিমিষতে ধুই লৈ গ'ল
   
   কিছু সময়ৰ পাছত অমিতাভে গাড়ীখন ৰখাই দিলে। 

   কাষৰ signbord খনলৈ চালোঁ।
   Makdock view point 
   Macdock দলঙৰ পৰা উচ্চ পাহাৰত ঠেকা খোৱা ডাৱৰবোৰ হাতেৰে চুই চাবলৈ মন গ'ল। 
   ডাৱৰৰ ঘৰ বাবে এই ৰাজ্যখনৰ নাম-মেঘালয়। Sohra ,চেৰাপুঞ্জীৰ আন এক নাম। 
   View point ৰ কাষেৰে তললৈ এটা পথ নামি গৈছে। সেই পথেৰে গ'লে এটা water fall পোৱা যায়।
   মোৰ যোৱা মন আছিল যদিও অমিতাভে সময়ৰ অজুহাত দেখুৱাই  বাধা দিলে। 
    মসৃণ পথ। পথটোক, বৰষুণত জুৰুলি জুপুৰি  নৱ বিবাহিত বোৱাৰীজনীৰ দৰে লাগিছিল।এইদৰে সেউজীয়াৰ মাজে মাজে আমাৰ গাড়ী দৌৰি থাকিল।
    কিনকিনীয়া বৰষুণ। মোৰ বৰ মন গৈছিল সেই বৰষুণজাকত নিজকে বিলীন কৰি দিবলৈ...।
    চেৰাপুঞ্জী পোৱাৰ 4 কিঃমিঃ মান আগেয়ে 
 অমিতাভে Dainthlen Fall লৈ বুলি, গাড়ীখন মূল পথৰ পৰা কাটি  কাষৰ পথাটোৰে লৈ গ'ল। পথটো ভাল নহয়। মূল পথৰ পৰা প্ৰায় 6 কিঃমিঃ দূৰত্বত Fall টো। destination পোৱাৰ আগেয়ে আমাৰ গাড়ীখন বোকাত ফাঁচিল। গুৱাহাটীৰ পৰা অহা আন এখন গাড়ীয়ে ঠেলি দিয়াতহে বোকাৰ পৰা আমাৰ গাড়ীখন উঠি আহিল।
   দূৰৰ পৰাই দেখিলোঁ-গীতৰ চিত্ৰগ্ৰহণ চলি আছে।
সঁচাকৈয়ে কি নান্দনিক সৌন্দৰ্য! চালে চকু ৰোৱা। 
   শিলৰ ওপৰত থকা পানীখিনি স্ফটিকৰ দৰে স্বচ্ছ। ছেণ্ডেলজোৰ গাড়ীতে খুলি থৈ শিলৰ ওপৰেৰে বৈ যোৱা পানী খেদেলি খেদেলি আনন্দত আত্মহাৰা হৈ পৰিলোঁ। সেই সময়তে নামি আহিল এজাক চিপচিপিয়া বৰষুণ। 
   মোৰ আনন্দ যেন দুগুণ বাঢ়িল।
   এডাল প্ৰকাণ্ড সাপৰ নামেৰে এই জলপ্ৰপাতটো নামাংকৃত কৰা বুলি স্থানীয় লোক এজনৰ পৰা জানিব পাৰিলোঁ। 
   অমিতাভে বাৰে বাৰে সতৰ্ক কৰি আছিল যাতে শিলত পিছলি পৰি নাযাওঁ।
   এনেদৰে প্ৰায় আধাঘণ্টা থকাৰ পাছত আমি Nohkalikai water fall অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।
   মূল চেৰাপুঞ্জীৰ পৰা প্ৰায় 4 কিঃমিঃ আঁতৰত। সেই জলপ্ৰপাততে ইজৰাইলৰ পৰা অহা দুজন পৰ্যটক লগ পালোঁ। 
   ইয়াৰ পাছত আমি Masmai cave লৈ গ'লোঁ। পৰ্যটকৰ ভিৰ। তাতে চিপচিপীয়া বৰষুণ। ম’বাইলৰ ফ্লাছটো অন কৰি গুহাটোৰ ভিতৰলৈ সোমাই গ'লোঁ। গুহাৰ ভিতৰত কিমানখনযে ফটো উঠিলোঁ! 
   দিনটো ফটো তুলি তুলি অমিতাভৰ আমনিয়ে লাগি গ'ল।
   কিন্তু, অমিতাভেও জানে-ফটো উঠা মোৰ চখ। 
    Masmai cave ৰ  কাষতে  থকা হোটেল এখনতে আমি lunch কৰিলোঁ। 
   তাৰ পাছত seven sister fall লৈ গ'লোঁ। 
কুঁৱলীয়ে আৱৰি থকা বাবে ভালদৰে নেদেখিলোঁ। 
   চেৰাপুঞ্জীলৈ এয়াই মোৰ প্ৰথম ভ্ৰমণ।
   ইয়াৰ পাছতে আমি kynrem fall লৈ গ'লোঁ।
 এইটো আমাৰ দেশৰ উচ্চ জলপ্ৰপাতৰ মাজৰ এটা। চেৰাপুঞ্জীৰ পৰা 12 কিঃমিঃ আঁতৰত। 
   পথটো কিন্তু বহু দুৰ্গম।পথটোও সৰু।ইফালে পাহাৰ।আনফালে চকুৰে মনিব নোৱৰা দ খাদ। ৰিনি ৰিনি বাংলাদেশৰ কিছু অংশ দেখা পোৱা যায়। 
    অমিতাভে কোনো ভয় নকৰাকৈ লাহে লাহে kynrem জলপ্ৰপাতলৈ আগবাঢ়িল। 
     1000 ফুট উচ্চতাৰ পৰা নামি অহা জলপ্ৰপাতৰ অনির্বচনীয় সৌন্দৰ্যই মনটো দুগুণ উদ্যমেৰে ভৰাই তুলিলে।
   প্ৰায় বিশমিনিট সময় তাতে অতিবাহিত কৰাৰ পাছত আমি মূল চেৰাপুঞ্জীলৈ উভতি আহিলোঁ।

   ৰাতি থকাৰ বাবে অমিতাভে ইতিমধ্যে জিভা ৰিজৰ্টৰ এটি কোঠা ব্যৱস্থা কৰি থৈছিল।
    ৰিজৰ্ট  পাওমানে সন্ধ্যা হ’ল ।
    fresh হৈ মই বেলকনিৰ চকীখনতে বহি দিনটোৰ মিঠা মিঠা মুহূৰ্তবোৰৰে মনটি সতেজ  কৰিলোঁ।  হেঁপেহুৱা ডাৱৰেৰে মনটি ভৰি পৰিল।
    কিন্তু, পলকতে এজাক হতাশৰ ডাৱৰে মনটো মেৰিয়াই ধৰিলে।

তৃতীয় অধ্যায় 
তৃতীয় খণ্ড 
 
    সংগসুখ,মোৰ বাবে এতিয়া যে এক  অলীক সপোন! 
   
   পুৰীৰ শকুন্তলা হোটেলৰ সেই দুখদায়ক স্মৃতিবোৰে হুলে বিন্ধা দি বিন্ধিবলৈ ধৰিলে। দিনটোৰ সমূলি আনন্দ নিমিষতে নোহোৱা হ’ল---
    
    হোটেলখন, সাগৰৰ পাৰতে হোৱাৰ বাবে ডিনাৰৰ  অৰ্ডাৰ কৰি, আমি দুয়ো পুৰী বীচ্ছলৈ  খোজ কাঢ়িবলৈ  গৈছিলোঁ।সাগৰীয় বতাহজাকে দুয়োকে একাত্ম কৰি তুলিছিল।
    কোনো নথকাৰ সুযোগ লৈ মই অমিতাভক সাবটি গালত কেইবাটাও চুমা  আঁকি দিছিলোঁ। 
    অমিতাভেও কোনো বাধা নিদিছিল। 

    কিছু সময়ৰ পাছত আমি হোটেললৈ গুচি আহিলোঁ। 

    ডিনাৰৰ পাছত, অমিতাভ বিছনাতে বাগৰ দি,ঘৰলৈ ফোন কৰিছিল। শহুৰদেউতাৰ স্বাস্থ্যৰ  কোনো অসুবিধা নাই বুলি ৰহিলা পেহীয়ে জনালে।
    ফ্ৰেচ হৈ আহি ময়ো তাৰ গাতে গা লগাই শুইছিলোঁ।
     কিছুসময় অমিতাভ ম’বাইলতে ব্যস্ত হৈ থাকিল।  ইচ্ছা নাছিল যদিও ময়ো ম’বাইলটোকে পিটিকি থাকিলোঁ। 
     মনে মনে মোৰ ভীষণ খং উঠিছিল। বিয়াৰ পাছত  এমাহকাল  অকলে অকলে শুলোঁ। কামাতুৰ শৰীৰক দমন কৰি ৰখাতো ,ইমান সহজ কথা নে ? হৃদয়ত জ্বলি থকা বিৰহৰ জুইকুৰাত ক্ৰমশঃ জ্বলি জ্বলি ছাই হৈছোঁ। 
     ইমানৰ পাছতো অমিতাভৰ কিয় এই  উদাসীনতা ? 
     অমিতাভে যৌৱনৰ এই উন্মদনাক কেনেকৈ লালন কৰিছে? 
     কেনেকৈ কামনাক বশ কৰিছে ? কেনেকৈ? 

   ফুলশয্যাৰ ফুলবোৰে কাঁইট হৈ বিন্ধিছিল মোৰ উঠন বুকু।
     
    অমিতাভৰ কাষৰ পৰা নিজক নিলগাই নিছিলোঁ। কিন্তু, অমিতাভৰ কোনো ভ্ৰূক্ষেপ নাছিল।  খঙতে ,মই ভিতৰি ভিতৰি কঁপি উঠিছিলোঁ।
    ম’বাইলটো বন্ধ কৰি কিছু সময় মনে মনে শুই আছিলোঁ। 
    কিন্তু,মনে মনা নাছিল।প্ৰস্বাৱ লগা নাছিল যদিও অমিতাভকে দেখুৱাই বাথৰূমলৈ গ’লোঁ।
    বাথৰূমৰ লগতে বেলকনিটো। খঙটো কমাবলৈ বেলকনিৰ আৰামী চকীখনত কিছু পৰ  বহিছিলোঁ। 
    সাগৰীয় চেঁচা বতাহজাকে মোক আৰু উত্তেজিত কৰি তুলিছিল। মনটোক মই বুজাইছিলোঁ। 
   খং-অভিমান কাটি কৰি,  মই নিজেই অমিতাভৰ ওপৰত শুই পৰিম  বুলি ভাবিছিলোঁ। কিন্তু লগে লগে অভিমানী  মনটোৱে বাধা দিছিল। 
   নাৰী হৈ কিয় মই initiative ল’ম? 
   এমাহৰ মূৰত ,ঘৰৰ সকলো চিন্তাৰ পৰা নিলগত, এজনী যৌৱনাদীপ্ত,কামনাতুৰ  নাৰীৰ ওচৰত কোন পুৰুষে এনেকৈ থাকিব পাৰে ? 
   ক্ষন্তেকৰ বাবে অমিতাভৰ পুৰুষত্বৰ ওপৰতে সন্দেহ হ’ল। 
   মনটোক ক্ষান্ত কৰি, বেলকনিৰ পৰা  ৰূমলৈ সোমাই আহিছিলোঁ।
   কিন্তু, ইতিমধ্যে অমিতাভ গভীৰ নিদ্ৰাত ।
   মই খঙত ভীষণ কঁপিছিলোঁ। 
   শুব পৰা নাছিলোঁ । 

  বেলকনিৰ পৰা ৰূম...
  ৰূমৰ পৰা বেলকনি...এনেকৈয়ে নিশাটো পাৰ কৰিছিলোঁ।
    "ট্ৰেইনত দুৰাতি ময়োতো টোপনি ক্ষতি কৰিছিলোঁ।কিন্তু, মোৰতো টোপনি অহা নাই ।
 অমিতাভৰ ইমান টোপনিনে ? "–নিজৰ স’তে   এনেদৰে বহু কথা পাতিছিলো ওৰে নিশা।
     মাজে মাজে ৰূমলৈ সোমাই চাইছিলোঁ-অমিতাভ সাৰ পালে নেকি? 
     নাই , ভৰ টোপনি। 

    পোহৰ হোৱাৰ লগে লগে মই সাগৰ পাৰ পাইছিলোঁগৈ। 
   ৰাতিটো টোপনি ক্ষতি হোৱা বাবে খোজ কাঢ়িবলৈ মন যোৱা নাছিল। চকী এখন ২০ টকা দি ভাড়ালৈ ল’লোঁ।
   তাতেই বহি সাগৰৰ বিশালতাত নিজক বিলীন কৰি দিছিলোঁ।
   তেনেতে ম’বাইলটো ৰিং হ’ল। 
   অমিতাভৰ নম্বৰ। 
   সাৰ পাই মোক নাপায় ,ফোন কৰা বুলি ভাবি ফোনটো ৰিচিভ কৰা নাছিলোঁ। 
    ৫বাৰৰ মূৰত ফোনটো ৰিচিভ কৰিলোঁ।
    
   "দেউতাৰ আকৌ ষ্ট্ৰ’ক হ’ল। নীলাভ আৰু পেহীয়ে জি এন আৰ চিত এডমিট কৰিলে। মই ফ্লাইটৰ তৎকালীন টিকট কৰিলোঁ। সোনকালে আহা।"–অমিতাভৰ ফোনটো পায় 
 মোৰ খং অভিমান পলকতে নাইকীয়া হৈছিল।
 
    বৰঝাৰৰ পৰা পোনে পোনে আমি জি এন আৰ চি লৈ গৈছিলোঁ। 
     অমিতাভে ফোনতে সকলো মেনেজ কৰিছিল।আমি গৈ পোৱালে শহুৰদেউতা কিছু  আৰোগ্য হৈছিল। 
     প্ৰায় এসপ্তাহৰ পাছত দেউতাক ঘৰলৈ লৈ যোৱা হৈছিল। 
     ইতিমধ্যে অমিতাভৰ ছুটী শেষ হ’ল। শহুৰদেউতাৰ চোৱা চিতাৰ দায়িত্ব মোক দি,  অমিতাভ ডিব্ৰুগড়লৈ গুচি গ’ল। পেহীক আৰু দুদিনমান জোৰ কৰি ৰাখিলোঁ।
    অমিতাভৰ তেতিয়া  ডিব্ৰুগড় মেডিকেল কলেজত চাকৰি। ছুটী নাপায়। ইতিমধ্যে ডেৰ মাহ ছুটীত থাকি গৈছিল। 
     তাৰ তিনিমাহ পাছত এদিনৰ বাবে আহিছিল।
     এনেকৈয়ে দিনবোৰ অতিবাহিত হৈছিল।
     
     সংগসুখৰ বিচ্ছেদত দেহ-মন বিষণ্ণতাই ছানি ধৰিলে।
               ***************
     কিন্তু আজি পুৰীৰ দৰে  আকৌ এটি উজাগৰী নিশা কটাব নোৱাৰি।
     কাইলৈ পুৱাই ডাউকীলৈ যোৱা হ’ব।তাতে দিনটো  ঘূৰি ঘূৰি  বহু ভাগৰুৱা  ।
     
    সংগসুখৰ কামনাৰ জুইকুৰা বুকুতে জ্বলাই  অমিতাভৰ কাষতে বাগৰ দিলোঁ। 
    অমিতাভ ইতিমধ্যে গভীৰ নিদ্ৰাত...।
     নীলমৰ ছবিখন বাৰে বাৰে অগা-দেৱা কৰিলে।
আগলৈ...
     

Post a Comment

0 Comments