অসমীয়া কাব্য সাহিত্যত
আন এক সংযোজন:---কাব্যম বঁটা
কাব্যম বঁটা সম্পৰ্কে:---
◆বঁটাৰ নাম আৰু প্ৰকাৰ-
কাব্যম বঁটা
◆বঁটাৰ লগত থাকিব-- নগদ ধন ,স্মাৰক, প্ৰশস্তি পত্ৰ, কিতাপৰ টোপোলা আৰু নিৰ্বাচিত কবিতাৰ পাণ্ডুলিপিটোৰ ছপা ৰূপ (৫০ খন)।
◆ বঁটা-বাছনি প্ৰতিযোগিতাত যোগ দিয়াৰ অৰ্হতা -
■লেখকৰ বয়স ৪০(চল্লিশ)বা তাৰ উৰ্দ্ধত হ’ব লাগিব।
■ বয়সৰ যিকোনো প্ৰমাণ-পত্ৰৰ প্ৰত্যায়িত নকল, লেখকৰ চহীসহ পাণ্ডুলিপিৰ লগত জমা দিব লাগিব ।
■আগতে ছপা হৈ যোৱা গ্ৰন্থৰ পাণ্ডুলিপি দিব নোৱাৰিব।
■লেখকগৰাকীৰ কিমানখন কিতাপ ইতিপূৰ্বে প্ৰকাশ হৈ গৈছে ,কিমান বঁটা তেওঁ পাইছে , এনেবোৰ কথাৰ প্ৰাসংগিকতা নাথাকিব।
■লেখকৰ সাহিত্য কৰ্ম বিৱৰণ দিয়াৰ প্ৰয়োজন নহয়।
■এবাৰ নিৰ্বাচিত কবিয়ে পুনৰাই এই প্ৰতিযোগিতাত ভাগ লব নোৱাৰিব।
◆বঁটাৰ বাবে পাণ্ডুলিপি জমা দিয়াৰ নিয়ম_
●একমাত্ৰ অসমীয়াত লিখা পাণ্ডুলিপিহে গ্ৰহণ কৰা হ'ব।
●এগৰাকী লেখকে কেৱল তেওঁৰ এখন কিতাপৰ পাণ্ডুলিপিহে জমা দিব পাৰিব।
●পাণ্ডুলিপিত ৩০ (ত্ৰিশ )টাতকৈ অধিক কবিতা থাকিব নালাগিব ।
●পাণ্ডুলিপি ডি টি পি কৰা বাঞ্ছনীয়।
●ৰামধেনু ছফ্টৱেৰৰ গীতাঞ্জলি ফ্ৰণ্টত ডিটিপি কৰি কবিতাৰ পাণ্ডুলিপিটোৰ ছফ্ট কপিটোও nabarajon85@gmail.com আৰু 9854776119 হুৱাটচ এপ নম্বৰত পঠিয়াব লাগিব।
●এটা পাণ্ডুলিপি জমা দিলেই হ'ব।
●লেখকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ইচ্ছাৰ কথা আৰু পাণ্ডুলিপিটো নিৰ্বাচিত হ'লে #কাব্যম_প্ৰকাশক ছপা কৰিবলৈ অনুমতি দিয়াৰ কথাটো - এখিলা বগা কাগজত লিখি চহী কৰি লগতে জমা দিব লাগিব।
(গ্ৰন্থস্বত্ব লেখকৰ থাকিব )
●লেখকৰ সম্পূৰ্ণ নাম ঠিকনা আৰু যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক।
নিজৰ ঠিকনা লিখা খামৰ ওপৰত প্ৰয়োজনীয় ডাক টিকট লগাই পঠিয়ালেহে প্ৰাপ্তি স্বীকাৰ কৰিব পৰা যাব।
●জমা দিয়া পাণ্ডুলিপিক লৈ কোনো ধৰণৰ প্ৰচাৰ অনুচিত।
●পাণ্ডুলিপি জমা দিয়া শেষ তাৰিখ ৫/১১/২০২১ ।
পাণ্ডুলিপি_পঠিওৱা_ঠিকনা----
নৱ ৰাজন
মাৰফৎঃ নৱজ্যোতি নাথ
গাঁও+ডাক: ৰজামায়ং
মায়ং মহাবিদ্যালয় পথ
জিলা: মৰিগাঁও (অসম)
ডাক সূচাংক নম্বৰ: ৭৮২৪১১
ভ্ৰাম্যভাষ: ৯৮৫৪৭৭৬১১৯
◆ নিৰ্বাচন পদ্ধতি-
#তিনিজনীয়া বিচাৰকৰে গঠিত সমিতিয়ে চুড়ান্ত সিদ্ধান্ত ল'ব।
#কবিতা_পাণ্ডুলিপি সমূহৰ মাজৰ পৰা এটি পাণ্ডুলিপি নিৰ্বাচন কৰা হ'ব ।
#বাছনি সম্পৰ্কীয় সকলো কাৰ্যকলাপ সম্পূৰ্ণৰূপে গোপন ৰখা হ'ব।
◆ বঁটাৰ ঘোষণা আৰু বঁটা প্ৰদান-
#সংবাদ মাধ্যমৰ যোগেদিহে বঁটাৰ ঘোষণা কৰা হ'ব যদিও নিৰ্বাচিত পাণ্ডুলিপিটোৰ লেখকৰ লগত ব্যক্তিগত ভাৱে যোগাযোগ কৰা হ'ব।
#এই বঁটা প্ৰতি বছৰে "অসম কাব্য কানন" ৰ বাৰ্ষিক অধিবেশনত প্ৰদান কৰা হ'ব।
এই বঁটা প্ৰদান অনুষ্ঠানটিৰ স্থান আৰু সময়ৰ কথা সময়ত সংবাদ যোগে জনোওৱা হ'ব।
বিনয়েৰে---
নৱ ৰাজন
সম্পাদক
অসম কাব্য কানন
●●●●●●●●●●●●●●●●●●●●●●●●●●●●●
২০২০ চনৰ
কাব্যম বঁটা প্ৰাপক–হিতেশ গগৈ
পাণ্ডুলিপি–নপকা ডালিমৰ দৰে বেদনা
২০২০ চনত প্ৰখমবাৰৰ বাবে আয়োজিত উক্ত প্ৰতিযোগিতাত মুঠ ৩০ গৰাকী কবিয়ে অংশগ্ৰহণ কৰিছিল
●●●●●●●●●●●●●●●●●●●●●●●●●●●
0 Comments