পষেকীয়া কাব্যকানন সপ্তম বৰ্ষ ২২তম সংখ্যা

———————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
———————————
বাটচ’ৰা
সম্পাদকীয়...

   কবিতাৰ সংজ্ঞা নিৰূপণ হওক বা নহওক,কবিতাৰ মানক লৈ যিমানেই বিতৰ্ক নহওক,কবিতাই সাহিত্যনুৰাগীৰ মাজত এক নিকপকপীয়া বান্ধোন সৃষ্টি কৰে।তেজ মঙহৰ সম্পৰ্ক নথকাৰ পাছতো কবিতাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সাহিত্যনুৰাগীক একতাৰ দোলেৰে বান্ধি ৰাখে। এয়াই কবিতাৰ মহত্ত্ব। 
    কবিতা,সাধাৰণ জনগণৰ ওঁঠে ওঁঠে বিয়পি পৰক।
সৰ্বসাধাৰণৰ কন্ঠ হওক, কবিতা। 
 
বিনীত—
নৱ ৰাজন
সম্পাদক
কাব্যকানন
———————————
                  অনুবাদ কবিতা
The Window’s Song
By unknown poet
Source Internate

Eyes, windows to the soul’s unspoken rhyme,
Mirrors reflecting the essence of time.
In their gaze, life’s stories unfold,
Narrating secrets, untold, and bold.

বাতায়নৰ সুহুৰি
মূলঃ অজ্ঞাত
ভাৱানুবাদঃ ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নয়না, আত্মাৰ অকথিত ছন্দায়িত বাতায়ন,
দাপোণে উজাৰে কালসুৰভি৷
সিহঁতৰ দৃষ্টিত জীৱনকাহিনীবোৰ উন্মোচিত হয়,
অকথিত, অদম্য, গুপুত কথাৰ ভাওনা।
———————————————————
মূল কবিতা: 'মানুষ জাতি' 
কবি : সত্যেন্দ্ৰনাথ দত্ত 
ভাৱানুবাদ: ড০ জ্যোতিশিখা দত্ত

মানৱ জাতি

পৃথিৱীত এক জাতি আছে 
নাম তাৰ মানৱ জাতি;
এই পৃথিৱীৰ বুকুত লালিত 
একে সূৰ্য্য একে চন্দ্ৰৰ লগৰী। 
শীত তাপ ক্ষুধা তৃষ্ণাৰ জ্বালা 
সকলোৱে আমি সমান বুজোঁ, 
সতি সন্ততিক তুলি তালি ডাঙৰ কৰোঁ 
জীয়াই থাকিবলে সমানে যুদ্ধ কৰোঁ। 
সহযোদ্ধা বিচাৰো আৰু সংসাৰ গঢ়ো, 
পানীত ডুব যাঁও, জীয়াই থাকিবলৈ ওখ ঠাই বিচাৰোঁ, 
ক'লা বা বগা বাহিৰে মাথো 
ভিতৰত সকলোৰে বৰণ ৰঙা। 
বাহ্যিক প্ৰলেপ, আঁচোৰ লোপ পাই
ভিতৰৰ ৰং পলকতে প্ৰষ্ফুটিত হয়, 
বামুণ শূদ্ৰ বৃহৎ ক্ষুদ্ৰ 
কৃত্ৰিম ভেদ ধূলিত পোত খায়... 

প্ৰতিটো বংশতেই নাই কোনো তফাৎ 
সম্ভ্ৰান্ত কোন বা কোন দৰিদ্ৰ, 
পৃথিৱীৰ সতে আছে বুনিয়াদী সম্পৰ্ক 
পৃথিৱীখন সকলোৰে জন্মক্ষেত্ৰ। 

[সত্যেন্দ্ৰনাথ দত্ত :(জন্ম: ফেব্ৰুৱাৰী ১১, ১৮৪২- মৃত্যু: জুন ২৫, ১৯২২)
তেখেতে এগৰাকী প্ৰসিদ্ধ বঙালী কবি l শব্দৰ যাদুকৰ বুলি তেওঁ জনাজাত l তেখেত তত্ত্ববোধিনী যুগৰ এগৰাকী প্ৰখ্যাত কবি আছিল l তেখেতে কবিৰত্ন, নৱ কুমাৰ, কালামগীৰ আদি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল l কবিতা পুথি "ফুলেৰ ফচল" আৰু "কুঁহু ও কেকা" তেওঁৰ উল্লেখযোগ্য সৃষ্টি l]
———————————————————
ভিন্ন জাগাত
মানুহৰ চিন্তা চৰ্চা প্রবাহত অজান কবি বা ৰচয়িতাৰ
সুন্দৰ বাস্তব ৰূপ

অসমতঃ ডাক পুৰুষ
বঙ্গতঃ খনাৰ বচন

কিচেৰ তিথি কিচেৰ বাৰ
গ্রহ নক্ষত্ৰ কৰো চাৰ

চীনা কবিতা
তৃতীয় শতিকা
কবি: অজান
অনুবাদ: দেৱ দাস 

এশটা বছৰে 
জীবনটো নযোৰে
হেজাৰটা বছৰৰ দুখ

দিনটো নেযায়
ৰাতিটো নুপূৱায়
চাকীটো জ্বলাই
বাহিৰলৈ
ওলাই নযোৱা কিয়?
——————————
——————————
                            কবিতা
ফানতিত নাকটি বান্ধি
দাদুল ভূঞা

ফানতিত নাকটি বান্ধি
আঁৰি থলোঁ শতিকাৰ এন্ধাৰ

শেলুৱৈ গজা পুখুৰীত শেলুক গজি উঠা
ৰাতিটো নিৰ্বাসন দিলোঁ তোমাৰ হাতত

বগা ঘোঁৰা খেপিয়াই
তেজত বুৰযোৱা তিৰাশীৰ ৰাতি

সূৰ্য হাঁকুটিয়াই পাৰিব খোজা মানুহজন
যি বাটে গৈছিল সেই বাট এৰি
কাহানিও উভতি নাহিল

সূৰ্য হেৰাল,
কেঁচা তেজৰ চেকুৰা বান্ধি
উৰি থাকিল আইৰ পদূলিত ৰঙা নিচান

অখজা আঙুলিত লাগি ৰ'ল
শতিকাৰ এটুকুৰা বৰফ
এলান্ধু আন্ধাৰত হেৰাল
মাণিকীমধুৰি ধান

এঙামুৰি দিয়া বেলিটো হেৰুৱা দিন ধৰি
ফানতিত নাকটি বান্ধি
হালধীয়া সময়ৰ ফাঁকেৰে
চাই ৰ'লোঁ—
বোকা-ধেমালিত হেৰুৱা প্ৰজন্মৰ বতাহ।
———————————
অযাচিত ভাৱে…
মেঘালী বৰুৱা শইকীয়া

অযাচিত ভাৱে হঠাৎ প্ৰাপ্তি
এটা সৰু চমক
সময়ৰ হাত ধৰি আহে পাহৰণি
স্থিতি এক  পলক আৰু ঝলক

সকলো কথা জন্ম স্বত্ব নহয়
মগজুৰ তৰংগত বাজি থাকে সময়ৰ ঘণ্টাধ্বনি
সমুখৰ পথ ধৰি গৈ থাকিলেও
হঠাৎ উজুটি মাৰি ৰৈ যায় খোজৰ গতি

ভৰিৰ নখ ছিগি ওলোৱা তেজৰো এক গতি আছে
তড়িৎ গতিত ভাৱনালৈ এক চেতনা  আহিব পাৰে
যন্ত্ৰণাক সহিব পৰাকৈ 

দুৰ্ভাৱনাবোৰ স্থবিৰ কৰিবলৈকে
সম্ভাৱনাৰ কথাবোৰে 
ঘণ্টা বজাই বজাই আমাক অস্থিৰ কৰি তোলে
আৰম্ভ হোৱা খেল এখনত নিজিকালৈকে

সকলো সময়তে জিকি যোৱা কথাবোৰেই মাথো সুখকৰ নহয়
হাৰি যোৱা কথাবোৰো দুখজনক নহয়

উশাহেৰে  জীয়ণ দিয়া কথাবোৰে এনেকৈয়ে
হৃদয়ত একোখনি ঘৰ বান্ধে
তেতিয়াই  চৰ্তবিহীনভাৱে 
ইজনে সিজনৰ আপোন হৈ পৰে।

প্ৰত্যেকেই সমৰ্পিত হ'ব পাৰে নিজৰ ওচৰত
সুখতো দুখতো হ'ব পাৰে
বুদ্ধৰ দৰেই স্থিৰ আৰু প্ৰাজ্ঞ।
———————————
শূন্য
নৱজ্যোতি শইকীয়া

মোৰ সৰু ছোৱালীজনীয়ে
তাইৰ সৰু হাত এখনি
মোৰ চোলাৰ জেপত ভৰাই,
খেপিয়াই খেপিয়াই চাই
কিবা এটা পোৱাৰ আশাত

মই তাইক কওঁ:
একো নাই মাজনী,একো নাই।
আছে মাথোঁ এটা বিৰাট শূন্য।

তাই  দুচকু মেলি বহলকৈ
তধা  লাগি  চাই  মোলৈ
মই  ফলিগুটি লৈ
তাইৰ ফলিখনত আঁকি দিওঁ
এটা শূন্য আৰু তাৰপাছত কওঁ:

এয়া চোৱা মাজনী; 
এইটো শূন্য।

তাই উল্লসিত হৈ কয়:
তুমি এক্কোৱেই নাজানা  
দেউতা, এইটো এটা বলহে

তাইক  বাৰু  কেনেকৈ কওঁ,
কেনেকৈ কওঁ এটা শূন্যৰ কথা;

জানো তাই এদিন ডাঙৰ হ'ব,
হৃদয়ৰ  তুলাচনীত  জুখি  
চাব পৰা হ'ব
জীৱনৰ  সুখ-দু:খৰ  প্ৰতিটো মুহূৰ্ত,

সেইদিনা বুজি পাব তাই
শূন্যৰ  অৰ্থ;
একৰ এক গ'লে কিয়  
থাকে শূন্য।
——————————
নিগনি এটাই কুটি কুটি খালে 
ধীৰেন্দ্ৰ কুমাৰ মজুমদাৰ 

নিগনি এটাই কুটি কুটি খালে ,
মোৰ কেইটামান বাতৰি কাকতৰ আপুৰুগীয়া টোপোলা ।
কুটি কুটি খালে ,
দেউতাই মোৰ হাতত দি থৈ যোৱা
ককায়ে কিনা মাটিৰ দলিল আৰু দুষ্প্ৰাপ্য বহুতো নথি-পত্ৰ ।
নিগনি এটাই কুটি কুটি খালে,
দেউতাই জীৱিত অৱস্থাত সঘনাই পঢ়া,ৰামৰ জীৱন্ত আদৰ্শ চৰিত্ৰৰ ৰামায়ণখন ।
কুটি কুটি খালে বাছি বাছি ৰখা,
সমন্বয়ৰ কেইখনমান উল্লেখযোগ্য বাৰ্তাবাহী গ্ৰন্থ আৰু মহান পুৰুষসকলৰ কেইবাখনো জীৱনী গ্ৰন্থ।
কুটি কুটি পেলাই  ভাঙি পেলালে
মহান ব্যক্তি কেইজনমানৰ কাঁচেৰে বন্ধোৱা মূল্যৱান ছবি,
ম্লান কৰি পেলালে মোৰ কোঠাৰ সৌন্দৰ্য্য। 
ঠাণ্ডা আঁতৰি যোৱাৰ পিছত, 
আইতাই টোপোলা বান্ধি থোৱা
ডাঙৰ দামী কম্বল এখন কুটি কুটি তুলা ধুনা দিলে;
আইতাৰ দুঃখ ,কিছুমানে পোৱাৰ দৰে পাব জানো এনে এখন কম্বল কৰবাত বিনামূলীয়াকৈ !
তাতোকৈও দুঃখৰ কথা মোৰ সাঁচতীয়া একমাত্ৰ অসমীয়া অভিধানখন কুটি কুটি ভাষাৰ অস্তিত্বত হাত দিলে ।
ইমানৰ পিছতো আইতাই কয়-"নিগনিটো নামাৰিবি, পাপে চুব ,গণেশৰ বাহন ।"
———————————
দুঃখৰ চেল্ফি
দিলাল আহমেদ

দুঃখ কি সঞ্চয়ী!
ভাৱি থাকো মানে
বাছখন আহি য’ত ৰলহি
সেয়া আমাৰ দুঃখৰ আস্থান৷

আমাৰ দুঃখবোৰে প্ৰায়ে
ইয়াৰ পৰা বাছ ধৰে৷
গছ, পখী, গান আৰু
ডাৱৰৰ আঁৰৰ ধূসৰ সূৰ্য
ভদীয়া বানত পাৰ ভঙাৰ গল্প
একেটা আস্থানত সঞ্চিত হয়৷

দুঃখৰ স’তে প্ৰায়ে
মই যাত্ৰা কৰো একেলগে৷
আজি পুৰণি দুঃখবোৰ সৱ একেলগে
দুঃখৰ নতুন ডাক বাকচত জমা হৈছে৷
এইদৰে জমা হোৱা একান্নৱৰ্তী দুখবোৰে
গন্তব্যদিশে লৰ লয় হোৰাহোৰে৷

আমিবোৰ দুঃখৰ  একো একোটা আস্থান
য’ত দুঃখৰ একত্ৰিত তান
দুপৰীয়াৰ ৰাখাল বাঁহীৰ দৰে
বাজে অবিৰাম৷
———————————
কত যে কি হেৰাল গাঁৱবোৰৰ
দীপক কুমাৰ তালুকদাৰ 

ৰঘুপতি মহাজনে ধান ভঙা মেছিন এটা ঘৰত আনি বহুৱাইছিল
সেইটো আছিল গাঁওখনৰ উদ্যোগ
আজি গাঁৱৰ চাৰিওফালে চৌব্বিশ ঘন্টাই ঘৰ বনোৱা
দলং সজা শিল ভঙা যন্ত্ৰৰ শব্দৰ জনজননি
শব্দৰবিকৃতিত
আজি পক্ষীহীন গাঁও মোৰ

সেই গাঁওখন হেৰুৱাৰ দোষত
গাঁৱৰ মানুহ বজৰুৱা হ’ল
ফাষ্টফুডৰ জুতিত টাউনখনেই আড্ডা হ’ল
কলডিল ঔটেঙা ঢেকীয়াৰ জুতি ভাল নলগা হ’ল

মোৰ মনৰ সেউতীও দেখোন
গাঁৱৰ মেলা পূজা ভাল নোপোৱা হ’ল
দুহাত উজাৰি চাইকেলত উঠা ভাল লগা ছোৱালীজনী চাইকেল দেখিলে লাজ পোৱা হ’ল

চৰকাৰী বিষয়াই চাৰ্ভে কৰি আছে—ইয়াত কিমান  ঢেকীশাল তাঁতশাল আছিল
গাত সকলোৰে বনিয়াৰ মসৃণ যেন লগা সাজ

নিজা নিজা কামত গাঁৱৰ মানুহ সদাব্যস্ত
সমজুৱা মেল আলোচনা নাই
মাথোঁ হিতাধিকাৰীৰ সভাত লগ হয়

এতিয়া টাউনৰ পাচলি মিঠাই বিলাতী পানীয়ৰে নিচাৰ আমেজত লগভাত নহৈ গেট-টুগেদাৰ  হয়

সকলোৱে জানে —গাঁওবোৰ কৰবাত হেৰাই গ’ল
কোনেনো বিছাৰিব হেৰুৱা গাঁওবোৰ
আজিৰ আধুনিক বতৰত ৷
———————————
বসন্ত বাহাৰ
ৰেখা বৰকটকী

ঢোল-পেঁপাই ৰজনজনায় মুখৰিত অমল সময়! 
সুৱাগুৰি  তুলি মোৰ বুকুৰ পদূলিত 
অভ্যাগতলৈ যাচোঁ স্নেহ অঞ্জলি...
হেঁপাহৰ ভোটাতৰা জলে অহৰহ
প্ৰতিনিয়ত ফুলে, ভালপোৱাৰ খৰিকাজাই!

জীৱনৰ প্ৰতিটো পলেই সুখসিচা শিমলু চন্দন।
জোন-জোনালী সপোনৰ ৰহঘৰাত  কল্পনাৰ মেৰঘৰ , পালতৰা নাওখন  সকলোৰে বাবে ৰৈ থাকে
ছন্দময় গতিয়ে অজানিতে আনিব পাৰে অগতি
তাতো কিন্তু
ভ্ৰুক্ষেপহীন মাদকতা!
 চলমান সময়
সংকোচ, দ্বিধা ,জটিলতা এইবিলাক একোটা শব্দ মাথোঁ।
ভাৰসাম্যতা  বজাই ৰখাৰ সঁচা তুলাচনীত,
জীৱন থমকি নৰয় 
সেয়ে প্ৰেমময় সময়বোৰ সদায় জীপাল...
মধুময়...পল অনুপল
সীমাহীন আশাৰ  সৰস চাপৰিত চৰে 
অলেখ সোণ পৰুৱা
জিলমিল জোনাক ঢলা   সুৱাগী বন্যা...
——————————
শূন্যতাৰ হিচাপ
হিমাদ্ৰী দাস

ফিনিক্স পখী হৈ উৰিছোঁ 
প্ৰাপ্তিৰ হাবিয়াসত 
লক্ষ্য মোৰ অসীমৰ 
অদৃশ্য উচ্চতা

বলিয়া হৈছোঁ
সূৰ্যটো চুবলৈ 
নিজক হেৰুৱাইছোঁ
এৰি আহিছোঁ যোগসূত্ৰৰ অলেখ সেঁতু

অচিনাকি হৈছোঁ নিজৰে সৈতে
অন্যায়বোৰ সামৰিছোঁ 
বুকুৰ ভিতৰে বাহিৰে
জুইবোৰ সানি লৈছোঁ গায়ে মুখে

লক্ষ্য প্ৰাপ্তিলৈ নহ'ব কাহানিও 
সেয়া মাথোঁ শূন্যতাৰ আলয়হে

উত্তপ্ত সূৰ্যটো হেলনীয়া হয়
হেঙুল বৰণ লৈ শীতলতাই ছানি পেলায় আবেলিটোৰ দুচকু
নিৰ্মমভাৱে দগ্ধীভূত হোৱা
চেতনাবোৰ ভস্মীভূত হৈ সৰি পৰে
সুউচ্চ আকাশৰ চূড়াৰপৰা

ধ্বংস হওক পুৰণি যত যন্ত্ৰণা
প্ৰেমৰ কালকূট বিষত
অধিক উতলা হওক 
জীৱন সূত্ৰৰ অলৌকিক সংবিধান

মইতো ফিনিক্স হৈ পৰিচয় জিনিছোঁ
এদিন চেতনাবোৰে
পুনৰাই পাখি মেলিব
আকৌ হয়তো উৰিবলৈ যুগুতাব 
ঐশ্বৰিক প্ৰেমৰ অপৰাজেয় শক্তি।
——————————
লিমাৰিক
পৰাণ জ্যোতি ভূঞা

           (এক)

মেডাম মে ফিলৈ গলে হয় বহিস্কাৰ
আৰু  কৰে জৰিমনা তথা তিৰস্কাৰ
দি নিজৰ পৰিচয়
ভাঙি দিলে সমন্বয়
কিছুলোকে কথাটো কৰিলে পৰিস্কাৰ

          (দুই)

প্ৰশ্নকাকত দেখাত যেন আলোচনী
দাবী মূলক প্ৰশ্নৰ এক প্ৰদৰ্শনী 
বিনা মেঘে ব্ৰজপাত
শিক্ষকক ব্ৰজাঘাত
পৰিক্ষাৰ্থী হৈ পৰিল সমাজ বিজ্ঞানী

         (তিনি)

হৈ চৈ সকলোতে এডভান্টেজ অসম
অসম  হৈ পৰিব ভাৰতৰ প্ৰথম
উদ্যোগৰ পয়োভৰ
খেতিবাতি অনাদৰ
কৃষিখণ্ডৰ ফালে কথা হ’ব বিষম।
—————————
মাজনিশা
ৰমেশ চন্দ্ৰ ৰায় 

মাজনিশা ৰে'ল এখন ক'ৰ পৰা ক'লৈ যায়
পাখাজানীৰ  পাৰত  বগৰী এজোপা লহপহকৈ বাঢ়ে
অকাই পকাই নামি অহা তিস্তাৰ পাৰে পাৰে 
কুঁৱলী খেদি খেদি বাছ এখন পাহাৰলৈ উঠি যায়
মাজনিশা শূন্যতাৰ পথাৰ এখনত 
বতাহৰ সো সো শব্দ 
আৰু কান্দোনৰ ধ্বনি 
তেজাল ৰে'ল এখন ক'ৰ পৰা ক'লৈ যায় 
মাজনিশা ।                       
---------------————
ফাগুনৰ ৰং
কুলদীপ গৌতম শৰ্মা

ফাগুন আহিল ,
পছোৱা বলিছে সৌৱা ।
ৰঙবোৰ নোহোৱা হ'ব,
আকাশে ৰচিব সপোন পুনঃ পৃথিৱীৰ বাবে নতুন ভাৱে।

মনচিলা উৰুৱাই নিয়ে
বতাহৰ আঁৰে আঁৰে শুনি যাও গাগিনী প্ৰেমৰ আলাপ,
ফাগুনৰ অজুহাততে
হিয়াত জ্বলিছে জুই ।

ফাগুনী ৰঙতে নাচোঁ  আমি।
হৃদয়ত ফাগুন থাকক সদায়,
প্ৰেমৰ সুবাসত জীৱন প্ৰকাশ্য হ'ব অভিনৱ ৰঙেৰে।
———————————
তুমি গুণগুণাই থাকিবা মোৰ কবিতাৰ প্ৰান্তৰত
ধ্ৰুৱজ্যোতি মহন্ত

আকাশ খন তোমাৰ পৰা আজুৰি আনিম 
অমাৱস্যাৰ মায়া সনা কবিতাবোৰ তোমাৰ দুগালত আঁকি দিম, আৰু 
কবিতাৰ সাগৰত ডুব মাৰিবা তুমি 

এটি সুৰ সুৰসুৰায় 
মনৰ নিভৃত কোণত  
নৈ এখন বয় মন-আকাশ লঙ্ঘী 
কাঁড় এডাল হৈ বিন্ধে নিঃশব্দতাৰ গৰ্ভত 

তুমি গুণগুণায় থাকিবা   
মোৰ কবিতাৰ প্ৰান্তৰত 
এটি বিজ গুজি থৈ কালান্তৰৰ 

অসংখ্য পক্ষীৰ সিয়াঁৰি সিয়াঁৰি মাতত আকৌ সাৰপাই উঠোঁ 
বাহিৰত ফৰকাল বতৰ 
জিলমিল জিলমিল জোনাক 
পথাৰ শস্য-শ্যামলা 
আকাশ পলাশ-ফুলীয়া

জানানে, আকাশৰ পৰাই সপোন বৰষে 
সপোনৰ সতে বৰষে মৌ 

চৰাইজাক আকাশৰ কোনদিশে উৰিযায় নিতৌ 
ঘূৰি আহে দেখোঁন সন্ধিয়াহৈ নাভাগোঁতেই আকৌ 
ময়োঁ উভতি আহিম তেনেদৰেই এদিন 
সন্ধিয়া শেষ হওঁতেনৌ 

তুমি, জানানে?
——————————
তুমি অৰুণিমা
কন্দৰ্প কুমাৰ কলিতা

পানীগাঁও চাৰিআলিৰএখন কিতাপৰ দোকানত 
 লগ পাইছিলোঁ তোমাক
শ্যামলী ৰঙৰ 
এজাক কহুৱা কোমল বতাহে 
উৰুৱাই আছিল;
দীঘল চুলিটাৰি মেলি 
তুমি গৈ আছিলা জি এন ডি জি কৰ্মাচ কলেজৰ দিশে_
মোৰ বুজিবলৈ 
বাকী নাথাকিল 
তুমি 
জি এন ডি জি কলেজৰ 
মিছ্ অৰুণিমা বৰুৱা আছিলা। 
প্ৰেমৰ সেউজীয়া মোহনা
ডালিম গুটিয়া 
দাঁতকেইটাই তোমাক 
ধুনীয়া লাগিছিল
তোমাৰ চকুৰ চাৱনিত
জোনাক ভালপোৱা
মিচিকিঁয়া হাঁহিত 
মুকুতা সৰিছিল
ফুলৰ দৰেমোৰ হৃদয়ত
সুৰ এটা সৃষ্টি হৈছিল
জি এন ডি জি কলেজৰ
মিছ্ অৰুণিমা 
মনত পৰেনে তোমাৰ
সৌ সিদিনা আকৌ লগ পাইছিলোঁ তোমাক
কলংপাৰৰ গ্ৰন্থমেলাৰ বাকৰিত
তুমি কোনোবা  ষ্ট'লত
কিতাপবোৰ লিৰিকি বিদাৰিকিবা এটা আছিলা বিচাৰি
হালধীয়া পাটৰ চাদৰেৰে 
কোমল বুকুখন ঢাকি 
আনিছিলা
হয়তো বুকুৰ মাজত 
থকা হাজাৰ সপোনক 
হালধীয়াৰ মাজত লুকুৱাই ৰাখি
আবেলিৰ মিঠা ৰ'দ
তোমাৰ গালত চুমিছিল
শীতৰ পাতল কুঁৱলীৰ আৱৰণ
তথাপিও কথাবোৰ তোমাক কোৱা নহ'ল 
আকৌ এবাৰ 
কলংপাৰৰ নৈশব্দতাত 
লগ পোৱা হ'লে ক'লোহেঁতেন

জি এন ডি জি কলেজৰ 
তুমি অৰুণিমা 
সপোন গুজি দিম  
হাঁহি এটি পিন্ধাই
এতিয়াও 
তোমাৰ ঠিকনা বিচাৰি 
হেৰুৱালো জোনাকৰ চিনাকি পথ
কিমানটা যে বসন্ত পাৰ হৈ গ'ল

জি এন ডি জি কৰ্মাচ কলেজৰ বাকৰিত...
সেউজীয়াবোৰ গজি উঠককিন্তু আজিলৈকে তোমাক লগ নাপালোঅৰুণিমা
কাইলৈ তোমাক লগ পালে বহুত কথা পাতিম
ভাৱনাৰ সাগৰত 
এটা কবিতাৰ জন্ম দিম
এছাটি সুগন্ধিৰ ধুমুহা
মৌন ওঁঠত ৰছিম জীৱনসোনোৱালী অমৃত।
———————————
মৌমাখিৰ গুণগুণ
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

নেঘেৰিখোপাৰ পলিঘৰত 
মৌমাখিটোৱে আপোনমনে 
বৰটি চিঙা ঢোলটিৰ 
চাপৰৰ স’তে কৰিছে গুণগুণ...

কুলুকুলু স্বপ্নাদোং প্ৰপাত 
পাহাৰী খাদ 
গোটেই ৰাতি উৎপাত...

গুণগুণ অন্বেষণ
খোপাত নে বুকুৰ কোঁহত
বুকুওচোন ভাগৰত লালকাল...

হয়তো বুকুৰ মাখিটোৱে
পৰ্বত বগাবলৈ গৈ
পিচলি পৰে বাৰম্বাৰ...

ফেৰেঙনিত আটকি 
কৰে গুণগুণ
চপাৰাতি স্বপ্নাদোং স্বপ্নাদোং...
——————————
সপোনৰ সুৰ
নাচিমা য়াচমিন

তুমি আছা বাবে
 হাজাৰ সপোন জাগে 
এই  আৱেগিক হৃদয়ত,
তুমি আছা বাবে
বিলীন হয় দুটি নয়ন 
কল্পনাৰে সাগৰত।

তুমি আছা বাবে
নিশা উজাগৰে থাকিব শিকোঁ ;
তুমি আছা বাবে
আত্মাৰ গভীৰ সোঁতত 
অনুভৱত কথা পাতিব পাৰোঁ। 

তুমি আছা বাবে
ডায়েৰী নাথাকে মোৰ শূণ্য;
তুমি আছা বাবে
মোৰ অন্তৰাত্মা আজি পৰিপূৰ্ণ।

তুমি আছা বাবে
মনত বেদনাৰ উমান নাপাওঁ;
তুমি আছা বাবে 
সুখৰ দলিচাত টোপনি যাওঁ।
——————————
ইয়াত এখন নদী আছিল
যামিনী দেৱী

ইয়াত এখন নদী আছিল
নদীখনক লৈয়ে গঢ়ি উঠিছিল
গাঁৱৰ আৰ্থিক অৱস্থা
নদীখনৰ সিপাৰে আমাৰ খেতিপথাৰ
খেতিপথাৰতেই পিতাইৰ সপোনে
পোখা মেলিছিল
নাৱৰীয়াই স্কুলীয়া ছাত্ৰ-ছাত্ৰীক
ইপাৰ-সিপাৰ কৰাইছিল
মাছমৰীয়াই জীৱিকা ছলাইছিল
মৃৎশিল্পীয়ে চৰু-হাড়িৰ
ক্ষুদ্ৰ-ব্যৱসায়ী কৰিছিল

নদীখন নাই দেখোন
নদীখন এৰাসুঁতি
কোমল সেউজীয়াই
নদীখনৰ ওঁঠ গজাব
নোৱাৰিলেই দেখোন
এই জলপথটো নাথাকিলে
খেতিপথাৰত পানী যোগান বন্ধ হ'লে
সলনি হ'ব জীৱন-জীৱিকা
এইবোৰ চিন্তিয়ে বুকুত
গেদীয় শিলৰ তৰপ পৰিছে
নদীখনে আমালৈ চাই
অট্টহাস্য কৰিছে।
——————————
সংলগ্ন
নীলাঞ্জনা শৰ্মা বৰুৱা

গধূলিৰ নীড়মুখী পক্ষীজাকে
আকাশত আঁকে 
এটি সুৰীয়া গান,
বুকুত গেজেককৈ উঠে 
এটি বিষৰ তান।
তোমাৰ বুকুৰ দাগ লগা
শিলৰ পাহাৰ বগাবলৈ
আগৱাঢ়ি যায় মোৰ
অব্যৰ্থ দুহাত।
ৰ'দে,বৰষুণে নাভাগৰা
তোমাৰ দুভৰিত 
অন্তহীন দুখৰ এখন অৰণ্যৰ 
কঠুৱা আঘাত
সহিব নোৱাৰোঁ বাবেই
মোৰ নীলাভ ওঁঠযোৰ 
সংলগ্ন কৰোঁ তোমাৰ দুভৰিৰ 
উলংগ পতাত।
———————————
ফাগুন
জ্যোতি পবন

ফাগুন উভতি যোৱা পৰত
ৰিঙিয়াই সুধিলোঁ 
তোমাৰ কলিজাৰ বতৰা।
বতাহত উৰি আহিল 
হালধীয়া সৰাপাত এখিলা।
য'ত আছিল বসন্তৰ ঠিকনা।
———————————
কবি ৰবীন্দ্ৰ সৰকাৰৰ জীৱন আৰু কবিতা
আঞ্জুমআৰা হুছেইন

“সমগ্ৰ দেশ যেতিয়া টোপনিত লালকাল দিয়ে/কবি তেতিয়া সাৰে থাকে ,কৈছিল কবীৰে /কবিৰ টোপনি নাহে /নিজৰ তেজত কলম ডুবাই লিখে/ কালে তেওঁক জহাই খহাই নিব নোৱাৰে/__/__/মানুহৰ বুকুত চেপি বহা কঢ়াল মাৰি ধৰা শিলটোক /প্ৰহৰে প্ৰহৰে ভাঙি নিঃশেষ কৰে তেওঁ /গঢ়ি তোলে বাসযোগ্য অন্য পৃথিৱী ৷“ ___“কবিৰ ধৰ্ম“ নামৰ কবিতাত বিশিষ্ট কবি ৰবীন্দ্ৰ সৰকাৰৰ স্বীকাৰোক্তি এয়া ৷  সমাজৰ প্ৰতি কবিসকল দায়বদ্ধ ,  এই কথা গভীৰভাবে উপলব্ধি কৰা কবিগৰাকীয়ে মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা প্ৰভাৱন্বিত হৈ মানৱীয় প্ৰমূল্যবোধৰ চেতনাৰে অসমীয়া কাব্য সাহিত্যত আত্মপ্ৰকাশ কৰিছিল সত্তৰ দশকত  ৷ নিজ দেশ ,মাটি আৰু মানুহক ভালপোৱা কবিসকলে নিজকে সমাজৰ পৰা বিচ্ছিন্ন কৰি ৰাখিব নোৱাৰে_  পৃথিৱীৰ সকলো দেশৰ সাহিত্যতে এই কথা প্ৰযোজ্য ৷স্পেনিছ কবি গৰ্থিয়া লৰকা , কিউবাৰ কবি নিকোলাচ গিয়েনা , গ্ৰীচৰ কবি কষ্টিচ পাপাক গোছ , নজৰুল ইছলাম ,আমাৰ অমূল্য বৰৱা ,প্ৰসন্নলাল চৌধুৰী আদি বহু কবিৰ নাম আমি মনত পেলাব পাৰোঁ ৷ সেইদৰে কবি ৰবীন্দ্ৰ সৰকাৰেও কবিতাক সমাজ পৰিবৰ্তনৰ আহিলা হিচাপে লৈ সামাজিক ,ৰাজনৈতিক ক্ষেত্ৰত পৰিলক্ষিত হোৱা অন্যায় অবিচাৰৰ বিৰুদ্ধে সবলভাৱে কলম তুলি লৈছিল ৷ ১৯৪১ চনৰ ৭আগষ্ট তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰা সৰকাৰে  অসমীয়া আধুনিক কবিতাক প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগেৰে এক অনন্যমাত্ৰাৰ শিল্পৰূপ প্ৰদান কৰিছিল   ৷ ২০১৩ বৰ্ষত “ধূলিয়ৰি ভৰিৰ সাঁচ “ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা ৰবীন্দ্ৰ সৰকাৰ একেধাৰে আছিল প্ৰৱন্ধকাৰ ,নাট্যশিল্পী আৰু অনুবাদক ৷ পৃথিৱীৰ বহু বিখ্যাত কবিৰ কবিতা তেওঁ অসমীয়া ভাষালৈ অনুবাদ কৰি আমাৰ অনুবাদ সাহিত্যৰ ভৰাল চহকী কৰাৰ লগতে কাব্যঋষি নীলমণি ফুকনদেৱৰ বহু কবিতা “নিলমণি ফুকনেৰ কবিতা“ নামেৰে এখন অনুবাদ  গ্ৰন্থ বঙালী ভাষাত প্ৰকাশ কৰিছিল ৷ অসম সাহিত্য সভাৰ “ৰঘুনাথ চৌধুৰী বঁটা “ কে ধৰি বিভিন্ন বঁটাৰে সন্মানিত হোৱা ৰবীন্দ্ৰ সৰকাৰে অসমীয়া আৰু বঙালী ভাষাত বহুকেইখন কাব্য গ্ৰন্থ , প্ৰৱন্ধৰ পুথি ,অনুবাদ গ্ৰন্থ আৰু “দিনবোৰ মোৰ সোণৰ সঁজাত“ নামৰ আত্মকথাৰে অসমীয়া আৰু বঙালী সাহিত্যত নিজৰ নাম খুদিত কৰি যাবলৈ সক্ষম হৈছিল ৷ৰবীন্দ্ৰ সৰকাৰৰ কবিতাসমূহ কানাড়া ,নেপালী ,গুজৰাটী ,মাৰাঠী ,উড়িয়া ,বঙালী ,ইংৰাজী আদি বিভিন্ন ভাষালৈ অনুবাদ হোৱাৰ বিষয়টোৰ পৰা এজন ভাল কবিৰ কবিতাই বিশ্বজনীনতা লাভ কৰাৰ কথাকে স্বীকাৰ কৰিব লাগিব ৷ নীলমণি ফুকনদেৱেও কৈ গৈছে__পৃথিৱীৰ সকলো কবিতাই হৈছে মানুহ বুকুৰ ভাষা ৷ৰবীন্দ্ৰ সৰকাৰৰ কবিতাতো প্ৰতিফলিত হৈছিল  মানুহৰ বুকুৰ ভাষা ৷ “বুদ্ধৰ ভংগীমাত থিয় দি থকা গছজোপাই/আজিও মোক ছাঁ দিয়ে/নোসোধে মোৰ জাতি_বৰ্ণ_ভাষাৰ পৰিচয়/গছে বেদ বাইবেল কোৰান নপঢ়ে/গছে মানুহৰ দৰে নগ্ন হ’ব নাজানে “ __বুলি কবিতা লিখা কবিগৰাকী কেইদিনমানৰ আগতে ১চেপ্তেম্বৰ ২০২৩ তাৰিখে আমাৰ মাজৰ পৰা চিৰদিনলৈ গুচি গ’ল কায়িকভাবে ৷ তেখেতৰ কলমৰ শক্তি আৰু শিল্পসত্তাই আজিৰ আৰু ভৱিষ্যতৰ কবিসকলকো মানৱীয় প্ৰমূল্যবোধৰ চেতনাৰে উদ্ধুদ্ধ কৰক , কবিতাক এক অনিৰ্বচনীয় শিল্পলৈ উন্নিত কৰাৰ বাটকটীয়া হওক এই কামনা আমাৰ সদায়ে থাকিব ৷
———————————
কবিতাৰ এটা অন্যতম উপাদান চিত্ৰকল্পঃ
ফিৰোজা বেগম

অসমীয়া কাব্য সাহিত্যত চিত্ৰকল্প
কবিতাৰ এটি উল্লেখনীয় বৈশিষ্ট্য হ'ল চিত্ৰকল্প।অসমীয়া কাব্য সাহিত্যত চিত্ৰকল্পৰ  উপযুক্ত আৰু সুনিপুণ প্ৰয়োগে কবিতাৰ সৌন্দৰ্য বৃদ্ধি কৰে ।
কবিয়ে মনৰ জগতত অঁকা ছবি এখন চিত্ৰকল্পৰ জড়িয়তে প্ৰকাশ কৰে  ।কবিয়ে অনুভৱৰ ৰহন আৰু শব্দৰ তুলিকাৰে যিকোনো মনৰ ভাৱ অতি সুন্দৰ আৰু মনোগ্ৰাহীকৈ চিত্ৰকল্পৰ সহায়ত ক/পাঠকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰে ।কবিতাৰ চিত্ৰকল্পৰে কবিয়ে নিজৰ  অনুভৱৰ ছবিখন প্ৰকাশ কৰি কবিতাৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে কবিতাৰ মাদকত বৃদ্ধি কৰি কবিতাটো এক অনন্য সুন্দৰ ৰূপত প্ৰকাশ কৰে ।কিছুমান কবিতাত এটা বা দুটা চিত্ৰকল্প থাকে আৰু কিছুমান কবিতাত অধিক চিত্ৰকল্প থকা দেখা পোৱা যায় ।চিত্ৰকল্পই কবিৰ অনুভৱ আৰু কল্পনা জগতৰ সংযোগ ঘটাই কবিতাৰ সৌন্দৰ্য আৰ মাধুৰ্য বৃদ্ধি কৰে ।চিত্ৰকল্প কবিতাৰ এটি অলংকাৰ ।অলংকাৰে যেনেকৈ মানহৰ সৌন্দৰ্য বঢ়ায় ঠিক তেনেদৰে চিত্ৰকল্পই কবিতাক ৰহস্যময় কৰি তোলাৰ সহায় কৰে ।চিত্ৰকল্পই কবিৰ মনৰ জগতৰ লগত পাঠকক পৰিচয় কৰায় দিয়ে ।উদাহৰণ স্বৰুপে
" মৰমৰ
এয়া মমদাল জলাই লৈছো ,
আজি বহুদিনৰ মুৰত
তোমালৈ চিঠি লেখো বুলি ।( মমতাৰ চিঠি - হেম বৰুৱা )
ইউৰোপীয় সমালোচক সকলে চিত্ৰকল্পক তিনিটা ৰূপত ভাগ কৰিব বিচাৰে ।
ক/উত্তৰ চিত্ৰকল্প
খ/স্মৃতি চিত্ৰকল্প 
গ/দৰ্শন চিত্ৰকল্প 
      উত্তৰ চিত্ৰকল্পৰে কবিয়ে পুৰণি দিনৰ ছবি চিত্ৰ সহায়ত কবিতাত প্ৰকাশ কৰে ।ইয়াৰ সহায়ত কবিয়ে অতীতৰ পৃথিৱীত কবিয়ে বিচৰণ কৰাৰ আভাস পোৱা যায় ।
     স্মৃতি চিত্ৰকল্পত কবিয়ে হেৰাই যোৱা সময় ,বস্তু বা মানুহৰ প্ৰতি কবিৰ অন্তৰত ঠাহ খাই স্মৃতিৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰে ।
    দৰ্শন চিত্ৰকল্পত কবিৰ দৃশ্যমান জগতৰ ছবি নিজৰ হৃদয়ত দোলা দিয়া অনুভৱ ক শব্দ আৰু চিত্ৰকল্পৰে প্ৰকাশ কৰি কবিতাটো ৰসাল কৰি তোলে।কবিয়ে নিজৰ মনৰ চকুৰে দেখা অন্য এক জগতক অনুভৱ আৰু শব্দৰে প্ৰকাশ কৰে ।
কবিতাৰ চিত্ৰকল্পই কবিতাৰ ভাৱৰ গভীৰতা বৃদ্ধি কৰি কবিতাত এক অনন্য মাত্ৰা প্ৰদান কৰে ।চিত্ৰকল্পত কবিৰ অনুভূতি আৰু কল্পনাৰ এক বিশেষ সম্পৰ্ক স্পাপন কৰা হয় । চিত্ৰকল্পত কবিৰ চিন্তা বা কল্পনা ,ইচ্ছা আৰু অনুভৱ সংযোগ কৰি কবিতাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে ।চিত্ৰকল্পই কবিৰ কল্পনা জগতৰ ৰমনীয় আৰু প্ৰাণৱন্ত ছবি দাঙি ধৰে।
———————————
সি ভাগৰুৱা প্ৰবাদ্ হৈ 
ড° আদিল আলী 

ৰিক্সাৱালাটোৱে 
বটিয়াই গৈ আছে 

পেডেল 
মাৰি মাৰি 
দিনৰ শ্ৰমৰ 
দুখৰ হুমুনিয়াহ 

কচালি-কচালি 
দূৰ যাত্রা 

তাৰ চকুৰ দৃষ্টিত ওলমি আছে 
জীৱনৰ আউল লগা এটি দুখৰ কবিতা 

ভাল লগা 
আশাবোৰে মাজে মাজে 
গুণ্ গুণাই গৈ থাকে 
যাত্ৰীৰ গন্তব্যস্থানলৈ 

অপূর্ণ এটি হেঁপাহে 
পাশৱিক হৈ চিঞৰি উঠে 

বুকুত লৈ ফুৰে সি 
এটি যন্ত্রণাকাতৰ বেদনা 

হাতত গোটাব পাৰিবনে সি 
তাইৰ সোণৰ কণ্ঠহাৰ্ ডাল 

হিয়া মুচৰি ওলাই আহে 
অনেক ভাবনা 

লুৰিসুৰি দিনান্তত 
এমুঠি আলু-কচু 
আৰু চাউল 

তথাপিও 
সি ভাগৰুৱা প্ৰবাদ্ হৈ 
শেষ হৈ যোৱা নাই 

অবিশ্ৰান্ত যাত্রা   
—————————
অন্বেষণ
সুমিতা ভট্টাচাৰ্য্য দাস 

সকলোৱে বিচাৰিছে অন্ধকাৰৰ পৰা পোহৰ,
কিয় বিচাৰে?
কাক বিচাৰে?
এইটো কি এটা অদৃশ্য শক্তি।
দূৰ বহুদূৰ দৃষ্টি
হেজাৰ হেজাৰ মানুহৰ
অকল অন্বেষণ।

কোনোবাই যেন কৈ যায়
তোৰ চাৰিওফালে বৰ‌ এন্ধাৰ
পোহৰৰ ফালে আহ্
কোনোবাই যেন ‌অনবৰত কৈ যায়
বঢ়াই দিয়া হাত মোৰ ফালে
এনেকুৱাই হৈ থাকে
যুগ যুগ ধৰি স্মৃতি বিস্মৃতিত
একো বোধ নাই
কোনো শব্দ নাই
য’ত মন স্বাধীন।
অন্তহীন যাত্ৰা।
অকলুষ ৰাতিপুৱাৰ ফালে চাই
দ‌‌‌ুখন হাত বঢ়াই দিয়া।
অজস্ৰ ফুল সৰি পৰিব
তোমাৰ চোতালত।
—————————
জোনবাইৰ শেঁতাপৰা হাঁহি
সুৰেশ চন্দ্ৰ ৰায়

জোনবাই প্ৰৌঢ়া হ'ল,
গণিব নোৱাৰা বছৰ 
বয়স হ'ল,
তাইৰ চুলিকোচা 
ৰূপালী বৰণ হ'ল,
গাৰ চালবোৰ 
সোঁতোৰা-সোঁতোৰ হ'ল,
চকুৰ উজ্জ্বলতা 
নাইকীয়া হ'ল,
গালৰ বলি ৰেখাদুডাল
ডাঠ হ'ল,
তাইৰ ৰাজহাড় 
ধেনুভিৰিয়া হ'ল,

যৌৱনকালত ---
তাই হাঁহিছিল চঞ্চলতাৰে,
তাই নাচিছিল পখিলাৰ দৰে,
তাই গীত গাইছিল 
কুলিটিৰ শুৱলা মাতৰ দৰে,

তাই পোহৰ দিয়ে পৃথিৱীক,
তাই ভাল পায় পৃথিৱীবাসীক,

তাই এতিয়া দুখ কৰে ---
মানুহৰ দুখ-দূৰ্গতি দেখি,
তাই নিৰৱে চকুলো টোকে
মানুহৰ হিংসা-হিংসি
খিয়লা-খিয়লি দেখি,

তাইৰ ওচৰৰ পৰা 
তৰাবোৰো আঁতৰি গ'ল,
তাই এতিয়া অকলশৰীয়া হ'ল,
তাই নিস্তেজ ভাৱে অকলে থাকে,

তাৰ মাজতো ----
তাই কেতিয়াবা হাঁহে
সেয়া প্ৰাণচঞ্চল হাঁহি নহয়,
শেঁতাপৰা হাঁহি
——————————
বৰ্ষা মেঘৰ
জোনমনি বৰা

বৰ্ষা মেঘৰ ওন্দুলা আকাশ
তোমাৰ অভিমানী মুখ খনৰ দৰে উদ্ভাসিত ডাৱৰৰ ভাস্কৰ্য্য

অভিভূত হওঁ হেৰাই যাব বিচাৰো
যাযাবৰী সত্তা এটা হৈ
দুচকুৰ সীমনাত বিচাৰ সৌন্দয্যৰ কায়া৷বাৰে বাৰে ভাগৰো
মৰুভূমিৰ মৰীচিকাৰ পাচত দৌৰি তথাপিও তৃস্নাতুৰ মোৰ মন ঠুনুকা হৃদয় ৷
আহত হওঁ যেতিয়া পথভ্ৰষ্ট হৈ থমকি ৰওঁ ৷
———————————
ফাগুনৰ ৰং
ৰশ্মি দলে

ধূলিয়ৰি ফাগুন
ধূলিয়ৰি বতাহ
আকাশ ধিয়াই
ফুলিছে ৰাঙলী মদাৰ,
পলাশ-শিমলু
ফাগুনৰ পচোৱাত উৰিছে
শিমলু তুলা।

আবিৰৰ ৰং
জীৱন উপচি ৰ'ল
ৰঙা-নীলা ফাকুৰ ৰঙেৰে
শুভ্ৰ সাজত ৰঙেৰে ৰঙীন!

ফাগুন মানেই 
প্ৰেমৰ ৰঙীন উৎসৱ
ফাগুন মানেই
ৰাঙলী ৰিবিগাচেং
ফাগুন মানেই
লৃগাঙৰ উৎসৱ
ফাগুন মানেই
আবিৰৰ ৰং ফাকুৱা উৎসৱ।
———————————
বিদায় বেলা
সুপ্ৰীতি বৰুৱা

মানস পটত নতুনকৈ গজালি মেলে
হেপাঁহৰ দলিচা
অকণি অকণি হাতবোৰে আলিংগন কৰে  
উপহাৰৰ হাতবোৰ 
উপচাই দিছে নানা ৰঙীন সিহঁতৰ সপোনবোৰ
আকুণ্ঠ হৃদয়ৰ বিনিময়,     উপচাই দিলে মোৰ হৃদয়ৰ কৰণি৷
অভিভূত ,অবাক হৈ চাই থাকিলো কেৱল মৰম আদৰৰ
নিস্বাৰ্থ প্ৰেমৰ
মোলৈ আগবঢ়াই দিয়া মিঠা মিঠা আৱেগৰ বুলিতো
আৱেগত ধুৱলি কুৱলি বাট  শেষ বিদায়ৰ এই আয়োজন৷
আটাইৰে নিষ্পাপ চকুৰ লোতকে মোক নতুন সৃষ্টিৰ বাট দেখুৱায়৷
চৰণ সেৱাই কৰে আৱেগ বিহ্বল৷
চৌত্ৰিশটা বসন্তৰ নতুন উন্মেষ
কাক কি দি যাম
মাথো লৈ  যাম  ভাল 
বেয়া এমোনা উন্মেষ
মানসপটত গজালি মেলে 
মৰম চেনেহৰ এৰাব নোৱাৰা বান্ধোন৷
বিদায় বেলাৰ বিষাদ গাথা ৷
কুশলে থাকিবি তহঁত ৷
স্নেহশীষ যাচিলোঁ
 আগবাঢ়ি যা তহঁত৷
কুশলে থাকিবি তহঁত৷
এফাঁকি প্ৰাৰ্থনাৰ স্তৱক গুণগুনাম 
তহঁত কুশল থকাৰ শুভকামনাৰে৷ 
——————————
অস্তিত্ব
অঞ্জনা ৰূপা দাস

চতুৰ্দিশে চকু ফুৰাই
উপস্থিতিৰ উমান লৈ
বিশাল আকাশৰ বুকুত
দিগন্ত প্ৰসাৰি শূন্যতা দেখিলোঁ।
নীলাভ সাগৰৰ 
সীমাহীন বিশালতা, 
বায়ু চতুৰ্ভীতি পৰিচলন
কিম্বা ভূমণ্ডলৰ গভীৰতাতো
আত্ম উপস্থিতিৰ উমান নাপালোঁ। 
কল্পনাৰ গগনচুম্বী অট্টালিকাত
 আশা-নিৰাশাৰ ধুমুহাত  
স্বপ্নবোৰ তচ্ নচ হ'ল। 
দুপৰৰ ৰৌদ্ৰস্নাতা দীনমণি
জিলমিল দুচকু, 
ৰাতিৰ শীতল জোনাকত নীৰৱতা, 
আঁউসীৰ আন্ধাৰৰ নিৰ্জনতাত-
ক'তো নাপাই
ফটা কামিজৰ তলে 
হাতখন নি
বুকুখন খেপিয়াই চালোঁ-
ক'তা?
মই বুলিতো পৃথক অস্তিত্ব একোৱেই নাই! 
সাদৃশ্য বৈসাদৃশ্যৰ প্ৰতিফলনো নাই। 
মোৰ অধিকাৰকলৈও  অভিযোগ নাই, 
জীৱনৰ বা-মৰলি জাকত
 ঘূৰ্ণিত পতঙ্গ হৈ
কেৱল তল-ওপৰ কৰিছোঁ। 
বিষাদৰ বৰষুণ জাকত
জুৰুলি জুপুৰি কৈ তিতিছোঁ,
পৰিস্থিতিৰ তাল ভঙা নাই-
সময় আহ্বানক সাহসেৰে 
আদৰিছোঁ। 
দুখৰ ক'লা সাজযোৰ আলফুলে পিন্ধিছোঁ। 
পোৱা নোপোৱাৰ 
হিচাপবোৰ অব্যৱহৃত পৃষ্ঠাত ৰাখিছোঁ।
মান্যতাক যথেষ্টতাৰ স্থানত ৰাখিছো। 
শাৰীৰিক অৱয়ব ঐশ্বৰিক উপহাৰ, 
তেন্তে মোৰ আপোন অস্তিত্বয়েবা  ক'ত?
ৰহস্যাবৃত্ত অস্তিত্বত
মাথোঁ অংশাত্মা অভেদ্য-
ইয়ে চিৰন্তন সত্য।
——————————
অবৰ্তমানত  বৰ্তমান
ডাঃ বন্দনা তামূলী

আমাক মৰমৰ সূতাৰে বান্ধি
তোমাৰ মনৰ হেঙুলীয়া ৰ’দে
কুমলীয়া মনক পাখি মেলি ধৰে

তাঁত বাতি কাঢ়োতে
সূতাৰ আউলত
লিহিৰি আঙুলীৰ পৰশ বোৰে
মোৰ দুগালত স্পৰ্শ কৰে

পূৰ্ণিমাৰ জোনাক নিশা
দিপৰ বিলৰ পানীত জোনটোৱে
মনে মনে উচুপি উঠিছিল
তোমাৰ কপালৰ ৰঙা ফোটটো
অকাৰণতে অধিক ৰঙা হৈছিল
কৃঞ্চচূড়া পলাশে লাজ পাইছিল

উশাহবোৰ চুটি হৈ আহিছিল
মেঘবোৰ আউলি বাউলি হৈছিল
শ্মশানত এখন চিতা জ্বলিছিল
মা জোনাকী পখীহৈ উৰি গৈছিল
বৰ লুইতৰ সোঁতবোৰ
বৰ ভূঁইকপত কপিছিল

তুমি আছানে নাই
তুমিচোন সদায় আছা
সপোন দিঠকতে
হেঙুলীয়া পাখি মেলি
অবৰ্তমানত বৰ্তমান কৰি ৷
———————————
অনাড়ম্বৰ সপোন 
হিমা কলিতা 

ৰ'দ ভাল পোৱা
ওঁঠত ওঁঠ থৈ হাঁহি থকা
জীৱন প্ৰভাতৰ
এখনি অপৰূপা বাগিছা 
ফুলবোৰ হৈছিল জকমকা
থৌকি - বাথৌ হৈ
কুহেলিকায়ো হেন্দোলনি তুলি কৰিছিল চিকমিক
ওৰেনিশা নাচিছিল হালি জালি
সুবাসিত ফুলৰ পাপৰি ।

পুৱাতেই ফুল তুলি
গাঁঠিছিলোঁ মালাধাৰী
ৰচিছিলোঁ অনাড়ম্বৰ সপোন
মলয়ায়ো কাণে কাণে 
ফুলৰ বাতৰি দিয়ে
নীল আকাশও হৈছিল বিভ্ৰান্ত অপূৰ্ব ৰূপত 
উদ্বাউল্ হৈ ফুলবোৰে খিলখিলাইছিল
প্ৰতিটো প্ৰভাতৰ কিৰনত।

এদিন হঠাৎ কালজয়ী ধুমুহাই
ফুলবোৰ কৰিলে তচনচ 
কালৰূপীহৈ কুৱৈলতাই
ধৰিলে বেৰি
তাড়নাত চাটিফুটি ফুলৰ পাপৰি
জীৰ্ণ, শীৰ্ণ শেতা পৰি 
পৰিল ছিঙি 
আশাবোৰ উৰি গ'ল অননি-বননি ।
——————————————————

Post a Comment

0 Comments