পষেকীয়া কাব্যকানন অষ্টম বৰ্ষ দ্বিতীয় সংখ্যা

————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
——————————
বাটচ’ৰা
সম্পাদকীয়...

  মনত দোলা দিয়া ভাৱনাক পৰিশীলিত ৰূপত প্ৰকাশ কৰিবলৈ আমি বিভিন্ন মাধ্যমৰ সহায় লওঁ।গল্প, প্ৰবন্ধ,উপন্যাস ,কবিতা ইত্যাদি। কিন্তু এই মাধ্যমবোৰৰ ভিতৰত কবিতা হৈছে কিছু ব্যতিক্ৰম।কম কথাৰে হৃদয়ত দোলায়িত চিন্তা চেতনাক মন মগজুত খোদিত হোৱাকৈ অংকিত ছবিখনেই হৈছে কবিতা। শব্দৰ কছৰৎ ,কবিতাৰ অন্যতম অলংকাৰ। 
     কবিতা এক জটিল কলা। কবিতাৰ জনপ্ৰিয়তা তাহানিৰ পৰা এতিয়ালৈ কমা নাই। জনপ্ৰিয় বাবেই কবিতাত লৈ বিতৰ্কৰো অন্ত নাই।এইদৰে কবিতাই নিজৰ বাট কাটি আগবাঢ়ি আছে।আগৈও থাকিব।
এনেকৈয়ে কবিতা মানুহৰ হৃদয়ে হৃদয়ে খোদিত হওক।ওঁঠে ওঁঠে বাজি উঠক কবিতা।

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————————————
       অনুবাদ কবিতা      
यायावर की पुकार
डाॅ लखबीरसिंह निर्दोष 
कलकत्ता

ओ जीवनपथ के पथिक 
जीवनपथ तेराअविराम है 
धरती तो तेरी सम्बल है
गन्तव्य तेरा गगन गांव है; 

चिरन्तन डगर है तेरी यह 
चिर संगी रमय्या राम है 

चौदह भुवन हैं तेरे ठौर 
दिग्दिगन्त हैं इनके द्वार 
सीमातीत  इनकी प्राचीरें
प्रभामण्डल अनंत प्रसार 

परालोक नियति नियंता का 
परमसत्ता का परमधाम है;

যাযাবৰৰ নিনাদ
মূল: ড° লখবীৰ সিং নিৰ্দোষ
কলিকতা
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

হে যাযাবৰ
তোমাৰ জীৱনৰেখা অনাদি-অনন্ত
সসাগৰা তোমাৰ জীৱন সম্বল
গন্তব্য তোমাৰ গোলকধাম

অনন্তপিপাসু তুমি
চিৰসঙ্গী ৰামনাম

চৌধ্যভুৱন তোমাৰ অধীন
কপাত তাৰ অনন্ত প্ৰাচীৰ
প্ৰভামণ্ডল অনন্ত প্ৰসাৰী

ভাগ্য নিয়ন্তাৰ আনখন জগত 
পৰম সত্তাৰ পৰম বাসস্থান...
———————————
পখীৰ ওভতনি

মূল হিন্দীঃ–কেদাৰনাথ সিংহ
অনুবাদঃ– গণেশ বৰ্মন 

আজি আকৌ দেখিলোঁ
যোৱাবছৰে দেখা সেই পখীক
প্ৰায় এনেহেন দিনতে
এই চহৰতে

কি নাম আছিল ?
খঞ্জন
বালিমাহী
নীলকণ্ঠ 
মোৰ একোৱেই মনত নাই 
কিমান সহজে মই পাহৰি গৈ আছোঁ
ভাবিলেই ভয় হয়

কি নাম হ'ব পাৰে বাৰু তাইৰ
থিয়ৈ-থিয়ৈ মই ভাবি থাকিলো
মূৰ খজুৱাই-খজুৱাই 
একো ওৰকেই নাপালোঁ
আৰু এয়া মোৰ চহৰতে
কণমানি পখী এটিৰ ওভতনিৰ আলোড়ন 
ব্যস্ত পথতেই যি
মোক বহুপৰ ভবাই ৰাখিলে ।
———————————
                                কবিতা
পথ কেনি 
অৰ্চনা ঠাকুৰীয়া

প্ৰলাপ কিয় বকিছা... 
তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে
গলিত শৱদেহ
সেই একেখন নদীয়েই আনিব পাৰে
স্ফটিক পানীৰ জীৱন- জাৰুৱা 

মন গ'লেই তুমি চাব পাৰিবা 
মোৰ হাতৰ মুঠিত লুকাই ৰখা অনন্ত আকাশ কিম্বা
ক্ষুধাতুৰ পৃথিৱীৰ আঘোণী-পথাৰ 

অঙ্কত নিপুণ হ'লেও
তুমি বুজা উচিত যে অঙ্ক মানেই জঙ্ক পঙ্ক
নিমিলিলে মহা পয়মাল,  
জীৱনৰ এই জটিল অঙ্ক

আশাত চেঁচা পানী পৰিব পাৰে
স্বাৰ্থহীন ভালপোৱাৰ বাবেই অন্ততঃ জীৱনটোক জীয়াই থ'বা 
 পোহৰক ঠিকনা দিবা
ঈৰ্ষা বিহীন এখন অন্তৰৰ বাবেই মাথোঁ 
তেজক পানী কৰি 
বিলাই ফুৰিবা দুপৰৰ মৰিশালিত 
গাব পৰা এফাঁকি মাধৱী- ঘোষা

বুজা- বুজোৱা বহুত হ'ল
 অন্তত, এতিয়া মই তোমাক সুধিছোঁ
কুশলে আছানে তুমি
কেনে আছে তোমাৰ বুকুৰ আগুন

তেওঁ মূৰ তুলি মোলৈ চালে
দেখিলে মোৰ দুচকুত এহালি জোনাকী পৰুৱা
এটি ঈশ্বৰ
আনটো মায়া।
—————
(বিশেষ দ্ৰষ্টব্য)- জাৰুৱা :  এখনি জান।  নলবাৰী জিলাৰ বৰগাছা, ডাংগুৱাপাৰা, বননগৰৰ বৃহৎ এলেকাৰ খেতিপথাৰৰ পানীভাগ  জাৰুৱাজান নাম লৈ নতুনদেহৰ মৌজাৰ পশ্চিম দিশে আৰু নাম্বাৰভাগ মৌজাৰ পূব দিশেৰে বৈ আহি ধৰ্মপুৰ মৌজাৰ উত্তৰ দিশেৰে গৈ গৰৈহাতা জানৰ  লগ লাগি পশ্চিম দিশলৈ গতি কৰিছে  আৰু কানাইখুন্দা উপনৈৰ লগত লগ হৈ কৈঠালকুছি , গোবৰাদল ,নাকেৰবাৰী, নদলা হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনৈ বুঢ়াদিয়াৰ লগত মিলি ব্ৰহ্মপুত্ৰত  পৰিছে।
———————————
পুৱা
ৰেখা বৰকটকী

কুঁহকিনী  ডাৱৰৰ
কাতৰ অনুৰোধ
প্রত্যাখান নকৰি বৰষুণজাক
নামি আহিল 
ঘনঘোৰ বৃষ্টিয়ে
শিলাকৃত মাটিত
হেঁচুকি উলিয়াই কেচেমা গোন্ধ !

কাকিনী তামোলৰ ফাঁকেৰে 
মধুচন্দ্ৰিকাৰ জোনৰ
প্ৰণয় বিহ্বল চাৱনি!
উঁইচিৰিঙা বোৰে
বিয়া নাম জুৰে...
প্রত্যুষৰ নীলপদ্ম  ফুলাৰ সময়  সমাগত ...
নিশাৰ ছন্দোময়  পদধ্বনিত
পুৱতিৰ দিনলিপি থাকে
সেয়ে চাগে
কল্লোলিত আবেগ ঢালি
সলাজ পুৱতি।
————————
লাইন অৱ আনকণ্টল
উজ্জ্বল  স্মৰণ দত্ত

দেশৰো ভেশৰ ভেশ থাকে
চুকত খাই বুকুত
মৰকামোৰ  মাৰে

চলত শতৰু শালে
মুখাৰ মুখা খোলে
ইমাম ধৰম কাৰ থাকে

কলিজা কুটুৰি খাই
নিঙাৰে তেজ
কাফেৰৰ ঠাৰত নচা
পুতলাৰ পুতলা মুলুক

কৰাচীত কি খৰে খায়
মুলতানত চুলতান নাই
লাইন অৱ আনকণ্টল

বান্ধৰ বান্ধ নাই
চাচা নাই ভতিজা নাই
ভাই নাই বেহেন নাই 

জুইফুল ফুলাই
কোনে কাক জ্বলাব পাৰে
চগা হৈ মৰাত মৰে ৷
—————————
বৰষুণৰ দিন
ৰমেশ চন্দ্ৰ ৰায়

বজাৰত ঘূৰি ফুৰোঁতে বতাহ-বৰষুণে পালে
পাগ্লাস্থানৰ দোকান এখনত সোমালোঁ 
দোকানীজনে টোপনিয়াইছে
গ্ৰাহক  নাই ।
আপুনি টোপনিয়াইছে যে ? –মই সুধিলোঁ ।
সি উত্তৰ দিলেঃ-কি কৰিম কওক
বতৰ বেয়া 
এই ধুমুহা বৰষুণত কোন গ্ৰাহক আহিব
এনেয়েও বজাৰ একেবাৰে মন্দা
অনলাইন আৰু ডাঙৰ দোকানবোৰে 
সকলো গ্ৰাহক কাঢ়িলে
পূজা আৰু ঈদৰ সময়ত অলপ হয়
তাৰ পাছত গোটেই বছৰটো এনেকৈয়ে কটাওঁ 
কেতিয়াবা বহনি হয় কেতিয়াবা নহয় 
ঘৰত শুই থকাতকৈ ইয়াত বহি আছোঁ 
কথা ইমানেই ।

সময়বোৰ বতাহৰ দৰে 
আহে আৰু যায় 
ময়ো এসময়ত এইবোৰ দোকানত বজাৰ কৰিছিলোঁ 
গেঞ্জী বিচাৰি আহিছিলোঁ 
কামিজ বিচাৰি আহিছিলোঁ 
ফুৰিবলৈ যাম বুলি পকেট থকা হাফপেন্টৰ দৰদাম কৰিছিলোঁ 
বহুদিন হ'ল দোকান সলনি কৰিলোঁ 
কিয় সলনি কৰিলোঁ সি মোক নোসোধে 
সোঁতে সোঁতে সকলো ঘূৰিছে সেয়াইতো সত্য 

বৰষুণ বাঢ়িছে 
দোকানীজনে টোপনিয়াইছে 
মোৰো চকুহাল গধুৰ যেন লাগিছে 

বৰষুণ এৰিলে মই তেওঁৰ দোকানৰ বেঞ্চৰপৰা উঠি যাম
ঘৰত শোৱাতকৈ সি ইয়াতে বহি ৰ'ব।                      
--------------————
পাহৰিব নোৱৰা পেহেলগাম বর্বৰতা 
দেৱ দাস

পাহৰিব নোৱাৰা
পেহেলগাম বৰ্বৰতা

ইতিহাস বাগৰি 
পাৰহোৱা দিনৰে 
ভূ-স্বর্গ

সময় তৰপে তৰপে
থুপ খায়

শৈল শিখৰ কৈলাশ
আজিও নীলকণ্ঠ

কৌটি পুৰুষৰ ভূষণ

মানুহৰ সুখ দুখৰ ভড়াল

গঢ়ি উঠা ভড়ালটো
ওপচি পৰিব

থুপ খায় সময়
ইলেক্ট্রনিকস্ চমক

কেতিয়া শেষ হ’ব
নৰকঙ্কালৰ পাহাৰ

শতিকাৰ সীমনাত
পেহেলগামতে 
শেষ হওক
এনে বিভিষীকা

ওভতি আহক
মানুহৰ মমতাৰ স্বাধীনতা
নিঃশেষ হওক বর্বৰতা।
—————————
ঈৰ্ষা
দিলাল আহমেদ

তুমি যিমানেই আঘাত কৰা
মই হওঁ সিমান দৃঢ়৷
জানো, বোকাত বহি যায়
কৰ্ণৰ দৰে বীৰও৷

বাটৰ কেঁকুৰিত গীত এটা গুণগুণাই
কেতিয়াবা আন্ধাৰত বহোঁ৷
ওভতি চাওঁ এৰি থৈ অহা
হাবিয়নি চৰাইৰ মাত৷

মোৰ চকুত নামে শ্ৰাবণ-আহাৰ
চকু মানে তো চকুপানী
আৰু অবুজ দৃষ্টি
পাহৰা যায় কি  প্ৰথম মিলন আমাৰ!

কত দিন অহা নাই কাষলৈ
কত দিন যোৱা নাই কুমাৰী ঘাটলৈ৷
ভালপোৱাত সকলো হেৰুৱা
মই এক ক্লান্ত লোক
মই বিচাৰো আমাক দেখি 
জোৎস্নাৰো ঈৰ্ষা হওক৷

আজি বেছি নিশা নকৰিবা প্ৰিয়া
খোলা তোমাৰ ৰজনীদ্বাৰ৷
এনিশাত একোৱেই নহয়
মই যে বিচাৰো বাৰংবাৰ৷
——————————
আৱৰণ
চয়নিকা ভূঞা 

নিজক সলনি কৰিবলৈ আন এক প্ৰস্তুতি
নিজক ভালে ৰখা আন এক পৰিকল্পনা

ইতিহাসে গৰকা কথাত
এতিয়া পৰিৱৰ্তনৰ ঢৌ

নিজৰ বাবে নিজক জীয়াই ৰখাৰ স্বাৰ্থ
নিজৰ বাবে নিজকে অভিযোগ
নিজৰ বাবে নিজক সন্তুষ্ট কৰাৰ 
আন এক কৌশল 

কেৱল নিজক লৈ সকলো ব্যস্ত
উলংঘা নীতিৰ পয়োভৰত হাউলি পৰা ধৰা

বিচাৰ কক্ষলৈ কত যোজন বাট
অন্তহীন বাসনা
অন্তহীন লালসা
আৰু শেহতীয়া বিচাৰত 
ভালপোৱাৰ ৰ'দালি ।
—————————
জোনাক নমা সন্ধিয়া 
ইভা গন্ধীয়া ফুকন

জোনাক হেনো নামিব আজি সন্ধিয়া 
জোনাকৰ বৰষুণত তিতিছানে কেতিয়াবা 
উহঁ , নাই তিতা 
মইও তিতা নাই 
আহিবা আজি সন্ধিয়া 
জোনাকৰ বৰষুণত তিতিম দুয়ো 
বিচাৰিম জীৱনৰ মাদকতা 

আপোন পাহৰা হৈ চাই ৰ'ম 
চিকমিক সৰগৰ তৰা 
শব্দৰ ভাষা চকুৰে বুজিবা 
নিশাৰ নিস্তব্ধতাত 
শুনিবা হৃদয়ৰ কোলাহল 
ঠুনুকা মনৰ ৰুণুক-জুণুক শব্দ 
তাতে বিচাৰি পাবা জীৱনৰ ছন্দ 
চকুৰ পতাৰ উদ্বিগ্নতা আঁতৰাই 
লিখিম জীৱন জীয়াৰ অঘোষ মন্ত্ৰ 

দেওদি নচা জোনাকী পৰুৱাৰ নাচোনত 
খহিব বুকুৰ দেৱাল 
তলে তলে বৈ থকা উৎকণ্ঠা শিহৰণ 
উৰ্বৰা হৈ সেউজী  হ'ব 
মনৰ শালৰ ফুল তুলি থকা 
উলট- পালট ব্যস্ত মাকোঁয়ে 
অতৃপ্তিয়ে বিচৰা তৃপ্তি বা 
তৃপ্তিয়ে বঢ়োৱা অতৃপ্তিৰ ফুল বাচিব 

তুমি উপহাৰ দিয়া সৰু জীয়া শিলৰ পোৱালিটোৱে 
মোৰ বুকুত পাহাৰ এখন আঁকি বগাইছে 
চকুৰ গভীৰতাত , আনে বিচাৰি নোপোৱা ক'ৰবাত 
ঘৰ এখন সাজিছে 
অপেক্ষাৰ বালিচৰৰ মাজেৰে 
বকুল বনৰ সূতি নিগৰি নিগৰি 
হৃদয় অন্তৰীক্ষত অন্তঃসলিত প্ৰবাহ 
তাতে বিচাৰি পাবা তোমাৰ নিৰ্বাহ।
———————————
উৎপল শৰ্মা সমীপেষু...
ৰবিন কুমাৰ চেতিয়া

জাতিটোৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 
খিলঞ্জীয়াৰ অধিকাৰ ৰাখিবৰ বাবে 
উৱঁলি যাব ধৰা কথাবোৰ পাতিবলে'
এই ব'হাগতে আহিবি নে অ' ককাই 
তোৰ বলিষ্ঠ কণ্ঠৰ দুবাহুত ধৰি 
হাতে হাত ধৰি আগুৱাই যাম 
প্ৰবল যুক্তিৰ চিন্তা চেতনাৰে 
অদম্য সাহস আৰু নেতৃত্বৰ বিশ্বাসত 
ভণ্ড নেতাৰ চাতুৰালি উফৰাম 

চৌপাশে এতিয়া ৰাজনীতিৰ খেল 
যেনিয়ে চাওঁ তেনিয়ে কেৱল 
ন্যস্ত স্বাৰ্থৰ গুপুত মেল 
তোৰ কথা শুনি অসহায় জনতাই 
ৰৈ আছে শুনিবলে' তোৰ আহ্বান 
উদাত্ত কণ্ঠৰ সুৰৰ ধ্বনি শুনি 
একেলগে গাব খোজে জাতিৰ জয়গান 
আহিবি নে অ' ককাই 
শত শত শ্বহীদৰ আত্ম বলিদান 
ব্যক্তিগত স্বাৰ্থৰ লেতেৰা সোঁতত পৰি 
তয়ো জানো হ'বলৈ দিবি ঠানবান 

নেতাৰ নেতাগিৰি বহুত দেখিলো 
দেশপ্ৰেমৰ ভাষণ বহুত শুনিলো 
প্ৰলোভন প্ৰতাৰণাৰ চলাহী কথাত 
উটি-বুৰি গ'ল মোৰ অবোধ জনগন
তোৰ সাহস আৰু কণ্ঠ দেখি শুনি
এঘড়ী যুঁজিবলৈ পুণৰ বান্ধিছে মন
কক‍াই অ' হ'বিনে তয়েই নতুন শৰাইঘটীয়া 
'জয় আই অসম' বুলি মেদিনী কঁপাই
হবি নে জাতিৰ গৌৰৱ তই সঁচা অসমীয়া

জাতিটো হওক তোৰ প্ৰথম প্ৰেম 
ভাষাটো হওক তোৰ স্বাভিমান
আবেগিক অসমীয়াৰ আছে বহু 
কৃষ্টি সংস্কৃতিৰ মান অভিমান
অসম অসমীয়াৰ বুলি কৰিবি প্ৰমাণ 
ককাই অ' শতৰুৱেও বখানিব তোৰ জয়গান

নায়ক হব খুজি নিদিবি ভাষণ
পাৰ যদি নকৰিবি সলনি আজিৰ মন
প্ৰতাৰণাৰ ফলাফল সকলোৱে জানে
পপীয়া তৰা হৈ জীয়াই থাকে কোনে 
অ' ককাই তই হবি সাৱধান 
ৰাইজৰ কথালৈ দিবি মন কাণ
ৰাইজৰ আশা লৈ দিবি মন কাণ ...
—————————
জীৱন
ৰূপজ্যোতি ৰাভা

জীৱন মানেই সংগ্রাম। 
জীৱন মানেই যুদ্ধ। 
জীৱন মানেই মায়া।

সুখ দুখ হাঁহি কান্দোন 
আদি ইত্যাদি 
নহয় জানো জীৱন?

আশা সপোন কল্পনা 
পোৱা নোপোৱা হেৰুৱায় অপেক্ষা।

ঠিক সেই বোৱতী নৈ খনৰ দৰেই 
সমুদ্ৰৰ সন্ধানত বৈয় থাকে।

কেতিয়াবা আন্ধাৰতো পোহৰ আৰু 
কেতিয়াবা পোহৰতো আন্ধাৰ।

কেতিয়াবা পোৱাৰ সুখ 
কেতিয়াবা হেৰুওৱাৰ অশ্রু 
এইয়াই জীৱন।

মায়া হীন জীৱনৰ 
মায়া অপাৰ।
——————————
সপোন নে দিঠক
পৰাগ তামুলী

কি হ'ল?
সামান্য ঠাণ্ডা লাগিলে 
লেপ-কম্বল জাপি দিয়া
মৰমত হায়ৈ বিয়ৈ কৰি থকা সকলৰ কোনেও আজি 
পূৰ্বৰ দৰে একো কৰা নাই।
গাৰ ওপৰত জাপি দিয়া
শুকান কঠিন বস্ত্ৰৰ 
মাজেৰে অহা ঠাণ্ডা বতাহ জাকে মোৰ কলিজা কঁপাই দিছিল।
একো ক’ব পৰা নাই।
কোনেও একো কোৱা নাই।
কিয়?
কি হ'ল?

এজনে অনুভৱ কৰিলে হয়তো!
গৰম লাগক বুলি 
জুই একোৰা আগবঢ়াই দিলে। 
মোৰ একো অনুভৱ হোৱা নাই।
এফালৰ পৰা আৰম্ভ কৰি সময়ত সকলো শেষ হ'ল।
তেতিয়াহে গম পালোঁ 
মোৰ বোলে মৃত্যু হ'ল।

এতিয়া মই স্বৰ্গবাসী।
এদিন স্বৰ্গতো মোৰ মৃত্যু হ'ব।
সেইদিনা মই মানুহ হৈ আকৌ আহিম।
বাকী থকা সকলো কথা খুলি ক'ম।
অপেক্ষা কৰিবা।
———————————
তুমি একক, অনন্য
ৰূপজ্যোতি গগৈ

তুমি লাহি হাতেৰে মোক চুই দিলা
মই নিকা হৈ পৰিলোঁ
ধূলিবোৰ, ধোঁৱাবোৰ লাজ পাই আঁতৰি পলাল
মই জীপাল হ'লোঁ
সজীৱ হ'লোঁ 
লাহে লাহে সেউজ কুঁহি লৈ ভৰুণ হ'লোঁ।

তুমি চাই মন্ত্ৰমুগ্ধ হ'লা 
ৰৈ ৰৈ দোতাৰা বজালা 
প্ৰেমিক পখিবোৰ আপোনপাহৰা হ'ল 
উৰি উৰি, ঘূৰি ঘূৰি নাচি নাচি ৰ'ল 
সুঁহুৰিয়াই সুঁহুৰিয়াই সুৰৰ নাচোন বিয়পাই গ'ল 
অ' ফাগুনৰ প্ৰথমজাক বৰষুণ, তুমি একক 
তুমি অনন্য
মোৰ বুকুৰ মৰুভূত ফুলি উঠা এপাহ মালতী ফুল! 
----------------------
এপিয়লা মদিৰা
সুপ্ৰীতি বৰুৱা 

শোকগাথাৰে নিৰ্বাপিত নকৰোঁ
স্খলিত  হৃদয়খন,
মধুশালাৰ এপিয়লা মদিৰা বিচাৰোঁ।
বাকী থকা দিনৰ সুখৰ আখৰাৰে
আখলৰ পৰা  মাৰললৈ সজাম মাথোঁ 

মধুশালাৰ এপিয়লা মদিৰা 
কিছু ক্ষণিকৰ  বাবে 
প্ৰাপ্তিৰে উপচাব বিচাৰোঁ,
এনেকৈয়ে বুকুত গাঁঠি থোৱা শোকগাথাবোৰ নিৰ্বাপিত  হ'ব 
সাময়িকভাৱে,
মধুশালাৰ এপিয়লা মদিৰা 
পোৱাৰ বেদনাত এপিয়লা মদিৰা
নোপোৱাৰ  বেদনাত এপিয়লা মদিৰা,
মধুশালাৰ এপিয়লা মদিৰাই হাহাকাৰ কৰা হৃদয়খন 
কিছু ক্ষণিকৰ বাবে উপচাই  দিব
নীলা আকাশ 

মাটিৰ মটীয়া ৰঙকো 
চিনা পাব  সহজে,
দুখৰ দানৱক আঁতৰাই  
সুখী মানৱজনক সুখানুভূতিৰে বিলীন কৰিব, 
মাথোঁ মধুশালাৰ এপিয়লা মদিৰা বিচাৰোঁ।                    
——————————
এন্ধাৰ অশ্ৰুৰ ছাঁ 
ড০ আদিল আলী 

মুমূর্ষু হৈ 
বহি পৰে 
মোৰ সচেতন মনৰ   
অপাপ-হৃদয়  

আঙুলি কামুৰি 
উৰি যায় বিমৰ্ষ মন 
তামবৰণীয়া আকাশলৈ 

শূন্যতাত আঁকি থাকো নীৰৱে 
এখন প্ৰেমৰ ঘৰ  

মিঠা স্মৃতিত দুখবোৰ বহি পৰে 

এন্ধাৰ অশ্ৰুৰ ছাঁ 

তাইৰ 
অমাতত 
আকাশত অবিৰাম বিজুলী নমাৰ দৰে 
মোৰ মূৰত সৰগ ভাগি পৰে 

এন্ধাৰ অশ্ৰুৰ ছাঁৰ বাটেৰে 
নৈপৰীয়া বালি হাঁহ এজাক আহি 
মোৰ বেদনাক্লিষ্ট হৃদয় নিচুকাই  

নিয়তিৰ কোলাত 
চকুলোৰ বান 
বিষাদত কঁপে 
জীৱন যাত্ৰাৰ খোঁজ 

আস্  ! 
বায়ুত ইমান কৰ পৰা বলিছে 
উশাহ হেৰুৱা পচোৱাৰ ধল্ 

এন্ধাৰ অশ্ৰুৰ ছাঁ  
——————————
আকৌ যদি…
ডালিম কুমাৰ সিংহ

পহেলগাম!
বুকুৰ মাজত সুপ্ত হৈ থকা
'সমৰ্পিত ভাবনা'
পুন: জাগ্ৰত হয়;
নিৰৱ দৰ্শক নিৰৱ শ্ৰোতা হৈ
কিমাননো সহিম?
আগ্নেয় অস্ত্ৰ হাতত লৈ
এৰি অহা সেই ঘাটিবোৰ
আকৌ উভতি চাবলৈ মন-
'ক'ত আছে লুকাই
সেই কাপুৰুষৰ দল?
কাৰ উচটনিত
এই নিষ্ঠুৰতা? এই বৰ্বৰতা?

কাশ্মীৰ উপত্যকাত কাৰুণ্য ৰোদন
আপোনজনক হেৰুৱাৰ
সৌন্দৰ্যভোগৰ বিনিময়ত
নিথৰ প্ৰাণ আৰু
ৰঙা তেজৰ চেঁকুৰা
নোৱাৰোঁ সহিব

আকৌ যদি যাব লাগে...
——————————
অস্তিত্ব
লাৱণ্য নাথ

পাখিদুখনেৰে 
আৱৰি ধৰিছিল 
সমস্ত সত্তা...

পৃথিৱীৰ ওজন 
মুৰৰ ওপৰত থৈ
কেতিয়াও চাব খোজা নাই
সূৰুযৰ স্থিতি।

তুমি কোৱা নাই,
ময়ো সোধা নাই
ইয়ো এক বুজা বুজি সময়ৰ

পৃথিৱীৰ সুন্দৰতাখিনি 
ইয়াতে বিচাৰি পাইছোঁ 
তোমাৰ স'তে 
এক নান্দনিক গতিত...

আকাশত সূৰুয নাথাকিলেও
পোহৰ কৰিবপৰা মোৰ পৃথিৱী।
জীৱন দুৰ্লভ!
এতিয়া আমাৰ হাতত প্ৰতিপল অনুভৱত আছে,
অন্তহীন সুলভ প্ৰৱাহ...।
——————————
উজাগৰী নিশাৰ কবিতা
ড° ববিতা বৰ্মন

সিদিনা তুমি কৈছিলা
মোৰ হেনো মনালিছাৰ হাঁহি 
সুধিছা জানো কেতিয়াবা
ট্ৰেজেডী নে কমেডী থাকে
মোৰ অনুভৱৰ দলিছাত 
হৃদয়ত নে মগজুত 
কঢ়িয়াই ফুৰো হেপাঁহবোৰ 
আৰু যে কিমান গোপন কথা---

বুজি নোপোৱা জানো
গোলাপ নে কাঁইটৰ সুবাস
বৈ থাকে মিচিকিয়া হাঁহিত
ভালপোৱাৰ বৰষুণজাকত 
খিলখিলাই মৰা হাঁহিটো
ভালেই নালাগেচোন তোমাৰ 
বুজিও নুবুজাৰ ভাও ধৰা
অচিনৰে চিনাকি তুমি---

সেয়ে মৰমেৰে  কৈছোঁ,
মোৰ ইউকেলিপ্তাছৰ ডালত
যদি চৰাই হৈ বহি চোৱা
আকৌ এবাৰ মাৰিব পাৰো
মনালিছাৰ ৰহস্যময় হাঁহি
ওঁঠেৰে নহয় , চকুৰ ভাষাৰে।
——————————
দুপৰ নিশাৰ বাঁহীৰ সুৰ
সুৰেশ চন্দ্ৰ ৰায়

মাজনিশা
এক কৰুণ বাঁহীৰ সুৰ
ভাহি আহিছে,
আঁহতজোপাৰ পাতৰ শব্দৰ স'তে,
কোনে বজাইছে, কিয়বা বজাইছে?

বিধৱাজনীৰ বুকুৰ বিষটো উক দিছে,
পুত্ৰহাৰা মাতৃৰ পুত্ৰৰ প্ৰতিচ্ছবি চকুত ভাহিছে,
মাতৃহাৰা পুত্ৰৰ চকু সেমেকিছে,

লাল-কাল টোপনি 
দিঠক নে সপোন,
বিষাদেৰে ভৰিছে মন,
অবুজ ভাৱে ডেউকা মেলিছে
কোনোবা অজান দেশলৈ,

নাভাবিলেও ভাৱ আহে
ভাৱবোৰে পোখা মেলে,
বিয়পি পৰে আকাশ 
বাঁহীৰ কৰুণ সুৰৰ স'তে
বিলীন হৈ যায়।
——————————
দুবৰি দলিছাত 
ৰূপা ৰাণী দেৱী

নিয়ৰৰ টোপাল আঁতৰোতেই জানিলোঁ মই 
বসন্ত আকৌ আহিলা ?
কিহেৰে আদৰিম তোমাক ? 
আগ চোতালৰ তামোল জোপাত কপৌ ফুলিছে
ফুলিছে তগৰ , 
ফুলিছে মদাৰ
ভাবিছো তাৰেই এপাহ দিম তোমাক
এখন বিহুৱানো ৷

শিপিনীৰ তাঁতশালত খিটিক খিটিক মাকোৰ শব্দ 
তোমাৰ ব’হাগীক আদৰিবলৈ বৈছে শালত ৷
চ’তৰ  শেষত বছৰ বিদায় , তোমাক আদৰাৰ প্ৰয়াস ৷
গছ লতা জকমক কুঁহিৰ কুঁহিপাত 
মাণিকী মধুৰী মৌ  কুহুঁ কুহুঁ মাত
দেউতাৰ পদূলিত ফুলিছে মাধুৰী 
গোন্ধতে আমোল মোলাই কেতেকী ৷

বসন্ত আহিলে এই ধৰাত 
উদাসী কুকিলৰ সুৰে মন ভৰাই ৷
কৃষ্ণচুড়াই ৰাজপথ সাজে 
সংগীতৰ কলতান কাণত বাজে ৷
ৰঙীন আবিৰৰ বসন্তই গায় গান 
সেয়ে হয়তো বসন্ত ঋতুৰাজ 
কুঁহিপাতৰ কোমলতাৰে 
নিৰাশাৰ লেখাৰ আশাবোৰ লৈ
আহা ঋতুৰাজ দিছো প্ৰতিশ্ৰুতি ৷
সদায়েই আদৰিম ন ন  সাজেৰে 
বসন্ত স্বাগতম , তোমাক স্বাগতম ৷
——————————
আমি বীৰাঙ্গনা
মীনা বৰুৱা

আমি হ'লো ভাৰত আৰু
অসমৰ জীয়ৰী
আমি বীৰাঙ্গনা  অসম মাতৃৰ
আমাৰ মাজতেই আছে
মূলা গাভৰু ,সতী জয়মতী
ঝাঁন্সীৰ ৰাণী লক্ষ্মীবাই।

মৰিলে দেশ তৰিলে স্বৰ্গ
দেশ বুলিলে নালাগে আদেশ
আমি ভাৰতৰ নুমলি জীয়ৰী
অসম মাতৃৰ বেশ ।

আহা আগুৱাই শত্ৰুক ৰুধি
বচাওঁ আমাৰ দেশ।
হ সাৱধান শত্ৰু সেনানীৰ দল
জীৱন্তে বধিম নাশ হ'ব
তোৰ  অগ্নিশিখাৰ দল 

জীৱন বিপন্ন কৰি 
আগুৱাই যাম
আই অসমীৰ জয়গান গাম।
আমি অসমৰে সাহসী জীয়ৰী
ভাৰতৰে নুমলি
বিৰাঙ্গনা  বোৱাৰী।
———————————
আশা
ভূমিকা দাস 

মনৰ কুঠৰীত সেই  জুইকুৰাৰ দপদপনি কাহানিও নুনুমাই 
বুকুত সাৰে আছে আজিও নজহা নপমা একেটি সাধু

 নিৰ্জনতাই‌ সময়ক নিচুকাই 
 নিংসগতাই কিয় বাৰু 
আশৈশৱ প্ৰীতিৰ মাজত এখন দেৱাল‌ সজাই ?

 শুই থকা পৃথিৱীয়ে ইয়াৰ একোৱে উমান নাপায় 
এজাক পলৰীয়া ডাৱৰে আহি জুমি জুমি চায় 

বগৰীৰ ফুলবোৰ ফুলিছে
কুলিৰ‌ কুউ কুউ বিননিত আকাশ উন্মাদ

উতনুৱা হৈছে বৰদৈচিলাজনী 
বা-মাৰলিৰে গা তাইৰ সাতখন আঠখন
বিলাই দিবলৈ আহিছে ব'হাগৰ সুগন্ধি 

তাইৰ মাতত  আবেগ -বিহ্বলতা
মোৰ মনত এক আশাৰ ৰেঙনি...
———————————
চ'তৰ বতাহ
কবিতা গোস্বামী 

পাহাৰৰ পৰা বৈ অহা 
শুকান বতাহ ছাটিয়ে
বুকু ফালি কাঢ়িছে হুঁমুনিয়াহ। 

চৌদিশে শুকাইছে পানী 
চ'তৰ ৰ'দ-বতাহৰ তাপত,
মনবোৰ শুকাইছে উদাসীনতাত
সৰি পৰা গছৰ শুকান পাতত।

কোমল ধান সিজোৱা ৰ'দত
চিৰাল ফাঁট দিছে মোৰ গৃহৰ চোতাল 
আৰু উদং পথাৰৰ নিৰস বুকু।

আছে নেকি ক'ৰবাত ডাৱৰ!
পানী পিয়া চৰাইজাক দেখিছোঁ 
উৰি গ'ল হতাশাৰে নিজ বাহলৈ।

গছে-বনে সেউজীয়া কুঁহি পাতে
মাতিছে বহাগীক দি হাত বাউলি,
অপেক্ষাৰতা ময়ো গৃহৰ পদূলিত।

উদাসমনে আকাশ ধিয়াই
ময়ো ৰৈ আছোঁ অকলশৰে
সাৱটি তপত-নিৰাশ-নিশ্বাস 
ধূলি ধূসৰিত এই নিৰ্জন গধূলিত ।
———————————
অপেক্ষা
দিলীপ তালুকদাৰ

পুৱাতেই ক'লাবোৰ বগাৰে মচিলোঁ
চৌপাশে বিয়পিছে শুভ্ৰ-সুবাস

প্ৰেমৰ নিজৰাটি বৈছে
হৃদয়ৰ পৰা হৃদয়লৈ
সাঁকোখনো এতিয়া কটকটীয়া

বিচ্ছুৰিত পোহৰে জগত পোহৰাব

ধ্যানস্থ, অপেক্ষাৰত জীৱন
এক সু-সম যুগান্তৰৰ অপেক্ষাত!
——————————
মুক্ত প্রেমিক
ৰাহুল ৰাভা

নিশাবোৰ গভীৰভাৱে বাঢ়ি আহে
মুক্ত প্ৰেমিকৰ 
অজস্ৰ বিকট চিঞৰৰ ঢৌ উঠে; 
ডায়েৰীৰ পৃষ্ঠাবোৰত ক্ৰমে 
চিয়াঁহীৰে কৰুণ আঘাত সানে।

কালাগ্নিৰ ধোঁৱাই আগুৰে 
সমগ্র কোঠা, 
ওঁঠৰ স্পৰ্শ হিচাপে লাগি ৰয় 
মাথোঁ এটি চিগাৰেট।

চিগাৰেটৰ ধোঁৱাৰ সতে  
মিলন ঘটে কালাগ্নিৰ ধোঁৱাৰ।

নিশাবোৰ বাঢ়ি আহে 
গভীৰভাৱে, 
মনে মনে 
নিঃশব্দে..!
————————
এমুঠি জোনাক 
প্ৰনিতা দেৱী

জোনাক তুমি মোৰ মন আকাশৰ 
মোৰ হৃদয়ৰ শিখাগচি বাহিৰৰ বতাহজাকে বৰকৈ আমনি কৰিছে 
বিৰহী সূৰুযৰ উত্তাপত দহি ছাই হোৱা হৃদয়খনে বৰকৈ উচুপি উঠিছে 
নিশাৰ নিৰ্জনতাত ইমান কিয় আকুলতা 
ব্যস্ত জীৱনত থাকে জানো নিসংগতা?
জোনাক তুমি মোৰ মন আকাশৰ 
অনুভৱৰ দলিচাত তুমি নতুন সপোন হৈ নিষিদ্ধ প্ৰেমৰ ঘাটত মৰ আউসীৰ নিশা আহিবা এমুঠি জোনাক হৈ
——————————
আকাশত…
মুক্তিস্নাতা শৰ্মা

এতিয়া আকাশ ফৰকাল
জোনাক 
তুমি নুবুজিবা
তৰাবোৰে  দিনত 
অস্তিত্বহীনতাত ভুগাৰ
বেজাৰ,
সচাকৈ!
ডাক জাক তৰাতকৈ সূৰ্য্যটোৱে ভাল !

মেঘালী তুমি পিছে!
মায়াবিনী,
মন মোহিনী...
—————————
জাগ্ৰত প্ৰহৰী
যামিনী দেৱী

জনা নাছিলোঁ মই
পেহেলগামৰ পৰা 
স্বৰ্গলৈ যোৱা বাট
ইমান চমু বুলি
নিমিষতে এজাক
ৰক্ত ধুমুহাত
থানবান হ'ল
সপোন সমূলি
ধুমুহাৰ মাজতো জ্বলাম
নুমাই যোৱা চাকিটি
নহও নৈৰ পানী যুৱলিৰ
লহ্‌পহীয়া তিলগছ জুপি
সাৰে থাকিম
প্ৰজ্জ্বলিত প্ৰদীপৰ
তলকামাৰি শুই থকা
উজ্জ্বলতা বিচাৰি
জাগ্ৰত প্ৰহৰীহৈ
অনাগত ভৱিষ্যতৰ
সুগন্ধ বিচাৰিম
নৰাপেঁপাৰ সুঁহুৰিত
অলিন্দ-নিলয়ত জাগিব
গোপন গধূলি
সাৰে থাকিম
জাগ্ৰত প্ৰহৰীহৈ
ভৱিষ্যতে এনে নিৰ্মম ঘটনাৰ
পুনৰাবৃত্তি নহওক দুনাই।
——————————
ব'হাগী নাচনী
অঞ্জনা ৰূপা দাস
 
অসমী জীয়ৰী ৰঙালী ৰূপহী 
সাতখন আঠখন গা, 
ভৰিৰ উজুতিত যঁতৰটি  ভাঙিছে
বসন্তৰ বতৰা পাই। 
নৈৰ ন-পানীত দেহাটি পখালি
পিন্ধিলে সেউজী ৰিহা,
পুৱাৰ সূৰুয কোঁৱৰে 
জোৰ ফুট পিন্ধালে
উজ্জ্বলি উঠিলে দেহা। 
বসন্ত কোঁৱৰে পাহাৰ বগাই বগাই
আনিলে কপৌফুল থোপা, 
নাহৰ তগৰে কাণতে পিন্ধালে
নৰা- জাংফাই তৰা। 
ব'হাগীক সজালে নাচনী সাজেৰে, 
মেঘ ৰজাই বজালে মাদল , 
বিহুৱতী চৰাইয়ে বিহুগীত জুৰিলে
বতাহত উৰিলে আঁচল।
——————————
হৃদয়
মীনাক্ষী মহন্ত 

চেচাঁ বতাহজাক আহি
পদূলি মুখ পাওঁতেই
কেনি জানো হেৰাল মোৰ
হৃদয়ৰ মলিনতাবোৰ।

যথঁৰ হৈ পৰিল
মোৰ শৰীৰত থুপ খাই 
থকা ৰক্ত কণিকাবোৰ। 

কিয় জানো? 
হেজাৰ হেজাৰ পক্ষীৰ 
কাকলিতো নগলিল
বন্ধ হৃদয়ত থিতাপি লোৱা 
এখনি আধা লিখা দস্তাবেজ। 
———————————
এটি কবিতাৰ মৃত্যু
মনীষা শইকীয়া কলিতা

বিক্ষিপসমাজ ,অস্থিৰ মন এটি কবিতাৰ মৃত্যু হ'ল ওপজা লগ্নতে 
যি হয়তো নান্দনিক অনুভূতিৰ এক উৎস
হৃদয়ত আলোড়ন সৃষ্টিৰ একলহৰ

এক লহমাৰ কাৰণে অঙ্কুৰিত হোৱা কবি সত্তাৰ অন্তৰতে  মৰহি গ'ল তাৰ বীজ ।

কিয় এনে হয় ?
কিয় এনে হবলৈ পালে ! স্বাভিমানক আঘাত কৰা সমাজ আৰু সময়ে মুখা খুলি ৰূপ সলায়
প্ৰকট হয় নিষ্ঠুৰতাৰ এক ছবি
এটি অবুধ শিশুৱে সুন্দৰ ফুল এপাহ মোহাৰি পেলোৱাৰ ছবি                 
কীট-পতঙ্গ মোহাৰি মাৰি পেলোৱাৰ ছবি 
এৰা ! অবোধশিশু নে হিংসা-প্ৰতিহিংসা!
———————————
এটা বাট
অংকুৰ দাস

প্ৰাক যৌৱনৰ চিনাকি বাট
কিঞ্চিৎ একা বেঁকা তাৰ গতিপথ
সোঁৱৰণি লঘু পৰিহাসময়
অলপ বেদনাৰে ভৰা 
যদিও সৌন্দৰ্য তাৰ লেখত ল'বলগীয়া
সেয়া পাহাৰ আৰু বননি ধুনীয়া
মাজে মাজে জলাশয় আৰু ৰঙীন ফুলৰ হাঁহি অন্তৰপৰশা

এই বাট মোৰ লগৰীয়া আজি
মিচিকি হাঁহিৰে যাচে মসৃণ চাদৰ এখনি
অথবা এখনি দলিচাৰ আদৰণি
কয় সি
'যোৱাগৈ বন্ধু, লগ পাম আকৌ কিজানি'

পৰাজয় গ্লানিমাৰে ভৰা এই বাটৰ কাহিনী
ভাবিলে ভাবিব পাৰি জীৱন ক্ৰীড়াঙ্গন
হৰা জিকা এটা মুদ্ৰাৰ দুপিঠি।
———————————    
বিহগী কৱি ৰঘুনাথ চৌধাৰীদেৱৰ ’গোলাপ’ কৱিতাত কৰুণ সুৰ
ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

বিহগী কৱি ৰঘুনাথ চৌধাৰীদেৱে কেতেকী, দহিকতৰা, গিৰিমল্লিকা, ব’হাগীৰ বিয়া, গোলাপ আদি ভালেকেইটা কৱিতা ৰচনা কৰিছিল৷ তেওঁৰ কৱিতাসমূহ বিশেষকৈ প্ৰকৃতি আৰু চৰাই বিষয়ক৷ আন আন বিষয়তো হাত নিদিয়া নহয়৷ 

তেখেতৰ জীৱনটো বৰ দুখদায়ক আছিল৷ সেয়ে তেওঁ জীৱনে দিয়া যন্ত্ৰণাবোৰক পাহৰিবলৈ কলম হাতত তুলি লৈ কৱিতাৰ আশ্ৰয় লয়; আৰু যুগজয়ী কৱিতাসমুহ ৰচনা কৰে৷ 

তেওঁৰ কৱিতাসমূহত কৰুণ সুৰ এটাই অন্তঃসলিলা হৈ বয়৷ ’গোলাপ’ কৱিতাটো ইয়াৰে অন্যতম৷ এই কৱিতাটোত আবিয়ৈ ৰঘুনাথ চৌধাৰীয়ে গোলাপপাহীক এগৰাকী ছোৱালীৰ ৰূপত কল্পনা কৰিছে৷ ছোৱালীগৰাকী কেনেকৈ ডাঙৰ-দীঘল হৈ আনৰ ঘৰ শুৱনি কৰিব গৈ নীৰৱ কাৱ্য গাথা, অতীতস্মৃতি, উদাস প্ৰেম, হা-হুতাশ আদি প্ৰকাশ কৰে তাকে বৰ্ণনা কৰিছে৷ এই কৱিতাটো সমালোচকসকলে পুৰুষে নাৰীক কেনেকৈ অধীনত ৰাখিব বিচাৰে তাৰ গোন্ধ পোৱা বুলি ক’ব খোজে৷ সেইটো এটা অন্য আলোচ্য বিষয় হোৱা হেতুকে এই প্ৰৱন্ধটোত উনুকিয়াইহে থলোঁ৷

কাৰ পৰশত ফুলিলি বান্ধৈ

অ' মোৰ সাদৰী ফুলাম পাহি?

শ্যামলী পাতৰ ওৰণী  গুচাই

কাৰ ফালে চাই মাৰিলি হাঁহি?

অন্তৰ্নিহিত সুৰঃ আদৰি ছোৱালীজনী কাৰ পৰশত ডাঙৰ হল? আচৰিত হৈছে কৱিগৰাকী৷ গোলাপ কলি যেন ছোৱালীজনী ডাঙৰ-দীঘল হৈ ন-কইনাজনী যেন ওৰণিতলেৰে মিচিকিয়াই হাঁহিছে৷

কোন নন্দনত লাগিল চমক,

নাচিছে য'ত পৰী বুলবুল,

অভিশপ্ত হৈ বিলাস কুঞ্জত

প্ৰেম মদিৰাত যেন মচ্‌গুল।

অন্তৰ্নিহিত সুৰঃ পৰীস্বৰূপা ছোৱালীজনী নন্দনত চমক লগাই বিলাসকুঞ্জত প্ৰেমমদিৰাত মচগুল হ’ল৷

হাচনাহানাৰ তীব্ৰ গন্ধত

সপোন-বিভোৰ মাধৱী নিশা,

তোৰ পৰশত বিৰহী জোনৰ

পলাল নে প্ৰিয়ে প্ৰাণৰ তৃষা?

গুল বদন পেলালি জুৰ;

আৰৱ পিয়াৰী বছ্‌ৰা ৰাণীৰ

ভাহি ফুৰে তোৰ ৰূপ তৰংগত

পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ?

অন্তৰ্নিহিত সুৰঃ হাচনাহানাৰ তীব্ৰ গোন্ধত সপোন বিভোৰ মাধৱী নিশা বিৰহী জোনৰ তৃষ্ণা পলাল নে? আৰৱ পিয়াৰী বছ্‌ৰা ৰাণীৰ হেৰেমৰ স্নিগ্ধ কৰুণ সুৰ ভাঁহি আহে৷ হেৰেমৰ কৰুণ কাহিনী শুনি হয়তো কৱিয়ে বেথা অনুভৱ কৰিছিল৷

ফুলিলি যিদিনা মৰু উদ্যানত

উড়িৰ সৌৰভ জগত জুৰি,

গগণ-চুম্বী কলছছে তোৰ

পান কৰিলে ৰূপ মাধুৰী!

আছিলে নে প্ৰিয়ে বেবিলনৰ

গুল্ বাগানৰ ফুলৰ ৰাণী?

স্বৰ্গৰ নন্দন সাজিলি শূণ্যত

কবিৰ মুখত অমৰ বাণী।

অন্তৰ্নিহিত সুৰঃ যিদিনা তাই ডাঙৰ হ’ল সিদিনাই কলছছৰূপী কোনো ডেকাই তাইৰ ৰূপ মাধুৰী পান কৰিলে৷ তাইৰ মুখৰ মাত নোহোৱাকৈয়ে তাই বিলাই গৈছিল তাইৰ ৰূপ মাধুৰী৷ ইয়াতো আমি পাওঁ এটি ফল্গুসদৃশ কৰুণ সুৰ৷

ৰূপ-ৰস গন্ধ পৰশ প্ৰেমত

জিনিলি পিয়াৰা হিন্দুস্তান:

বাদছা-হেৰেম কৰি গুল্‌জাৰ

দিল দৰিয়াত তুলিলি বান।

তোৰ ই ৰূপত জগত বিভোল

ঢালিলি প্ৰেমৰ বিমল ধাৰা;

দিল্লী বেগম নুৰজাহানৰ

আছিলি নে তয়ে দিল্ বাহাৰা?

অন্তৰ্নিহিত সুৰঃ বাদশাহী হেৰেমত তাই যেন তাই দিল্‌ বাহাৰা৷ ইয়াতো আমি তাইৰ অস্ফুট ক্ৰন্দনৰ সুৰ শুনিবলৈ পাওঁ৷

কোন সুন্দৰীৰ নিমজ গালত

ফুটাই তুলিলি চিকন কাজ?

উঠিল প্ৰেমিক ছাহজাহানৰ

ভুৱন বিজয়ী মৰ্মৰ তাজ!

অন্তৰ্নিহিত সুৰঃ এইটো পংক্তি আমাৰ বিষয়বস্তুৰ ভিতৰত নপৰে৷ 

কত কাব্য গাথা, অতীতৰ স্মৃতি,

উদাস প্ৰেমৰ মূৰ্ত বিকাশ;

বিজড়িত তোৰ কোমল বুকুত

কত বিৰহীৰ হা-হুতাশ!

অন্তৰ্নিহিত সুৰঃ তাইৰ নীৰৱ কাৱ্য গাথা, অতীতস্মৃতি, উদাস প্ৰেম, হা-হুতাশে কৰুণ বিননিকে ইঙ্গিত নকৰে জানো৷

ফুলিবিনে মোৰ মানস কুঞ্জত

অ' মোৰ সাদৰী ফুলাম পাহি?

উঠিবি নে বাজি প্ৰিয়া পাপিয়াৰ

পুলক-ভৰা মিলন বাঁহী?

অন্তৰ্নিহিত সুৰঃ শেষত তেওঁৰ আকুল আকুতি৷ ’উঠিবি নে বাজি প্ৰিয়া পাপিয়াৰ পুলক ভৰা মিলন বাহী?’ কৱিয়ে নিজৰ মনত কল্পনা কৰিছে গোলাপ কলিটি যদি নিজ বাগিচাত ফুলাব পাৰিলেহেঁতেন তেতিয়াহ’লে অতি সযতনে ৰাখিলেহেঁতেন৷
—————————————————————

Post a Comment

0 Comments