————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
অৰ্চনা ঠাকুৰীয়া
সহকাৰী সম্পাদক : সীমা গগৈ
ৰিংকুমণি বড়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী, আচমা জাফ্ৰি,গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -ৰিংকুমণি বড়া
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...
কবিতা,চৌষষ্ঠি কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা। চর্চা, অনুশীলন আৰু অধ্যয়নৰ অবিহনে কবিতাৰ নিৰ্মান কৌশল আয়ত্ব কৰা মুঠেই সম্ভৱ নহয় ।অৱশ্যে কবিতাৰ নিৰ্মান শৈলীৰ কোনো সীমাবদ্ধতা নাই অৰ্থাৎ ইয়াক কোনো সংজ্ঞাৰে নিৰূপন কৰিব নোৱাৰি।
কবিতা,কবিতাই। কিছু কবিতা উন্নত মানৰ ,কিছু নিম্ন মানৰ ; কিন্তু অকবিতা বুলি একো নাই, থাকিব নোৱাৰে।
কম তথা সঠিক শব্দৰে ,কবিয়ে কেনেকৈ মনত দোলা দিয়া ভাৱনাক, পাঠকৰ হৃদয়ৰ কেনভাচত সুস্পষ্ট আৰু হৃদয়স্পৰ্শীকৈ অংকন কৰে,সেয়া কবিৰ নিজস্ব কৌশল। মুঠতে পাঠকৰ হৃদয় জিনিবলৈ,অধ্যয়ন আৰু অনুশীলনৰ গত্যন্তৰ নাই। সেয়ে হয়তো ওৰেটো জীৱন কবিতাৰ স'তে থাকিও সুগন্ধি পখিলাৰ কবি হীৰু দাই,নিজকে কবি বুলি পৰিচয় দিবলৈ সাহস কৰা নাছিল।এইক্ষেত্ৰত তেখেতৰ এটি অমোঘ বাণী উল্লেখনীয় -- "পঠনে কবিতাৰ পূৰ্ণতা আনে, পাঠকে কবিৰ প্ৰাপ্তি।"
মুঠতে ,কবি হোৱাৰ আগতে আমি একো একোজন পাঠক হ'ব লাগিব।
বিনীত–
নৱ ৰাজন
সম্পাদক
কাব্যকানন
——————————————————
কবিতাৰ আড্ডা
ৰে'ফযুক্ত বৰ্ণৰ 'দিত্ব-বৰ্জন'
উদয় কুমাৰ শৰ্মা
অসমীয়াত, কোনোটো বৰ্ণ ৰে'ফযুক্ত হ'লে, দ্বিত্ব- বৰ্জন কৰাটো সঠিক বুলি মানি লোৱা কাৰণে -- আজিকালি, 'আশীৰ্ব্বাদ', 'কৰ্ম্ম', 'নিৰ্জ্জনতা', 'মুহূৰ্ত্ত', 'সম্বৰ্দ্ধনা' আদি শব্দক 'আশীর্বাদ' ( ব + ব > দিত্ব), 'কৰ্ম', 'নিৰ্জনতা', 'মুহূর্ত', 'সম্বৰ্ধনা' বুলিহে লিখা হয়।
কিন্তু, 'কাৰ্য্য', 'সূৰ্য্য', 'সৌন্দর্য্য'ৰ নিচিনা শব্দত -- ৰে'ফযুক্ত বৰ্ণটোতো দুবাৰ ('আশীৰ্ব্বাদ'ৰ 'ব + ব'ৰ দৰে) ব্যৱহৃত হোৱা নাই -- 'য'ৰ লগত '্য' ('য়'কাৰ)হে যোগ হৈছে ; 'য + য' হোৱা নাই।
সেয়ে, 'কাৰ্য্য' (কা + ৰ + য + ্য), 'সূৰ্য্য' ( সূ + ৰ + য + ্য), 'সৌন্দর্য্য' (সৌ + ন + দ + ৰ + য + ্য) বুলি লিখাহে সমীচীন। তদুপৰি, এনেবোৰ শব্দৰ উচ্চাৰণো -- 'কাৰ্য' (কা + ৰ + য ), 'সূৰ্য' ( সূ + ৰ + য), 'সৌন্দর্য ( সৌ + ন + দ + ৰ + য)ৰ সৈতে একে নহয়।
———————————————————
অনুবাদ কবিতা
ৰুটি আৰু সংসদ
মূল হিন্দীঃ ধূমিল
অনুবাদঃ গণেশ বৰ্মন
এজন মানুহে
ৰুটি বেলে
আন এজন মানুহে ৰুটি খায়
তৃতীয় আৰু এজন আছে
যি ৰুটি নেবেলে , নাখায়
তেওঁ মাত্ৰ ৰুটিৰে খেলে
মই প্ৰশ্ন কৰোঁ—
'এই তৃতীয় মানুহজন কোন ?'
মোৰ দেশৰ সংসদ মৌন ।
———————————
কবিতা
সভ্যতাৰ নৱৰূপ
ৰুদ্ৰ সিংহ মটক
আমাৰ আছে এটুকুৰা ৰুটিৰ ভোক
সিহঁতৰ আছে অন্তহীন লোভ লালসা
আমাৰ বুকুত আছে প্ৰবাহিত সেউজীয়া
আশা, সিহঁতৰ আছে শিলৰ অহঙ্কাৰ
আমি সংস্কৃতিৰ ধাৰক-বাহক
সিহঁত সংস্কৃতিৰ শত্ৰু, ধ্বংসযজ্ঞৰ
পুৰোহিত
আমাৰ আছে তীখাৰ দাঁত তীখাৰ নখ
সিহঁতৰ টেংক আৰু ষ্টেনগান
আমি নিৰ্মাণ কৰোঁ নাঙল আৰু পথাৰ
সিহঁতে তৈয়াৰ কৰে যুদ্ধভূমি
সিহঁতৰ বিৰুদ্ধেই আমাৰ জেহাদ
আমাৰ সংগ্ৰাম
সিহঁতে চাব খোজে আমাৰ কবৰ
আমি সন্ধান কৰোঁ সভ্যতাৰ নৱৰূপ
দেৱদাৰু বেলিৰ মুখ।
—————————
সাগৰফেনা
অংকুৰিতা ফুকন
মই
বানে ধুৱা বাট
তুমি
বেলি সনা আবেলি
একেখনি আমাৰ চোতাল
একেটি শেলুকে ঘৰতোলা পিৰালি
মই
ৰুই আছোঁ এজুপি সাগৰফেনা
তৰাঙত পিয়াহ পুৰাবলৈ
আৰু তুমি
তেজ পানীৰ ছবি আঁকিছা
আমাৰ ভোকৰ দিনবোৰ নিৰাবলৈ…
——————————
নিৰ্জনতাৰ সন্ধ্যা
দাদুল ভূঞা
ইমান জোনফুল ফুলিছে
এন্ধাৰ ভেদি সৌৱা সপোনৰ নাওখন
আগুৱাইছে ক্ৰমান্বয়ে
ফুটুকীয়া পখিলা দুটিয়ে বাহ সাজিছে
ক্ৰমান্বয়ে বতাহত উৰিছে পাখিলাহি কোমল আঙুলি
স্থিতপ্ৰজ্ঞ হৈ কোনে বাৰু আজি কালৈ চাইছে
তোমাৰ বুকুত লুকাই থকা ফুলপাহি
আহা দুয়ো সাবটি ধৰোঁ
চোৱা চোৱা কেনেকৈ নিজানত নিৰলে
তৰাফুলে আকাশ সাবটি চটিয়াই দিছে
এজোলোকা জোনাক
আৰু সেই জোনাকত আঙুলি তিয়াই আঁহা খুচৰি ফুৰো সোঁৱৰণি সময়।
———————————————
কাৰ বাবে লিখোঁ
সীমা গগৈ
কিহৰ নিচা এয়া
নাজানো
অথচ্ ডুব যাওঁ বাৰে বাৰে
সম্ভৱতঃ ইয়াতেই বুটলি আছোঁ
যʼত এদিন হেৰুৱাইছিলো নিজক
সিও কি ইমান সহজ ?
চকুৰ মণিৰ সিপাৰে
মন্থনৰত
অন্য এখন সাগৰ
কি বিচাৰি ফুৰিছোঁ
মাণিক নে অমৃত ?
দেখিছোঁ নদীৰ পানীত
খহি পৰা
বেলিৰ মুখ
শুনিছোঁ ছাঁ-পোহৰেৰে
ভাঁহি অহা
বাঁহীৰ মাত...
অথচ্ শুনা নাই সেই সুৰ
দেখা নাই সেই ৰূপ
যাৰ বাবে ভ্ৰমি আছোঁ নিৰন্তৰ
কাৰ বাবে কৰোঁ শব্দৰ বুনন...
দুচকুৰ শূন্যতাবে কেনেকৈ
লিখা যায়
দীনতাবোৰৰ কবিতা...
হাউলি পৰা গছবোৰে
ক্লান্ত ফুটপাথবোৰে
কয়
নিলিখিবা আমাৰ হৈ কবিতা
অযথা শব্দবোৰে হৈ-চৈ কৰিব...
কেনেকৈ লিখোঁ নিজানৰ কবিতা..
লিখিবলৈ সহজ নেকি সেই কবিতা
শইচৰ পথাৰ
অথবা
কৃষকৰ ঘামৰ ?
কোনোবা বধীৰৰ নিবাক চাৱনিত
পঢ়ি পেলাব পাৰি জীৱনৰ কবিতা
অথচ্ লিখিবহে নোৱাৰি
আখৰবোৰে হেনো বাট হেৰুৱায়
শুনিছে নেকি এটি কাতৰ স্বৰ
কোনোবা অসহায় মাতৃৰ
অথবা
কোনো পতিতাৰ ?
অথচ্ লিখি আছোঁ কবিতা
শুনি শুনি সেই একেটি সুৰ ।
————————————
বৰষুণৰ গান
ৰিংকুমণি বড়া
সুমথিৰা বৰণ আবেলি এটাত
হঠাৎ ক’লা মেঘৰ ছায়াই অগা-দেৱা কৰে
বেলিটো কোছমোচ খাই লুকাই পৰে
সৌ পাহাৰখনৰ সিটোপাৰে
বতাহৰ চঞ্চলতাবোৰ সহিব নোৱাৰি
ক'লা মেঘ গৰজি উঠে
আজলী আকাশৰ চকুপানীবোৰ
এটি সাধু কথা হৈ সৰে।
——————————
প্ৰত্যাশা
বিনীতা গোস্বামী
সিদিনা এটাৰ পাছত এটাকৈ সৰিছিল
আপদীয়া গীতবোৰ
আয়ে পাকশালাৰ পৰাই চিঞৰিছিল
বেছিকে নিতিতিবি
শুকালে ঠৰঙা হ'বি
মই আইৰ মৰ্ম বুজিছোঁ আজি
বুকুত গুণগুণণি নাই
কলিজাত কঁপনি
ওঁঠত দেখ-নেদেখ হাঁহি
ইমান নাই ৰ পাছততো মই মই হৈ আছোঁ
শালস্তম্ভ হৈ
মৰুত বৰষুণ লাগে অধিক
লাহে লাহে ওঁঠৰ গীতবোৰত
দেও লাগিল
চিকুণাওতে চিকুণাওতে ডাঙৰ হৈ পৰিল ...
———————————————
চিতাকাঠ
দিলাল আহমেদ
ৰাতি আৰু জোনাক মিলাই
আমি সজাওঁ নক্ষত্ৰৰ কথামালা৷
কোনোবাই কি জানে
অপেক্ষাৰ প্ৰহৰৰ দৈৰ্ঘ্য্য!
কোনোবাই কি কব পাৰে
কেতিয়া আহিব সুৰুজমুখী পুৱা!
ৰাতি হয়
ৰাতি পুৱায়
সূৰ্য্য নামি আহে কুঁৱলী ভেদি
হালধীয়া পাতবোৰত অনুভূতি জাগে৷
সময় নিঃশব্দে বৈ যায়
অনন্ত ধূসৰ বাটে
ভাঁহি যায় চিতাকাঠ
অন্ধকাৰ নদী সোঁতত অকলে৷
তিতিবুৰি যোৱা বাটৰুৱা
স’ৰাপাতৰ হালধীয়া---
জীৱনৰ সুখ-দুখ-অভিমানবোৰ
পৰি ৰয় পৰিত্যক্ত ঘাটত
শূন্য আকাশৰ তলত৷
——————————
জাল
যুগল বৰা
পোহৰ বুলি ভাৱি যেতিয়া
হাত ফুৰাও আন্ধাৰৰ কপালত
উজাগৰী ৰাতি এটা বগাই ফুৰে
মোৰ কোঠাৰ দেৱালৰ ইমুৰৰ পৰা সিমুৰে
সময়ে খেদে অতীতে বেৰে
উজুতিত সপোন ভাঙে
অপলক দৃষ্টিৰে চাই ৰওঁ
জীৱনবোৰ কেনেকৈ মকৰা জালে মেৰিয়াই ধৰে
ওৰে ৰাতি শুনোঁ
পাখি সৰা উঁইচিৰিঙাৰ ক্ৰন্দন
হেজাৰ ভাৱনাত ভৰত কিদৰে বগাই ফুৰে
চকুৰ মোহনাত মোৰ ঠিক তেতিয়াই
শূন্যই গঁঠা জালখনত চকুলোবোৰ লাগি ধৰে…
—————————————————
অহা-যোৱা
ইলামণি শইকীয়া
গছজোপা ৰৈ থাকে
চৰাইজনী উৰি ফুৰি
ঘূৰি তালৈকে আহে
চৰাইজনী নহালৈকে গছজোপাই ফুলবোৰ চম্ভালে
ফলবোৰক পূৰঠ কৰি তোলে
চৰাইজনীৰ বাবে নতুনকৈ সাধু এটা লিখে
(গছজোপা বহু কাহিনীৰ কাহিনীকাৰ)
চৰাইজনী আহে
সাধুবোৰত নিজক দেখি খিল্খিলাই হাঁহে৷
গছৰ বুকুত বিষ এটা গুঁজি দি
চৰাইজনী গুছি যায়
গছজোপা ৰৈ থাকে
গছে চৰাইক ভালপাব জানে
গছৰ সিদ্ধান্ত স্থিৰ৷
চৰাই মূলতঃ পৰিভ্ৰমী
বুকুত গছজোপা জীয়ন দি চৰাই
উভতি নহাৰ বাট এটাৰে গৈ থাকে
প্ৰতিনিয়ত...
———————————
শিপা
ধ্ৰুৱজ্যোতি মহন্ত
শিপাই শুহক বুলি গছ এজোপা ৰুলোঁ বুকুত
জুয়ে দহে বুলি শোহা মাৰি থ’লোঁ
হায় কিযে যমৰ যাতনা
ইকাটি সিকাটি ফান্দত আকুল প্ৰাণ
গছ বিৰিখত ওলমিল ফেটিসাঁপ
পানীত উপঙিল মৃতকৰ পুঙা
চকুমেলি মৃত্যুৱে বিচাৰিছে বাট
চকুভেদি সাতোঁৰে নৈ- ক’তেনো ঘাট !
শিপাই শুহি নিব জীৱনৰ কাতৰ ৰস
পানীৰ ওপৰৰ বায়ু
গছলতা চৰাইৰ কুঁ-কুঁৱনি
পানীৰ তলেৰে শিপাই শিপাডাল গ’লযে গ’লেই
কতনা দূৰূহ আস্ফালি
বোধিবৃক্ষ তাৰেই কোনোটি
বুদ্ধ-শুদ্ধ উশাহ প্ৰবাসী
নিৰবধি নিৰবধি
শুনিছোঁ কেতেকীৰ হিয়াভগা মাত
চাতকৰ পানীপিওঁ, দুখুনি বালিমাহী
গছ এজোপা ওখকৈ আছে
দূৰতেই ৰখি
শিপাডাল ক’লৈনো গ’ল শুহি-শুহি
শুহি-শুহি...!
——————————
সেই হাঁহি
ৰমেশ চন্দ্ৰ ৰায়
সেই এটা হাঁহি
অপেক্ষাৰ অন্তত যেতিয়া
ধাননিডৰাই সোণালী ৰং লয়
সেই এটা হাঁহি
শিশু এটিয়ে যেতিয়া প্ৰথম পৃথিৱী দেখে
সেই এটা হাঁহি
জাপ-জাপ আবেদনৰ মাজৰপৰা
তালিকাত যেতিয়া নামটো আহে
সেই এটা হাঁহি
আই চি ইউৰপৰা উলিয়াই অনা
বৃদ্ধা মাতৃগৰাকীয়ে যেতিয়া কয়
মই এতিয়া ভাল পাইছোঁ অ' বোপা
জীৱনটো গঢ়ি থয় সেই হাঁহিবোৰে
কেতিয়াও পাহৰিব নোৱৰা
আকৌ হাঁহিম সেই হাঁহি
আৰু জী থাকিম।
------------------------
এজাৰৰ বেজেৰুৱা বাটেৰে...
জাহ্নৱী হাজৰিকা
এজাৰৰ বেজেৰুৱা বাটেৰে
উজাই যাবলৈ
কাকডোঙাৰ ঘাটত
পালতৰা নাওখন বান্ধে সাউদৰ পুতেকে।
যাবলৈ খুজিও থমকা বাট...
এজাৰৰ থাউনি নোপোৱা হেজাৰ বাধা।
বেঙুনীয়া আৰু বেঙুনীয়া
তথাপিটো যাব লাগিবই উজাই
সমুখৰ পৃথিৱী পকায়।
কোনে জানে!
ক'ত বা ৰৈ আছে
কোন চিলনীৰ জীয়েক
কিম্বা তেজীমলা।
ইপাৰ সিপাৰ নমনা
হালধীয়া-গুলপীয়া-ৰঙাৰ সমাহাৰেৰে
উজাই যায় সাউদৰ পুতেকৰ পালতৰা নাও।
সোণাৰু-ৰাধাচূড়া-কৃষ্ণচূড়াৰ হাঁহিৰে
উচ্ছল কাঞ্চনমতীৰ দুই পাৰ।
কাঞ্চনমতী বৈ থাকে নিৰৱধি।
বুকুত বিষাদৰ সেমেকা হাঁহি।
সাউদৰ পুতেক উজাই আছে বুকুৱেদি।
ভৰ দুপৰীয়া।
নিজান নিতাল ঘাট।
কৃষ্ণচূড়াৰ তলৰ ৰঙচুৱা বাট।
সাউদৰ পুতেকে জিৰণি লয়।
ৰুণজুন নূপুৰৰ মাতত ইফালে সিফালে চায়।
এৰা!সৌজনী দেখোন চিলনী জীয়েক!
সপোনৰ ৰাজকুঁৱৰী।
কাকডোঙাৰ ঘাটতে মনত পেলাইছিল যাক।
কাঞ্চনমতীৰে উজাইয়েই পালেহি তেওঁক।
সাউদৰ পুতেকৰ যাদুকৰী মাত
চঞ্চল কথা-চকু-মুখ..।
এটা চাৱনিতেই চিলনীৰ জীয়েকৰ হৃদয়ত ৰাধাচূড়া ফুলে।
শেলুৱৈ পৰা শিলবোৰৰ ভাগৰ লাগে।
জীয়া শিলবোৰে সাউদৰ পুতেকক জোকায়।
চিলনী জীয়েক গছৰ পৰা নামে।
ৰ'দত মেলি থোৱা ঘন ক'লা চুলিৰে খোপা এটি বান্ধে।
সাউদৰ পুতেকে আগবঢ়াই দিয়া হাতখনত খামুচি ধৰে।
নিশা জঠৰ হৈ থকা কাঞ্চনমতীৰ ক'ৰবাত অকণ ঈৰ্ষা জাগে।
চঞ্চলতাবোৰ খন্তেকৰ বাবে কমায়।
বেলিলৈ চায়।
বেলিয়ে চকু টিপিয়ায়।
কয়,বেছি পৰ নাই।
নিশা হলেই জিৰণি লম।
গৈ আছো কাঞ্চনমতী।
মন বেয়া নকৰ।
একেলগে সাধু কম।
দূৰৈৰ পৰাই হাতীপতীকো চিঞৰিম।
হব পাৰে মাজনিশা..
আমাৰ বাবে সেয়াই হব ভৰ দুপৰ বেলা।
———————————
গতি
ৰেখা বৰকটকী
অনিমেষ মূষলধাৰত
স্তব্ধ নহয় কাহানিও সময় ঘড়ী..
বিষোদ্গাৰিত ,ক্লেশময় সময়ত
বিপুল বিৰাগে উৰ্বৰতা পায়..
বেদনাহত উপবনত ,
অস্থিৰ প্ৰত্যাশা জন্মে
হতভম্ব হয়, অনাহুত আৱেগ
এনেকৈও চিৰশ্বাশ্বত নদী প্ৰগলভা
শান্ত অৱৱাহিকাত
ধীৰ- স্থিৰ জোৱাৰ..
হেঁপাহ উৰ্মিমালাৰে ভৰুণ হৃদয়
তথাকথিত উন্মাদ পৰম্পৰাত নাঙঠ জিজ্ঞাসাৰ য'তি পৰিবনে?
হিল্লোলিত কম্পনৰ উষ্ণ কলকণ্ঠে তৰঙ্গায়িত কৰে,
সীমাহীন এষণাৰ অপাৰ জলধি ..
মানুহ পোহৰ প্ৰত্যাশী হ'লে
আন্ধাৰ বিনাশিব মানুহেই!
জুই-পানীৰ অবিৰত যুদ্ধত
কাৰ জয়
কাৰেইবা পৰাজয়
পানীয়েহে জুই মষিমূৰ কৰিব
জুইৰ স্থিতি জানো পানীত ?
অলকানন্দা নিশ্চুপে বাগৰে
কোবাল তৰঙ্গ স্তিমিত হয়
জনসমুদ্ৰত নিৰ্মোহ আঘাত
অনাবিল...অনিৰ্বাণ...
——————————
কথোপকথন
চয়নিকা ভূঞা
নিগৰি নিগৰি অহা এটা বিশেষণ
সুৰুঙা পালেই
আজি অ'ত
কাইলৈ ত'ত
হাঁহিৰে জহাই থকা কথাবোৰ
খোজ বিহীন পৃথিৱীৰ প্ৰকৃত
ভেকো-ভাওনা
ভুল বোৰ সহজলভ্য
কৰিবলৈও ভাল
ভুল ধৰিবলৈও ভাল
শুদ্ধতা বিচাৰ কৰা লোকহে
আঙুলিৰ মূৰত
অলৌগুটি তলৌগুটি দৰেই
জীৱনৰ কথাবোৰ
জীৱনৰ বাৰংবাৰতাত
সুদখোৰ অংকৰ খেল
নৈসৰ্গিক শোভাত হেঙুল বৰণীয়া জীৱন
আৰু
বিচাৰৰ আতিথ্যত
এহেজাৰ এটা নিয়ম ভঙাৰ দোষ ।
——————————
মনৰ ব্লেকবক্ম
পৰাণ জ্যোতি ভূঞা
বিস্ময়কৰ মানৱ 'এনাটমি'
ইচ্ছা কৰিলেই চাব পাৰি
সকলোৱে যিকোনো সকলো
দেহৰ বাহ্যিক গোপনীয়তা,
চিকিৎসা শাস্ত্ৰইও চাব পাৰে
দেহৰ শিৰা উপশিৰা
ৰাজহাঁড়, হাওফাওঁ বা অনান্য কিম্বা।
পিছে ,
কি আছে মানুহৰ মনৰ কোঠাত
কি কঢ়িয়াই ফুৰে অন্তৰৰ কোলাত
আশা ,হতাশা ,বিফলতা
নে শান্তি -অশান্তি সমাহাৰৰ
বিষাদ কিম্বা আনন্দৰ জোৱাৰ
কোনেও একো নেদেখে
চাবলৈ কোনেও নোৱাৰে ।
মনৰ চহৰখনৰ ছবি তুলিবলৈ
'এক্মৰে' বা 'চন'গ্ৰাফি' সদৃশ যন্ত্ৰও নাই
বুকুত বেদনা কঢ়িয়াই ফুৰে নে
খং,ঈৰ্ষা বা অভিমান লৈ ফুৰে
ভালেই পায় ,নে বেয়াই পায়
মনৰ ক'লা-বগা ,ৰঙা-নীলা কথা
চিন্তা সমাহিত অজস্ৰ অনুভূতি
আবেগ,উপলব্ধি বা হৃদয়ৰ বেথা
এজনে আনজনৰ
ভূ নাপায় তিলমানো ।
অহৰ্নিশ লৈ ফুৰা
অন্তৰৰ অবয়বটোৰ
তলা ছাবিও নাই
তথাপি নোৱাৰি
খুলি চাবলৈ অভ্যন্তৰ তাৰ,
মৃত্যু যেতিয়া জীৱনলৈ আহে
চিতাগ্নিত জাহ যায় মনৰ 'ব্লেকবক্ম'টো
মনৰ কথাবোৰ মনতেই ৰৈ যায়
কোনেও তাক বিচাৰি নাপায় ।
—————————————
মৰমৰ অন্য নাম বিশ্বাস
ড° কমল চন্দ্ৰ নাথ
মৰমৰ অন্য নাম বিশ্বাস
মৰম কৰা একমাত্ৰ বিশ্বাসৰ বাবে
বিশ্বাসত সঁচা প্ৰকাশ নকৰিবা
বিশ্বাসে মিলয় হৰি
অহংকাৰ নকৰিবা
বিশ্বাসভাজন হোৱা বিপদ নাহে
যি তোমাক বিশ্বাস কৰে
তাক তুমি মৰম আৰু বিশ্বাস
একত্ৰে দিয়া
মৰমৰ প্ৰতিদান বিশ্বাসেৰে
আদায় কৰা
নুবুজিলে বিদায়
যেতিয়া বুজিব বা চিনিব
ঘুৰাৰ ৰাষ্ট্ৰাই নাথাকিব
বিশ্বাসত সকলো পোৱা যায়
লগ সঙ্গ মৰম সহায়
নিসংগতাও পলায়
বিশ্বাসত জটিল প্ৰশ্নৰ উত্তৰ জন্মে
বিশ্বাস এনে বস্তু
চাৰিবেৰত হেৰালেও
বাহিৰত ই মজবুত হৈ থাকে
এই কথা কয় বুঢ়া আতা সকলে
সেয়েহে কয় পৰত বিশ্বাসীলেও
ঘৰত বিশ্বাস নাই
বৰ দুখৰ কথা
বিশ্বাস আৰু আস্থা আমাৰ শ্ৰেষ্ঠ শব্দ
বিশ্বাসত ৰৈছে সকলো
বিশ্বাসবিহনে গৈছে সকলো
সত্য সাহস আত্মবিশ্বাস আৰু মনোবল
ইয়েই মূল মন্ত্ৰ মৰমৰ
অবিশ্বাসৰ অন্য ৰূপ
বিচ্ছেদ হয়তু চিৰ বিচ্ছেদ!
——————————
অঘৰী
বলিন বৰদলৈ
ৰাতিটো আহিলেই ভয় হয় সিহঁতৰ
হাতীটোৰ সমান
যন্ত্ৰণাই বুকুত নীৰৱে ঠাই লৈ সীঁ থয়
বাজি থাকে আৱহমান কৰুণ সঙ্গীত ওৰেটো ৰাতি ।
আশ্ৰয়ৰ বাবে যাৰ নিজা বাসস্থান নাই
চহৰৰ অলি-গলি, পদপথ সিহঁতৰ আশ্ৰয়
ক্ষুধা নিবাৰণ হয় উচ্ছিষ্টৰে
এটুকুৰা ফটা কম্বল আৰু এখন জীৰ্ণ-শীৰ্ণ বস্তাৰে
শীতৰ স'তে হয় অন্তহীন যুঁজ।
এফালে আভিজাত্যৰ দপদপনি
আনফালে দৰিদ্ৰতাই কোঙা কৰা পঙ্গু জীৱন ।
হত্যা-হিংসা, সন্ত্ৰাসে অগ্নিগৰ্ভা বাতাবৰণ
তথাপিও জীয়াই আছে সিহঁত
এমুঠি জীয়াই থকাৰ হেঁপাহত...।
——————————
কৃষ্ণচূড়াৰ ৰং
ড° নাজমা বেগম
সেইযে পুৱাই উঠি দুচকু মোহাৰি
গন্তব্যস্থানলৈ কৰা গতি
সুকোমল এধানি দৃষ্টিয়ে
আঁকেনে দুচকুত জীৱনৰ ছবি...
পৰেনে চকুত তোমাৰ
বিনন্দীয়া প্ৰকৃতিৰ নান্দনিক ৰূপ
নিদ্ৰাহীনতাৰ অৱসাদ গুচাই
আনি দিয়ে মনত শান্তিৰ জুৰণি...
চাবাচোন এবাৰ থোপা-থোপে উলমি
কও-নকওকৈ লাজুকীলতাৰ দৰে
দুদিন জকমকাই
মৰহি যোৱাৰ শংকা সাৱটি
অপৰূপ সৌন্দৰ্যৰ সুগন্ধি বিলোৱা
কৃষ্ণচূড়াৰ তেজ ৰঙা পাহি ...
দুগালত গোলাপী আৱেশ সানি
বাটৰুৱাক জনাই স্বাগতম্
ৰ'দ-বৰষুণেৰে মিতিৰালি পাতি
ডেউকাৰ পাখিবোৰত
শাৰী-শাৰী সৌন্দৰ্যৰ আঁকৰ সানি
নয়ন জুৰুৱা ৰাধাচুড়াৰ সেই
অকৃপণ হাঁহি....
চোৱাচোন এবাৰ খন্তেক থমকি
চাও-নেচাওকৈ জুমি-জুমি চোৱা
ষোড়শীৰ লাৱণ্যৰ জেউতি সনা
এজাৰৰ সেই অমৃত চাৱনি...
জীৱন যুঁজৰ কমাৰশালত
পোৱা-নোপোৱাৰ হিচাপত দগ্ধ
প্ৰতিযোগিতাৰ অনাৱশ্যক দৌৰত
ভাগৰি-জুগৰি, জুৰুলি হোৱা
ক্লান্ত পদাতিকক দিব প্ৰশান্তি....
জীয়াই থাকক কৃষ্ণচূড়া
জীয়াই থাকক ৰাধাচূড়া
জীয়াই থাকক এজাৰৰ
সেই সুৰীয়া তান...
জীৱনৰ আশাত গছে হাঁহক,
খিলখিল কৰি ফুলে হাঁহক
জাগক হৃদয়ৰ তাল
নিয়ৰসিক্ত ৰ'দৰ বলুকাত
প্ৰকৃতিয়ে উৰাব বিজয় নিচান...!
——————————
ভাগফল
যাদৱ হাজৰিকা
কলমটো কলমদানিত থৈ
মই গুচি যাব পাৰোঁ চাৰি আলিলৈ
'ষ্ট্ৰিং' নাইবা 'থামছ্আপ' এটা
গলাধঃকৰণ কৰি
'গুটখা' এপেকেট মুখত ভৰাই লগৰীয়াৰ লগত আড্ডা দিব পাৰোঁ
ঘন্টা ঘন্টা ধৰি
সৰ্বজ্ঞৰ দৰে আই পি এলত কোন জিকিব কোন হাৰিব বাজি লগাব পাৰোঁ
নিৰ্বাচনত কাৰ পাল্লা কিমান ভাৰি
জোখ-মাখ কৰিব পাৰোঁ
ইচ্ছা কৰিলে
মাৰ পেঞ্চনৰ টকাৰে কিনা বাইকৰ পিছৰ চিটত
প্ৰেয়সীক উঠাই অৰঙে-দৰঙে
ঘূৰি ফুৰিব পাৰোঁ
আমাৰ সময়ৰ মালিক আমি নিজে
গতিকে আমাৰ সময় আমাৰ মৰ্জি
হয়,
এনেদৰেই পাৰহয় আমাৰ বন্ধ্যা সময়
অদৃশ্য অস্পৰ্শী কীটে কুটি কুটি খাই
আমাৰ সময়
জ্যোতি হীন ধূসৰ আকাশত
কাচিজোন লুকাই
তথাপিও নিৰ্বিকাৰ আমি
পাঠশালাত
অ-আ,ক-খ, এ.বি.চি.ডি
পূৰণ-হৰণ কৰিবলৈ
আমিও শিকাছিলোঁ
শিকাছিলোঁ মহাবিদ্যালয়ত
গণিতৰ সূত্ৰ,
ফিজিক্স, কেমেষ্টি
অৰ্থনীতি, সমাজ বিজ্ঞান
পৰীক্ষা নামৰ সাকোঁখন পাৰহৈ
মাৰ্কচিটৰ ওজন বঢ়ালো মাত্ৰ
তাৰপিছত ?
জীৱনৰ ৰসায়ণ আৰু ফিজিক্স
আমাৰ বাবে এটি অৰ্থহীন বিৰাট শূন্য
অঙ্ক শিকিলোঁ
কিন্তু আমাৰ জীৱন অঙ্কৰ ভাগফল শূণ্য ।
আমাক নিশিকালে শ্ৰমৰ মৰ্যদা
নিশিকালে দূৰৈৰ মাণিকলৈ
হাত নেমেলি
হাততে পোৱা সম্পদৰ
উচিৎ ব্যৱহাৰ কৰিবলৈ
এতিয়া জীৱনৰ ভাগফল শূন্য।
—————————
শ্ৰমিক
দিলীপ তালুকদাৰ
ঘামবোৰ লুণীয়া
তেজবোৰো লুণীয়া
ঘামেই তেজ
তেজেই ঘাম
ঘামবোৰ জুই হৈ জ্বলিব কেতিয়া
তেজবোৰ উতলি উঠিব কেতিয়া ?
—————————
উন্মনা
মৌচুমী দাস
হ'লো আজি যে মই উন্মনা
ভাহি আহে মেঘৰ আঁৰে আঁৰে
তোমাৰ ঠিকনা অনুভবত
সেই যে সোণোৱালী ধাননি দৰাত
সোণগুটি সিঁচিছিলা
যৌৱন পৰত...
ধাননি দৰাৰ ধানবোৰ চপোৱা ন'হল
সোণগুটি বোৰ নিৰবে সৰি ৰ'ল...
স্বৰ্গ নামে মোৰ হৃদয়ত...
শৈশৱ যৌবনৰ সুৰ এটি গীত হৈ বাজে
পথৰুৱা বতাহৰ কোবাল সোঁতত...
কবিতা কবিতা লগা সন্ধিয়াবোৰত আছিল
বহু কবিতা
অৰ্থপুৰ্ণ ,অনিন্দ্য হৃদয়ৰ ভাষা
কিন্ত হায় !
কবিতাবোৰ ন'হল লিখিথোৱা
এতিয়া সময়বোৰ মাথো উন্মনা...
——————————
আমাৰ জীৱনেই অদ্ভুদ
ৰাহুল কোঁৱৰ
এই দুখীয়া জীৱন অহংকাৰ কিয় বাৰু !
অহংকাৰ আৰু মন, দুয়োটাই আমাক দুখী কৰে নহয়নে ?
কিন্তু সিহঁতেই বেয়া , সিহঁত আমাৰ ডাঙৰ শত্ৰু,
সিহঁতে উপলব্ধি বন্ধ কৰে অজ্ঞানতা আৰু দুখৰ পৰা
আমাৰ জীৱনৰ মুক্তিক অনধিকাৰচৰ্চা কৰে নহয়নে ৷
যেতিয়া আমি উপলব্ধি কৰো যে আমি কোন ?
আৰু আমি এই পৃথিৱীত কিয় আছো
অজ্ঞানতা আৰু প্ৰতিটো সম্ভাৱ্য চকুলোৰ পৰা মুক্ত হৈ পৰো ৷
আমি তেতিয়া সুখ আৰু উল্লাসৰ সৈতে আনন্দৰে জীয়াই থাকিব পাৰো
আজি বা কাইলৈ, আৰু গোটেই বছৰটোৰ ভিতৰত নহয়নে !
অসুখৰ সৃষ্টি কৰা বহুতো বিশ্বাস আমি অন্ধবিশ্বাসৰ সৈতে জীয়াই থাকোঁ
সত্য আমি হেৰুৱাই পেলাওঁ কিন্তু !
কাৰণ এইবোৰ আমাক সকলোকে শিকাই দিয়া কথা
আমি এইবোৰ মানি লওঁ যিবোৰ আচলতে পাহৰি যাব লাগিব
যিবোৰ আচলতে এই অদ্ভদ জীৱনৰ সৈতে সমিল মিল আছে ৷
তেওঁ কয় “ জীৱনৰ সুখৰ উপত্যকাত অতীতে বাহ লৈ গ’ল
সামাধানৰ পথ পোৱাৰ লগে লগে আমাৰ জীৱনটো নষ্ট কৰি পেলাওঁ ৷
জীৱন কি বাৰু ! আপুনি মাত্ৰ অস্বতিত জীয়াই আছে নেকি ?
যদি আমি অজ্ঞানতাৰ পৰা মুক্ত হওঁ , তেন্তে এদিন আমাৰ জীৱনত এটা নতুন সুগন্ধি আহিব ৷
আমি দেখা নাইনে যে মৃত্যুৰ সময়ত একোৱেই আমাৰ নহয় ?
আমি হে বায়ু পানী মাটিৰ সৈতে মিহলিত হৈ যাওঁ
জীৱনটো এটা যাত্ৰা আৰু আমাৰ উশাহলৈকে স্থায়ী নহয়
সত্যটো হ’ল আমাৰ হাতত জীয়াই থাকিবলৈ মাত্ৰ কেইবছৰমান আছে
সকলোৱে ঘৃণা আৰু অনুশোচনা কিয়, কেৱল ক্ষমা কিয় নহয় ?
এই পৃথিৱীত ৷
——————————
প্ৰচ্ছায়া
প্ৰাণ প্ৰতিমা বড়া
নীলিম সাগৰৰ বুকুত এধানিমান
আৱেগ বিচাৰি
মই মোৰ প্ৰচ্ছায়া বিচাৰি যাওঁ
উলমি থকা ভাৱৰ দোমোজাত
শব্দৰ কল্লোৰলত
এটি জীয়া উশাহ বিচাৰি চাওঁ
মই মোৰ প্ৰচ্ছায়া বিচাৰি যাওঁ
সুউচ্চ আশাৰ বুকুত
সুন্দৰ আলয়ৰ সন্ধানত
মই মোৰ প্ৰচ্ছায়া বিচাৰি যাওঁ
উশাহবোৰে বাগৰ সলায়
অস্থিৰ আৱেগৰ সান্নিধ্যত
খুপি খুপি সোমায় অহা
আশাৰ জোনাকীয়ে
পথ দেখুৱায়
মই মোৰ প্ৰচ্ছায়া বিচাৰি যাওঁ
অস্তিত্বৰ হেৰাল মাত
জটিল সময়ৰ সহবাস
মানবীয়তাৰ কৰুণ বিননি
সপোনবোৰ ভাঙোনমুখী
দিশহাৰা মনৰ চঞ্চলা পক্ষী
মই মোৰ প্ৰচ্ছায়া বিচাৰি যাওঁ
জোনৰ দেশত আলয় সঁজাৰ সপোন
সুউচ্চ পাহাৰৰ সীমনাত
উলমি ৰয় হেঁপাহৰ পৰিধি
মই হব নোৱাৰোঁ মোৰ পৰা আঁতৰ
কক্ষচ্যুত হব খুজিও থমকি ৰয়
দুভৰি
প্ৰচ্ছায়াৰ সহবাসে মোক কৰে বাউলি
মই মোৰ মাজতেই প্ৰচ্ছায়া বিচাৰি পাওঁ।
——————————
পুৰণি ৰং
চিমৰাজ হুছেইন
এন্ধাৰ ৰাতি
নিয়ন লাইটে পাহৰাই ৰখা দুখবোৰত
এবাৰ ৰং দি চাবলৈ বৰ মন যায়।
কেতিয়াবা ঘূণে ধৰা সুখবোৰ আহি
মনৰ এচুকত অকলশৰে বহে
যতনাবোৰ উজাৰে...
আধৰুৱা ছৱিবোৰ
কেতিয়াবা আঁকিম বুলিয়েই
পুৰণি ৰঙবোৰ বিচাৰি
বিয়াকুল হৈছোঁ ।
কেতিয়াবা আহিব
সন্ধিয়াৰ আকাশেৰে জাক বগলী
দিবহি মোৰ পুৰণি ৰঙবোৰ ।
এন্ধাৰত পাহৰা দুখবোৰ
পুনৰ বগা হ'ব।
জিলিকিব...
মই নিমাতে বাট চাম
এদিন ঘূণে ধৰা সুখেও পোখা মেলিব
মাথোঁ দিন যাওক,
ৰাতি যাওক...
——————————
এজন পথিক
হেমেন কলিতা
তুমি মোক এজন পথিক
বুলি ভাবিব পাৰা।
এইপাহ গোলাপ ফুল
তোমাৰ হাতত গুজি দিলোঁ।
যদি মই জীয়াই থাকোঁ
এদিন হয়তু
আমাৰ দেখা হ'ব।
ইমান সহজতে
হাতে হাতে ধৰি পতা কথাবোৰ
পাহৰিব পাৰিবা জানো
ইমান সহজে মইও আশা
এৰি নিদিওঁ।
মোক পথিক বুলিয়ে ভাবিবা।
এতিয়া মই তোমাৰ পৰা বিদায় ল'ম।
চিনাকি আমাৰ আছিল ক্ষন্তেকৰ বাবে
মনত ৰাখিবা আৰু
মনত ৰাখিবা–
যদি পুনৰ লগ হও
মোক মৰহি যোৱা গোলাপ ফুলৰ পাহিবোৰ দিবলৈ নেপাহৰিবা।
...আহিলোঁ ।
——————————
শব্দৰ মালিতা
দিপ্তী মনি গোস্বামী
শব্দৰ পম খেদি , তৰংগৰ ঢৌ ভাহি
শব্দতেই সৃষ্টি ,শব্দতেই ধ্বংস হয়
এটা যুগৰ আনন্দ ।
অনাদি কালত বুদবুদ্ শব্দৰ সৃষ্টিৰেই সৃষ্টি,
প্ৰজাপতি বহ্মাৰ সৃষ্টি এই বিশ্ব ব্ৰহ্মাণ্ড ;
কৈলাশৰ ত্ৰিকালৰ্দশীৰ তাণ্ডৱ ডম্বৰুতেই
লয় হয় সৃষ্টিৰ বিপুল আনন্দ।
মাগুৰী বনৰ চিট চিট মৃদু শৱদতেই
পালন কৰ্তাৰ বিৰকতি দোহাই ধ্বংস,
অজস্ৰ সেনানীৰ বিশাল যদু নগৰ ।
যদিওৱা পূৰ্বতে নিৰ্ধাৰণ অৱতাৰী লীলাৰ সু সমাৰ্পন ,
তথাপিও যুগ যুগান্তৰলৈ ৰৈ যায় কিছু নিদৰ্শন।
অশ্বত্থামা হত ইতি গজ , সেই এটি দুমোজাৰ ক্ষণ
থাকি গল,থাকি যাব মানৱ সমাজত আজীৱন ।।
শব্দৰ অমিয়া সুৰতেই বাজি উঠে
মিলনৰ শান্তিপ্ৰিয়া অমিয়া মাধুৰী তান,
শব্দৰ হলাহল কোপতেই বাজি উঠে হৃদয়ত
গভীৰ বিষাদৰ গান ।
——————————
সপোন
বন্তি গোস্বামী
জীৱন মানেই মৃত্যু অনিবাৰ্য
মানৱ জীৱনৰ এইটো অপ্ৰিয়
সত্য
তথাপিও হাৰ মনা নাই নিয়তিৰ ওচৰত
নিৰ্ভয়ে নিৰ্বিকাৰে আগবাঢ়িব খোজোঁ জীৱন বাতত
উভতি চাবলৈ মোৰ আহৰি নাই
মাথোঁ গৈছো,
মাথোঁ গৈছো
কিবা পোৱাৰ আশাত
কিবা দিয়াৰ আশাত
পশ্চিমৰ সূৰুযৰ কিৰণে
প্ৰকৃতিৰ নিয়ম পালন কৰে
হাত বাউলী মাতি মোক
দিনতোৰ কথাকে সোধে
কৰ্তব্য পৰায়ন জীৱনত
বহু কাম আছে ৰৈ
সময়ৰ লগত হ'ম অগ্ৰসৰ
নিয়তিৰ ওচৰত মই নামানো হাৰ
জয় হ'ম মই জীৱন বাটত।
——————————
আত্মগোপন
মৰমী মুদৈ
তুমি ক'ত আছিলা ?
যিদিনা আত্মাৰ প্ৰিয় মানুহবোৰে
হানি খুচি হত্যা কৰিছিল মোৰ অস্তিত্ব...
তুমি ক'ত আছিলা?
যিদিনা এন্ধাৰ কোঠাত দিয়া হৈছিল সপোনৰ মৃত্যুদণ্ড...
তুমি ক'ত আছিলা ?
যিদিনা শ্মশানৰ দুৱাৰদলিৰ পৰা সমষ্ট
শক্তিৰে নিজক চুচৰাই নি
নেতাই ধুবুৰীৰ ঘাটত লাগি ৰৈছিলোঁ...
তুমি ক'ত আছিলা?
তুমি ক'ত আছিলা ?
তোমাক বহুত প্ৰয়োজন আছিল !
তোমাক বহুত প্ৰয়োজন আছিল মোৰ "ঈশ্বৰ" !
——————————
শব্দ
চন্দন বৰ্মন
১.
চকুৰ ৰেটিনাত
গজি গজি উঠে
নগৰ আৰু নগৰ।
শৰীৰ মেৰিয়াই ধৰে
নগৰ আৰু নগৰ।
কাষত দূৰত
নগৰ আৰু নগৰ
শব্দ কিহৰ?
হাল পতনৰ
জাল পতনৰ
মাছ পতনৰ
গছ পতনৰ
গাঁও পতনৰ!
প্রস্তুতি কিহৰ?
...কংক্রিটৰ ।
যুগ যুগ ধৰি মানুহ পৃথিৱীত থাকিও
ক্ষতি-মৃত্যু-ভয়ৰে আতংকিত মন---!
মৃত্যুক ৰোধিব অহৰ্নিশে
মৃত্যুৰেই আমন্ত্ৰণ---?
২.
শব্দ মাথোঁ শব্দ
কেউপিনে শব্দ
গছ ভঙাৰ
পাহাৰ ভঙাৰ
মাটি ভঙাৰ
মৰুভূ গঢ়াৰ
শিল ভঙাৰ
শিল গঢ়াৰ
ঘৰ ভঙাৰ
ঘৰ সজাৰ ।
নগৰ সজাৰ
গাঁও ভঙাৰ ।
জীৱন ভঙাৰ
মৃত্যু গঢ়াৰ।
——————————
ৰ'দৰ বাঁহী
নীলাঞ্জনা শৰ্মা বৰুৱা
দুভৰিৰ তলৰ মাটিখিনি
কঁপাৰ দিনা তিনিখিলা
কঁঠাল পাততে ঘূৰিছিল
তেওঁৰ পৃথিৱী।
কঁপালৰ তিনিডাল
বলি ৰেখা
সাৰ,পানী পাই
চাৰিডাল হৈছিল।
ঘড়ীৰ কাটাবোৰে
আজিকালি মোক দেখি
টোপনিৰ ভাও ধৰে,
দাপোনখনে মোলৈ চাই নাহাঁহে।
আন্ধাৰৰ ফালে
পিঠি দি পোহৰে কান্দে।
শিশুৰ হাঁহিত কৰবাত এটা
ৰ'দৰ বাঁহী আজিও ৰৈ ৰৈ বাজে।
মানৱতাৰ বাবে এখন দৰদী হিয়াই
কন্দা কোনেও নেদেখে।
যন্ত্ৰণাৰ শিপাডাল
বুকুত লহপহকৈ বাঢ়ে।
——————————
দৃষ্টিত আৱদ্ধ ছবিবোৰ
প্ৰবীন চন্দ্ৰ তালুকদাৰ
উছৰ্গা কৰি যায় কিছুৱে সদায়
জীৱনটোকে নিজৰ সুখখিনিও নিজৰ!
মাথোঁ দি যাব খোজে নিঃস্বাৰ্থভাৱে
উজাৰি দি হিয়াখনিও এবাৰ
ভালৰ কাৰণে দেশ আৰু জাতিৰ
ভাষাৰ কাৰণে আৰু স্বাভিমানৰ!
এচামে আকৌ বেচি দিব খোজে
দুষ্টচক্ৰৰ হাতত, থকাখিনিও নিজৰ!
সেই কাৰণেই ভাবো দিনে-ৰাতি
'ঠিকা লৈ ৰাখিছোঁ’নেকি আমি এচামে
ৰক্ষা কৰাৰ ক্ষেত্ৰত,ভাষা-সংস্কৃতিবোৰ
দি হ’লেও আত্ম-বলীদান সময়ত৷
স্বাৰ্থান্ধতাৰে দেশ ধৰিছে আঁৱৰি
সদায় স্বাৰ্থটোকহে ৰাখিছে আগত
জ্ঞান-শিক্ষা,বিবেক-হৃদয়,
দয়া-মমতা
আৰু বিশ্বাসযোগ্যতাৰ দৰে অন্যান্য
মানৱীয় গুণবোৰক দেখো,
খাবলৈ ধৰিছো আমি পুৰি!
———————————
নিৰৱতা
নীলিমা বৰা
কোলাহলৰ মাজৰ পৰা
গধূৰ মন এটা লৈ ওলাই যাওঁ
নিৰবতাত নিজস্ব এটা স্বকীয় মন আছে।
জুৰিৰ পাৰত,নৈৰ ঘাটত
নিৰবতা ৰৈ থাকে।
সিহঁতে সদায় অকলশৰীয়া হৈ থাকে।
জুৰিটিয়ে কুলুকুলু শব্দৰ ছন্দৰ আঁত ধৰে।
নিৰবতাৰ পম খেদি জুৰিটিৰ পাৰত
জীৱনৰ আউল ভাঙি
সেউজীয়া গীতৰ সোঁত বোৱাই দিওঁ।
অকলশৰে যলৈকে যাওঁ,
নিৰবতাক বুকুত বান্ধি ওলাই যাওঁ।
নৈৰ ঘাটত বান্ধি থোৱা
বঠা বিহীন জীৱন ডিঙ্গা খনি
সোঁতৰ উৰ্মিত মেলি দিওঁ,
অকলশৰে নিৰবতাক সঙ্গী কৰি
আপোন বিভূৰ হৈ আগুৱাই যায়।
লানি নিছিগা উৰ্মিয়ে শব্দৰ ঝঙ্কাৰ তুলি
সুৰ দি গীত জোৰে, মিঠা পৰশ ঢালি।
কিমান অভিনয় কৰিম সুখী বুলি ।
কিমান অভিনয় কৰিম মিছা হাঁহি মাৰি ।
সেইয়ে সমাগমৰ মাজৰ পৰা
নিজক পৃথক কৰি নিৰবতাৰ কাষ চাপো।
সেউজীয়া পাহাৰৰ কাষৰ বননিত
নিৰবতাই সুৰিয়া গীত জোৰে
সেই নিৰবতাতেই জীৱনে জীৱনক লৈ
কবিতা ৰচে অলেখ শব্দৰ মুকুতা গাঁঠি।
——————————
কৃষ্ণচূড়া ফুলিছে
পবিত্ৰ বৰগোহাঁই
কৃষ্ণচূড়া ফুলিছে আকাশত
এচেৰেঙা ৰ'দৰ ভালপোৱা
বাঢ়ি আহে বুকুৰ ধপধপনি
ৰাতি ৰাতি চিলমিল টোপনি ,
কৃষ্ণচূড়া তোৰ সুবাসত
উভতি আহেনেকি যৌৱনৰ আবেগ
তোৰ কাষেদি পাৰ হৈ যোৱা
বিষাদৰ কলিজাবোৰ আকৌ
যে প্ৰাণ পাই উঠে
ধুমুহাই বিচ্ছিন্ন কৰা হিয়াৰ আমঠু
কি যাদুকৰী বিদ্যাত জোৰা লগাবি
তইহে জ্বলাব পাৰনেকি উমি উমি
ভালপোৱাৰ একুৰা জুই
এতিয়া বাটৰ কাষে কাষে
কৃষ্ণচূড়া ফুলিছে
বাটৰ বাটৰুৱাই তধা লাগি চাইছে
উনমনা এজাক মলয়াই কৃষ্ণচূড়াৰ
পাহিবোৰ গালে মুখে সানিছে
কৃষ্ণচূড়াৰ তলত এসাগৰ মৰম
কাৰ বুকুত উপচি পৰিছে ।
———————————
মোৰ অনুৰাগে অনুৰাগে তুমি
গকুল চৌধুৰী
মোৰ অনুৰাগে অনুৰাগে তুমি
প্ৰেমৰ গল্প , প্ৰেমৰ কাহিনী
প্ৰেমৰ ৰাগ , প্ৰেমৰ ৰাগিণী
মোৰ অনুৰাগে অনুৰাগে তুমি
হিয়াৰ দাপোণত মই অকা এখন
ধুনীয়া ছবি
মনৰ সাঁচিপাতত মই লিখা তোমাৰ নাম বৰ্ণালী ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
অন্তৰৰ থাপনাত থাপি থোৱা
প্ৰতিমাখনি
আত্মাৰ গভীৰতাত স্থান দিয়া
প্ৰেমিকাজনী ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
মন গহনত জ্বলি থকা এগছি
আশাৰ চাকি
হৃদয় ফুলনিত ফুলি থকা প্ৰেমৰ
ফুলপাহি ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
হৃদয়ৰ হৃদস্পন্দনত স্পন্দিত
হোৱা প্ৰেমৰ সুহুৰি
উশাহ নিশাহত বিলিন হোৱা
প্ৰেমৰ সুগন্ধি ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
মনৰ আঁহে আঁহে ঢৌ তুলা এটি
গানৰ কলি
মনৰ কোঁহে কোঁহে শিহৰণ তুলা
এটি কবিতাৰ শাৰী ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
প্ৰেমৰ আবেগ ,প্ৰেমৰ অনুৰণন
প্ৰেমৰ অনুভৱ , প্ৰেমৰ অনুভূতি ৷
মোৰ অনুৰাগে অনুৰাগে তুমি
দেহৰ শিৰে শিৰে বৈ থকা প্ৰেমৰ
নৈখনি
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰতিদিনে চৰা
প্ৰেমৰ ৰাগী ৷
—————————
নূপুৰ
ৰশ্মি ৰেখা দুৱৰা
ইমান আন্তৰিকতা কিয় তোমাৰ
আলফুলকৈ খামুচি ধৰি মৰমেৰে বান্ধিলা
মিচিকনি হাঁহি মাৰি
মৌসনা চাৱনিৰে ওপচালা,
তোমাৰ মৰমত আতুৰ হৈ
ফুলিল আশাৰ মঞ্জুৰি
তোমাৰ ৰুনজুন ধ্বনিত
মোৰ দেহত বিয়পে অসংখ্য ভাৱনাই,
আগতে নিচিনিলোঁ তোমাক
তোমাৰ মৰমে যে আনন্দৰ বান নমাব পাৰে
উপলব্ধি কৰাৰ থল নাছিল মোৰ
শব্দতে যে প্ৰশান্তি আহে,
তুমিবিহীন মই নিঃসংগ
তোমাৰ নিভাঁজ মৰমৰ জোৰ আছে
'নূপুৰ', তোমাৰ আবুৰে কৰে দেখনিয়াৰ
প্ৰতিটো শব্দৰ মালাই গাঁঠে মাথোঁ মৰম।
——————————
ফাগুন হৃদয়ৰ দাপোন
জ্যোতিপ্রভা শইকীয়া দাস
প্রকৃতিৰ অনবদ্য উপহাৰ ফাগুন
ফাগুন উন্মনা , ফাগুন চঞ্চলা
পলাশৰ ৰঙেৰে আকাশ ৰক্তবৰ্ণা ,
দিবাকৰ যেন ওলমি আছে
পলাশ ,শিমলুৰ ডালে ডালে
পমুৱা তুলা উৰাদি উৰে
ষোড়শী গাভৰুৰ মেঘালী চুলি
সৰাপাতৰ লহৰত ফাগুনে হাঁহে
বাৰ্দ্ধক্যই বিৰাজ কৰা গছপাতে
বসন্তৰ নতুন সাঁজ পিন্ধে
ধূলিৰ ধুসৰিত নীলিম আকাশত
সপোনৰ আল্পনা আঁকে
ফাগুনত ,
বুকুৰ পলসুৱা চাপৰিত
সপোনে গজালি মেলে
ফাগুনৰ পচোৱাই কাণে কাণে
কৈ যায়
বুকুত মেঠনি মাৰি থোৱা
হৃদয়ৰ গোপনীয়তাক ।
ৰোঁহ ঘৰত ঘুনুচাই ঠেহ্ পাতে
কানাইয়ে আবিৰ সানি
অভিমান ভাঙে ফাগুনতে
অস্তগামী সুৰুজৰ সান্নিধ্যত
তেজৰঙা হয় পলাশ ,শিমলু,মদাৰ ,আৰু
বোৱতি নৈ ,
জীৱনৰ তানপুৰা বাজে
সেয়েহে ফাগুন আপোন
হৃদয়ৰ দাপোণ।
—————————————————
0 Comments