কাব্যকানন ৮ম‌ বৰ্ষ ৩য় সংখ্যা

—————————————————————
সম্পাদনা সমিতি

সম্পাদনা উপদেষ্টা:
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী 
পবিত্ৰ কুমাৰ নাথ
ড° প্ৰহ্লাদ বসুমতাৰী
জয়ন্ত কুমাৰ বৰ্মন

সম্পাদক: নৱ ৰাজন 

প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ 

কাৰ্যবাহী সম্পাদক:
অৰ্চনা ঠাকুৰীয়া
অনামিকা ৰায়

সহকাৰী সম্পাদক : সীমা গগৈ 
ৰিংকুমণি বড়া

সহযোগী সম্পাদকঃ সংগীতা বৰা 
বিশ্বজিত গগৈ


শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
  
সদস্য : পৰাণ জ্যোতি ভূঞা,বিনীতা গোস্বামী, অংকুৰিতা ফুকন ,ভূমিকা দাস, বিভা দেৱী,আচমা জাফ্ৰি,ৰেখা বৰকটকী, গীতাঞ্জলী বৰকটকী,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো–নৱ ৰাজন
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন 
------------------------------------------------
বাটচ’ৰা
সম্পাদকীয়...

মানুহৰ মনত সৌন্দৰ্যবোধৰ সৃষ্টি কৰি পৰম আনন্দ প্ৰদান কৰাই কবিতাৰ প্ৰধান উদ্দেশ্য। ইউৰোপীয় সাহিত্যৰ আদিকবি হোমাৰৰ মতে, মানুহক আনন্দিত কৰাটোৱে তেওঁৰ কাব্যসৃষ্টিৰ লক্ষ্য। কবি ড্ৰাইডেনৰ মতেও প্ৰফুল্লিত কৰাটোৱে কবিতাৰ একমাত্ৰ নহ’লেও,প্ৰধান লক্ষ্যবস্তু। 
  কবিতাৰ ঘাই সমল কল্পনা আৰু অনুভূতি। কবিতা এটা পঢ়িলে হৃদয় আনন্দ আৰু ৰসেৰে পৰিপূৰ্ণ হৈ পৰে।দাৰ্শনিক প্লেটো আৰু এৰিষ্ট’টলে কবিতাক নীতিশিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল।
  কবিতাক নীতিশিক্ষা প্ৰদানৰ আহিলা হিচাপে ব্যৱহাৰ কৰিলেও কবিতাই যাতে বৈশিষ্টসমূহৰ পৰা আঁতৰি নাহে, সেইক্ষেত্ৰত সচেতন হ’ব লাগিব।ধ্বনি,ৰস, অলংকাৰ আদি কবিতাৰ আত্মা ।
  কবিতা কেৱল ব্যক্তিগত ভাৱ অনুভূতিৰ স্বত্বঃস্ফুৰ্ত  প্ৰকাশেই নহয়।সামাজিক দায়বদ্ধতাও কবিতাৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য। কবিতা এটা লিখাৰ সময়ত লেখকে এই কথাটো মনত ৰখাটো জৰুৰী।

বিনীত–
নৱ ৰাজন
সম্পাদক
পষেকীয়া কাব্যকানন
——————————
                অনুবাদ কবিতা          

“In a Station of the Metro” by Ezra Pound

The apparition of these faces 
in the crowd;
Petals on a wet, black bough.

এজ্ৰা পাউণ্ডৰ “ইন এ ষ্টেচন অৱ দ্য মেট্ৰ’”
ভাৱানুবাদ: ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

কালিমা সনা কালিকা মুখবোৰ
জনসমূদ্ৰৰ মাজত;
সজীৱ কালিকা লগা ডালত পাহি৷
——————————
যুদ্ধ নহয় বুদ্ধ বিচাৰোঁ

মূল হিন্দীঃ– ৰজনী তিলক
অনুবাদঃ– গণেশ বৰ্মন 

 কিয় থিয় কৰালা তুমি
বাৰুদৰ স্তুপত আমাৰ পৃথিৱীখনি
জীৱনৰ ভৰসা আছে মোৰ ।

মই শাওণক দুচকুত লৈ
বসন্তৰ বা লৈ দুলিব খোজোঁ
শান্তি , জ্ঞান, কৰুণা মোৰ গহনা
যুদ্ধ  , নিষ্ঠুৰতা , পিপাসা তোমাৰ অস্ত্ৰ
হিৰোশ্বিমাৰ যাতনা মই  পাহৰিব খোজোঁ ।

তুমি মৃত্যু-বীজ
পৰমাণু যুদ্ধ  কিয় থাপিলা ?
এই ঘৃণা- মৃত্যুৰ  বটবৃক্ষই
পলকতে শত সহস্ৰজনক লৈ যাব 
বুদ্ধৰ এই দেশত 
পঞ্চশীল , সংকল্প  ভাগি যাব।

মই  জীৱনৰ আলফুল দুহাতত 
উমলাব খোজোঁ ,
মোৰ শিশুহঁতক 
মানুহ গঢ়িব  খোজোঁ ,
সেই দেশতো মোৰ সীমাই
নিজৰ শিশুহঁতৰ কামনাক সজাব-পৰাব
সিহঁতকো 'কিবা' গঢ়াৰ বাসনাতে
সাদৰী সপোন-বিভোৰ ।

হিৰোশ্বিমাৰ মাতৃসকলৰ আত্ৰানি
এতিয়াও  বাকী আছে ।
এই যুদ্ধৰ তৰোৱালবোৰ 
আমাৰ মূৰৰ পৰা গুচাই দিয়া
বাৰুদৰ স্তুপত 
কিয় তুলি দিছা আমাৰ পৃথিৱী ?
আমি যুদ্ধ  নিবিচাৰোঁ
জীয়াব বিচাৰোঁ
বিনাশ নহয়,আমি সৃষ্টি বিচাৰোঁ 
যুদ্ধ নহয়
বুদ্ধ  বিচাৰোঁ ।
--------------------
                  কবিতা                  

আনৰ জীৱন–২
নীলকান্ত শইকীয়া

যাক ভাল পাওঁ তাৰ ওচৰত 
মই এতিয়া নাই।

নৈ
সাগৰ
গাঁও 
হাবি-বন-পথাৰ।

শৈশৱৰ প্ৰিয় বন্ধু 
প্ৰেম
অনাহক আড্ডা।

এইবোৰৰ ওচৰত মই নাই।

অহৈতুক ব্যস্ততাৰ কাষত কটাইছো
আনৰ জীৱন।

গৰখুটিৰ গোন্ধ 
চৰাই আৰু শস্য-গন্ধ নাই।

জোনাক আন্ধাৰ 
কুঁহিয়াৰ পেৰা গধূলিবোৰ নাই।

ভাওনাৰ সীতা বুলি 
কণমাইৰ হাতত ধৰা আবেলিবোৰ নাই।
—————————
দুখৰ নৈখনে পোনাই লয়
ৰীতা বৰুৱা

দিগ্‌বলয়ত আবেলিৰ বেলিটো
হেৰোৱাৰ দৰে
হঠাৎ হেৰাই যায়
ৰ'দৰ গান 
গানৰ উশাহ

উদাসীনতাৰ জতুগৃহত
জাহ যায় জেটুলীপকীয়া হেঁপাহ

দৃষ্টিৰ পৰিধিলৈ নামি আহে
আন্ধাৰৰ আঁৰ কাপোৰ

আৰু ঢিমিক্ ঢামাক্‌কৈ হ'লেও
জ্বলি নুঠালৈকে
সপোনৰ আন এগছ চাকি
দুখৰ নৈখনে পোনাই লয়
আপোন বাট ।
——————————
ক'ব  পাৰিবানে  বুকুত  হাত  থৈ এবাৰ
(কাশ্মীৰৰ  পেহেলগামত  
হোৱা  নৰসংহাৰৰ  প্ৰতিবাদ
জনাই)
নৱজ্যোতি  শইকীয়া

আকাশ-বতাহ কঁপাই  তোলা
আৰ্তনাদবোৰ  আছিল  
কাৰ?

আমাৰ  আৰু তোমালোকৰেই ,নহয়জানো

সেউজত জীৱন বিচাৰি
নুমাই যোৱা চকুৰ  
চাকিবোৰ আছিল কাৰ?

আমাৰ  আৰু  
তোমালোকৰেই,নহয়জানো

আকাশ চুব খুজি নাচি 
নাচি নিথৰ হোৱা
হাতবোৰ আছিল কাৰ?

আমাৰ  আৰু 
তোমালোকৰেই , নহয়জানো

তেজে  তুমৰলি  হৈ  মাটিত  
বাগৰি  পৰা
দেহবোৰ  আছিল  কাৰ?

আমাৰ  আৰু
তোমালোকৰেই,  নহয়জানো

তথাপিও  তোমালোকে  
কোৱা
বন্দুকৰ  নিৰ্মম  ভাষাৰে---
কাশ্মীৰ  আমাৰ,
পেহেলগাম  আমাৰ,
আমাৰ...

ক'ব  পাৰিবানে  বুকুত  হাত
থৈ  এবাৰ;
এই  পৃথিৱীখন  আমাৰ,
য'ত  আছে  মন্দিৰ,  মছজিদ
আৰু  গীৰ্জা

মনত ৰাখিবা;
ধৰ্মৰ অন্য নাম মানৱতা,
নহয় হত্যা ,হিংসা আৰু 
বিভেদ্যতা।
——————————
বাস্তব
প্ৰদীপ চন্দ্ৰ শৰ্মা 

কোনোবাজন কীচকৰ দৰে 
উঠিৰজা হ'ল 
উৎফুল্ল স্তাৱক উত্ৰাৱল হ'ল 

নিৰন্ন নিৰীহজনৰ বুকুৰ 
ধপধপনি ৰাজপথত 
শুহি নিয়া শুকান শৰীৰৰ 
শোণিত ৰাজপথত 
ফটকা আৰু ফুলজাৰি ৰূপত 
ৰাজপথ উত্তাল হ'ল 

আকৌ এবাৰ
ধ্বনি আৰু উদ্ভট নৃত্য 
নহবৰ হ'ল দেখোন 
আপুৰুগীয়া নৈখন 
থানবান হ'ল 
এখন নৈ বহুতো 
মৰাসুঁতিলৈ ৰূপান্তৰ হ'ল।
——————————
গীতাঞ্জলি
ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী

যুদ্ধৰ ভিজা শেতেলিত 
ৰূপহীথেকেৰা...

শান্তিৰ ’তলপৰাখন’ত 
কেচেমা-কেচেম গোন্ধ...

গীতাঞ্জলিয়ে পকা ৰ’দত
প্ৰেমপইতাৰ পোটনি লৈ
ৰৈ থাকিল তেওঁ ফিৰালৈ...
———————————
সঁচা সাধু 
গিৰিজা শৰ্মা

গীতবোৰ বাজি থাকে 
বাজি থাকে অহৰহ 
সন্মুখত অগণন শ্ৰোতা 
অন্ধ,বোবা,কাণেৰে নুশুনা।

'বোবাৰ শত্ৰু নাই ' শাস্ত্ৰৰ বচন 
বাক্য বাণে বুকু ভেদিলেও 
প্ৰতিক্ৰিয়াহীন বোবা বাস্তৱ ।

আৰু চকু -
শেন চকুৱা অন্ধৰ অন্তহীন আত্মলিপ্সা 
দেখিও নেদেখাৰ নিখুঁত অভিনয় 
নেপথ্যৰ অলেখ অযুত অভীপ্সা 

এতিয়া, 
চকু মেলিলেই ৰাবাৰ ষ্টাম্প 
তুমি তোমাৰ মতে ব্যৱহাৰ কৰিব পাৰা।
_______________________
পেহেলগামত বিধৱাৰ কাকুতি
(নিৰ্মম হত্যাকাণ্ডত নিহত ২৬ জনৰ স্মৃতিত)
নন্দিতা বৰঠাকুৰ

পেহেলগাম—
পাহাৰীয়া নৈখন পাৰ হৈ সৰগৰ দলিচাখন,
য'ত শীতল বতাহে সকলোৰেই কণ্ঠত 
কবিতা আনে অথবা গীতৰ কলি
সেই নগৰীত আজি—
অন্তৰাল হ’ল  সকলো শব্দ,
গুলীয়েই তাত লিখি থৈ  গ'ল  মৃত্যু-সংগীত।

অচিন বন্দুকৰ লক্ লক্ কৰা জিভাত
পুৰুষবোৰ খহি পৰিছিল—
স্বজনৰ সন্মুখতে, স্বদেশতে! 
এটা এটাকৈ প্ৰতিটো ঘৰৰ মুধচ 
খহি পৰিছিল সিদিনা। 
পত্নীৰ কোলাৰ পৰা মূৰটো ঢলাই
নিচেই এপলকৰ ভিতৰতে
নিৰ্বাক শৱ হৈ পৰিছিল স্বামীজন।
সিদিনা সৰ্বব্যাপী ঈশ্বৰ তাত উপস্থিত নাছিল। 
ছয়দনীয়া কইনাৰ ৰঙা সাজযোৰ
বিধবাৰ নিঃৰবণ কালিমালৈ পৰিণত হ’ল। 

চিঞৰ-চেঁচাৰ মাজত সময়বোৰ ৰৈ গৈছিল। 
তেওঁলোকৰ দোষটো কি আছিল?
মানুহ হোৱাটোৱেই কাল হ'ব পাৰে জানো? 
জীৱন্ত হৃদয়বোৰে উচৰ্গা কৰিলে নিজকে। 

শিশুবোৰে চিঞৰি চিঞৰি মাতিছিল, 
"দেউতা! ঘূৰি আহা, দেউতা! নাযাবা। "
গুলীৰ শব্দত নৈয়েও লাজে চকু ঢাকিছিল। 
সূৰ্যটো পাহাৰৰ আঁৰত লুকাইছিল। 
সেয়েহে পৰাচিত হ'বলৈকে
আজিৰ সূৰ্যটো ৰক্তৰ চিতাত জ্বলিছে।

আকাশে সুধিছে—
"মানুহ, কেতিয়া মানৱ হ'বি?"
নৈখনে আমাক  উপলুঙা কৰিছে-
"তেজত কৈ এতিয়াও মোৰ পানীৰ দাম বেছি।" 
আৰু মাটিয়ে—
নিঃচুপ, কেনেকৈ কথা ক'ব ! 
মাটিৰ বুকুতে এতিয়াও সাপবোৰ পালিত হৈ আছে, 
কলিজাৰ কেচা তেজবোৰ খাই খাই। 

পেহেলগাম—
তোৰ দিশে এতিয়া
জোনাকেও চাবলৈ ভয় কৰে,
কাৰণ, মানুহৰ মুখৰ ছাঁটো
বৰ্তমান অন্ধকাৰতকৈও ডাঠ।
———————————
নীল নক্ষত্ৰৰ সাধু
তৃষ্ণা নেওগ বৰুৱা

ফুলৰ কথা পাতোঁতে সততে  আওকাণ কৰোঁ কাঁইটৰ কথা
নদীৰ কথা পাতোঁতে পাহৰি যাওঁ ভৰ-বাৰিষাৰ তাণ্ডৱ
নেদেখাকৈয়ে সাগৰৰ প্ৰেমত পৰোঁ
মৌণতাৰে লিখিব খোজো নীল-নক্ষত্ৰৰ সাধু

কি বিচাৰি আহিছিলোঁ তোমাৰ কাষলৈ
কি আছিল মোৰ দুহাতত শূন্যতাৰ বাহিৰেও
শৰীৰত আছিল নেকি মাহ-হালধিৰ গোন্ধ অকন জান-নিজানকৈ

আওকণীয়া অনুভৱৰ আহুকলীয়া বাটত
ভুলৰ হুলে বিন্ধে হৃদয়
তথাপি বিচাৰি ফুৰোঁ অৰণ্যৰ গভীৰত
মমতাৰ মৃগনাভি
মাটিৰ ফলিত আঁকো 
উছৱৰ ছবি 

দেহৰ সজাত বন্দী নহয় মনৰ পখী
জীৱননো কি 
আলাসতে ভাগি পৰা তাচপাতৰ ঘৰ
তথাপি বিচাৰি চলাথ কৰোঁ সুখৰ সূৰ্য্য
অস্তাচলত থিয় দি ৷
——————————
পেট্ৰিকৰ
ইপুল হুছেইন

কিছু মিঠা নীৰৱতাৰ পাছতেই
বৃষ্টিময় কোমল স্পৰ্শ,
যেন এটি চিনাকী সংগীত,
বতাহতো বাজে এটি আপোনপাহৰা শিহৰণৰ গীত
আৰু খোজবোৰে বিচাৰে ভালপোৱাৰ সুবাসেৰে হেৰাই যোৱাৰ বাট

বৰষুণ, এটি সাৰুৱা অনুভূতি
যাৰ প্ৰতিটো টোপালে দি যায় স্মৃতি
এটি গানৰ ছাঁয়া যেন কাষতে ৰৈ যাবহি।
———————————
আইৰ মৰমলগা চকুযুৰি
সুৰেশ চ্ন্দ্ৰ ৰায়

গোটেই পৃথিৱীৰ মৰমখিনি
আইৰ চকুত প্ৰতিফলিত হয়,

শত-সহস্ৰ পুত্ৰক মৰমেৰে
আকোৱালী লয়,

সাকাৰৰূপী শ্ৰেষ্ঠাজনী আই,
আইৰ সমান পৃথিৱীত আৰু কোনো নাই,

আইৰ চকুৰ মৰমে 
সৰগ ঢুকি পায়,
আইৰ চকুৰ মৰমে 
জীৱন পোহৰায়,

আইৰ চকুৰ মৰমে 
সকলো দুখ-শোক পাহৰায়,
আই সৃষ্টিৰ আদিৰূপ
জীৱকুলক পৃথিৱী দেখুৱায়,

চকু মুদি থাকিলেও
আইৰ মৰমলগা 
চকুযুৰি দেখা পোৱা যায়,

আই নাথাকিলও 
আইৰ আশীৰ্বাদ 
আজীৱন থাকি যায়,

পৰম পূজনীয়া মোৰ আই
আই অবিহনে কোনেও
পৃথিৱী দেখা নাই।
———————————
বন্ধুত্ব 
মনালিছা শইকীয়া

শব্দৰে গঢ়া বৰ্ণিল ইতিহাসত
আত্মীয়তাই সাজে সোণালী স্তম্ভ

হৃদয়ত খোদিত হয় 
সতীৰ্থ স্মৃতিৰ কাতৰ সময়
মৰম-স্নেহ আৰু আন্তৰিকতাৰ বিনিময়ত
হাতে হাত ধৰি আগুৱাই যায়  বিশ্বাসৰ অন্তহীন সপোন

ক্ষণবোৰ গলি গলি শেষ হয়
অপূৰ্ণ দিনপঞ্জীৰ পাতত ৰৈ যায় তাৰ চানেকি

মিলনতীৰ্থৰ বুকুত
আমিও জিৰাইছিলোঁ এদিন  
গঢ়িছিলোঁ একেলগে জীৱনৰ নতুন কৰ্ম আঁচনি

তৰিছিলোঁ তাত 
আজীৱন বন্ধুত্বৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে এখনি পালতৰা নাও…
———————————
বৰষুণ
লক্ষী প্ৰসাদ ৰেগন

বৰষুণ
যাৰ বুকুত সেউজীয়া গভীৰ। ওখ ওখ অৰণ্যবোৰ আপোন
নিমাত নিটাল পুৱা কি গধূলি
আনকি ব্যস্ত চহৰবোৰো

ৰঙা ছাতিৰ তলত মুখ লুকুৱা
পাত গাভৰুহতঁৰ মুখখন চাবলৈকো খুব হেঁপাহ
বৰষুণৰ

'ক'ৰ এজাক সপোন যেন বৰষুণ'– গীতটি যাৰ প্ৰিয়
বৰষুণ কেতিয়াও অপ্ৰিয় হ'ব নোৱাৰে
বৰষুণত তিতা দেউতাৰ লুণীয়া দেহটোৰ সৈতে
নিবিড় সম্পৰ্ক
আমাৰ ভোকৰ ভাত মুঠি
আৰু
সুখ দুখৰ ঘৰখনো।
———————————
জীৱনৰ চাৰিটা স্তৱক
চয়নিকা ভূঞা 

        (১)
কিমান হেঁপাহ
কিমান আন্তৰিকতাৰে ভৰপূৰ হ'লে 
এটা আশাত এটা জীৱন ফুলিবলৈ ধৰে
ন-কৈ কোৱাৰ প্ৰয়োজন নাই

         (২)
উশাহত ভালপোৱা পি থকাৰ পিছত
কাৰোবাৰ হাতৰ স্পৰ্শ কিয় লাগিছে
 
       (৩)
দুমুখীয়া কথাত
জী থকা সুৰবোৰ বেসুৰীয়া হয়
বিচাৰিব জানিলে
নিশকতীয়া দুভৰিতো ৰং থাকে
    
          (৪)
কিমান সাহসী হ'লে
নিজকে এজোপা গছলৈ ৰূপান্তৰিত কৰিব পাৰি 
কিমান হেঁপাহ থাকিলে 
মৰহা পাপৰিতো ৰং বিচাৰিব পাৰি 
জীৱননো কি
দুদিনৰ খেল ।
 ——————————
পেহেলগামৰ চকুলো
ড৹ ইকবাল হোচেইন খান

মৃত্যু হ'ল মানৱতাৰ 
মৃত্যৃ হ'ল কবিতা 
বাকৰুদ্ধ পেহেলগাম ।

পৰাজিত তথাকথিত ধৰ্ম
পৰাজিত তথাকথিত জ্ঞান-বিজ্ঞান
পৰাজিত আধুনিক তথাকথিত সভ্যতা
পৰাজিত গণতন্ত্ৰ 
পৰাজিত তথাকথিত ৰাষ্ট্ৰসংঘ
পৰাজিত সকলো চিন্তা-চৰ্চা ।

সেইবাবেই নেকি মৃত্যু  মানৱতাৰ 
সেইবাবেই নেকি  মৃত্যু কবিতাৰ 
কেৱল চকুলো ,কেৱল হুঁমুনিয়াহ।

তেন্তে কেতিয়া নিঃশেষ হ'ব হিংসাৰ দাবানল 
কেতিয়া শেষ হ'ব ভোগবাদৰ বিলাসিতা 
কেতিয়া শেষ হ'ব বিভাজনৰ নগ্ন ৰূপ ।

ছিঃ ,নিলাজ , কুৎচিত ,কদাকাৰ
অভিশপ্ত হওক , ধ্বংস হওক  পেহেলগামৰ চয়তানী কুকাৰ্যৰ লগত জড়িত চয়তানবোৰ
প্ৰতিষ্ঠা হওক নৱ নৱ চেতনা
মানুহ হিচাপে হওক পৰিচয় 
বাজি উঠক মানৱতাৰ জয়গান
কেৱল শান্তি আৰু নিৰাপত্তাৰ বাবেই
যাতে কোনেও কান্দিব নেলাগে 
বাজি থাকক বিশালতাৰ গান।

এয়াই আহ্বান কবিতাৰ 
উপলব্ধি হওক জীৱনৰ 
কোমল কোমল চেতনা 
হৃদয়ত থাকক মানৱতাৰ গান।
—————————
লিমাৰিক
পৰাণ জ্যোতি ভূঞা

           (১)
বিদ্যালয়ত পাতিব সোণালী জয়ন্তী
অভ্যৰ্থনা সমিতিত আৰম্ভ অশান্তি
বিদ্যালয় চৰকাৰী
ৰাজনীতি নেতাগিৰি
জোৰ জুলুম চান্দাৰে পাইছে প্ৰশান্তি

         (২)
সম্পাদকে কৰিলে সাজু উপ সমিতি
স্ব-ইচ্ছাত কৰি গ'ল সকলো প্ৰস্তুতি
সমিতি পোন্ধৰখন
কামত  দুই এজন
ধনী মানুহবোৰৰ সমিতিত বসতি
        (৩)
কবিতা হ'ব লাগে শব্দকোষৰ মেলা
টান শব্দ নিদিলে কবিতা হেনো গেলা
কথাটো কয় যিজনে
তেওঁ নিজেই নাজানে
কবিতা প্ৰকৃততে অনুভৱৰ মালা।
—————————
শৱে ঢকা নদী
দেৱদাস

পথ কোনো কালে
মসৃণ নহয়
নদীৰ গতিও 
নহয় পানীও নিৰ্মল

সভ্যতাৰ অঙ্কুৰণ হয়
নদীয়ে নদীয়ে

পূর্ব্বৰে সেই নদী
বিশাল জলৰাশি
তাতে গঢ় লৈছিল
মানুহৰ জীৱন ধাৰণৰ
সভ্যতা

আমি জানিব খোজা দিনৰ
ভূগোলৰ মানচিত্র 
আকি আকি
সেই নদী

আজি কালি
শৱে ঢকা নদী

কোন কালে যে
আহিব উভটি
নদী উপত্যকা
পাৰে পাৰে শস্য
পোখা মেলি
সভ্যতা সংস্কৃতি।
——————————
নীৰৱে-নি:শব্দে 
সুপ্ৰীতি বৰুৱা 

চুলিৰ ভাঁজত অনাকাংক্ষিত বয়সৰ ৰেখা     
নি:শব্দে ,নিৰৱে ভূমুকি মাৰে  ,
সেঁওতাৰে তাই নতুন ৰেখা আঁকে 
ঢাকিব খোজে বয়সৰ সীমনা;
প্ৰতিবিম্বিত তাইৰ বলিৰেখাবোৰ 
ঢাকিবও নোৱাৰে নতুন ৰূপে,

পাৰ ভাঙি যোৱা নৈখনৰ দৰে 
তাই  উচুপি উচুপি কান্দে,
যন্ত্ৰনাত ছটফটাই ভাৱে–
আৰু কিমান দিন আঁকিম নতুনকৈ  সেঁওতাৰে                ৰূপালী কেশবিন্যাসবোৰ ?
নতুন ভাঁজত   বলিৰেখাবোৰ ?  
জ্বল জ্বলকৈ মন-মানসত  ভাহি আহে
মচিব নোৱাৰা সজাল স্মৃতিয়ে 
বুকুৰ মাজত আউলি -বাউলি  হৈ কান্দে,
এতিয়াও,
অতীতবোৰ বৰ্তমান তাইৰ বাবে। 
 
অতীতক বৰ্তমানলৈ
বৰ্তমানক অতীতলৈ সলনি ( ৰূপান্তৰিত)
কৰিব পাৰে নে কোনোবাই? 
এনেকৈয়ে আজোৰে বয়সে
পল-অনুপল কৰি এৰি অহা দিনবোৰে 
আকৌ এবাৰ সোঁৱৰাই দিয়ে  নি:শব্দে- নীৰৱে।
বয়সৰ পাৰ ভেটিব কোনে ? 
চিৰশ্বাশ্বত সদায়েই সত্য
অৱধাৰিত।
---------------------
খণ্ড কবিতা
চন্দন বৰ্মন
         (১)
      সিদ্ধান্ত 

চকু নমালে এডোখৰ মাটি
উঠালেই অনন্ত আকাশ।
মুখত হাত  থলে মূক 
উঠালেই সীমাহীন কথা।

       ( ২)
পিৰালিৰ গান 

হাজাৰ বছৰ কাটি যায়।
এটি নিৰ্জন সন্ধিয়াই 
মোৰ ঘৰৰ পিৰালিত বহি
তমোময়  গীত গায় ।

         (৩)
       ব্যৰ্থতা

খিৰিকি মুখেৰে চাই থাকোঁতেই 
কাটি গ'লে মোৰ জীয়ন সময়
মই কেনেকৈনো পাওঁ তোমাক,
দিগন্তত খুজিছিলোঁ সুখৰ আশ্ৰয়।

         উজাগৰে 
             (৪)
ৰাতিবোৰক কেনেকৈ শোৱাও!
তেওঁলোকৰ চকুত লাভা উতলে।
স্বপ্ন-পাহাৰ গঢ়া চকুৰ চোতালত 
তৰল ঘৰ্ষণত টোপনি গলে ।

                 (৫)
            ভগ্নাৱশেষ 

তুমি নচুৱাকৈয়ে মোক চুই গ'লা
ভাঙি-ছিঙি গ'ল এজন  মানুহ 
 মাথো পৰি থাকিল শেলাই গজা
কিছু ভঙা টুকুৰাৰ সেমেকা স্তূপ।

                 (৬)
             জাগৰণ

সপোন কাঁইটৰ ভ্রুণ গজা চকুযোৰে
পোহৰা দিয়ে নুশুৱা নিৰ্জন ৰাতিবোৰক
চাই থাকে ঘিটমিট্ এন্ধাৰত শুই পৰা
সৌ বাট লৈ, যি বাটে জোনাকী উৰে।
——————————
চিগাৰেট
জিনী কলিতা

পৰম তৃপ্তিত হুপি আছা
এটি গল্ডফ্লেক,
এটা মূৰত জুই
আনটো মূৰত! 
আমেজত ডুবি থকা
তোমাৰ ওঠৰ চেপা;
প্ৰতিটো টানতে সি 
ধোঁৱা হৈ উৰিছে
শূন্যৰ বুকুলৈ  
ছাই হৈ সৰিছে
মাটিৰ কোলালৈ  
শেষ টানটো চৰম তৃপ্তিৰে 
দীঘলীয়াকৈ টানি 
অৱশেষাংগ দলিয়াই দিছা
ৰাস্তাৰ দাঁতিলৈ

তাৰপিছত!
টুকুৰাটো,
উমি উমি জ্বলি থাকিল; 
জ্বলি জ্বলি ছাই হৈ 
শেষ নোহোৱালৈ।
———————————
অনুগ্ৰহ 
ববিতা দেৱী

মই জীয়াই আছোঁ।
নিজৰ অনুগ্ৰহত মই জীয়াই আছোঁ।
মই অভিনয় কৰিব নাজানিম বুলি জানিছো!

বাহ!
জীৱন নাটৰ ভাৱৰীয়া মই 
আপুনিও চাগে সুখী 
মাথোঁ কাৰোবাক দেখুৱাই
এনে নকৰিব।

অনুগ্ৰহত জীয়াই 
নিজে নিজক 
জীয়াই জীয়াই মাৰি নেপেলাব।
সুখী হোৱাৰ সুখেৰে 
নিজেই নিজক জীয়াই তোলক 
নহ’লে এদিন নিজেই নিজক উপহাস কৰিব।
———————————
শব্দই কথা কয়
হীৰামনি শৰ্মা

শব্দবোৰৰ জ্বৰ এতিয়া
বিষে জড়জড়
খাৱলৈ শুৱলৈ সময় নাই শব্দৰ
কামৰ ভৰ বাঢ়িছে 
মুখত নে সভাঘৰত
কাকতত নে ফেচবুকত
মোবাইল,লেপটপ আৰু যে ক'ত নাথাকে শব্দ

পুৱাৰে পৰা শব্দবোৰ দৌৰি থাকে ইফালৰ পৰা
সিফাললৈ
টাকুৰি ঘুৰা দি 
যেন টিভিৰ পৰ্দাৰ সেই শক্তিমানহে।
ভিৰবোৰৰ মাজতো উশাহ লোৱা চলেৰে
শব্দই ভাবে --
মাতত -ভাষাত শালিনতা থাকিলে  
অহেতুক চিন্তা নাই 
সেই ছলনাৰে, অহংকাৰেৰে আৰু
মোৰে শব্দ ময়ে ক'বলৈ লাজপোৱা
দ্বন্দ -খৰিয়ালত টপটপাই নিগৰাবোৰ

এটা কথা ঠিক ভাল লিখনিবোৰত
কবিতাত মই সুখী হওঁ
ৰ'দত পুৰি ধাৰ দি দি শব্দ গঢ়ে
সোণহৈ জিলিকি ৰওঁ

কিন্তু এতিয়া সময় দুঃসময়
সকলোৰে হাতত শব্দক যেনেকৈ  তেনেকৈ
দলিয়াই 
থেকেচি,গুৰিয়াই হ'লেও
দিনৰাতি ৰচি যায় কবিতা -গল্প আৰু ক'ত
শব্দবোৰ এক গোট লগাই নাম দিয়ে এটা
সভাই সভাই লয় ক'ত যে বঁটা
মোৰ বাবেই মোকে লঠিয়াই।
কিনো মোৰ কঁপাল 
নহ’লো কিয় কাল।
——————————
ক'লা চছমা
পাৰ্থ প্ৰতীম গগৈ

ৰাতি মহানগৰত চছমা এযোৰ পিন্ধি ঘুৰি ফুৰিছিলোঁ মই 
বহুত মুখা দেখিছোঁ ৰাতি দহবজাৰ পাছত 
কমাৰ্চ পইণ্টত, গণেশগুৰিত আৰু পল্টনত
তাই আজি বহু দিনৰ মূৰত মহানগৰত আহিছে 
কিন্তু, সলনি হোৱা দেখা নাই
তাইৰ বাবেই যেন মহানগৰ খন ৰৈ থাকে 
তাইৰ ওপৰতে যেন সকলো আশা আছে এচাম পুৰুষৰ
ৰাতি মহানগৰৰ কমাৰ্চ পইণ্টত 
এটা চিগাৰেট জ্বলাই বহি আছিলোঁ মই 
মোৰ কিনাৰতে ৰাতিৰ বাবে দৰ - দাম চলিছে 
এজনে কৈছে মোক ৫০০ টকা লাগিব 
এজনে কৈছে আকৌ ১৫০০ লাগিব
বহুতে আকৌ চিগাৰেট এটি জ্বলাই চাবহে পাৰিছে, যেনে মই
তাই আহিছিল মোৰ ওচৰলৈ
দাদা, ১০০০ লাগিব, যদি হয় কওক
কি কম মই, মোৰ ক'বলৈ শব্দৰ অভাৱ 
এফালে ৰাজনীতিৰ নামত মায়াজাল ৰচি আছে 
এফালে মহানগৰত একাংশৰ ব্যৱসায় চলিছে 
দেহৰ ব্যৱসায় চলিছে 
অ দেহৰ ব্যৱসায় চলিছে ৰাতিৰ ৰাজপথত গুৱাহাটী মহানগৰত
মই আৰু কেতিয়াও উলাই নাযাও ৰাতি 
নিপিন্ধো আৰু মই ক'লা চছমা।
—————————— 
অহেতুক
জিতুমণি বৰদলৈ

অজান দুখ এটাত ডুবি থাকো
ঋণৰ বোজা সহি থাকো
হাঁহিব পাহৰিছোঁ নিজে
আনক হঁহুৱাই থাকো
হাঁহি থকা মুখবোৰ মোৰ প্ৰিয়
হাঁহিব জনা মানুহবোৰ প্ৰিয়
নাজানো কিয় !

ভাবি ভাবি জীৱনক আওৰাই থাকোঁ
মৃত্যুক জীৱনলৈ অনুবাদ কৰি থাকোঁ৷
——————————
ইয়াত এখন নদী আছিল
যামিনী দেৱী

ইয়াত এখন নদী আছিল
নদীখনক লৈয়ে গঢ়ি উঠিছিল
গাঁৱৰ আৰ্থিক অৱস্থা
নদীখনৰ সিপাৰে আমাৰ খেতিপথাৰ
খেতিপথাৰতেই পিতাইৰ সপোনে
পোখা মেলিছিল
নাৱৰীয়াই স্কুলীয়া ছাত্ৰ-ছাত্ৰীক
ইপাৰ-সিপাৰ কৰাইছিল
মাছমৰীয়াই জীৱিকা চলাইছিল
মৃৎশিল্পীয়ে চৰু-হাড়িৰ
ক্ষুদ্ৰ-ব্যৱসায় কৰিছিল

নদীখন নাই দেখোন
নদীখন এৰাসুঁতি
কোমল সেউজীয়াই
নদীখনৰ ওঁঠ গজাব
নোৱাৰিলেই দেখোন
এই জলপথটো নাথাকিলে
খেতিপথাৰত পানী যোগান বন্ধ হ'লে
সলনি হ'ব জীৱন-জীৱিকা

এইবোৰ চিন্তিয়ে বুকুত
গেদীয় শিলৰ তৰপ পৰিছে
নদীখনে আমালৈ চাই
অট্টহাস্য কৰিছে।
—————————
চিঠি কে লিখো তোমালৈ
মীনাক্ষী মহন্ত 

বহু যুগ পাৰ হৈ  গ’ল
তোমাক লগ পোৱা নাই
বৰকৈ মনত পৰিছে জানা।
কিমান সপোন ৰচিছিলোঁ
তুমি আৰু মই
পুখুৰীৰ পাৰৰ বৰ গছজুপিৰ তলত পবিত্ৰ
বতাহ জাকত উটি ভাহি 
নীলিম আকাশ লৈ গতি 
কৰিছিলোঁ।

মনত বাৰু পৰেনে? 
সেয়ে ভাবিলোঁ –
 তোমালৈ এখনি চিঠিকে লিখি 
বৰদৈচিলাজনীয়ে 
উৰুৱাই নি তোমাক 
দিবগৈ মোৰ মনৰ বতৰা 

দিব পাৰিবা জানো তুমি 
মোক 
চিঠিখনিৰ উত্তৰ ?
 
অপেক্ষা মাথো তোমাৰ 
উত্তৰৰ।
—————————
সময়
লাৱণ্য নাথ

সমবোৰ অতিবাহিত হৈছে,
সপোন দেখিছোঁ,
সপোন ভাঙিছোঁ।
মহাভাৰতৰ যুদ্ধৰ আখৰাই -
আৰু এবাৰ ৰণদুন্দুভি বজাইছে।
দ্ৰৌপদীৰ লাঞ্চনাত যদি 
কৌৰৱ কূল ধ্বংস হ'ল,
আৰু এবাৰ পুনৰাবৃত্তি 
নাৰী মনৰ ক্লিষ্টতাৰে।

সপোনবোৰ বন্ধকত থৈ
দেশৰ বাবে-
উৎসৰ্গিত সকলো জোৱান।
লোভ, হিংসা অহংকাৰৰ আতিশয্যত,
জীৱকূলে বাৰে বাৰে
ইতিহাস ৰচিছে দুখৰ ।
জন শূন্য পৃথিৱীত 
নতুনৰ সৃষ্টিৰ বাবে,
সকলো ত্যাগী,
সশৰীৰে স্বৰ্গগামী হোৱা
উদাসীনতা -
আমাৰ কাম্য জানো?
—————————
তুমি মলয়াৰ মিঠা গান হৈ 
ড° আদিল আলী 

আমনিতে গাটো টঙাই 
মনৰ জড়তাৰ দুৱাৰ খুলিম বুলি 
টিপিলো ম'বাইলত ফেচবুকৰ বুটাম 
হঠাৎ 
নিমগ্ন হ'ল চকুৰ দৃষ্টি 
কামিনী নৈৰ বুকুৰ 
শাৰদীয় পানীৰ   
চকু জুৰোৱা নাচোনত 
য'ত 
তোমাক 
দিনতে জোনাক যেন দেখিলো ।
চকু ভাঙি চালো 
বাঃ সুন্দৰ জীৱনৰ ৰীল  ! 

তুমি মলয়াৰ মিঠা গান হৈ 
নিঃসঙ্গতাক খেদাৰ অমিয় সুৰ তুলিছা 

তিলফুলৰ থুঁতৰিৰ মুখমণ্ডলত এটি শেৱালি হাঁহি 
পাল পাতি থিয় হৈ আছে 

শুকুলা মেঘৰ থুপি,মিলন আকুলতা 

নৈখনৰ হিয়া জুৰুৱা প্ৰণয় গান 
নিৰ্মল আকাশ 
মৌন, নিমাত 

বিষাদ ডুবিল 
নৈৰ ঘূৰণীয়া পাকত 

এযোৰ প্ৰেমিক হাঁহৰ আনন্দৰ লহৰৰ মিঠা মিঠা ছন্দই 
মোৰ চকুৰ দৃষ্টিক শাত্ পেলাই দি গ'ল মোক আকুলতা ভৰা মিঠা অনুভৱ  

আৰু  
এটি গোলাপী সন্ধিয়াই মোৰ বুকুত সোমাই কোমল চুমা পৰশিলে  

বাঃ ইমান ধুনীয়া ৰাতিৰ আকাশ 
সুবিমল জোনাকে কৈ গ'ল মোক 
বুকুৰ গভীৰ মমতাৰ কথা 

তৰাৰ মুখত তোমাৰ বন্দনা 

বাঃ ঈশ্বৰ কলাৰ 
কি ৰূপ-মায়া  ! 
——————————
মন আলিঙ্গন
দেৱলক্ষ্মী শইকীয়া
 
ক্লান্ত অচিনাকি চকু হালত মোৰ যেতিয়া চকু পৰে 
কিবা যেন চিনাকি এজাক বতাহে 
স্পৰ্শ কৰি যায় মোৰ হৃদয়।
কিবা এক আপোন ভাব জাগি উঠে,
যেন ৰঙীন সুবাস নিজৰাৰ দৰে
বৈ গৈছে অন্তৰত।

কেনেকৈ কওঁ 
কি আছে সেই হাহিঁত
কেনেকৈ বুজাও অন্তৰৰ কোণত
জাগি উঠা ভাবনাবোৰৰ কথা?

চৌদিশে যেন দুটি-মন আলিঙ্গনৰে 

কিবা মায়া!
য’তেই দৃষ্টি যায়, তাতেই যেন তোমাৰ ছায়া
তৎক্ষণাত যেন পোহৰ হৈ পৰিছিল চৌপাশ!

তেন্তে কিয় মোৰ মনে নামানিলে?
অনিচ্ছা স্বত্তেও কিয় আঁতৰি
আহিলো পোহৰৰ পৰা!
ইমান প্ৰিয় নে এন্ধাৰ ?
নে আধৰুৱা মই ?
আঁউসীৰ এন্ধাৰখিনিৰ দৰেইচোন শূন্য মই
তেন্তে প্ৰত্যাশা কিহৰ ?
——————————
অতীতক যদি পাহৰিব পাৰিলোঁহেতেন! 
বাহাৰুল ইছলাম

নক'বা আৰু তেনে আলসুৱা কথা
যাৰ পৰশত মন মোৰ গলে
ঠিক জ্বলি থকা মমডালৰ দৰে, 
সিঁচৰতি জোনাকত 
বুটুলিছোঁ মৰমৰ মুকুতা
নিদিয়াহেঁতেন তেনে প্ৰতিশ্ৰুতি 
হয়তো সহিব পাৰিলোঁহেতেন যাতনাবোৰ
যাৰ নাই অন্ত, নাই যাৰ বিনাশ। 

সেই তুমিয়েই বিলাইছিলা
শৰতৰ শেৱালিৰ সুগন্ধি
বাকি দিছিলা এবুকু মৰম
কিয় বাৰু কৰিলা এনে?
কোমল হৃদয়ত ফুলপাহ গুজি
জিৰি জিৰি বতাহজাকত নাচি-বাগি থাকোতেই
শৰবিদ্ধ কৰিলা
আজি সৰাপাতৰ বিননিৰ দৰে
বুকুখনে মাথোঁ বিনাইছে।

এতিয়া দুমোজাত মোৰ আলয়
না সাৰে থাকোঁ, না টোপনি যাওঁ
দূৰৈৰ পৰা সুৰ এটি ভাহি আহে ৰিণিকি
সুৰৰ সোঁতত আত্মহাৰা হওঁ
অতীতক চলাথ কৰোঁ বিচাৰি
চাই থাকোতেই সাউৎকৰে
মৰমৰ সাকোঁডাল উভালি পৰিছে। 

পুৱা নিয়ৰৰ টোপালত
হেজাৰটা সপোনে খেপিয়াই ফুৰে
ঘটে আগমন সূৰুযৰ কিৰণ
একেকোবে ভঙ্গ কৰে সপোন
শূন্য হৃদয় ভৰপূৰ তিক্ত কাহিনীৰে
প্ৰতিনিতে ৰক্তাক্ত কৰে মোক
এবুকু বিষাদ ঢালি। 

প্ৰতিশ্ৰুতিৰ সতেজ অৰণ্যত 
স্নিগ্ধ কুঁহিপাতে ৰিঙিয়াই মাতিছিল
উদং বুকুৰ চোতালত আঁকিছিলো 
কত ৰঙীন আশা
আজি সেইবোৰ ওলমি আছে ডিঙিত
এমুঠি সাধু হৈ । 

তুমিতো জানাই এই অধমৰ নাই আশা
নাই আবেগ,আছে বৰণহীন একুৰা মৰম
পোহৰৰ বাটে-ঘাটে সন্ধিয়াই মেল পাতে
স্মৃতিৰ শলিতা বুকুত সাৱটি 
তৎস্বত্তেও আছো জীয়াই।
—————————— 
আগ্নেয়গিৰি
অঞ্জনা ৰূপা দাস

সাধাৰণ জনতা, 
নিৰীহ মহিলা
ৰক্তপিপাসুৰ আসুৰিক
 অত্যাচাৰ
 উদং বুকু, উকা কপালত
 বিষাদৰ উদ্দাম নৃত্য। 
দুচকু ওপচাই বৈ
শোকৰ প্লাবন। 
ন কন্যাৰ ফুলশয্যাত 
কণ্টকৰ ৰক্তাক্ত আঁচোৰ,
কল্পনাৰ কাৰেঙত উৰে
শ্মশানৰ ধোঁৱা
হুঁমুনিয়াৰ নিশ্বাসত বান্ধে
তেজৰ কঁৰাল
উশাহত ঘ্ৰাণিত হয়
তেজৰ গোন্ধ। 
শত জোৱানৰ দেহত গলে
জ্বালামুখীৰ লাভা। 
প্ৰতিহিংসাৰ দাবানলত ফুটে
প্ৰতিশোধৰ বাৰুদ 
চৌদিশে বাজে মাথোঁ
ৰণ ডংকা
বচন বান্ধখালে 
সংবিধানৰ জৰীত
বিবেক বান্ধখালে
চৰকাৰী নীতিত
তেজত উঠে চট্ ফটনি
মনত জাগে
বিদ্ৰোহৰ উক্ মুকনি
উদ্গীৰণ হ'ব খোজে
আগ্নেয়গিৰিৰ।
—————————
পেহেলগামৰ পাইন গছবোৰৰ চকুপানীৰ কথাৰে
নীলাঞ্জনা শৰ্মা বৰুৱা 

সিদিনা পেহেলগামৰ আকাশ
ক'লা আছিল,
পেহলগামৰ মাটিত আছিল 
মৃদু জোকাৰণি যেন
বৰ ভূঁইকপৰ আগজাননী।
তাৰ ঘোঁৰাবোৰে, কুকুৰবোৰে
কিবা এটা বুজিছিল বাবেই দুদিনমানৰ পৰা 
সিহঁত লঘোনে আছিল 
আৰু চৰাইবোৰে জানো কি বুজিছিল 
সিহঁত মানুহৰ মূৰৰ ওপৰত
ঘূৰণীয়া কৈ ঘূৰি ঘূৰি 
চিঞৰ বাখৰ কৰিছিল ।
সিদিনা হঠাৎ পেহেলগামলৈ
দিনতে আন্ধাৰ নামি আহিছিল,
জাপ খাই গৈছিল মন্দিৰৰ দুৱাৰ,
ঈশ্বৰৰ আত্মগোপনত ভক্ত সকল
হৈ পৰিছিল ঘাতমাউৰা।
সেই সুযোগতে আকাশৰ কপাট ভাঙি
বিনাদ্বিধাই  নামি আহিছিল এজাক
অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত পিশাচৰ দল।
সিহঁতে প্ৰথমেই হত্যা কৰিছিল মানৱতা,
কাটি দুটুকুৰ কৰিছিল ধৰ্ম।
ক্ষন্তেকত পেহেলগামে 
নিৰীহৰ তেজেৰে 
খেলিছিল হলি।
দুৱৰিত পৰি ৰৈছিল  
প্ৰিয়জনৰ নিঠৰ দেহ।
নব বিবাহিতৰ প্ৰেম-ভালপোৱা আৰু 
জনমে জনমে একেলগে থকাৰ
প্ৰতিশ্ৰুতিবোৰক পাইনগছত 
চিপজৰী দিয়া হৈছিল ।
নিৰীহৰ তেজ আৰু চকুৰ পানীৰে 
গধুৰ হৈ পৰিছিল পেহেলগামৰ বুকু।
এতিয়া পেহেলগামত সূৰ্যোদয় নহয়।
সিদিনাৰ পৰাই আৰম্ভ হৈছিল 
যুদ্ধ নামৰ জীৱন মৰণৰ মাৰাত্মক খেল
আৰু আমি প্ৰতি দিনাই হেৰুৱাই গৈ আছোঁ 
এজন এজনকৈ ক'ত শত বীৰ ছহীদ।
কত বাই ভনীৰ শিৰৰ সেন্দুৰ মোচ খাইছে,
কত শিশু পিতৃহাৰা হৈছে,
ক'ত মাতৃ পুত্ৰহীন হৈ পৰিছে।
ভুক্তভোগীৰ হিয়াভগা কান্দোনত
ধৰিত্ৰী আইৰ বুকুত অচিন অসুখ হৈছে।
যুদ্ধই কেতিয়াও শান্তি অনা নাছিল,
যুদ্ধই কেতিয়াও শান্তি আনিব নোৱাৰে।
———————————————————

Comments